ৱিকিপিডিয়া বাৰ্তা:বিশেষ লিপ্যন্তৰ নীতি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ বাবে বিশেষ লিপ্যন্তৰ নীতি সম্পৰ্কে আলোচনা।

শব্দৰ লিপ্যন্তৰ[সম্পাদনা কৰক]

১) বাংলা উইকিপিডিয়া বা বাংলা ভাষাৰ নামবাচক শব্দবোৰ অসমীয়ালৈ লিপ্যন্তৰ কৰাৰ ক্ষেত্ৰত সেই শব্দটো বাংলা ভাষাত যি কেইটা আখৰেৰে লিখিছে অসমীয়াতো সেই কেইটা আখৰেই লোৱা ভাল কেৱল 'র'টো 'ৰ', 'উই'ৰ সলনি 'ৱি', 'ইয়'ৰ সলনি 'য়' কৰা উচিত। এই ক্ষেত্ৰত 'ধ্বনি তত্ব'ক গুৰুত্ব দিলে খেলিমেলি হ'ব যেন লাগে। যেনে,

  • আইয়ুব ⇨ আয়ুব
  • তারাশঙ্কর বন্দ্যোপাধ্যায় ⇨ তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়


২) যি ভাষৰেই শব্দ নহওক যদি অসমীয়া শব্দ আছে তেতিয়া সেইটোৱেই ব্যৱহাৰ কৰিব লাগে। যেনে,

  • সয়ীদ ⇨ ছৈয়দ
  • China ⇨ চীন
  • দাশ ⇨ দাস

দিব্য দত্ত (বাৰ্তা) 11:27, 3 March 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

--মই একমত।

আন আন ভাৰতীয় আৰ্য ভাষাৰ ক্ষেত্ৰতো তেনে কৰিলে কেনে হয়?

পিচে, স্পষ্টীকৰণৰ বাবে কোনো টেগ থাকিলে কেনে হয়? যেনে, 'এই প্ৰবন্ধত ৱিকিপিডিয়া ভাৰতীয় আৰ্য ভাষাৰ লিপ্যন্তৰ নীতি ব্যৱহাৰ কৰা হৈছে'। লগতে কেনে উচ্চাৰণ হ'ব তাৰ তালিকাৰ বাবে এক লিংক প্ৰদান কৰিব পাৰি।

অন্যথা তেনে নকৰি ব্ৰেকেটত আইপিএ'ত লিখি দিবও পাৰি। পিচে তেনে কৰিলে সাধাৰণ পাঠকৰ আইপিএ' লিপি জনা প্ৰয়োজন। :)

IKHazarika (talk) 06:04, 4 March 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নিশ্চয় পাৰি। তুমি আৰ্হি (মডেল) এটা তৈয়াৰ কৰা চোন! - দিব্য দত্ত (বাৰ্তা) 07:24, 4 March 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মাহটোৰ শেষলৈকে তৈয়াৰ কৰাৰ চেষ্টা কৰিম। বৰ্তমানে পৰীক্ষা চলি আছে, শেষ হোৱাৰ পাছত মাহটোৰ শেষলৈ টেগ আদি তৈয়াৰ কৰি লওম।

IKHazarika (talk) 08:04, 8 March 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]