ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়
| এই ৱিকিপিডিয়া পৃষ্ঠাটো বা ইয়াৰ অংশবিশেষ অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ৱিকিপিডিয়াৰ ভেটি সুদৃঢ় কৰাত সহায় কৰক। |
| বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই পৃষ্ঠাটো অনুবাদৰ বাবে ৰখা হৈছে। লাহে লাহে কামটো কৰা হ'ব, আন সদস্যসকলৰ সময় থাকিলে মাজে মাজে কৰিব পাৰে |
|
|
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
|
চমুকৈ পৃষ্ঠাখন ক’ব গ’লে : ৱিকিপিডিয়াত থাকিব পৰা তথ্যৰ কোনো সীমা নাই। কিন্তু ৱিকিপিডিয়া এখন বিশ্বকোষহে, আৰু সেইবাবে ইণ্টাৰনেটত আন ঠাইত উপলব্ধ সকলো তথ্য ইয়াত অন্তৰ্ভুক্ত কৰিব নোৱাৰি। যদিও যিকোনো ব্যক্তিয়েই ইয়াত সম্পাদকৰ ভূমিকা পালন কৰিব পাৰে, পালন কৰিবলগীয়া কিছুমান প্ৰক্ৰিয়া আৰু মানৰ বাবে ৱিকিপিডিয়া নৈৰাজ্য, গণতন্ত্ৰ, বা আমোলাতন্ত্ৰত পৰিগণিত হোৱা নাই। |
| ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ |
|---|
| মূল বিষয়বস্তু নীতিসমূহ |
|
নিৰপেক্ষ দৃষ্টিভংগী মৌলিক গৱেষণাৰহিত লেখা সত্যাপণযোগ্যতা |
| আন বিষয়বস্তু নীতিসমূহ |
|
প্ৰবন্ধৰ শিৰোনাম জীৱিত ব্যক্তিৰ জীৱনী ৱিকিপিডিয়া কি নহয় |
ৱিকিপিডিয়া এখন ইণ্টাৰনেট বিশ্বকোষ। ইয়াত ব্যৱহাৰকৰ্তাসকলৰ মাজত সহযোগিতামূলক সংকলনৰ দ্বাৰা এখন উচ্চ মানদণ্ডৰ বিশ্বকোষ সংকলন কৰাৰ কাৰণে প্ৰযত্ন কৰা হৈছে। ৱিকিপিডিয়া আচলতে কি, ইয়াত কেনে ধৰণৰ সমল অন্তৰ্ভুক্ত কৰা হয় বা কেনে পদ্ধতিৰ মাজেৰে ইয়াত কাম কৰা হয় এই সকলো কথা জানিবলৈ ৱিকিপিডিয়া কি নহয় সেইটোও জানিলোৱাটো বাঞ্ছনীয়॥
লিখনশৈলী আৰু সজ্জা
[সম্পাদনা কৰক]ৱিকিপিডিয়া কাগজত ছপা কৰা বিশ্বকোষ নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া ছপা কৰা বিশ্বকোষ নহয়, ই হৈছে ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা বিশ্বকোষ। ইয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাবদ্ধতা নাই। ৱিকিপিডিয়াৰ পাতত বিশ্বকোষ এখনৰ উপযোগী সকলো ধৰণৰ প্ৰবন্ধ থাকিব পাৰে। ইয়াৰ প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ বা ৱিকিপিডিয়াৰ পঞ্চশীল নীতিৰ আধাৰত ব্যৱস্থিত।
এটা প্ৰবন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়; বিশেষকৈ ডায়েল আপ আৰু ম’বাইল ব্ৰাউজাৰ ব্যৱহাৰ কৰা পাঠকসকলে দীঘলীয়া প্ৰবন্ধ হ’লে পৃষ্ঠা ডাউনল’ডত অসুবিধা পাব পাৰে (ৱিকিপিডিয়া:প্ৰবন্ধৰ আকাৰ চাওক। ) দীঘল প্ৰবন্ধ সৰু সৰু অংশত ভাগ কৰা আৰু যথাস্থানত সাৰাংশ লিখাটো প্ৰয়োজনীয় (ৱিকিপিডিয়া:সাৰাংশ শৈলী চাওক। ) ছপা বিশ্বকোষৰ প্ৰবন্ধসমূহ সহজে সালসলনি কৰিব নোৱাৰি, কিন্তু ৱিকিপিডিয়াত অধিক তথ্য অন্তৰ্ভুক্ত কৰিব পাৰি, অধিক বহিঃসংযোগ দিব পাৰি, আৰু সোনকালে নবীকৰণ কৰিব পাৰি। ৱিকিপিডিয়া আৰু কাগজৰ প্ৰকাশৰ ভিন্নতাৰ বিষয়ে অধিক জানিবলৈ ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি চাওক।
সমল
[সম্পাদনা কৰক]কেৱল শুদ্ধ আৰু কামত অহাৰ গুণতে বিশ্বকোষ এখনত যিকোনো বিষয় সন্নিৱিষ্ট কৰিব নোৱাৰি। কোনো কোনো বিষয়ৰ অন্তৰ্ভুক্তিৰ ওপৰত মাজে-সময়ে প্ৰশ্ন উঠিলেও ৱিকিপিডিয়াৰ বিষয়ববীয়াসকল এই কথাত ঐকমত্য যে তলৰ অনুচ্ছেদসমূহ "ৱিকিপিডিয়া কি নহয়" বা "ৱিকিপিডিয়াত কি কৰিব নোৱাৰে" তাৰ ভাল উদাহৰণ।
ৱিকিপিডিয়া এখন অভিধান নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া কোনো অভিধান নহয়, কাৰিকৰী কথা বা অৰ্থহীন শব্দৰ ব্যৱহাৰিক সহায়িকা নহয়। ৱিকিপিডিয়াৰ প্ৰবন্ধ তলৰ উদাহৰণবোৰো নহয়:
- সংজ্ঞা। যদিও প্ৰবন্ধসমূহ এটা ভাল সংজ্ঞাৰে আৰু এটা বিষয়ৰ বিৱৰণৰে আৰম্ভ হ’ব লাগে, সেইবোৰে বিশেষ বিষয়টোৰ ওপৰত আন আন তথ্যও আগবঢ়োৱা উচিত। সম্ভৱপৰ হ’লে কেৱল সংজ্ঞাহে থকা প্ৰবন্ধবোৰত আন বিষয়বস্তু সন্নিৱিষ্ট কৰি বিস্তাৰ কৰা উচিত।
- অভিধান অন্তৰ্ভুক্তি। বিশ্বকোষৰ প্ৰবন্ধৰ বিষয় হৈছে কোনো ব্যক্তি, গোট, ধাৰণা, ঠাই, বস্তু, এটা ঘটনা আদি। কোনো ক্ষেত্ৰত এটা শব্দ বা বাক্যাংশই বিশ্বকোষৰ বিষয় হ’ব পাৰে, যেনে মেচিডনিয়া(পৰিভাষা)। কাচিৎহে কোনো প্ৰবন্ধৰ এটাতকৈ অধিক সুস্পষ্ট সংজ্ঞা বা শিৰোনামৰ ব্যৱহাৰ থাকিব পাৰে। সংখ্যাৰৰ সাংস্কৃতিক বা গাণিতিক বিশেষত্বৰ বিষয়ে লিখা প্ৰবন্ধও গ্ৰহণযোগ্য।
আভিধানিক ৱিকি বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প Wiktionary চাওক। - ব্যৱহাৰ, অপশব্দ, আৰু/বা জতুৱা ঠাঁচ পথনিৰ্দেশিকা। ভাষা, দোৱান বা অপশব্দৰ প্ৰকাৰৰ বৰ্ণনামূলক প্ৰবন্ধ গ্ৰহণীয়। তেনে ভাষাৰ কথকৰ বাবে সহায় প্ৰবন্ধ গ্ৰহণযোগ্য নহয়। অধিক তথ্যৰ বাবে তলৰ "ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয়" চাওক।
সহায়িকাপুথিৰ সংগ্ৰহ বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প Wikibooks চাওক।
ৱিকিপিডিয়া কোনো মৌলিক চিন্তাৰ প্ৰকাশস্থল নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া আপোনাৰ নিজৰ চিন্তা আৰু বিশ্লেষণ বা নতুন তথ্য প্ৰকাশৰ স্থল নহয়। মৌলিক গৱেষণাৰ নীতি মানি চলি অনুগ্ৰহ কৰি তলৰ কাৰণসমূহৰ বাবে ৱিকিপিডিয়াক ব্যৱহাৰ নকৰিব:
- প্ৰাথমিক (মৌলিক) গৱেষণা।, যেনে প্ৰস্তাৱিত তত্ত্ব আৰু সমাধান, মৌলিক চিন্তা, শব্দৰ সংজ্ঞা, নতুন শব্দৰ উদ্ভাৱন আদি। আপুনি যদি কোনো বিষয়ত প্ৰাথমিক গৱেষণা সম্পূৰ্ণ কৰিছে, তেন্তে তাৰ ফলাফল আন ঠাইত যেনে সতীৰ্থই পৰ্যালোচনা কৰা পত্ৰিকা, আন ছপা মাধ্যম বা সন্মানীয় অনলাইন পত্ৰিকাত প্ৰকাশ কৰক। তাৰ পিছত ই গ্ৰহণীয় জ্ঞানৰ অংশ হৈ পৰিলে ৱিকিপিডিয়াই ইয়াক বিবেচনা কৰিব; কিন্তু বিষয়বস্তুৰবিশ্বাসযোগ্যতা প্ৰমাণ কৰাৰ বাবে আৰু সেয়া যে মাথোঁ সম্পাদকৰ মতামত নহয় তাক দেখুৱাবলৈ তেনে সঠিক উৎসৰ উল্লেখ আৱশ্যক।
- ব্যক্তিগত উদ্ভাৱন। যদি আপুনি বা আপোনাৰ কোনো বন্ধুৱে এটা নতুন শব্দ, এটা সুৰাপানৰ খেল, বা এটা নতুন ধৰণৰ নৃত্যশৈলীৰ উদ্ভাৱন কৰিছে, তেন্তে একাধিক, স্বাধীন আৰু দ্বিতীয় উৎসই তাৰ প্ৰতিবেদন নিদিয়ালৈকে সেয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বিষয় হ’বলৈ উল্লেখযোগ্য নহয়। ৱিকিপিডিয়া এদিনতে গঢ়া বস্তুৰ বাবে নহয়।
- ব্যক্তিগত ৰচনা। য’ত বিশেষজ্ঞৰ মতামতৰ সলনি আপোনাৰ নিজা অনুভৱ প্ৰকাশ পায়। যদিও ৱিকিপিডিয়াত মানুহৰ জ্ঞান সংগ্ৰহ কৰা হৈছে, ই তেনে জ্ঞানৰ অংশ হ’বলৈ যোৱা ব্যক্তিগত মতৰ বাহন নহয়। কোনো ক্ষেত্ৰত এজন ব্যক্তিৰ মতামত আলোচনা কৰাটো অতি প্ৰযোজনীয় হ’লে আন সদস্যসকলক তাৰ বিষয়ে লিখিবলৈ দিয়া উচিত। ৱিকিপিডিয়াৰ লগত সংগতি থকা ব্যক্তিগত ৰচনা আপোনাৰ সদস্য নামস্থানত বা মেটা ৱিকিত গ্ৰহণীয়। ৱিকিইন্ ফ' (Wikinfo)ত থকা ফৰ্কে প্ৰবন্ধত ব্যক্তিগত মতামত দিবলৈ উত্সাহ যোগায়।
- আলোচনা সভা। অনুগ্ৰহ কৰি এখন বিশ্বকোষ সৃষ্টিৰ কামতহে মনোযোগ দিয়ক। আপুনি ৱিকিপিডিয়াৰ লগত সংগতি থকা বিষয়ৰ ওপৰত কথা-বতৰা পৃষ্ঠাত আন সদস্যৰ লগত আলোচনা কৰিব পাৰে আৰু সংশ্লিষ্ট আলোচনা পৃষ্ঠাত কোনো সমস্যাৰ সমাধান কৰিব পাৰে, কিন্তু অনুগ্ৰহ কৰি প্ৰবন্ধত সেই আলোচনা অন্তৰ্ভুক্ত নকৰিব। মনত ৰাখিব যে আলোচনা পৃষ্ঠাৰ উদ্দেশ্য হৈছে কোনো প্ৰবন্ধৰ উন্নতি ঘটোৱা। সেইখন প্ৰবন্ধটোৰ বিষয়বস্তুৰ ওপৰত সাধাৰণ আলোচনা কৰাৰ বাবে নহয়, বা উপদেশ আৰু কাৰিকৰী সহায়ৰ বাবেও নহয়। আপুনি যদি কোনো বিষয়ৰ ওপৰত নিৰ্দিষ্ট প্ৰশ্ন সুধিব বিচাৰিছে তেন্তে প্ৰসংগ মেজত সেইটো উত্থাপন কৰক। আন ৱিকিপিডিয়ানৰ লগত পাতলীয়া ধৰণৰ আলোচনা কৰিব বিচাৰিলে আই.আৰ.চি. চেনেল যেনে #wikipedia ব্যৱহাৰ কৰক। মন কৰক যে ই এটা আই.আৰ.চি. চেনেলহে, কোনো বাৰ্তা দেৱাল নহয়। আলোচনা আৰু তৰ্কৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ আন কেইবাটাও ৱিকিপ্ৰকল্পৰ কাম চলি আছে। আলোচনা পৃষ্ঠাত অগ্ৰহণযোগ্য বিষয়বস্তু আলোচনা পৃষ্ঠা পথনিৰ্দেশিকা অনুসৰি আঁতৰাই পেলোৱা হ’ব পাৰে।
ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ, যুদ্ধক্ষেত্ৰ, বা অপপ্ৰচাৰ, বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ বাহন নহয়। এই নীতিটো প্ৰবন্ধ, শ্ৰেণী, সাঁচ, আলোচনা আৰু সদস্য পৃষ্ঠাৰ ক্ষেত্ৰত প্ৰযোজ্য। সেইকাৰণে তলৰ বিষয়বোৰ ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা উচিত নহয়।
- কোনোধৰণৰ ওকালতি, অপপ্ৰচাৰ বা নিযুক্তি: বাণিজ্যিক, ৰাজনৈতিক, ধাৰ্মিক, ক্ৰীড়া-সম্পৰ্কীয় বা তেনে আন কিবা। ৱিকিপিডিয়াত অৱশ্যেই নিৰপেক্ষ দৃষ্টিভংগীৰ নীতি মানি চলি তেনেধৰণৰ কামৰ বিষয়ে বস্তুনিষ্ঠভাৱে উল্লেখ কৰিব পাৰি। আপোনাৰ চিন্তা-ধাৰণাৰ সুফলসমূহ ৰাইজক জনাব বিচাৰিলে আপুনি এটা ব্ল’গ আৰম্ভ কৰিব পাৰে বা ইণ্টাৰনেট ফ’ৰামত যোগদান কৰিব পাৰে।[1] ৱিকিপিডিয়া:ওকালতি চাওক।
- অভিমতৰ অংশ : যদিও কিছুমান বিষয় যেনে সাম্প্ৰতিক বা ৰাজনৈতিক ঘটনাৱলীৱে কোনো ব্যক্তিক প্ৰচাৰ চলাবলৈ (উদাহৰণস্বৰূপে তেওঁৰ প্ৰিয় দৃষ্টিভংগীৰে আবেগিকভাৱে ওকালতি কৰা) প্ৰলোভিত কৰিব পাৰে, ৱিকিপিডিয়া তেনে কামৰ মাধ্যম নহয়। প্ৰবন্ধসমূহে যুক্তিপূৰ্ণ তথ্য আৰু নিৰপেক্ষ দৃষ্টিভংগী ডাঙি ধৰি ভাৰসাম্য ৰক্ষা কৰিব লাগিব। ৱিকিপিডিয়াৰ লেখকসকলে সোনকালে অপ্ৰচলিত হৈ নোযোৱা প্ৰবন্ধ লিখিবলৈ অহৰহ চেষ্টা কৰা উচিত। কিন্তু ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিবাতৰিয়ে ইয়াৰ প্ৰবন্ধৰ ওপৰত মন্তব্যক আদৰণি জনায়।
- কেলেংকাৰীৰ প্ৰচাৰ: পাতলীয়া আলোচনাৰ জৰিয়তে বা কাৰোবাৰ মুখেৰে শুনা। জীৱিত ব্যক্তিৰ বিষয়ে লিখা প্ৰবন্ধ সেইজনৰ মানহানি নোহোৱাকৈ আৰু ব্যক্তিগত জীৱনত আঘাত নজনোৱাকৈ উচ্চ মানদণ্ডৰ হ’ব লাগে। কেৱল আন এজনৰ সন্মানক আক্ৰমণ কৰিবলৈকে প্ৰবন্ধ লিখিব নালাগে।
- আত্মপ্ৰচাৰ : আপোনাৰ নিজৰ বিষয়ে বা আপুনি জড়িত থকা প্ৰকল্পৰ বিষয়ে লিখিবলৈ মন যোৱাটো স্বাভাৱিক। কিন্তু মনত ৰাখিব যে ৱিকিপিডিয়া প্ৰবন্ধৰ মানদণ্ডসমূহ সেইবোৰ পৃষ্ঠাৰ বাবেও সমানে প্ৰযোজ্য। তাৰ ভিতৰত আছে নিৰপেক্ষ দৃষ্টিভংগী যিটো নিজৰ বিষয়ে লিখোঁতে বজাই ৰখাটো টান হ’ব পাৰে। আত্মজীৱনীৰ উত্সলৈ পোনাই দিয়া সংযোগ বা প্ৰসংগৰ পয়োভৰ গ্ৰহণযোগ্য নহয়। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:উল্লেখযোগ্যতা, ৱিকিপিডিয়া:আত্মজীৱনী আৰু ৱিকিপিডিয়া:আদৰ্শৰ বিবাদ চাওক।
- বিজ্ঞাপন: প্ৰতিষ্ঠান আৰু সামগ্ৰীৰ তথ্যসমূহ বস্তুনিষ্ঠ আৰু পক্ষপাতশূন্য শৈলীৰে লিখা হয়। সকলো প্ৰবন্ধৰ বিষয়বস্তুৰ স্বাধীন, তৃতীয় পক্ষ উৎসৰ দ্বাৰা সত্যাসত্য নিৰূপণ হোৱা উচিত। সেইবাবে কোনো সৰু গেৰেজ বা স্থানীয় কোম্পানীৰ বিষয়ে লিখা প্ৰবন্ধ গ্ৰহণীয় নহয়। বৃহত্ প্ৰতিষ্ঠানৰ লগত জড়িত হ’লেহে বাণিজ্যিক গোটৰ বহিঃ সংযোগ গ্ৰহণযোগ্য হ’ব। ৱিকিপিডিয়াই কোনো প্ৰতিষ্ঠানৰ অনুমোদন নকৰে বা জড়িত প্ৰকল্প নচলায়। ক’ৰ্প’ৰেট উল্লেখযোগ্যতাৰ সহায়ৰ বাবে ৱিকিপিডিয়া:উল্লেখযোগ্যতা (সন্থা আৰু প্ৰতিষ্ঠান) চাওক। বাণিজ্যিক নহ’লেও কোনো ঘটনাৰ প্ৰচাৰ বা ৰাজহুৱা জাননীৰ বাবে আন ফ’ৰাম ব্যৱহাৰ কৰক, ৱিকিপিডিয়া নহয়।
ৱিকিপিডিয়াৰ ভিতৰুৱা নীতি আৰু পথনিৰ্দেশিকাবোৰৰ ওপৰত শৃংখলাপূৰ্ণ মতামত সদস্য পৃষ্ঠাত কৰিব পাৰি, কাৰণ সেইবোৰ এই প্ৰকল্পৰ সাম্প্ৰতিক আৰু ভৱিষ্যতৰ কৰ্মৰাজীৰ বাবে প্ৰয়োজনীয়।
ৱিকিপিডিয়া কোনো সংযোগ,চিত্ৰ বা মিডিয়া ফাইল ৰখা ভঁৰাল নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া মাত্ৰ সংযোগ, চিত্ৰ, বা মিডিয়া ফাইল ৰখা মিৰ’ৰ বা ভঁৰাল নহয়। ৱিকিপিডিয়া প্ৰবন্ধ তলত দিয়া ধৰণৰ হ’ব নালাগে :
- মাথোঁ বহিঃ সংযোগৰ সংগ্ৰহ বা ইণ্টাৰনেট নিৰ্দেশিকা। প্ৰবন্ধত এটা বা অধিক বিষয়বস্তু-সম্বন্ধীয় সংযোদ দিয়াত একো বাধা নাই; কিন্তু অতিমাত্ৰা তালিকাই প্ৰবন্ধটোক গৌণ কৰি ৱিকিপিডিয়াৰ উদ্দেশ্যৰ পৰা আঁতৰি যাব পাৰে। বহু "অনুৰাগী স্থান" বা "ফেনচাইট" থকা থকা বিষয়ৰ প্ৰবন্ধত এটা মুখ্য অনুৰাগী স্থানৰ সংযোগ দিয়াই উচিত। সহায়ৰ বাবে ৱিকিপিডিয়া:বহিঃ সংযোগ চাওক।
- ভিতৰুৱা সংযোগৰ সংগ্ৰহ, মাত্ৰ দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাৰ বাহিৰে যেতিয়া কোনো প্ৰবন্ধৰ শিৰোনাম দ্ব্যৰ্থক হয়, আৰু প্ৰবন্ধ সজ্জা তথা দিক্দৰ্শনত সহায় হোৱাকৈ তালিকা পৃষ্ঠাৰ বাহিৰে। ইয়াৰ বাবে অনুগ্ৰহ কৰি ৱিকিপিডিয়া:মূল তালিকাসমূহ#নিৰ্বাচনৰ মাপকাঠী চাওক।
- মাথোঁ ৰাজহুৱা প্ৰান্ত(পাব্লিক ডমেইন) বা আন উত্স তথ্য যেনে সমগ্ৰ কিতাপ বা উত্স সংকেত, মূল ঐতিহাসিক নথি, আইন, ঘোষণা, আৰু আন আন উত্স তথ্য যিবোৰ মৌলিক ৰূপতহে উপস্থাপন কৰিলে কামত আহে। প্ৰাথমিক উত্সৰ সম্পূৰ্ণ নকল ৱিকিউত্সতহে অন্তৰ্ভুক্ত কৰিব পাৰি, ৱিকিপিডিয়াত নহয়। ৰাজহুৱা প্ৰান্তৰ সম্পদ যেনে এনচাইক্ল’পেডিয়া ব্ৰিটানিকাৰ তথ্য প্ৰবন্ধত বিষয়বস্তু যোগ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি (তেনে কাৰ্যৰ পথনিৰ্দেশিকাৰ বাবে কুম্ভীলক বৃত্তি পথনিৰ্দেশিকা:ৰাজহুৱা প্ৰান্তৰ উত্স চাওক)। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:দীঘলীয়া মূল উৎসৰ সম্পূৰ্ণ পাঠ সন্নিৱিষ্ট নকৰিব আৰু ৱিকিউত্সৰ অন্তৰ্ভুক্তিকৰণ নীতি চাওক।
- মাথোঁ চিত্ৰ বা মিডিয়া ফাইলৰ সংগ্ৰহ য’ত প্ৰবন্ধৰ নাম-গোন্ধ নাই। আপুনি মাত্ৰ ছবি দান কৰিব খুজিলে তাক বিশ্বকোষীয় লেখাৰে সজাই তোলক, বা ৱিকিপিডিয়া সাধাৰণত অন্তৰ্ভুক্ত কৰক। যদি ছবিখন কোনো ৱেবচাইটৰ ৰাজহুৱা প্ৰান্তৰ উত্সৰ পৰা লোৱা হৈছে, তেন্তে তাক ৱিকিপিডিয়া:প্ৰবন্ধ নোহোৱা চিত্ৰ বা ৱিকিপিডিয়া:ৰাজহুৱা প্ৰান্ত চিত্ৰ উত্সত সন্নিৱিষ্ট কৰক।
ৱিকিপিডিয়া গীতৰ কথাৰ তথ্যকোষ নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়াৰ প্ৰবন্ধত স্বত্বাধিকাৰ থকা গীতৰ কথা সন্নিৱিষ্ট কৰাটো অনুমোদিত নহয়। ৰাজহুৱা প্ৰান্তত থকা গীতৰ কথা অন্তৰ্ভুক্ত কৰিব পাৰি, কিন্তু তাৰ লগত গীতটোৰ লেখক, শিল্পী, শ্ৰব্যসঁফুৰাৰ নাম, বাণীবন্ধনৰ বছৰৰ লগতে ইতিহাস, আঁৰৰ কথা, বিষয়বস্তু আৰু সংগীতৰ বিশ্লেষণৰ বিষয়ে পক্ষপাতশূন্যভাৱে লিখিব লাগিব।
ৱিকিপিডিয়া কোনো ব্ল'গ,সামাজিক যোগাযোগমূলক বা স্মৃতিচিহ্ন ৰক্ষাৰ স্থান নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া টুইটাৰ বা ফে’চবুকৰ দৰে সামাজিক যোগাযোগৰ মাধ্যম নহয়। আপুনি ৱিকিপিডিয়াত নিজৰ ৱেবচাইট, ব্ল’গ, ৱিকি, বা ক্লাউড তুলি দিব নোৱাৰে। ৱিকিপিডিয়াৰ পৃষ্ঠা তলত দিয়া উদাহৰণবোৰৰ দৰে হ’ব নালাগে :
- ব্যক্তিগত ৱেব পৃষ্ঠা। ৱিকিপিডিয়ানসকলৰ নিজৰ সদস্য পৃষ্ঠা থাকে, কিন্তু সেয়া বিশ্বকোষত কাম কৰাৰ বিষয়ে তথ্য প্ৰদানৰ বাবেহে ব্যৱহাৰ কৰা উচিত। আপুনি যদি ব্যক্তিগত ৱেবপৃষ্ঠা বা ব্ল’গ এটা সৃষ্টি কৰিব খুজিছে, তেন্তে ইণ্টাৰনেটত তেনে বিনামূলীয়া সুবিধা দিয়া অজস্ৰ চাইটৰ পৰা কোনো এটা বাচি লওক। সদস্য পৃষ্ঠাত সামাজিক নেটৱৰ্ক সেৱা বা ধেমালিৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি তাক সঠিক সহযোগৰ ভেঁটি হিছাপে গঢ়ি তোলক। ৱিকিপিডিয়াৰ লগত সংগতি থকা উপযুক্ত নামস্থানত সৃষ্টি কৰিব পাৰি।
- ফাইল ভঁৰাল স্থান। অনুগ্ৰহ কৰি কেৱল ৱিকিপিডিয়াৰ প্ৰবন্ধ বা প্ৰকল্প পৃষ্ঠাত ব্যৱহাৰ হোৱা (বা ব্যৱহাৰ হ’বলগীয়া) ফাইলহে আপল’ড কৰক। আপোনাৰ হাতত যদি আন প্ৰাসংগিক ছবি আছে, সেয়া ৱিকিমিডিয়া কমন্ছত আপল’ড কৰক য’ৰ পৰা তাক ৱিকিপিডিয়াৰ লগত সংযোগ কৰিব পৰা যাব।
- ডেটিং সেৱা। সম্বন্ধ গঢ়াৰ বাবে বা যৌনতাৰ সংঘাতৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয়। অতিমাত্ৰা এনে বাহিৰা কথাক স্থান দিয়া সদস্য পৃষ্ঠা গ্ৰহণযোগ্য নহয়।
- স্মৃতিচিহ্ন। বিশ্বকোষৰ প্ৰবন্ধৰ বিষয়বস্তুৱে ৱিকিপিডিয়াৰ উল্লেখযোগ্যতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবই লাগিব। এই প্ৰয়োজনীয়তা পূৰণ নকৰা মৃত বন্ধু, আত্মীয়, চিনাকি মানুহ বা আন কাৰোবাৰ স্মৃতিচাৰণৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয়। মন কৰক যে এই নীতিটো মূল প্ৰবন্ধ স্থানৰ বাহিৰত প্ৰযোজ্য নহয় আৰু প্ৰতিষ্ঠিত ৱিকিপিডিয়াৰ মৃত্যু হ’লে তেওঁৰ সদস্য পৃষ্ঠাক ইয়াৰ পৰা সীমিত অব্যাহতি দিয়া হয়।
যদি আপুনি ৱিকি প্ৰযুক্তিক আন কোনো প্ৰকল্পত সহযোগিতাৰ বাবে ব্যৱহাৰ কৰিব খোজে (লাগিলে সি মাত্ৰ এখন পৃষ্ঠাই হওক), তাৰ কাৰণে আন বহুতো ৱিকি হ’ষ্টিঙৰ সুবিধা থকা বিনামূলীয়া আৰু ব্যৱসায়িক চাইট আছে। আপুনি আপোনাৰ চাৰ্ভাৰত ৱিকি ছফ্টৱেৰ ইনষ্টলো কৰিও ল’ব পাৰে। এই বিষয়ক তথ্যৰ বাবে MediaWiki.orgত ইনষ্টল প্ৰক্ৰিয়াত সহায় চাওক।
ওপৰত উল্লেখ কৰা বিষয়বস্তুৰ সীমাবদ্ধতা আপোনাৰ সদস্য পৃষ্ঠা আৰু আলোচনা পৃষ্ঠাতো প্ৰযোজ্য। আপোনাৰ সদস্য পৃষ্ঠা এটা ব্ল’গ নহয়। তাৰ উপৰি আপোনাৰ সদস্য পৃষ্ঠাখন আপোনাৰ নহয়। ই ৱিকিপিডিয়াৰ অংশ, আৰু আত্মপ্ৰচাৰৰ সলনি ৱিকিপিডিয়ানৰ মাজত সহযোগিতা বঢ়োৱাৰ বাবেহে ইয়াৰ ব্যৱহাৰ হোৱা উচিত। সদস্য পৃষ্ঠাৰ বিষয়ে বৰ্তমানৰ ঐকমত্য পথনিৰ্দেশিকাৰ বাবে সদস্য পৃষ্ঠা সহায় চাওক।
ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া সকলো অস্বিত্ব থকা বস্তুৰে ডিৰেক্টৰি বা নিৰ্দেশিকা নহয়।[2]। ৱিকিপিডিয়াৰ প্ৰবন্ধ তলত দিয়াৰ দৰে নহয় :
- মিল নথকা বিষয়ৰ তালিকা বা ভঁৰাল যেনে উক্তি, বা ব্যক্তি (সঁচা বা কাল্পনিক)আদি। আপুনি উক্তিসমূহ অন্তৰ্ভুক্ত কৰিব বিচাৰিলে সেয়া আমাৰ ভগ্নী প্ৰকল্প ৱিকিউক্তিত কৰক। তালিকাৰ ভুক্তি বিখ্যাত হ'লে বা বিষয়ৰ লগত সম্বন্ধ থাকিলে তালিকা দিয়াত বাধা নাই। ক্ষিপ্ৰ প্ৰসংগৰ বাবে ৱিকিপিডিয়াত প্ৰসংগ তালিকা বা সাৰণীও অন্তৰ্ভুক্ত কৰিব পাৰি।
- বংশানুক্ৰমিক ভুক্তি জীৱনী প্ৰবন্ধ কেৱল বিখ্যাত, কুখ্যাত, বা কোনো সফল ব্যক্তিৰ বিষয়েহে হোৱা উচিত। ইয়াৰ বাবে তেওঁৰ নাম বহু বাহ্যিক উত্সত আছে নেকি চালেই গম পোৱা যায় | কম জনাজাত ব্যক্তিৰ বিষয়ে আন প্ৰবন্ধৰ মাজতে উল্লেখ কৰিব পাৰি। প্ৰস্তাৱিত জীৱনী অভিধান প্ৰকল্পৰ বাবে m:Wikipeople চাওক।
- টেলিফোন ডিৰেক্টৰি বা য়েল্ল' পেজেজ। ফোন নাম্বাৰ, ফেক্স নাম্বাৰ আৰু ই-মেইল ঠিকনাৰ দৰে যোগাযোগৰ তথ্য বিশ্বকোষত থাকিব নালাগে।
- ডিৰেক্টৰি, ডিৰেক্টৰি ভুক্তি, ইলেক্ট্ৰনিক প্ৰ'গ্ৰেম নিৰ্দেশিকা, বা ব্যৱসায়ৰ সমল। উদাহৰণস্বৰূপে, ৰেডিঅ' ষ্টেচনৰ ওপৰত লিখা প্ৰবন্ধত প্ৰচাৰ হ'বলগীয়া কাৰ্যসূচী, বিজ্ঞাপন আদিৰ বিষয়ে থাকিব নালাগে, মাত্ৰ গুৰুত্বপূৰ্ণ ঘটনা বা ঐতিহাসিক কাৰ্যসূচীৰ উল্লেখ কৰিলেই হ'ল। তেনেধৰণে ব্যৱসায় সম্বন্ধীয় পৃষ্ঠাত প্ৰতিষ্ঠানটোৰ সকলো পেটেণ্টৰ তালিকা থাকিব নালাগে।
- বিক্ৰী তালিকা। উত্সৰ উল্লেখ আৰু বৈধ কাৰণ নাথাকিলে সামগ্ৰীৰ দাম লিখিব নালাগে। আন সামগ্ৰীৰ লগত বা বিভিন্ন বিক্ৰেতাৰ মাজত দামৰ পাৰ্থক্য চাবলৈ ৱিকিপিডিয়া কোনো মূল্য তুলনা সেৱা নহয়।
- সালসলনি সূচী বা মুক্তি টোকা। কোনো সামগ্ৰীৰ বিষয়ে এটা প্ৰবন্ধত ইয়াৰ বিকাশৰ ইতিহাস আৰু প্ৰধান উন্নীতকৰণৰ তথ্য থাকিব লাগে। কিন্তু প্ৰতিটো মুক্তি বা নৱীকৰণৰ উল্লেখ এৰাই চলক।
- অনা-বিশ্বকোষীয় শ্ৰেণীকৰণ, যেনে "X প্ৰতিষ্ঠানে মৰকল কৰা Y ধৰ্মীয়/সাংস্কৃতিক গোটৰ মানুহ। " সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ পৰিঘটনা নোহোৱালৈকে এনে ধৰণৰ প্ৰস্থ-শ্ৰেণীক নতুন প্ৰবন্ধ সৃষ্টিৰ বাবে উল্লেখযোগ্য বুলি গণ্য কৰা নহয়। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:অতি-শ্ৰেণীকৰণ চাওক।
- সকলো সম্ভাব্য তথ্যৰ বিশদ বিৱৰণ। প্ৰবন্ধ এটা ইয়াৰ বিষয়বস্তুৰ ওপৰত গ্ৰহণীয় জ্ঞানৰ সাৰাংশ হোৱা উচিত[3]।
ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয়
[সম্পাদনা কৰক]
ৱিকিপিডিয়া এক বিশ্বকোষীয় প্ৰসংগ কৰ্ম, কোনো পৰামৰ্শ হাতপুথি, পথনিৰ্দেশিকা পুথি বা পাঠ্যপুথি নহয়। ৱিকিপিডিয়াৰ প্ৰবন্ধ তলত দিয়া বিষয়বোৰৰ দৰে হ'ব নালাগে:
- নিৰ্দেশ পুথি। যদিও ৱিকিপিডিয়াত ব্যক্তি, ঠাই আৰু আন আন বস্তুৰ বিৱৰণ আছে, এটা প্ৰবন্ধ "কেনেকৈ কৰিব" তথ্য সম্বলিত ব্যৱহাৰকাৰীৰ হাতপুথি, উপদেশ স্তম্ভ (আইনী, চিকিৎসা সংক্ৰান্তিয় আৰু অন্যান্য) আৰু পৰামৰ্শ পেৰাৰ দৰে হ'ব নালাগে। টিউটৰিয়েল, আদেশ পুথি, খেলৰ নিৰ্দেশিকা, ব্যঞ্জন প্ৰকৰণ আদিও ইয়াত অন্তৰ্ভুক্ত[4]। যদি আপুনি "কেনেকৈ কৰিব" জাতীয় হাতপুথিৰ প্ৰতি আগ্ৰহী, তেন্তে আপুনি ৱিকিহাউ, How to Wiki বা আমাৰ ভগ্নী প্ৰকল্প ৱিকিগ্ৰন্থ চাব পাৰে।
- ভ্ৰমণ সহায়িকা। আপুনি গুৱাহাটীৰ বিষয়ে কোনো প্ৰবন্ধ লিখোঁতে কামাখ্যা মন্দিৰৰ কথা উল্লেখ কৰিব পাৰিব। কিন্তু কামাখ্যা মন্দিৰলৈ কেনেকৈ যাব পাৰিব, গুৱাহাটীৰ কোন হোটেলত থাকিলে সুবিধা হ'ব, বা সেই স্থানৰ ফোন নম্বৰ আদি তথ্য ইয়াত উল্লেখ কৰাটো উচিত নহয়। এইবোৰ বিশ্বকোষীয় নিবন্ধৰ বাবে উপযুক্ত তথ্য নহয়। ৱিকিপিডিয়াৰ প্ৰবন্ধত হোটেল, বাছসেৱা বা পৰ্যটনৰ বাবে আকৰ্ষণীয় ৰেষ্টেৰেণ্ট আদিৰ বৰ্ণনা দিয়াটো উচিত নহয়। আপুনি এনে ধৰণৰ বৰ্ণনা ৱিকি ভ্ৰমণ]ত দিব পাৰে।
- ভিডিঅ' গেম হাতপুথি। কম্পিউটাৰ গেইম বা ভিডিঅ' গেইমৰ বিষয়ে লিখা কোনো প্ৰবন্ধত খেলবিধৰ বিষয়ে বৰ্ণনা কৰাটোহে মূল উদ্দেশ্য হ'ব লাগে। কেনেকৈ খেলবিধত জিকিব পাৰি সেই কথা উল্লেখ কৰাটো বিশ্বকোষীয় প্ৰবন্ধৰ ভিতৰত নপৰে।
- ইণ্টাৰনেটৰ হাতপুথি। কোনো ৱেবচাইটৰ বিষয়ে লিখা প্ৰবন্ধত ৱেবচাইটটোৰ প্ৰকৃতি, দেখিবলৈ কেনে, কেনে ধৰণৰ সেৱা প্ৰদান কৰে তাৰ বৰ্ণনা দিয়াটো উচিত নহয়। বিশ্বকোষৰ বৰ্ণনা বিশ্বকোষৰ নীতি মতেই দিব লাগিব। ইয়াত মাথোঁ ৱেবচাইটটোৰ ইতিহাস, নিৰ্মাণৰ আঁৰৰ কথা, আদি উল্লেখ কৰা উচিত। উদাহৰণৰ কাৰণে শেহতীয়া ইভেণ্ট প্ৰ'ট'ল চাওক।
- প্ৰশ্নোত্তৰ। ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ সঘনাই উঠা প্ৰশ্ন (FAQs)-ৰ ভিতৰত সূচীভুক্ত কৰিব নোৱাৰি। ইয়াক সঠিক সজ্জাত তথ্যসমৃদ্ধভাৱেহে লিখা হয়।
- পাঠ্যপুথি বা টীকাযুক্ত পাঠ। ৱিকিপিডিয়া এক বিশ্বকোষীয় প্ৰসংগ কৰ্ম, পাঠ্যপুথি নহয়। ৱিকিপিডিয়াৰ উদ্দেশ্য হৈছে তথ্যৰ উপস্থাপন কৰা, বিষয়বস্তুৰ শিক্ষা নহয়। প্ৰশ্নোত্তৰ আৰু সমস্যা সমাধানৰ উদাহৰণ থকা পাঠ্যপুথিৰ নিচিনা প্ৰবন্ধ সৃষ্টি কৰা উচিত নহয়। সেয়া আমাৰ ভগ্নী প্ৰকল্প ৱিকিগ্ৰন্থ, ৱিকিউৎস বা ৱিকিভাৰ্চিটিতহে থাকিব লাগে।
- বৈজ্ঞানিক আলোচনী বা গৱেষণা পত্ৰ। পঢ়ুৱৈজন বিষয়বস্তু সম্পৰ্কে ভালদৰে জ্ঞাত বুলি ভাবি প্ৰবন্ধ প্ৰস্তুত কৰা উচিত নহয়। প্ৰবন্ধৰ আৰম্ভণিৰ ভাষা সাধাৰণ পঢ়ুৱৈয়ে বুজি পোৱাকৈ সহজ-সৰল ভাষাত লিখা উচিত আৰু তাৰ পিছত বিতং বিৱৰণৰ ফালে অগ্ৰসৰ হোৱা উচিত। উচ্চস্তৰৰ পৰিভাষা আৰু তথ্য ৱিকিসংযোগ হিছপে দিব লাগে।
- বিদ্যায়তনিক ভাষা। পাঠসমূহ সাধাৰণ পঢ়ুৱৈৰ বাবে লিখা উচিত, উচ্চ শিক্ষিতৰ বাবে নহয়। প্ৰবন্ধৰ শিৰোনাম যিমান পাৰি বিদ্যায়তনিক পৰিভাষা পৰিহাৰ কৰি সাধাৰণ ব্যৱহাৰ অনুসৰি হোৱা উচিত।
- পৰিঘটনা/বিষয় অধ্যয়ন (case study)। অনেক ক্ষেত্ৰত বিভিন্ন কাৰক বা অন্য বিষয়ৰ লগত বিষয়বস্তুৰ সম্পৰ্ক দৰ্শাই প্ৰবন্ধ লিখা দেখা যায়। প্ৰসংগ অনুসৰি অনেক ক্ষেত্ৰত ই উপযোগী হ'ব পাৰে, যেনে "en:Slate industry in Wales" আৰু "en:Island Fox", কিন্তু "অসমৰ ৰয়েল বেংগল টাইগাৰ" বা "যোৰহাটৰ বিহু" -ৰ বিষয়ে প্ৰবন্ধ প্ৰাসংগিক নহবও পাৰে। তদুপৰি এনে প্ৰবন্ধ POV fork বা মৌলিক গৱেষণা হোৱাৰহে সম্ভাবনা অধিক আৰু ৱিকিপিডিয়াৰ উপযুক্ত হ'ব নোৱাৰে।
ৱিকিপিডিয়া ভৱিষ্যতবাণী কৰা যাদুৰ গোলক নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া অপ্ৰমাণিত তথ্য বা ভৱিষ্যতবাণীৰ সংকলন নহয়। ভৱিষ্যতে ঘটিব বুলি ভবা সকলো ঘটনা সম্বলিত প্ৰবন্ধবোৰৰ তথ্যসমূহ পৰীক্ষাযোগ্য হ'ব লাগিব। বিষয়টোও বৃহৎসংখ্যক পাঠকৰ বাবে আকৰ্ষণীয় হ'ব লাগিব। ই এনে হোৱা উচিৎ যাতে ভৱিষ্যতবাণী কৰা ঘটনাটো/বিলাক ঘটিলে ই প্ৰাসংগিক হয়। কোনো প্ৰস্তাব, আঁচনী আদি ভৱিষ্যতে সফল বা অসফল হ'লে কি হ'ব সেই সম্পৰ্কীয় আলোচনাৰ উল্লেখ উপযোগী হ'ব পাৰে যদিহে এনে আলোচনা প্ৰকৃত তথ্যৰ ওপৰত আধাৰিত হয়। সংকলকে নিজা মতামত আৰু বিশ্লেষণ প্ৰদান কৰাৰ পৰা বিৰত থাকিব লাগে। ভৱিষ্যৎবাণী, পূৰ্বানুমান বা ধাৰণা (theory) উপযুক্ত মান্য উৎসৰ পৰা দিব পৰা যায়, কিন্তু সংকলকে কোনো বিশেষ দৃষ্টিভংগীৰ প্ৰতি পাঠকৰ মনত অনুচিত পূৰ্বধাৰণা (bias) যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ভৱিষ্য-প্ৰসংগ সম্পৰ্কীয় প্ৰবন্ধসমূহ(forward looking articles) যেনে অ-উন্মোচিত পণ্য যেনে চিনেমা বা ক্ৰীড়ানুষ্ঠান আদিৰ ক্ষেত্ৰত স্পাম বা ব্যৱসায়িক প্ৰচাৰ বা অপ্ৰামাণিক দাবী (চিনেমাৰ ক্ষেত্ৰত ৱিকিপিডিয়া:NFF চাওক) এৰাই চলা উচিত। বিশেষকৈ:
- ব্যক্তিগত ভৱিষ্যতে হ'বলগীয়া অনুষ্ঠানবোৰ উল্লেখনীয় আৰু প্ৰায় থিৰাং হ'লেহে সংকলিত কৰা উচিত। সংশ্লিষ্ট তাৰিখবিলাক অনুষ্ঠানটো প্ৰকৃততে সংঘটন নোহোৱালৈকে অনিশ্চিত। এনেধৰণৰ ঘটনাৰ পূৰ্বানুমান আদি দিলেও উপযুক্ত প্ৰসংগ সূত্ৰ আদি উল্লেখ কৰা বাঞ্ছনীয়। এনে প্ৰবন্ধৰ উদাহৰণ হিচাবে 2012 U.S. presidential election, 2020 Summer Olympics আদি লক্ষণীয়। ইয়াৰ বিপৰীতে 2020 U.S. presidential election, 2036 Summer Olympics আদি তেনে প্ৰবন্ধ নহবও পাৰে যদিহে ইয়াত উল্লিখিত ঘটনাসমূহৰ বিষয়ে থিৰাংকৈ ক'ব পৰা নাযায়।
- Individual items from a predetermined list or a systematic pattern of names, pre-assigned to future events or discoveries, are not suitable article topics, if only generic information is known about the item. Lists of tropical cyclone names is encyclopedic; "Tropical Storm Alberto (2012)" is not, even though it is virtually certain that a storm of that name will occur in the North Atlantic and will turn counterclockwise. Similarly, articles about words formed on a predictable numeric system (such as "septenquinquagintillion") are not encyclopedic unless they are defined on good authority, or genuinely in use. Certain scientific extrapolations are considered to be encyclopedic, such as chemical elements documented by IUPAC before isolation in the laboratory.
- Articles that present original research in the form of extrapolation, speculation, and "future history" are inappropriate. While scientific and cultural norms continually evolve, we must wait for this evolution to happen, rather than try to predict it. Of course, we do and should have articles about notable artistic works, essays, or credible research that embody predictions. An article on Weapons of Star Trek is appropriate; an article on "Weapons to be used in World War III" is not.
- While currently accepted scientific paradigms may later be rejected, and hypotheses previously held to be controversial or incorrect sometimes become accepted by the scientific community, it is not the place of Wikipedia to venture such projections.
- Wikipedia is not a collection of product announcements and rumors. While Wikipedia includes up-to-date knowledge about newly revealed products, short articles that consist only of product announcement information are not appropriate. Until such time that more encyclopedic knowledge about the product can be verified, product announcements should be merged to a larger topic (such as an article about the creator(s), a series of products, or a previous product) if applicable. Speculation and rumor, even from reliable sources, are not appropriate encyclopedic content.
ৱিকিপিডিয়া কোনো বাতৰিকাকত নহয়
[সম্পাদনা কৰক]সকলো পৰীক্ষাযোগ্য পৰিঘটনা ৱিকিপিডিয়াত অন্তৰ্ভুক্ত কৰাৰ বাবে উপযোগী নহয়। নিশ্চিত কৰক যে ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ নহয়:
- সাংবাদিকতা ৱিকিপিডিয়াই ব্ৰেকিং ষ্ট’ৰী সম্পৰ্কে প্ৰত্যক্ষ বাতৰিৰ প্ৰতিবেদন দিব নালাগে। ৱিকিপিডিয়া কোনো প্ৰাথমিক উৎস নহয়। কিন্তু আমাৰ ভগ্নী প্ৰকল্প ৱিকিউৎস আৰু ৱিকিনিউজে ঠিক তেনেকুৱাই কৰে, আৰু ইয়াক প্ৰাথমিক উৎস হিচাপে লোৱাৰ উদ্দেশ্যেৰে কৰা হৈছে। ৱিকিপিডিয়াত ঐতিহাসিক তাৎপৰ্য্যপূৰ্ণ বিষয়ৰ বহুতো বিশ্বকোষ প্ৰবন্ধ আছে যিবোৰ বৰ্তমান বাতৰিৰ শিৰোনামত আছে, আৰু শেহতীয়াকৈ পৰীক্ষা কৰা তথ্যৰে আপডেট কৰিব পাৰি।
- বাতৰিৰ খবৰ ৱিকিপিডিয়াই ব্যক্তি আৰু পৰিঘটনাৰ চিৰস্থায়ী ক্ষতিতা বুলি বিবেচনা কৰে। বাতৰিৰ কভাৰেজ বিশ্বকোষীয় বিষয়ৰ বাবে উপযোগী উৎস সামগ্ৰী হ’ব পাৰে যদিও বেছিভাগ বাতৰিৰ যোগ্য অনুষ্ঠানেই অন্তৰ্ভুক্তিৰ বাবে যোগ্যতা অৰ্জন নকৰে। উদাহৰণস্বৰূপে, ঘোষণা, ক্ৰীড়া বা চেলিব্ৰিটিৰ দৰে কথাৰ ওপৰত নিয়মিত বাতৰি প্ৰকাশ কৰাটো বিশ্বকোষত অন্তৰ্ভুক্ত কৰাৰ বাবে পৰ্যাপ্ত ভিত্তি নহয়। শেহতীয়া পৰিঘটনাৰ তথ্য অন্তৰ্ভুক্ত কৰাটো কেতিয়াবা উপযুক্ত হ’লেও ব্ৰেকিং নিউজৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয় বা অন্য তথ্যৰ পৰা বেলেগ ধৰণে ব্যৱহাৰ কৰা উচিত নহয়। ৱিকিপিডিয়াৰ বাবে উপযোগী নহোৱা সময়োপযোগী বাতৰি বিষয়সমূহ আমাৰ ভগ্নী প্ৰকল্প ৱিকিনিউজৰ বাবে উপযোগী হ'ব পাৰে। ইয়াৰ উপৰিও চাওক: ৱিক্ষিতা:উদ্দীপক (উপযোগীতা)
- কোন কিয় বিখ্যাত আনকি যেতিয়া কোনো এটা পৰিঘটনা উল্লেখযোগ্য হয়, তেতিয়াও ইয়াৰ লগত জড়িত ব্যক্তিসকলে নহ’বও পাৰে। কোনো ব্যক্তিৰ বাতৰিৰ কভাৰেজ যদিহে কোনো এটা অনুষ্ঠানৰ প্ৰসংগৰ বাহিৰলৈ নাযায়, তেন্তে সেই ব্যক্তিজনৰ বিষয়ে আমাৰ কভাৰেজ সেই পৰিঘটনাৰ বিষয়ে লিখা লেখাটোত সীমাবদ্ধ থাকিব লাগে, সামগ্ৰিক বিষয়টোৰ প্ৰতি তেওঁলোকৰ গুৰুত্বৰ অনুপাতে। (অধিক বিৱৰণৰ বাবে ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী চাওক।)
ৱিকিপিডিয়া কোনো বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ নহয়
[সম্পাদনা কৰক]নীতিৰ আৰম্ভণিতে কোৱাৰ দৰে সঁচা বা বিশ্বাসযোগ্য হোৱা মানেই কোৱা বিষয় ৱিকিপিডিয়াত অন্তৰ্ভুক্ত হোৱাৰ বাবে উপযুক্ত নহ'বও পাৰে। ৱিকিপিডিয়াৰ প্ৰবন্ধ এনেকুৱা হ'ব নালাগে:
- সাৰাংশ-কেৱল কামৰ বিৱৰণ। কাল্পনিক বিষয়কো ৱিকিপিডিয়াত গ্ৰহণযোগ্যতা, উল্লেখযোগ্যতা আদি তথ্যসহিতে বিশ্বকোষীয় শৈলীৰে লিখা হয়। তেনেদৰে তথ্যচিত্ৰকে ধৰি অলৌকিক কৰ্ম, গৱেষণা পত্ৰ আৰু পুথি, ধাৰ্মিক পুথিৰ আদিত বিষয়ে প্ৰবন্ধত কেৱল সাৰাংশ থকা উচিত নহয়।
- গীতৰ কথাৰ ভঁৰাল। কপিৰাইট থকা গীতৰ কথাৰ ব্যৱহাৰ ন্যূনতম হ'ব লাগে (ঊৰ্ধকমাৰ ব্যৱহাৰ আদৰণীয়) আৰু প্ৰবন্ধৰ বিষয়ৰ লগত ইয়াৰ প্ৰত্যক্ষ সামঞ্জস্য থাকিব লাগে। প্ৰবন্ধ এটা কেৱল ৰাজহুৱা ড'মেইনত থকা গীতৰ কথাৰেই সৃষ্ট হ'ব নালাগে (তাৰ বাবে ৱিকিউৎস আছেই), কিন্তু লগতে গীতিকাৰৰ তথ্য, মুক্তিৰ তাৰিখ, সামাজিক প্ৰভাৱ আদি কথা থাকিব লাগে। কপিৰাইটবিহীন গীতৰ উক্তিও প্ৰবন্ধটোৰ প্ৰয়োজনতকৈ দীঘল হ'ব নালাগে। ইয়াক আলোচনা বা শৈলীৰ বৰ্ণনাৰ বাবেহে ব্যৱহাৰ কৰা উচিত। সম্পূৰ্ণ গীতৰ কথা ৱিকিউৎসত অন্তৰ্ভুক্ত কৰি প্ৰবন্ধটোৰ পৰা সংযোগ দিয়া উচিত। বিতৰণ কৰিবলৈ কোনো ৱেবছাইটৰ অধিকাৰ নাথাকিলে কপিৰাইট থকা গীতৰ কথাৰ বাবে সেই ৱেবছাইটলৈ লিংক নিদিব।
- পৰিসংখ্যাৰ অত্যধিক তালিকা। দীঘল আৰু প্ৰয়োজনকৈ বেছি পৰিসংখ্যাৰ তালিকাই পঢ়ুৱৈক বিবুধিত পেলাব পাৰে আৰু প্ৰবন্ধৰ পঠনযোগ্যতা হ্ৰাস কৰে। তাৰ উপৰি প্ৰবন্ধত সাধাৰণ পঢ়ুৱৈৰ বাবে পৰিসংখ্যাৰ লগত বৰ্ণনামূলক পাঠ্যও থাকিব লাগে। পৰিসংখ্যা এৰাব নোৱৰা হ'লে তথ্যৰ দীঘল তালিকাৰ পঠনযোগ্যতা বৃদ্ধিৰ বাবে টেবল্ ব্যৱহাৰ কৰা উচিত।
ৱিকিপিডিয়া চেন্সৰকৃত নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়াত থকা কিছুমান সমল কিছুসংখ্যক পঢ়ুৱৈৰ বাবে আপত্তিজনক হ'ব পাৰে (ৱিকিপিডিয়া:Content disclaimer চাওক)। আটাইবোৰ প্ৰবন্ধ আৰু ছবি সকলো পঢ়ুৱৈৰ বাবে গ্ৰহণযোগ্য হ'ব বুলি ৱিকিপিডিয়াই নিশ্চয়তা দিব নোৱাৰে।
যিকোনো লোকেই সম্পাদনা কৰিব পাৰে বাবে আৰু সালসলনিবোৰ লগে লগেই মুকলি হোৱা বাবে কিছুমান আপত্তিজনক কথা আঁতৰোৱাৰ আগতেই দৃশ্যমান হ'ব পাৰে।
দেখদেখকৈ অগ্ৰহণযোগ্য সমল (যেনে- ভুৱা ৱেবছাইটলৈ লিংক, বা ধ্বংসপ্ৰৱণতা) সাধাৰণতে লগে লগে আঁতৰ কৰা হয়। ৱিকিপিডিয়াৰ জীৱিত ব্যক্তিৰ জীৱনী নীতি, বা আন ৱিকিপিডিয়া নীতিসমূহ ভংগ কৰা সমল (বিশেষকৈ নিৰপেক্ষ দৃষ্টিভংগী) বা ৱিকিপিডিয়াৰ চাৰ্ভাৰ অৱস্থিত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডা ৰাজ্যৰ আইন ভংগ কৰা সমলো আঁতৰ কৰা হয়।
আনহাতে কিছুমান প্ৰবন্ধত থকা পাঠ্য, ছবি বা লিংক কোনো লোকৰ বাবে আপত্তিজনক হ'লেও সেইবোৰ প্ৰবন্ধটোৰ বিষয়বস্তুৰ বাবে প্ৰাসংগিক হ'ব পাৰে। সম্ভাব্য আপত্তিজনক সমলৰ আলোচনাত এই প্ৰাসংগিকতাই স্থান পাব লাগে। কেৱল "আপত্তিজনক" হোৱাটোৱেই সমল আঁতৰ কৰা বাবে উপযুক্ত যুক্তি নহয়।
কোনো সংগঠনৰ অভ্যন্তৰীণ নিয়মাৱলীয়ে কোনো তথ্য মুকলি কৰাত বাধা দিলেও ৱিকিপিডিয়াই তেনে নকৰে। কোনো সংস্থা, গোট বা ধৰ্মৰ সদস্যৰ বাবে কোনো নাম বা ছবি দেখুওৱাত মানা থাকিলেও সেই নিয়ম ৱিকিপিডিয়াত নাখাটে কাৰণ ৱিকিপিডিয়া সেই সংস্থাৰ সদস্য নহয়।
ৱিকিপিডিয়া সম্প্ৰদায়
[সম্পাদনা কৰক]ওপৰৰ নীতিসমূহ ৱিকিপিডিয়াৰ বিষয়বস্তুৰ বিষয়ে। ৱিকিপিডিয়াৰ শাসন আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তলত দিয়া নীতিসমূহ প্ৰযোজ্য
ৱিকিপিডিয়া কোনো নৈৰাজ্য নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া মুক্ত আৰু মুকলি, কিন্তু স্বাধীনতা আৰু মুকলিতা দুয়োটাকে বাধা দিয়ে য'ত ই বিশ্বকোষ সৃষ্টিত বাধা দিয়ে। সেই অনুসৰি ৱিকিপিডিয়া অনিয়ন্ত্ৰিত মুক্ত বাক্যৰ মঞ্চ নহয়। ৱিকিপিডিয়া যে এটা মুকলি, স্ব-শাসিত প্ৰকল্প, তাৰ অৰ্থ এইটো নহয় যে ইয়াৰ উদ্দেশ্যৰ কোনো অংশই হৈছে নৈৰাজ্যবাদী সম্প্ৰদায়ৰ জীৱনমুখীতাক অন্বেষণ কৰা। আমাৰ উদ্দেশ্য হৈছে বিশ্বকোষ গঢ়ি তোলা, নৈৰাজ্যবাদৰ সীমা পৰীক্ষা কৰা নহয়৷
ৱিকিপিডিয়া কোনো গণতন্ত্ৰ নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া গণতন্ত্ৰ বা আন কোনো ৰাজনৈতিক ব্যৱস্থাৰ পৰীক্ষা নহয়। ইয়াৰ প্ৰাথমিক কিন্তু একচেটিয়া নিৰ্ধাৰণৰ একচেটিয়া পদ্ধতি নহয় সম্পাদনা আৰু আলোচনাৰ জৰিয়তে, ভোটদানৰ জৰিয়তে নহয়। যদিও সম্পাদকসকলে মাজে মাজে ষ্ট্ৰ’ প’ল ব্যৱহাৰ কৰি সহমত পৰীক্ষা কৰাৰ প্ৰয়াস কৰে, প’ল বা জৰীপে কেতিয়াবা আলোচনাত সহায় কৰাৰ পৰিৱৰ্তে বাধাৰ সৃষ্টি কৰে।
ষ্ট্ৰ’ ভোট সাৱধানেৰে ব্যৱহাৰ কৰা উচিত, আৰু ই আন কোনো সহমতৰ সিদ্ধান্ততকৈ বেছি বাধ্যতামূলক নহয়। নিৰ্বাচন আৰু ভোট কেৱল ৱিকিপিডিয়াৰ সঠিক বাহিৰত হোৱা কামৰ বাবেহে সমৰ্থন কৰা হয়, যেনে সালিসী সমিতি নিৰ্বাচন কৰাৰ সময়ত।
ৱিকিপিডিয়া কোনো আমোলাতন্ত্ৰ নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়াত আমোলাতন্ত্ৰৰ বহুতো উপাদান আছে যদিও[5] ই বিধি-বিধিৰ দ্বাৰা পৰিচালিত নহয়: ই কোনো বিতৰ্কিত আদালত নহয়, আৰু নিয়মসমূহ সম্প্ৰদায়ৰ উদ্দেশ্য নহয়। লিখিত নিয়মে নিজেই গ্ৰহণযোগ্য অভ্যাস নিৰ্ধাৰণ নকৰে। বৰঞ্চ, কি গ্ৰহণ কৰিব লাগে আৰু কি নাকচ কৰিব লাগে সেই সম্পৰ্কে ইতিমধ্যে বিদ্যমান সম্প্ৰদায়ৰ সহমতৰ নথিভুক্ত কৰে। যেতিয়া নিৰ্দেশনা ক্ৰিপ হোৱা দেখা যায়, তেতিয়া ইয়াক আঁতৰাই পেলাব লাগে।
য'ত ৱিকিপিডিয়াৰ লিখিত লেখা মেলি নিবেদনকাৰীক গুৰুত্বসহকাৰে ল'ব লাগে, কিন্তু ইয়াৰ অপব্যৱহাৰ হ'ব পাৰে। নীতিৰ নীতি বিবেচনা নকৰাকৈ নীতিৰ আখৰৰ অত্যধিক কঠোৰ ব্যাখ্যা অনুসৰণ নকৰিব। যদি নিয়মসমূহে আপোনাক সঁচাকৈয়ে এনচাইক্লোপিডিয়াক উন্নত কৰাত বাধা দিয়ে, তেন্তে সাধনা কৰা। নিয়ম আৰু পদ্ধতিত কঠোৰভাৱে আঁঠু লৈ মতানৈক্যৰ সমাধান কৰা হয়। তদুপৰি, নীতি আৰু নিৰ্দেশনাসমূহ নিজেই সলনি কৰি বিকশিত ঐকমত্যক প্ৰতিফলিত কৰিব পাৰি।
কোনো প্ৰস্তাৱ বা অনুৰোধত কৰা পদ্ধতিগত ভুল সেই প্ৰস্তাৱ বা অনুৰোধ নাকচ কৰাৰ ভিত্তি নহয়।
ৱিকিপিডিয়া কোনো ৰণভূমি নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া ভয়, ঘৃণা, ব্যক্তিগত ওখনা-ওখনি বা ৰণৰ থলী নহয়। আলোচনা পৃষ্ঠাত ৰণৰ শিঙা বজোৱাটো ৱিকিপিডিয়াৰ নীতিৰ পৰিপন্থী। ইয়াৰ লগতে নিজৰ যুক্তি সাব্যস্ত কৰিবলৈ ৱিকিপিডিয়াৰ নীতি বা আন পৃষ্ঠাৰ সালসলনি নকৰিব।
প্ৰতিজন ব্যৱহাৰকাৰীয়ে আনৰ সৈতে আগুৱাই, শান্তভাৱে, আৰু সহযোগিতাৰ মনোভাৱেৰে মত বিনিময় কৰাটো আশা কৰা হয়। যিসকলৰ লগত আপোনাৰ মতানৈক্য আছে তেওঁলোকক অপমান, হাৰাশাস্তি বা ভয় খুৱাব নালাগে। বৰঞ্চ বিষয়টোৰ প্ৰতি বুদ্ধিমানৰূপে দৃষ্টি নিক্ষেপ কৰক আৰু ভদ্ৰ আলোচনাত লিপ্ত হওক। যদি আন এজন ব্যৱহাৰকাৰীয়ে অচিভিল, অসহযোগী বা অপমানজনক আচৰণ কৰে, বা আনকি আপোনাক হাৰাশাস্তি বা ভয় খুৱাবলৈ চেষ্টা কৰে, তেন্তে ই আপোনাক কোনো ধৰণৰ সঁহাৰি জনোৱাৰ অজুহাত নিদিয়ে। অনুপযুক্ত মন্তব্যক আওকাণ কৰি, বা সেই ব্যৱহাৰকাৰীক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি কেৱল আগবঢ়াই অনা বাস্তৱিক কথাবোৰহে সম্বোধন কৰক। প্ৰয়োজন হ'লে লাহে লাহে আঙুলিয়াই দিয়ক যে আপুনি ভাবিছে যে মন্তব্যসমূহক অচিভিল বুলি গণ্য কৰা হ'ব পাৰে, আৰু স্পষ্ট কৰক যে আপুনি আগবাঢ়ি যাব বিচাৰে আৰু বিষয়বস্তুৰ বিষয়টোৰ ওপৰত গুৰুত্ব দিব বিচাৰে। যদি কোনো সংঘাতই আপোনাক আমনি কৰি থাকে, তেন্তে ৱিকিপিডিয়াৰ মাল-বিভাং প্ৰক্ৰিয়াৰ সুবিধা লওক। আনৰ মাজত হোৱা বিবাদৰ মধ্যস্থতা আৰু মধ্যস্থতা কৰিবলৈ সদায় ইচ্ছুক ব্যৱহাৰকাৰী থাকে।
বৃহৎ বিবাদত ৱিকিপিডিয়াক ফৈদৰ মাজত যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ হেঁপাহক প্ৰতিহত কৰক। ভাল ভাল পাকক যে প্ৰতিজন সম্পাদক আৰু গোটে ইয়াত ৱিকিপিডিয়াৰ উন্নতি সাধন কৰিবলৈ আহিছে—বিশেষকৈ যদি তেওঁলোকে এনে এটা দৃষ্টিভংগী ৰাখে যাৰ সৈতে আপুনি একমত নহয়। যাৰ লগত কাম কৰক, কিন্তু ৱিকিপিডিয়াৰ মৌলিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ মূল লক্ষ্যৰে এটা দল সংগঠিত নকৰিব, যিটো এটা আইকমিয়াছ গঢ়ি তোলাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। বৃহৎ বিবাদৰ সম্পাদকসকলে বিভিন্ন দৃষ্টিভংগীৰ মাজত সহমতৰ বহল নীতি বিচাৰি উলিয়াবলৈ সদিচ্ছাৰে কাম কৰা উচিত।
ৱিকিপিডিয়া, ৱিকিপিডিয়ান বা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বিৰুদ্ধে কন্যা বা অন্যান্য ভাবুকি দিবলৈ ৱিকিপিডিয়া ব্যৱহাৰ নকৰিব—আইনী সমস্যাৰ যোগাযোগৰ বাবে অন্যান্য উপায় ইতিমধ্যে আছে।[5] ভাবুকি সহ্য কৰা নহয় আৰু ইয়াৰ ফলত নিষেধাজ্ঞাৰ সৃষ্টি হ’ব পাৰে।
ৱিকিপিডিয়া বাধ্যতামূলক নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়া এখন স্বেচ্ছাসেৱকৰ সমাজ | ইয়াত ৱিকিপিডিয়ানে ইচ্ছা কৰাতকৈ অধিক সময় আৰু প্ৰচেষ্টা খৰচ কৰাৰ প্ৰয়োজন নাই | আন ৱিকিপিডিয়ানৰ পৰা অধিক দাবী কৰাতকৈ ৱিকিপিডিয়াৰ উন্নিতকৰণতহে গুৰুত্ব দিয়া উচিত | বিশেষকৈ ব্যৱহাৰ বা আচৰণৰ ক্ষেত্ৰত সম্পাদকসকলে ৱিকিপিডিয়াৰ নীতিসমূহ মানি চলা উচিত | কিন্তু যিকোনো সময়ত সম্পাদকে বিৰতি ল’ব পাৰে বা ৱিকিপিডিয়া এৰি যাব পাৰে |
আৰু শেষত...
[সম্পাদনা কৰক]ৱিকিপিডিয়া কিছুমান ভয়ানক চিন্তাৰ তালিকা নহয়। আমাৰ কাৰোবাৰ বেয়া চিন্তা আমি পূৰ্বানুমান কৰিব নোৱাৰোঁ! এই পৃষ্ঠাৰ প্ৰায় সকলোবোৰ কথা থকাৰ কাৰণ হ'ল কোনোবাই আগতে পূৰ্বানুমান নকৰা কিছু নতুন চিন্তা কৰিছে! সাধাৰণভাৱে ক'বলৈ গ'লে "সেইটো বেয়া চিন্তা" বুলি ভাবিলে তেনে কাম নকৰাই শ্ৰেয় যদিহে চিন্তাটো বেয়া বুলি সবল যুক্তি থাকে।
আপুনি যদি বিবুধিত পৰিছে
[সম্পাদনা কৰক]এটা প্ৰবন্ধত কি থাকিব বা নাথাকিব লাগে তাক লৈ যদি চিন্তাত পৰিছে, তেন্তে নিজকে প্ৰশ্ন কৰক যে এজন সাধাৰণ পঢ়ুৱৈয়ে এখন বিশ্বকোষত সেই শিৰোনামৰে কি বিচাৰিব। ৱিকিপিডিয়া:বিলোপনযোগী প্ৰবন্ধ/সাধাৰণ ফলাফল আনুষ্ঠানিক নীতি নহয়, কিন্তু অতীতত কি ধৰণৰ প্ৰবন্ধ বিশ্বকোষৰ উপযোগী বুলি বিবেচিত হৈছে বা নাইহোৱা সেইটো থিৰাং কৰাত সহায় কৰিব।
আপুনি যদি ওপৰত দিয়া কোনো নিয়ম উলঙ্ঘা কৰা হৈছে বুলি ভাবিছে, তেন্তে:
- প্ৰবন্ধটোৰ বিষয়বস্তু সলনি কৰক (সাধাৰণ সম্পাদনা)।
- ইতিহাস সংৰক্ষণ কৰি পৃষ্ঠাখন পুনৰ্নিৰ্দেশ হিছাপে ৰাখক।
- যদি পৃষ্ঠাখনে বিলোপন নীতিৰ চৰ্তসমূহ পূৰণ কৰিছে, সেইখনক বিলোপনৰ বাবে প্ৰস্তাৱ কৰক। কি ধৰণৰ অৱদান বিলোপ কৰা হ’ব পাৰে সেয়া জানিবলৈ আপুনি তাৰ আলোচনাত নিয়মীয়াকৈ ভাগ ল’ব লাগিব।
- আন আন ৱিকিপিডিয়ানৰ সৈতে কথা-বতৰা পৃষ্ঠাৰ জৰিয়তে আলোচনা কৰি ঐকমত্যত উপনীত হ’লে এই পৃষ্ঠাখনৰ নিয়মাৱলী সলনি কৰক। নতুন বিকল্প যোগ দিওঁতে অনুগ্ৰহ কৰি যিমান পাৰি খোলোচা হওক আৰু একেধৰণৰ, অনুমোদিত বিষয়ৰ প্ৰতি-উদাহৰণ দিয়ক।
অতিৰিক্ত তথ্য
[সম্পাদনা কৰক]- ৱিকিপিডিয়া কি নহয় তাৰ বিষয়ে অন্যান্য পাঠ
- বিকল্প দ্বাৰ
- সাধাৰণ ফলাফলসমূহ
- সাধাৰণ ত্ৰুটি এৰাই চলা
- এখন বিশ্বকোষ কিদৰে গঢ়িব পাৰি
- সংশোধন#লিখনশৈলী – অনুপযুক্ত পাঠ চিহ্নিত কৰিবৰ বাবে সাঁচৰ তালিকা
- জি.এফ.ডি.এল. কি নহয়
- ৱিকিপিডিয়া কি নহয়/আন চিন্তা
- মোৰ পৃষ্ঠাখন কিয় বিলোপ কৰা হ'ল?
- ৱিকিপিডিয়া এখন বিশ্বকোষ
- ৱিকিপিডিয়া কোনো বাতৰি কাকত নহয়
টোকা
[সম্পাদনা কৰক]- ↑ ৱিকিপিডিয়াৰ পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ লগত সম্পৰ্ক নথকা বিষয়ৰ ওকালতিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। কিন্তু ৱিকিপিডিয়া নামস্থানত থকা পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ উন্নতিসাধনৰ বিচৰা নিৰ্দিষ্ট দৃষ্টিকোণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। সেইবাবে ৱিকিপিডিয়া সম্পৰ্কীয় লিখনী, প্ৰকল্প পৃষ্ঠা, প’ৰ্টেল আদি ৱিকিপিডিয়াৰ অংশ বুলি গণ্য কৰা হ’ব।
- ↑ এই বিধি আভ্যন্তৰীন সংগঠনৰ কামত ব্যৱহাৰ হোৱা বা উল্লেখযোগ্য বিষয় বৰ্ণনা কৰা ৱিকিপিডিয়াৰ প্ৰবন্ধত থকা সংযোগৰ তালিকাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়
- ↑ ৱিকিপিডিয়া:Requests for arbitration/Rex071404 চাওক
- ↑ The how-to restriction does not apply to the project namespace, where "how-to"s relevant to editing Wikipedia itself are appropriate, such as ৱিকিপিডিয়া:How to draw a diagram with Dia. Also, in the মূল নামস্থান, describing to the reader how other people or things use something is encyclopedic; instructing the reader in the imperative mood about how to use something is not.
বাহ্যিকসংযোগ
[সম্পাদনা কৰক]- ভগ্নী প্ৰকল্পসমূহৰ একেধৰণৰ আনুষ্ঠানিক নীতি
সহায়ক তথ্য
[সম্পাদনা কৰক]
| |||||||||||
| |||||||||||||||||||||||||||||||||||