জন লোকপাল বিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Lokpal Billৰ পৰা পুনঃনিৰ্দেশিত)

লোকপাল শব্দটো আহিছে সংস্কৃত ভাষাত জনতাৰ সুৰক্ষা প্ৰদানকাৰী বুজোৱা শব্দৰ পৰা। ভাৰতনিৰ্বাচন আয়োগৰ নিচিনাই এই লোকপাল হৈছে এক স্বতন্ত্ৰ সংস্থা। চৰকাৰৰ পৰা আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক আৰু আমোলাৰ বিৰুদ্ধে তদন্ত কৰাৰ ক্ষমতা থাকিব লোকপালৰ হাতত। শেহতীয়াকৈ নাগৰিক সমাজৰ প্ৰতিনিধিয়ে প্ৰস্তুত কৰি উলিওৱা জন লোকপাল বিলৰ খচৰাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বিবেচনা কৰা হৈছে। ইয়াৰ কেইটামান হৈছে-

  • লোকপাল থাকিব কেন্দ্ৰত আৰু প্ৰতিখন ৰাজ্যতে লোকায়ুক্ত থাকিব।
  • দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে তদন্ত খৰতকীয়া হ'ব।
  • লোকপালৰ সদস্যসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু অপসাৰণ প্ৰক্ৰিয়াটো জড়িত থাকিব কেৱল জনতা।[1]

পটভূমি[সম্পাদনা কৰক]

১৯৬৮ চনত চতুৰ্থ লোকসভাত প্ৰথম বাৰৰ বাবে শান্তিভূষণে লোকপাল বিধেয়ক উত্থাপন কৰে। ১৯৬৯ চনত লোকসভাই এই বিধেয়ক অনুমোদন জনাইছিল যদিও ৰাজ্যসভাই ইয়াৰ বিৰোধিতা কৰে। তাৰ পিছত ১৯৭১, ১৯৭৭, ১৯৮৫, ১৯৮৯, ১৯৯৬, ১৯৯৮, ২০০১, ২০০৫, আৰু ২০০৮ চনতো এই বিধেয়ক সদনত উত্থাপন কৰা হৈছিল। কিন্তু এতিয়ালৈকে সদনত গৃহীত হোৱা নাই। ৪২ বছৰ ধৰি সদনত উলমি থকা বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে ২০১১ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা গান্ধীবাদী নেতা আন্না হাজাৰেৰ নেতৃত্বত সত্যাগ্ৰহ আন্দোলন আৰম্ভ হয়। লোকপালৰ বিভিন্ন আসোৱাহসমূহ দূৰ কৰি ইয়াক জন লোকপাল কৰি তোলাৰ বাবে টীম আন্নাই গ্ৰহণ কৰা আন্দোলনৰ বাবেই শেষত পুনৰ বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ বাবে চৰকাৰে বিবেচনা কৰে।

লোকপালৰ চৰকাৰী খচৰাত কি আছে[সম্পাদনা কৰক]

  • প্ৰধান মন্ত্ৰী আৰু শীৰ্ষ ন্যায়পালিকা, সংযুক্ত সচিব পৰ্যায়ৰ তলৰ বিষয়া বা কৰ্মচাৰীসকলক লোকপালৰ আওতাৰ বাহিৰত থাকিব।
  • প্ৰধান মন্ত্ৰী পদ এৰাৰ পিছতহে তেওঁক লোকপালে সোধা-পোছা কৰিব পাৰিব।
  • সংসদৰ ভিতৰত সাংসদৰ আচৰণক লোকপালৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে।
  • অধ্যক্ষৰ উপৰি লোকপালৰ ৮ গৰাকী সদস্য থাকিব। সদস্যসকলৰ ৫০ শতাংশই হ'ব ন্যায়পালিকাৰ।
  • লোকপালৰ অধ্যক্ষৰূপে উচ্চতম ন্যায়ালয়ত কৰ্মৰত বা অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশকহে নিযুক্তি দিব পৰা হ'ব।
  • ন্যায়াপালিকাৰ পৰা নিৰ্বাচিত সদস্যসকলৰ বাদে লোকপালৰ আন সদস্যসকলৰ সততা সৰ্বোচ্চ আৰু প্ৰশ্নাতীত হ'ব লাগিব। তেওঁলোক ২৫ বছৰীয়া ৰাজহুৱা জীৱনৰ হৈতে জড়িত থাকিব লাগিব।
  • লোকপালৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ ক্ষমতা থাকিব লাগিব।
  • নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্ত সমাপ্ত হ'ব পৰাকৈ লোকপালৰ এটা স্বতন্ত্ৰ তদন্ত গোট থাকিব লাগিব।
  • অপৰাধ সংঘটিত হোৱাৰ ৭ বছৰৰ পিছত অভিযোগ দিয়া কোনো বিষয়েই লোকপালে তদন্ত নকৰিব।
  • জুডিচিয়েল ষ্টেণ্ডাৰ্ডছ এণ্ড একাউণ্টেবিলিটী বিল নামৰ এখন পৃথক বিধেয়কৰ দ্বাৰা ন্যায়িক দায়বদ্ধতা প্ৰদান কৰা হ'ব।
  • প্ৰধান মন্ত্ৰী, লোকসভাৰ দুয়ো সদনৰ বিৰোধী দলপতিদ্বয়, লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সভাপতি, কেন্দ্ৰীয় কেবিনেটৰ এজন সদস্য, উচ্চতম ন্যায়ালয় আৰু যিকোনো উচ্চ ন্যায়ালয়ৰ কৰ্মৰত একোজনকৈ ন্যায়াধীশকলৈ গঠিত কমিটীয়ে লোকপালক নিযুক্তি দিব।
  • লোকপালক ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশলৈ দিয়া পৰামৰ্শ ভিত্তিতহে আঁতৰাব পাৰিব। মুখ্য ন্যায়াধীশে বিষয়টো চালি-জাৰি চাই পুনৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ পিছতহে ৰাষ্ট্ৰপতিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

জন লোকপালৰ খচৰাত কি আছে[সম্পাদনা কৰক]

  • লোকপালত অধ্যক্ষৰ উপৰিও অন্য দহগৰাকী সদস্য থাকিব, যিয়ে এই আইনৰ অধীনত কাৰ্যনিৰ্বাহ কৰিব। কোনো ধৰণৰ গোচৰত অভিযুক্ত নোহোৱা 45 বছৰৰ ওপৰৰ ভাৰতীয় ব্যক্তিক লোকপালৰ সদস্য পদ দিয়া হওক। অতি কমেও 4গৰাকী সদস্য ন্যায়পালিকাৰ অধীনত হ'ব লাগিব।
  • প্ৰধান মন্ত্ৰী হ'ব লোকপালৰ সদস্য নিৰ্বাচন সমিতিৰ অধ্যক্ষ। এই নিৰ্বাচন সমিতিত থাকিব লোকসভাৰ বিৰোধী দলৰ নেতা, উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ে নিৰ্বাচন কৰা উচ্চ ন্যায়ালয়ৰ দুগৰাকী মুখ্য ন্যায়াধীশ, ইয়াৰো পৰি মুখ্য নিৰ্বাচনী আয়ুক্ত, লোকপালৰ পূৰ্বৰ অধ্যক্ষসকল।
  • ইয়াৰে 5গৰাকী সদস্যক নিৰ্বাচন সমিতিয়ে নিৰ্বাচন কৰিব। তেওঁলোক প্ৰাক্তন মুখ্য ন্যায়াধীশ, প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু প্ৰাক্তন নিয়ন্ত্ৰক বা মহালেখকাৰ হ'ব। অৱশ্যে তেওঁলোকৰ কেৰিয়াৰত কোনো ধৰণৰ দাগ থাকিব নোৱাৰিব। অৱসৰৰ পিছত কোনো ৰাজনৈতিক দলৰ লগত জড়িত থাকিব নোৱাৰিব।
  • লোকপালৰ আওতাত প্ৰধান মন্ত্ৰী, সকলো স্তৰৰ আমোলা আৰু শীৰ্ষ ন্যায়পালিকা থাকিব।
  • অৱশ্যে লোকপালৰ 7জনীযা সদস্যৰ বিচাৰপীঠৰ অনুমতিৰ অবিহনে প্ৰধান মন্ত্ৰী আৰু মন্ত্ৰী মণ্ডলৰ কোনো সদস্য, উচ্চতম ন্যায়ালয় না উচ্চ ন্যায়ালয়ৰ কোনো ন্যায়াধীশ, সাংসদৰ সদস্যৰ বিৰুদ্ধে তদন্ত বা গোচৰ ৰুজু কৰিব নোৱাৰিব।
  • সংসদত সাংসদৰ আচৰণ বিধেয়কৰ ভিতৰত থাকিব।
  • লোকপালৰ বিচাৰ কৰাৰ আৰু ফ'ন টেপ কৰাৰ অধিকাৰ থাকিব।
  • সকলো আমোলাই লোকপালৰ আওতাত থাকিব।
  • চি বি আই সতৰ্কতা গোট আৰু কেন্দ্ৰীয় সতৰ্কতা আয়োগ লোকপালৰ সৈতে একীকৰণ।
  • লোকপালক আঁতৰোৱাৰ বাবে সাধাৰণ জনতায়ো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰিব।
  • যিকোনো গোচৰৰ ক্ষেত্ৰত লোকপালৰ বিচাৰ কৰ্তৃপক্ষই ছয়মাহৰ ভিতৰত সিদ্ধান্ত দিব লাগিব। অৱশ্যে প্ৰয়োজ্ন হ'লে সময় সীমা 18 মাহলৈ বৃদ্ধি কৰিব পাৰিব।
  • ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাসকলৰ সুৰক্ষা লোকপালে প্ৰদান কৰিব লাগিব। যদিহে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তথ্য প্ৰদান কৰা ব্যক্তিজনে বিচাৰে তেওঁ তথ্য গোপনে ৰখা হ'ব।
  • দুৰ্নীতিত জড়িত যিকোনো ব্যক্তিৰ কাৰাবাসৰ ম্যাদ ন্যূনতম ছমাহ হ'ব লাগিব আৰু সেয়া হ'ব সশ্ৰম কাৰাদণ্ড। আনহাতে অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰো ব্যৱস্থা থাকিব।
  • দুৰ্নীতিত জড়িত চৰকাৰী ব্যক্তিৰ সা-সম্পত্তি জব্দ কৰা হ'ব। আৰু তেওঁ বৃহত পৰিমাণৰ জৰিমনাও ভৰিব লাগিব।
  • যদিহে কোনো কোম্পানী বা কোম্পানীৰ বিষয়া দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ প্ৰমাণ পোৱা যায় তেন্তে সেই কোম্পানী বা কোম্পানীৰ প্ৰম'টাৰৰ সৈতে জড়িত সকলো কোম্পানীক ব্লেক লিষ্টেড কৰা হ'ব। কোনো চৰকাৰী কামতে তেওঁলোকক সুযোগ দিয়া নহ'ব। ঠিকা-ঠুকুলীৰ পৰাও বঞ্চিত কৰা হ'ব।

চৰকাৰ আৰু টীম আন্নাৰ (আন্না হাজাৰে) দাবীসমূহ[সম্পাদনা কৰক]

ক্ৰমিক নং টীম আন্নাৰ দাবী চৰকাৰে বিচাৰে
প্ৰধান মন্ত্ৰী সম্পূৰ্ণৰূপে লোকপালৰ আওতাত থাকিব লাগিব। অভিযোগ আহিলেই তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হওক। প্ৰধান মন্ত্ৰী লোকপালৰ আওতাত নাথাকিব।
সকলো স্তৰৰ আমোলা আৰু শীৰ্ষ ন্যায়পালিকাও লোকপালৰ আওতাত থকা উচিত। শীৰ্ষ ন্যায়পালিকা আৰু সংযুক্ত সচিব পৰ্যায়ৰ তলৰ বিষয়া বা কৰ্মচাৰীসকলক লোকপালৰ আওতাৰ বাহিৰত ৰাখক।
সংসদত সাংসদৰ আচৰণ বিধেয়কৰ ভিতৰত থাকিব। সংসদৰ ভিতৰত সাংসদৰ আচৰণক লোকপালৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব।
লোকপাল নিযুক্তিৰ ক্ষেত্ৰত অধিক সংখ্যক অৰাজনৈতিক লোক থাকক। লোকপাল নিযুক্তিৰ ক্ষেত্ৰত অধিক সংখ্যক ৰাজনৈতিক লোক থাকক।
লোকপালক আঁতৰোৱাৰ বাবে সাধাৰণ জনতায়ো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰিব। যদিহে লোকপালক আঁতৰোৱাৰ পৰিস্থিতি আহি পৰে তেন্তে কেৱল চৰকাৰেহে উচ্চতম ন্যায়ালয়ত আৱেদন কৰিব পাৰিব।
লোকপালক অধিক শক্তিশালী কৰাৰ বাবে চি বি আইকো ইয়াৰ সৈতে একত্ৰিত কৰা উচিত। চি বি আইক লোকপালৰ সৈতে একত্ৰিত কৰাৰ কোনো প্ৰয়োজন নাই।
কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত আৰু গোচৰ ৰুজু কৰাৰ বাবে চৰকাৰৰ মঞ্জুৰিৰ আৱশ্যকতা থাকিব নালাগিব। কৰ্মচাৰীসকল চৰকাৰৰ পৰিৱৰ্তে লোকপালৰ ওচৰত অধিক জবাবদিহি হোৱাটো চৰকাৰে নিবিচাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". আমাৰ অসম. ১৯ আগষ্ট ২০১১. Archived from the original on 2015-12-11. https://web.archive.org/web/20151211013419/http://www.amarasom.glpublications.in/epapermain.aspx. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]