ফলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(List of tropical fruittreesৰ পৰা পুনঃনিৰ্দেশিত)

উদ্ভিদবিজ্ঞানৰ সংজ্ঞা অনুসৰি বীজ বহন কৰা উদ্ভিদৰ বিশেষ মঙহাল বা মঙহহীন অংশকে ফল বুলি কোৱা হয়। এই ফলৰ বিকাশ হয় স্ত্ৰীকেশৰৰ গৰ্ভাশয় নাম অংশটোৰ পৰা। সকলো গুপ্তবীজী উদ্ভিদৰ ফল গঠন হয়। অসমৰ থলুৱা ফলৰ ভিতৰত লেটেকু, পনিয়ল, থেৰেজু, অমৰা, মিৰিকাটেঙা, বনপিঠা, নগাটেঙা, ডালিম, মধুৰিআম, বিভিন্ন প্ৰকাৰৰ জামু, আম, নাচপতি, আতলচ, মাটিকঁঠাল, কঁঠাল, তেঁতেলী, লিচু, আহোমবগৰী, নৰাবগৰী, থেকেৰা, কল, কৰ্দ্দৈ, ৰহদৈ, বেল আদি প্ৰধান।[1]

অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম চিত্ৰ
ডালিম Pomegranate Punica granatum
নৰাবগৰী Plum Prunus domestica
নগা টেঙা Rhus semialata
বেত গুটি Cane fruit Calamus flagellum
লতা বেল Passion fruit Passiflora edulis
কঁঠাল Jack Fruit Artocarpus heterophyllus
আম Mango Mangifera indica
অমিতা Papaya Carica papaya
চপেটা/চিকু sapodilla Manilkara zapota
ষ্ট্ৰবেৰী/বাৰীখিছ Garden strawberry Fragaria ananassa
ৰবাব টেঙা Pomalo Citrus maxima
আহোম বগৰী Peach Prunus persica
কমলা/সুমথিৰা টেঙা Orange Citrus reticulata
আটলাচ Custard Apple Annona squamosa
আমলখি Indian gooseberry Emblica officinalis Gaertn
বগৰী Indian Jujube Zizyphus mauritiana
মধুৰীআম Guava Psidium guajava
অনাৰস/মাটি-কঁঠাল Pineapple Ananas comosus
আপেল Apple Malus domestica
ক'লা জামু Berry Syzygium cumini
অমৰা Ambarella Spondias dulcis
ভোমোৰা Bastard myrobalan Terminalia bellerica
বকুল Bullet wood Mimusops elengi
ডেৱা Monkey Jack Artocarpus lakoocha
কৰ্জা টেঙা Karonda Fruit Carissa carandas
কুজি থেকেৰা Garcinia cowa Roxb
কৰ্দ্দৈ Starfruit Averrhoa carambola
কাজিনেমু Lemon Citrus aurantifolia
কুঁহিয়াৰ Sugarcane Saccharum spontaneum
শিলিখা Black Myrobalan Terminalia chebula
ঔটেঙা Elephant apple Dillenia indica
জলফাই Ceylon-olive Elaeocarpus serratus
তেঁতেলী Tamarind Tamarindus indica

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ’থলুৱা ফলৰ আদৰ আৰু অনাদৰ’-ড॰ অন্নজ্যোতি গগৈ; প্ৰান্তিক, ১৬ জানুৱাৰি, ২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]