হাজং ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Hajong languageৰ পৰা পুনঃনিৰ্দেশিত)
হাজং
হাজং
থলুৱা অঞ্চল ভাৰত, বাংলাদেশ
অঞ্চল অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু পশ্চিম বংগ
স্থানীয় ভাষিক
70,000 (2001)e17
ভাষা পৰিয়াল
লিখন প্ৰণালী অসমীয়া লিপি, লেটিন লিপি
ভাষা সংকেত
ISO 639-3 haj
গ্লোটোলগ hajo1238[1]

হাজং ভাষা এটা ভাৰত-আৰ্য ভাষা, যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে। হাজং ১৯৫,০০০ থলুৱা হাজং জনগোষ্ঠীৰ মানুহে কয়, ভাৰতৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিম বংগত আৰু বাংলাদেশৰ ময়মনচিং জিলাত। হাজং ভাষাক অসমীয়া লিপিত লিখা হয়। যদিও হাজং পূৰ্বতে তিব্বত-বৰ্মী পৰিয়ালৰ আছিল, ই ভাষিকভাৱে অসমীয়া আৰু বাংলাৰ সৈতে সান-মিহলি হ'ল।[2]

হাজং ভাষাৰ ফৈদ[সম্পাদনা কৰক]

  1. দস্কিনা
  2. কৰেবাৰি
  3. চাচঙিয়া
  4. বাৰহাজাৰি
  5. মেচপাৰিয়া

হাজং ভাষাৰ উপফৈদ[সম্পাদনা কৰক]

হাজং ভাষাৰ ১০টা উপফৈদ বা নিনকি আছে, তাৰেই কেইটামান তলত দিয়া আছে,

  1. বালিহাতা
  2. পৰাচঙা
  3. চৰাবলি
  4. ঘগুনিক্নি
  5. কেন্দ্ৰেনিক্নি আদি।

লিখন পদ্ধতি[সম্পাদনা কৰক]

হাজং ভাষা অসমীয়া তথা লেটিন লিপি ব্যৱহাৰ কৰি লিখা হয়।[3] কিন্তু যদিও এই লিপি ভাৰতত ব্যৱহাৰ হয়, বাংলাদেশত অনেকে হাজং ভাষাৰ বাবে বাংলা লিপি ব্যৱহাৰ কৰে, বাংলাদেশত বাংলা ভাষাতেই ঘাইকৈ শিক্ষাৰ প্ৰচলন হোৱাৰ বাবে।[4] প্ৰতি লিপিতেই এটি অনন্য চিন যোগ কৰা হয়, বন্ধ, পিছৰ, ঘূৰণীয়া নোহোৱা স্বৰ বৰ্ণ /ɯ/, যাক লেটিন লিপিত "â" আৰু বঙালী–অসমীয়া লিপিত "অৗ" (ব্যঞ্জন বৰ্ণৰ পিছত থাকিলে "কৗ" আদি) লিখা হয়।[5]

ধ্বনি তত্ত্ব[সম্পাদনা কৰক]

হাজং ভাষাত ২২টা ব্যঞ্জন ধ্বনি, ২টা ব্যঞ্জন ধ্বনিৰ কিছু গুণ থকা ধ্বনি /w/ আৰু /j/, আৰু ৬টা স্বৰধ্বনি আছে। স্বৰধ্বনিকেইটা হ'ল /a/, /i/, /u/, /e/, /o/, আৰু /ɯ/। এয়া অলপ দ্ব্যৰ্থক যে শেষৰ স্বৰটো এটি ধ্বনি নে [a]ৰ সহস্বানিকীহে মাথোঁ।[5] অতিৰিক্ত স্বৰ /ɯ/ অন্য ভাৰতীয়-আৰ্য ভাষাত পোৱা নাযায়। ই তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ পৰা অহা।[6] হাজং ধ্বনিতত্ত্বত কিছু স্বৰসহযোগ আৰু শেষৰ ব্যঞ্জন ধ্বনি শব্দহীন কৰা দেখা যায়।[5]

ব্যাকৰণ[সম্পাদনা কৰক]

হাজং ভাষা এটি প্ৰাচ্য ভাৰতীয় ভাষা বাবে ইয়াৰ ব্যাকৰণৰ অন্য তেনে ভাষাসমূহ, বিশেষকৈ বাংলা ভাষাৰ সৈতে সাদৃশ্য আছে, বাক্য গাঁথনি আদি দিশত। এটি পাৰ্থক্য হ'ল, হাজং ভাষাত বাংলা বা অসমীয়াৰ দৰে ক্ৰিয়াৰ ৰূপ সলনি কৰা নহয়, ইয়াক গ্ৰিয়াৰ্চনে বিংশ শতাব্দীৰ পৰা লক্ষ কৰিছে।[7]

উল্লেখযোগ্য যে ১৯০০ৰ পৰা হাজং ভাষাত লক্ষ্য কৰা সকলো বৈশিষ্ট্য এতিয়া নাখাটে।

হাজং ভাষাত প্ৰকৰণৰ সামৰণিও অন্য ভাৰতীয়-আৰ্য ভাষাৰ লগত নিমিলে, তাৰ সলনি তিব্বত-বৰ্মী ভাষাসমূহৰ লগতহে মিলে।[7][8] তলৰ তালিকাখন ফিলিপ্সৰ পৰা লোৱা:[8]

আই-পি-এত হাজং অসমীয়াত
buri-rɯ বুঢ়ী মানুহজনী
buri-rɯ ge বুঢ়ী মানুহজনীক
buri la বুঢ়ী মানুহজনীৰ
buri ni বুঢ়ী মানুহজনীক/ত
buri bʰaʲ বুঢ়ী মানুহজনীক
buri t̪ʰiki বুঢ়ী মানুহজনীৰ পৰা
buri diɯ বুঢ়ী মানুহজনীৰ দ্বাৰা

হাজং ভাষাত খণ্ডবাক্যৰ উদাহৰণ[9][সম্পাদনা কৰক]

হাজং খণ্ডবাক্য লেটিন লিপিত হাজং অৰ্থ
কুমায় জায়? kumay jay? ক'লৈ যোৱা?
কেংকৗ আছে? Kengka ase? কেনে আছা?
তয় আহিলে? ভিতুৰ ভায় আয়। Toy ahile? Bhiturbhay ai. তুমি আহিলা? ভিতৰলৈ আহা।
তলা আহাৰা ভালা হুছে। Tola ahara bhala huse. তুমি অহা ভাল হৈছে।
ভাত খাছে? Bhat khase? ভাত খালা?
চা খাব'? Ca khabo? চাহ খাবা?
তয় কুন গাওলা? Toy kun gawla? তুমি কোন গাঁৱৰ?
ময় তাঙাবাৰিলৗ। Moy Tangabarilâ. মই তাঙাবাৰীৰ।
এলা তয় কুমায় থাকে? Ela toy kumay thake? এতিয়া তুমি ক'ত থাকা?
তলা ঘৰৰা কুমায়? Tola ghorra kumay? তোমাৰ ঘৰ ক'ত?
মলা ঘৰৰা হাৱাখানানি। Mola ghorra Hawakhanani. মোৰ ঘৰ হাৱাখানাত আছে।
ইদৗ মগে বুজিয়ৗ দি। Idâ Moge bujiyâ di. এইটো মোক বুজায় দিয়া।
ইদৗনি লিখিক। Idâni likhik. ইয়াত লিখা।
ময় জাং। Moy jang. মই যাওঁ।
আবাৰ লাক পাব'। Abar lak pabo. পুনৰ লগ পাম।

আৰু পঢ়ক[সম্পাদনা কৰক]

  • Haldar, Gopal. 1986. A comparative grammar of East Bengali dialects. Calcutta: Puthipatra.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Hajong". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/hajo1238. 
  2. Sustainable Development Networking Programme
  3. Script Source
  4. Ahmad, S., A. Kim, S. Kim, and M. Sangma. (2005). The Hajong of Bangladesh: A sociolinguistic survey. http://www.sil.org/resources/publications/entry/42943, p. 13.
  5. 5.0 5.1 5.2 Guts, Y. (2007). Phonological description of the Hajong language. Masters Thesis. Amsterdam, Vrije Universiteit.
  6. Guts, Y. (2007). Phonological description of the Hajong language. Masters Thesis. Amsterdam, Vrije Universiteit; p 59.
  7. 7.0 7.1 Grierson, G. A. (1903-28). Linguistic survey of India. Repr. Delhi 1967. Calcutta, Motilal Banarsidass, p 215.
  8. 8.0 8.1 Phillips, V. C. (2011). "Case Marking in Hajong." In G. Hyslop, S. Morey and M. Post, Eds. North East Indian Linguistics: Volume 3. Delhi, Cambridge.
  9. Hajong, Abonis; D. Phillips; V. Phillips. (2008). "Hajong–Ingreji Sobdojor Bôy হাজং–ইংৰেজি শব্দজড় বই Hajong–English Phrase Book" Tura, Meghalaya.