ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড° জোনালী বৰুৱা

প্ৰতিদিন ৰাতিপুৱা যেতিয়া আমি চকু মেলোঁ, মানুহৰ বাহিৰে, বিভিন্ন প্ৰজাতিৰ পশু-পক্ষী আৰু বিবিধ প্ৰকৃতিৰ বিচিত্ৰ দৃশ্য আমাৰ দৃষ্টিৰ সীমাত আৱদ্ধ হয়। অলপ সচেতন হ'লেই আমি শুনিবলৈ পাওঁ মানুহ আৰু প্ৰকৃতি জগতৰ বিভিন্ন ভাষাৰ আদান প্ৰদান। দৰাচলতে, মানুহৰ অস্তিত্বত ভাষা যেনেকে বিদ্যমান, প্ৰকৃতিৰ অস্তিত্বতো একেদৰেই বিৰাজমান। কোৱা হয় যে পৃথিৱীখন ইমান জীৱন্ত, প্ৰাণচঞ্চল আৰু আনন্দময়, তাৰ কাৰণ হ’ল ভাষা। এই পৃথিৱীত বহুতৰ ওচৰত বহুতো সম্পদ নাই, কিন্তু সকলোৰে এটা সম্পদ আছে - সেয়া হʼল "মাতৃভাষা"। অসমীয়া ভাষাৰ জাতীয় জনক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে “স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মঙ্গল মন্দিৰৰ সিংহদ্বাৰ হৈছে মাতৃভাষা”।

২০১১ চনৰ লোকপিয়লৰ প্ৰতিবেদনত প্ৰকাশিত অসমীয়া ভাষীৰ সংখ্যাৰ নিৰন্তৰ অৱনতিৰ বিষয়টোৱে মোক সদায় বিচলিত কৰি আহিছে। তদুপৰি, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ড° কুলধৰ শইকীয়াদেৱৰ প্ৰথম সভাপতিৰ ভাষণত অসমীয়া ভাষাৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে জানিবলৈ পাই মনত মাতৃভাষাৰ প্ৰতি অৱদান আগবঢ়োৱা ইচ্ছা অধিক তীব্ৰ হৈ উঠিছিল। তেতিয়াৰ পৰাই ডিজিটেলাইজেশ্যনৰ দিশত অৱদান আগবঢ়োৱাৰ ইচ্ছা জাগি উঠিছিল। হয়তো দূৰৈৰ দেশত বাস কৰাৰ কাৰণেই অন্তৰখন অধিক আৱেগিক হৈ উঠিছিল!

উত্তৰ আমেৰিকাৰ অসম এছ'চিয়েচন (Assam Association of North America -AANA, আনা) -ৰ সাধাৰণ সম্পাদিকা হিচাপে, মই আৰু বৰ্তমানৰ সভাপতি সুৰঞ্জয় হাজৰিকাদেৱে এই অভিযানত সহায় আৰু অৱদান আগবঢ়োৱাৰ সুযোগ বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ। এই প্ৰচেষ্টাৰ বিষয়ে উত্তৰ আমেৰিকাত থকা আমাৰ সংগঠনৰ বিষয়ববীয়াসকলৰ লগত বহুত আলোচনাও কৰিলোঁ। আমি গুগুল প্ৰতিষ্ঠানৰ কৰ্ম্মীৰ সৈতে একাধিক বৈঠক কৰিলোঁ অসমীয়া ভাষাৰ অনুবাদৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে জানিবলৈ। সেই লক্ষ্যৰে অসমীয়া ৱিকিপিডিয়াত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি ২০২০ চনৰ ছেপ্টেম্বৰত বিষ্ণু শইকীয়া আৰু গীতাৰ্থ বৰদলৈৰ লগত যোগাযোগ কৰিলোঁ। বিষ্ণু শইকীয়াই মোক ৱিকিপিডিয়া “হ্ৱাটছএপ” গোটৰ সৈতে পৰিচয় কৰাই দিছিল। তাৰ পিছত আমি আমেৰিকাত থকা বন্ধু-বান্ধৱীসকলক লৈ দুটা ৱিকিপিডিয়াৰ জুম আভাসী কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। কৰ্মশালাত প্ৰশিক্ষক গীতাৰ্থ বৰদলৈ, মৃদুল শৰ্মা আৰু দিব্য দত্তৰ জৰিয়তে অসমীয়া ৱিকিউৎস আৰু ৱিকিপিডিয়াৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে ভালেমান কথা জানিব পাৰিলোঁ। বিশ্বৰ দৰবাৰত অসমীয়া ৱিকিউৎসৰ দুখজনক অৱস্থাৰ বিষয়ে শুনি মনটো সেমেকি গৈছিল। তেওঁলোকৰ উৎসাহত মোৰ আত্মবিশ্বাস বাঢ়িল আৰু মই ৱিকিৰ বাবে প্ৰবন্ধ লিখাৰ প্ৰত্যাহ্বানটোৰ সন্মুখীন হʼবলৈ সাহস গোটালোঁ। লগতে মোৰ আমেৰিকাত থকা বন্ধু বান্ধৱী আৰু জ্যেষ্ঠসকলক ৱিকিত প্ৰবন্ধ লিখিবলৈ আমন্ত্ৰণ জনালোঁ।

তেতিয়া ২০২০ চনৰ নৱেম্বৰ মাহ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬তম ৰাষ্ট্ৰপতি জ' বাইডেন নিৰ্বাচিত হোৱাৰ পথত। তেওঁৰ ওপৰতে প্ৰথমটো প্ৰবন্ধ লিখাৰ ধাৰণা মনলৈ আহিল। বহুত আশংকাৰ সৈতে মই ৱিকিপিডিয়াত মোৰ প্ৰথম অসমীয়া প্ৰবন্ধটো লিখিছিলোঁ। প্ৰবন্ধটো লিখাৰ পিছত মই অত্যন্ত গৌৰৱান্বিত হৈছিলোঁ। যিমান দূৰ মোৰ মনত আছে ইয়াৰ আগতে মই লিখা অসমীয়া প্ৰবন্ধ আছিল "মোৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ ভূমিকা", যিটো মই প্ৰায় তিনি দশকৰ আগতে মেট্ৰিক পৰীক্ষাত ৰচনা লিখিছিলোঁ। মোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অসমীয়া বিষয় (অসমীয়া-৪) এটাই আছিল। যদিও মই মোৰ মনোবিজ্ঞান গৱেষণাৰ ওপৰত ভিত্তি কৰি বহুতো বৈজ্ঞানিক প্ৰবন্ধ ইংৰাজীত প্ৰকাশ কৰি আহিছোঁ, মই অসমীয়া ৱিকিপিডিয়াত লিখা প্ৰবন্ধবোৰৰ বাবে বিশেষভাৱে গৌৰৱান্বিত কাৰণ আমেৰিকাৰ পৰা বহু দূৰত থকা মোৰ জন্মভূমিৰ বাবে, মোৰ ভাষাৰ বাবে, মই সৰুকৈ হʼলেও কিবা এটা কৰিব পাৰিছোঁ।

যদিও মোৰ অসমীয়া লিখাৰ পৰ্য্যাপ্ত অভিজ্ঞতা নাছিল, মই কেৱল অসমীয়া ভাষাৰ ৱিকিপিডিয়াতহে প্ৰবন্ধ লিখাত বিশেষকৈ মনোনিবেশ কৰিছিলোঁ। মোৰ এটাই লক্ষ্য আছিল- মোৰ ভাষাৰ ডিজিটেল উপস্থিতি আৰু আন্তঃৰ্জাল (ইণ্টাৰনেট) প্ৰস্তুতি কেনেদৰে বৃদ্ধি কৰিব পাৰি? মোৰ অসমীয়া লিখাত ভাল প্ৰশিক্ষণ নাছিল বাবে মনত কিছু আশঙ্কাও আছিল। তথাপিও মনতে ভাবিছিলোঁ যদি এজনে সাঁতোৰ শিকিব বিচাৰে, তেওঁ পানীত জঁপিয়াবই লাগিব। মই সেয়াই কৰিছিলোঁ। বাকী ৱিকিপিডিয়া গোটৰ স্বেচ্ছাসেৱকসকলে বানানবোৰ চাই শুধৰাই দিছিল। সময়ৰ লগে লগে মোৰ অসমীয়াৰ শব্দভাণ্ডাৰ আৰু বানানৰ দক্ষতাও বহুখিনি উন্নত হৈছিল। লাহে লাহে অধিক প্ৰবন্ধ লিখিবলৈ আত্মবিশ্বাস বাঢ়িছিল। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো মোৰ বাবে এটা সুন্দৰ অভিজ্ঞতা! মহাবিদ্যালয়ৰ অধ্যাপনা, মনোবিজ্ঞানৰ গৱেষণা, ঘৰুৱা কামকাজৰ ব্যস্ততা আৰু সমাজ সেৱাৰ কামৰ সময়সূচীৰ মাজত অলপ সময় উলিয়াই ৱিকিপিডিয়াত অৱদান আগবঢ়াব পাৰি মই এক বিশেষ আত্মসন্তুষ্টি অনুভৱ কৰোঁ। আজি মই নিজকে দিনত এগৰাকী শ্ৰমজীৱী মহিলা আৰু কৰ্মৰত মাতৃ, আৰু ৰাতি এগৰাকী ৱিকিপিডিয়ান হিচাপে পৰিচয় দিওঁ।

মই ভাবোঁ মোৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহৰ আঁৰৰ প্ৰাথমিক কাৰণ আছিল মোৰ পিতৃ-মাতৃৰ ভূমিকা। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ালেও দেউতাই সঁফুৰা, পাফু ছিৰিজ, দস্যু ভাস্কৰ ছিৰিজ, মামণি ৰয়ছম গোস্বামী আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ কিতাপ আদি নিয়মীয়াকৈ ঘৰত আনিছিল। অসমীয়া গল্প আদি পঢ়িবলৈ আমাক উৎসাহিত কৰিছিল। সম্ভৱতঃ, শৈশৱৰ সেই অভিজ্ঞতাবোৰ মনৰ ভিতৰত নিষ্ক্ৰিয় হৈ ৰৈ গৈছিল আৰু আজি ৱিকিমিডিয়াৰ জৰিয়তে আৱিষ্কাৰ হোৱাৰ অপেক্ষাত আছিল। শৈশৱৰ শিক্ষাৰ জীৱনজোৰা প্ৰভাৱ বৰ গুৰুত্বপূৰ্ণ! আমেৰিকাতে মোৰ লʼৰা-ছোৱালীৰ জন্ম আৰু ডাঙৰ-দীঘলো ইয়াতে হৈছে। মা-দেউতাই মোক শিকোৱাৰ দৰেই ময়ো তেওঁলোকক অসমীয়া শিকাৰ সুযোগ দিছোঁ। মোৰ ছোৱালীয়ে অসমীয়া পঢ়িব আৰু লিখিবও পাৰে আৰু দুয়োটা লʼৰা-ছোৱালীয়ে সাৱলীলভাৱে অসমীয়া ক'ব পাৰে। ৰাজহুৱা স্থান, বিদ্যালয় আৰু কৰ্মস্থানত যদিও আমি ইংৰাজীত কথা পাতোঁ ঘৰত নিজৰ মাতৃভাষা, অসমীয়াতে কথা পাতোঁ। ক’ৰবাত পঢ়া মনত আছে- There are two things we should give our children: one is roots, the other is wings.

প্ৰায়ে লক্ষ্য কৰোঁ যে কেৱল অসমেই নহয়, ভাৰতৰ বহুঠাইত নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ মাতৃভাষাক লৈ গৌৰৱ অনুভৱ নকৰে। ঘৰত আৰু তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে ইংৰাজীত কথা পাতিবলৈ পছন্দ কৰে, আৰু সাধাৰণতে, পশ্চিমীয়া সংগীত, খাদ্য, সাহিত্য আদি অনুকৰণ কৰে। অৱশ্যে, শিক্ষাৰ বাবে বিভিন্ন ভাষাৰ অনুশীলন আৰু বিভিন্ন সাহিত্য সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ দোষণীয় নহয়। গৱেষণাত দেখা গৈছে যে দ্বিভাষিক বা বহুভাষিক শিশুসকল একভাষিক শিশুতকৈ অধিক বুদ্ধিমান। একাধিক ভাষা শিকিলে নিঃসন্দেহে শিশুৰ জ্ঞানৰ পৰিসৰ আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি হয় আৰু ইয়াক নিশ্চিতভাৱে সমৰ্থন কৰা উচিত। কিন্তু নিজৰ মাতৃভাষাক কম গুৰুত্ব দিলে এদিন নিজৰ ভাষা বিলুপ্ত হ'ব পাৰে; আৰু এটা ভাষাৰ বিলুপ্তিৰ লগতে এটা জাতিও বিলুপ্তিৰ পথত আগবাঢ়ে। ঘৰত হোৱা শৈশৱৰ অভিজ্ঞতা আৰু অনুশীলনবোৰ এটা ভাষা, সংস্কৃতি আৰু জাতি জীয়াই ৰখাৰ মুখ্য চালক হʼব পাৰে। এই অভিজ্ঞতাবোৰেই ক্ৰমাগত প্ৰজন্মৰ জৰিয়তে বংশানুক্ৰমে স্থানান্তৰিত হয়। মই বিশ্বাস কৰোঁ, আমাৰ সন্তানৰ মাজত এনে মূল্যবোধ গঢ়ি তুলিবলৈ আমি অভিভাৱকসকলেই দায়বদ্ধ।

যোৱা পাঁচ মাহত মই ৱিকিপিডিয়াত প্ৰায় ২৪টা অসমীয়া প্ৰবন্ধ লিখিলোঁ। মোক এই যাত্ৰা অব্যাহত ৰাখিবলৈ সহায় কৰি আহিছে দিব্য দত্ত, মৃদুল শৰ্মা আৰু ৱিকিগোটৰ আন বহুতো স্বেচ্ছাসেৱকে। শেষত আমাৰ ভাষাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত নিস্বাৰ্থ আৰু অক্লান্তভাৱে নিজৰ মূল্যৱান সময় প্ৰদান কৰা অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস গোটলৈ মোৰ আন্তৰিক নমন আৰু ধন্যবাদ। আপোনালোক সকলোৰে মাতৃভাষাৰ প্ৰতি এই নিঃস্বাৰ্থ অৱদান অত্যন্ত প্ৰশংসনীয়।

আন্তৰিক শুভেচ্ছাৰে,

--ড॰ জোনালী বৰুৱা (15:47, 30 April 2021 (ইউ.টি.চি.))[উত্তৰ দিয়ক]

বৰ্তমান বাসস্থান: ডালাচ, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ

মাতৃগৃহ: চান্দমাৰী, গুৱাহাটী, অসম