কিৰণ বালা বড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Kiran Bala Boraৰ পৰা পুনঃনিৰ্দেশিত)
কিৰণ বালা বড়া
জন্ম ১৯০৪ চন
উত্তৰ হয়বৰগাঁও, নগাঁও, অসম
মৃত্যু জানুৱাৰী ১৯৯৩ (বয়স ৮৮–৮৯)
পানীগাওঁ ছয়আলি, নগাঁও, অসম
পেচা স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক
সক্ৰিয় হৈ থকা সময় ১৯১৯–১৯৪৭
দাম্পত্যসঙ্গী
  • সনত ৰাম বড়া
পিতৃ-মাতৃ কমল চন্দ্ৰ পণ্ডিত (পিতৃ)
সৰোজ আইদেউ
সন্তান

কিৰণ বালা বড়া (১৯০৪ - ৮ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল।[1] তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা স্বাধীনতা সংগ্ৰামী পেঞ্চন লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯০৪ চনত অসমৰ নগাঁও জিলাৰ হয়বৰগাঁৱত কিৰণ বালা বড়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কমল চন্দ্ৰ পণ্ডিত আৰু মাতৃ সৰোজ আইদেউ। কমল চন্দ্ৰ পণ্ডিত এগৰাকী শিক্ষক আছিল। কিৰণ বালা বড়ায়ে সেইসময়ত সমাজৰ পৰা স্ত্ৰীশিক্ষাৰ বিৰুদ্ধে থকা প্ৰৱল বাধা নেওচি তৃতীয় শ্ৰেণীলৈ অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। সেইসময়ত প্ৰচলিত বাল্যবিবাহৰ ৰীতি মতে নগাঁৱৰ কামপুৰৰ পাৰলি গুৰিৰ চাকি ৰাম লস্কৰৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। কিন্তু বিবাহৰ কিছুকাল পিছতেই তেওঁৰ স্বামীৰ মৃত্যু ঘটে। হয়ে কিৰণ বালাৰ পিতৃ কমল চন্দ্ৰয়ে তেওঁক কন্যাৰ সৈতে নিজ গৃহলৈ লৈ আনে। তেওঁৰ কৈশোৰ কালৰ পৰায়ে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু বিদ্ৰোহৰ প্ৰতি আকৰ্ষিত হৈছিল।

স্বাধীনতা আন্দোলনত অৱদান[সম্পাদনা কৰক]

১৯২০ৰ দশক[সম্পাদনা কৰক]

কিৰণ বালা বড়ায়ে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁ বিশেষকৈ পুঁজি সংগ্ৰহৰ কামৰ লগত জড়িত আছিল। ইয়াৰ বাবে তেওঁ পূৰ্ণ চন্দ্ৰ শৰ্মা, মহীধৰ বৰা, হলধৰ ভূঞা আৰু দেৱকান্ত বৰুৱাৰ পৰা উৎসাহ আৰু সহযোগ লাভ কৰিছিল। সেইসময়তে তেওঁ চন্দ্ৰপ্ৰভা শইকীয়ানীক লগ পায় আৰু তেওঁৰ নিৰ্দেশত কিৰণ বালায়ে বিভিন্ন সমাজ সংস্কাৰমূলক কাম হাতত লয়। তেওঁ সমাজৰ পৰা ৰাগীয়াল দ্ৰব্য যেনে কানি আৰু ভাঙৰ বিৰুদ্ধে যুঁজ দিছিল। ১৯২৯ চনত কংগ্ৰেছৰ লাহোৰ অধিবেশনত গ্ৰহণ কৰা পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ ১৯৩০ চনৰ ২৬ জানুৱাৰীত উদযাপন কৰোঁতে কিৰণ বালায়ে প্ৰায় ৪০০ মহিলাৰ সৈতে কলিয়াবৰত এক সভা অনুষ্ঠিত কৰিছিল।[2]

১৯৩০ৰ দশক[সম্পাদনা কৰক]

আইন ভংগ কৰাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস কাটিবলগীয়া হৈছিল। ১৯৩১ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে জেলত থাকোতে তেওঁ গুৰুতৰ ভাবে অসুস্থ হয়। তাৰ চাৰি মাহৰ পিছত তেওঁক জেলৰ পৰা অব্যাহতি দিয়া হয়। ১৯৩২ চনত তেওঁক শ্বিলংৰ জেললৈ বদলি কৰা হয়।[3]

এইসময়ত তেওঁ সনত ৰাম বড়াৰ সৈতে দ্বিতীয় বিবাহ কৰে। সনত ৰামৰ আগৰ ঘৈণীৰ ফালৰ পাঁচ গৰাকী সন্তান আছিল। তেওঁ নতুনকৈ স্থাপিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ইয়াৰ লগতে কিৰণ বালা বড়ায়েও সংঘৰ লগত জড়িত হৈ পৰে।

তেওঁ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা আইন অমান্য আন্দোলনত জঁপিয়াই পৰে। তেওঁ ঘৰে ঘৰে গৈ গাঁৱৰ মানুহক সজাগ কৰিবলৈ লৈছিল। ইয়াৰ লগতে তেওঁ মানুহ আৰু খাদ্য সংগ্ৰহৰ কাম নিয়াৰিকৈ পৰিচালনা কৰিছিল।

তেওঁ সতীদাহ প্ৰথা, বাল্যবিবাহ আদি সামাজিক ব্যাধিৰ বিষয়ে সজাগতা সৃষ্টি কৰিছিল ইয়াৰ লগতে তেওঁ নাৰী শিক্ষাৰ মানুহক উৎসাহিত কৰিছিল।

১৯৪০ৰ দশক[সম্পাদনা কৰক]

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত কিৰণ বালায়ে যোগ দি লাঠী চাৰ্চ খাইছিল। এইসময়ত তেওঁ ব্ৰিটিছৰ পৰা ৰক্ষা পাবলৈ আত্মগোপন কৰিছিল। এনেকৈ তেওঁ ভাৰতে স্বাধীনতা লাভ কৰাৰ লৈকে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিছিল।[4]

স্বাধীনোত্তৰ কাল[সম্পাদনা কৰক]

কিৰণ বালা বড়া

ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰাৰ পিছত কিৰণ বালা বড়ায়ে নিজৰ সংসাৰ আৰু সন্তানৰ ওপৰত মনোনিবেশ কৰে। তেওঁক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে স্বাধীনতা সংগ্ৰামী পেঞ্চন প্ৰদান কৰিছে।[5][6]

১৯৯৩ চনৰ ৮ জানুৱাৰী তাৰিখে কিৰণ বালা বড়াৰ মৃত্যু হয়। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মী হিচাপে জড়িত আছিল।

তথ্য উৎস[সম্পাদনা কৰক]

  1. Bora, Nilima. Gogoi, Swarna Baruah. ed. Luit paror Mahila Swadhinota Sangramir Jivan Gatha. প্ৰকাশক Guwahati, Assam: District Library Guwahati, Assam, India. পৃষ্ঠা. 39. 
  2. Pathak, Guptajit. "Reflection of Young Martyr Kanaklata Barua and the Dependability of Assamese Women in India’s Freedom Movement". The Creative Launcher খণ্ড 1 (2). Archived from the original on 9 January 2017. https://web.archive.org/web/20170109185552/http://www.thecreativelauncher.com/upload/10Guptajit%20Pathak.pdf। আহৰণ কৰা হৈছে: 14 December 2016. 
  3. Sharma, Dr. Dipti (1993). Assamese women in the freedom struggle. Punthi-Pustak. 
  4. Sharma, Dipti (31 December 1987). Role of the women of Assam in the freedom movement during the period 1921 1947 with special reference to the Brahmaputra valley. Gauhati University. http://hdl.handle.net/10603/66690। আহৰণ কৰা হৈছে: 14 December 2016. 
  5. Government of Assam's Freedom Fighter Pension no: Pol/2791
  6. Government of India's Freedom Fighter Pension no: Pol/C/1137