সমললৈ যাওক

অল চিকি লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ol Chiki scriptৰ পৰা পুনঃনিৰ্দেশিত)
অল চিকি লিপি
ᱚᱞ ᱪᱤᱠᱤ

অল চিকি লিপিত "অল চিকি" শব্দটো লিখা হৈছে
প্ৰকাৰ বৰ্ণমালা বা এলফাবেট
ভাষা চাঁওতালি ভাষা
ISO 15924 Olck, 261
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Ol Chiki
ইউনিক'ড ৰে'ঞ্জ U+1C50–U+1C7F

অল চিকি লিপি (চাঁওতালি ᱺ ᱚᱞ ᱪᱤᱠᱤ) চাঁওতালি ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়। আন ভাৰতীয় ব্ৰাহ্মী লিপিৰ দৰে অল চিকি লিপি আবুগিদা নহয়, ই এক বৰ্ণমালা বা এলফাবেট লিপি। অৰ্থাৎ অল চিকি লিপিত লেটিন লিপিৰ দৰে ব্যঞ্জন আৰু স্বৰ দুয়ো বৰ্ণই সমান গুৰুত্ব পায়। স্বৰবৰ্ণবোৰ মাত্ৰাৰ ৰূপত ব্যঞ্জনবৰ্ণবোৰত লগ লগাৰ সলনি স্বতন্ত্ৰ ৰূপতে থাকে।

পূৰ্বতে চাঁওতালি ভাষা লিখিবলৈ লেটিন, দেৱনাগৰী আৰু বঙালী লিপিৰ ব্যৱহাৰ কৰা হৈছিল। পিছে চাঁওতালি ভাষা ইণ্ডো-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত নহয় বাবে যিকোনো ভাৰতীয় লিপিৰে ইয়াক সঠিকভাবে লিখা সম্ভৱপৰ নহয়।

১৯২৫ চনত ভাষাতত্ত্ববিদ ৰঘুনাথ মুৰ্মুই চাঁওতালি ভাষাক সঠিকভাবে লিখাৰ উদ্দেশ্যেৰে এক সম্পূৰ্ণ নতুন আৰু স্বকীয় লিপিৰ উদ্ভাৱন কৰে। এয়ে হৈছে অল চিকি লিপি। ১৯৩৯ চনত ইয়াক প্ৰথম প্ৰকাশ কৰা হয়।[1][2]

বৰ্ণমালা

[সম্পাদনা কৰক]

অল চিকি লিপিত ৩০টা বৰ্ণ, ১০টা সংখ্যাৰ লগতে আন কিছু চিহ্নও আছে। বৰ্ণবোৰৰ আকাৰ প্ৰাকৃতিক বস্তু বা কাৰ্যৰ পৰা অনুপ্ৰাণিত।[3]

LetterNameIPA[4]TransliterationShape[3]
ALA-LC[5]Zide[4]

Deva.

Ass.

Odia

la/ɔ/aburning fire
at/t/ttthe Earth
ag/k’/, /g/gk’vomiting mouth, which produces the same sound as the name of the letter
ang/ŋ/blowing air
al/l/llwriting
laa/a/āaworking in the field with a spade
aak/k/kkbird (sound of a swan)
aaj/c’/, /ɟ/jc’person pointing towards a third person with the right hand (saying “he”)
aam/m/mmperson pointing towards a second person with the left hand (saying “you”)
aaw/w/, /v/wwopening lips
li/i/iibending tree
is/s/ssplow
ih/ʔ/, /h/hhands up
iny/ɲ/ññperson pointing towards himself/herself with the left hand
ir/r/rrsickle used for cutting or reaping
lu/u/uuvessel used for preparing food
uch/c/ccpeak of a mountain which is usually high
ud/t’/, /d/dt’mushroom
unn/ɳ/picture of a flying bee (which Is described by Santali speakers as making this sound)
uy/j/yyয়a man bending towards the ground to cut something
le/e/eeoverflowing rivers changing course
ep/p/ppperson receiving with both hands
edd/ɖ/a man with two legs stretching towards his chest and mouth
en/n/nnthreshing grains with two legs
err/ɽ/ड़ড়ଡ଼a path that turns to avoid an obstruction or a danger
lo/o/ooa mouth when sounding this letter
ott/ʈ/camel hump
ob/p’/, /b/bp’curly hair
ov/w̃/nasalized
oh/ʰ/h(C)ha man throwing something with one hand

ᱛᱷ /tʰ/, ᱜᱷ /gʱ/, ᱠᱷ /kʰ/, ᱡᱷ /jʱ/, ᱪᱷ /cʰ/, ᱫᱷ /dʱ/, ᱯᱷ /pʰ/, ᱰᱷ /ɖʱ/, ᱲᱷ /ɽʱ/, ᱴᱷ /ʈʰ/, and ᱵᱷ /bʱ/.

Digit0123456789
Ol Chiki
Assamese
Devanagari
Odia
Persian۰۱۲۳۴۵۶۷۸۹

ইউনিক’ড

[সম্পাদনা কৰক]

ইউনিক’ডৰ ২০০৮ চনৰ এপ্ৰিলত প্ৰকাশিত ৫.১ সংস্কৰণত অল চিকি লিপিক অন্তৰ্ভুক্ত কৰা হয়। অল চিকি লিপিৰ ইউনিক’ড ব্লকটো U+1C50 ৰ পৰা U+1C7F ক'ড বিন্দুলৈ বিয়পি আছে।

অল চিকি[1]
অল চিকি লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
 0123456789ABCDEF
U+1C5x
U+1C6x
U+1C7x ᱿
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ১১.০ অনুসৰি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hembram, Phatik Chandra (2002) (en ভাষাত). Santhali, a Natural Language. U. Hembram. পৃষ্ঠা. 165. https://books.google.co.uk/books?id=XIlkAAAAMAAJ.
  2. Kundu, Manmatha (1994) (en ভাষাত). Tribal Education, New Perspectives. Gyan Publishing House. পৃষ্ঠা. 37. ISBN 9788121204477. https://books.google.co.uk/books?id=8EJLAAAAYAAJ.
  3. 1 2 "Ol Chiki Script". A portal for Santals. 2002. Archived from the original on 2018-08-08. https://web.archive.org/web/20180808214416/http://wesanthals.tripod.com/id45.html আহৰণ কৰা হৈছে: 2017-09-12.
  4. 1 2 Daniels, Peter T.; Bright, William, eds (1996). The World's Writing Systems. Oxford University Press, Inc. পৃষ্ঠা. 614-615. ISBN 978-0195079937. https://archive.org/details/isbn_9780195079937/page/614.
  5. "Santali (in Ol script)". ALA-LC Romanization Tables. Library of Congress. https://www.loc.gov/catdir/cpso/romanization/santali.pdf আহৰণ কৰা হৈছে: 2017-09-12.