সমললৈ যাওক

চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Charles Alexander Bruceৰ পৰা পুনঃনিৰ্দেশিত)

চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ (ইংৰাজী: Charles Alexander Bruce; ১১ জানুৱাৰী ১৭৯৩ – ২৩ এপ্ৰিল ১৮৭১)[1][2] এগৰাকী ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়।[3][4] তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল। তেওঁ মৃত্যুৰ আগে আগে ভাতৃ চাৰ্লছক এই বিষয়ে অৱগত কৰিছিল।[5] ১৮২৪ চনৰ প্ৰথম ইংগ-বৰ্মী যুদ্ধত তেওঁ শদিয়াত আছিল। এই যুদ্ধত তেওঁক ব্ৰিটিছ সন্যৰ এটা বৰটোপ সম্বলিত জাহাজৰ গোটৰ সেনাধ্যক্ষ বনোৱা হৈছিল।[6]

চাহৰ আৱিষ্কাৰ

[সম্পাদনা কৰক]
এই ১৮৫০ চনৰ চিত্ৰখনত অসম চাহ উৎপাদনৰ বিভিন্ন স্তৰবোৰ দেখুওৱা হৈছে।

অসম চাহৰ "আবিস্কাৰ" ৰবাৰ্ট ব্ৰুছ নামৰ এজন স্কট অভিযানকাৰীয়ে ১৮২৩ চনত আকস্মিকভাৱে কৰিছিল বুলি কোৱা হয়। অসমৰ হাবি-বননিত ঘুৰি ফুৰোতে তেওঁ এই গছবিধ "বন্য"অৱস্থাত গজি থকা দেখিছিল।

মণিৰাম দেৱানে তেওঁক এজন স্থানীয় চিংফৌ গাঁওৰ মূখিয়াল বিছা গামৰ ঘৰলৈ লৈ গৈছিল।[7] তাত তেঁও স্থানীয় চিংফৌ লোকসকলক এই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰা দেখিছিল আৰু তেঁও বিছা গামৰ পৰা সেই গছৰ পাত আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষণৰ বাবে সংগ্ৰহ কৰি অনাৰ যো-যা চলাইছিল। ইয়াৰ কিছু দিনৰ পিছতেই তেঁওৰ মৃত্যু হোৱাত, তেঁও এই গছৰ প্ৰকৃত শ্ৰেণীবিভাজন জানিবলৈ সক্ষম নহ'ল। ১৮৩০ চনত তেঁওৰ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছে অসম চাহৰ পাত কলিকতাৰ উদ্ভিদবিদ্যাৰ উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল। অৱশেষত তাতে এই উদ্ভিদক চাহ গছ, বা Camellia sinensisৰ এটা প্ৰকাৰ বুলি চিনাক্তকৰণ কৰা হৈছিল, যিটো চীনা প্ৰকাৰ Camellia sinensis var. sinensisৰ সৈতে একে নহয়।

চাহ উদ্যোগ

[সম্পাদনা কৰক]

১৮৩৫ চনত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ উদ্যোগ স্থাপন কৰিবলৈ দায়িত্ব প্ৰদান কৰে। ১৮৩৬ চনত তেওঁ সন্য বাহিনীৰ পৰা অব্যাহতি লয় আৰু তেওঁক অসম চাহ বাগিচা সমূহৰ পৰিদৰ্শক নিযুক্ত কৰা হয়।[8] প্ৰথমতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চীনা চাহৰ বাগিচা পাতি পৰীক্ষামূলক ভাবে খেতি কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু অসমত চীনা চাহৰ লগত স্থানীয় চাহৰ লগত পৰাগযোগ ঘটাত এই পৰীক্ষা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। সেইসময়ত শদিয়াত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছৰ নিজা প্ৰচেষ্টাত গঢ় লৈ উঠা স্থানীয় চাহৰ পুলিবাৰী দেখি সকলোৱে অভিভূত হৈছিল। ১৮৩৬ চনত তেওঁ নিজে উৎপাদন কৰা চাহৰ নমুনা দিল্লীৰ চাহ কমিটিলৈ প্ৰেৰণ কৰে। লৰ্ড অকলেণ্ডে তেওঁৰ চাহৰ নমুনাৰ অনুমোদন কৰে। তেওঁ লগতে ব্যক্ত কৰে যে ব্ৰুছৰ চাহৰ নমুনা চাহ বিশেষজ্ঞ সকলে "উৎকৃষ্ট মান"ৰ বুলি উল্লেখ কৰিছে।[9] ১৮৩৭ চনলৈ আলেকজেণ্ডাৰ ব্ৰুছে চাহ কমিটিলৈ এক বুজন অংশ চাহ পঠিয়াবলগীয়া হৈছিল। ইয়াত স্থানীয় চাহৰ ৪৬ ত বাকচ আছিল। এই বাকচসমূহৰ আঠটা বাকচৰ ওজন ৩৫০ পাউণ্ড আছিল। এই আঠটা বাকচ ১৮৩৯ চনৰ ১০ জানুৱাৰীত লণ্ডনত নিলামৰ বাবে প্ৰেৰণ কৰা হৈছিল।[9]

অন্যান্য কীৰ্তি

[সম্পাদনা কৰক]

১৮৩৮ চনত Close Editing চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছে চাহৰ লগত জড়িত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰি "An Account of the Manufacture of the Black Tea, As Now Practised at Suddeya in Upper Assam, By The Chinamen Sent Thither For That Purpose." গ্ৰন্থ ৰচনা কৰিছিল।[10] তেওঁক ভাৰতীয় চাহ উদ্যোগৰ পিতৃ বুলি অভিহিত কৰা হয়। তেওঁ ১৮৭১ চনত তেওঁ ইংলেণ্ডৰ ৰয়েল ছ'চাইটি অফ আৰ্টছৰ পৰা অসমত স্থানীয় চাহৰ খেতিৰ বাবে সোণৰ পদক লাভ কৰিছিল।[11]

১৮৭১ চনত ২৩ এপ্ৰিল তাৰিখে ৭৮ বছৰ বয়সত অসমত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছৰ মৃত্যু হয়। তেওঁক তেজপুৰৰ খ্ৰীষ্টান কবৰস্থানত সমাধিস্থ কৰা হয়।[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 Francis, C. (1902). List of Inscriptions on Tombs Or Monuments in Assam. Secretariat Printing Office. পৃষ্ঠা. 57. 
  2. Church, CNI. "Burial list at Tezpur Christian cemetery". The church of Epiphany. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304092437/http://epiphanychurchtezpur.hpage.co.in/burial-list_12157921.html। আহৰণ কৰা হৈছে: 30 July 2013. 
  3. Narain, Amarendra; Purendu Kumar; S.N. Singh (2006). Socio-economic and Political Problems of Tea Garden Workers: A Study of Assam. Mittal. পৃষ্ঠা. 28. ISBN 978-8183240987. 
  4. Singh, Bavinder (2001). Role of Women Workers in the Tea Industry of North East India. Classical Publishing. পৃষ্ঠা. 15. ISBN 978-8170543206. 
  5. Rajkumar, Dhriti Kanta (2013). "Raids made out by the Lushai Tribes in the Tea Gardens of Cachar during the Colonial Period: A Study on the Historical Perspective.". Journal of Humanities And Social Science খণ্ড 4 (9): 43–54. ISSN 2279-0845. 
  6. Barua, Deepali (1994). Urban History of India: A Case Study. South Asia Books. পৃষ্ঠা. 47. ISBN 978-8170995388. 
  7. Nitin Aant Gokhale (1998). The hot brew: the Assam tea industry's most turbulent decade, 1987-1997. Spectrum Publications. পৃষ্ঠা. 4. ISBN 978-81-85319-82-7. 
  8. Kochhar, Rajesh. Natural history in India during 18th and 19th centuries. Indian Institute of Science Education and Research Mohali. পৃষ্ঠা. 21. https://www.academia.edu/2654130/Natural_history_in_India_during_18th_and_19th_centuries. "On 11 February 1835, Charles Bruce was appointed in charge of nurseries to be developed in Upper Assam, at Sadiya and other places (Tea Parliamentary Papers 1839 p 40; hereafter TPP). A year later, from January 1836, Bruce was designated Superintendent of Tea Plantations at a salary of Rs 400 p. m. With this appointment, Charles Bruce closed his personal business and resigned the gunboat charge." 
  9. 9.0 9.1 Taknet, D.K. (2003). Siddharth Mukherjee. ed. The heritage of Indian tea: the past, the present, and the road ahead. Indian Institute of Marwari Entrepreneurship. পৃষ্ঠা. 21. ISBN 978-8185878010. 
  10. Bruce, Charles Alexander (1838). An Account of the Manufacture of the Black Tea, As Now Practised at Suddeya in Upper Assaam, By The Chinamen Sent Thither For That Purpose. G H Huttmann, Bengal military orphan press. 
  11. Committee, India (1871). Journal of the Royal Society of Arts (Volume 19 সম্পাদনা). Royal Society of Arts. পৃষ্ঠা. 620. 
উদ্ধৃতি ত্ৰুটি: <references>ত দিয়া "Taknet 2003 p21" নামৰ <ref> টেগৰ কোনো সমল নাই।