সুষমা স্বৰাজ
সুষমা স্বৰাজ | |
---|---|
২০১৭ চনত সুষমা স্বৰাজ | |
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৩০ মে' ২০১৯ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | ছলমান খুৰ্শ্বিদ |
উত্তৰসূৰী | সুব্ৰমনিয়ম জয়শংকৰ |
বিদেশ মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৭ জানুৱাৰী ২০১৬ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | ভয়ালাৰ ৰবি |
উত্তৰসূৰী | পদ সমাপ্তি |
লোকসভাৰ বিৰোধীপক্ষৰ নেত্ৰী | |
কাৰ্যকাল ২১ ডিচেম্বৰ ২০০৯ – ২৬ মে' ২০১৪ | |
পূৰ্বসূৰী | লালকৃষ্ণ আদৱানী |
উত্তৰসূৰী | পদ খালী |
ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৯ জানুৱাৰী ২০০৩ – ২২ মে' ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | প্ৰমোদ মহাজন |
উত্তৰসূৰী | গোলাম নবী আজাদ |
ভাৰতৰ স্বাস্থ্য মন্ত্ৰী | |
কাৰ্যকাল ২৯ জানুৱাৰী ২০০৩ – ২২ মে ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | চি. পি. ঠাকুৰ |
উত্তৰসূৰী | অন্বুমণি ৰামদছ |
ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী | |
কাৰ্যকাল ৩০ ছেপ্টেম্বৰ ২০০০ – ২৯ জানুৱাৰী ২০০৩ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | অৰুণ জেটলি |
উত্তৰসূৰী | ৰবি শংকৰ প্ৰসাদ |
দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১৩ অক্টোবৰ ১৯৯৮ – ৩ ডিচেম্বৰ ১৯৯৮ | |
উপ ৰাজ্যপাল | বিজয় কাপুৰ |
পূৰ্বসূৰী | চাহিব সিং বাৰ্মা |
উত্তৰসূৰী | শীলা দিক্ষিত |
Member of Parliament বিদিশা লোকসভা সমষ্টিৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৩ মে' ২০০৯ | |
পূৰ্বসূৰী | ৰামপাল সিং |
Member of Parliament দক্ষিণ দিল্লী লোকসভা সমষ্টিৰ সদস্য | |
কাৰ্যকাল ৭ মে' ১৯৯৬ – ৩ অক্টোবৰ ১৯৯৯ | |
পূৰ্বসূৰী | মদন লাল খুৰানা |
উত্তৰসূৰী | বিজয় কুমাৰ মালহত্ৰা |
ব্যক্তিগত তথ্য | |
জন্ম | সুষমা স্বৰাজ ১৪ ফেব্ৰুৱাৰী, ১৯৫২ (৭২ বছৰ) আম্বালা কেণ্টনমেণট, পূব পঞ্জাব, ভাৰত (বৰ্তমান হাৰিয়ানা) |
মৃত্যু | ৬ আগষ্ট, ২০১৯ (৬৬ বছৰ) নতুন দিল্লী |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | স্বৰাজ কৌশল |
সন্তান | এগৰাকী জীয়েক |
শিক্ষানুষ্ঠান | সনাতন ধৰ্ম মহাবিদ্যালয় পঞ্জাব বিশ্ববিদ্যালয় |
জীৱিকা |
|
সুষমা স্বৰাজ (১৪ ফেব্ৰুৱাৰী, ১৯৫২[1] – ৬ আগষ্ট, ২০১৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী স্বৰাজে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ২০১৮ চনৰ ২৬ মে'ৰ পৰা ২০১৯ চনৰ ৩০ মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা। তেওঁ ৭ বাৰৰ বাবে সংসদলৈ আৰু ৩ বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২৫ বছৰ বয়সতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কনিষ্ঠতম মন্ত্ৰী। ইয়াৰ লগতে তেওঁ ১৩ অক্টোবৰ ১৯৯৮ চনৰ পৰা ৩ ডিচেম্বৰ ১৯৯৮ চনলৈ দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]
২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত তেওঁ মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰায় ৪,০০,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছিল।[3] তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিদেশ মন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে'ত শপত গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত ৱাল ষ্ট্ৰীট জাৰ্ণালে তেওঁক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি সম্বোধন কৰিছিল।[4][5] স্বাস্থ্যজনিত কাৰণত সুষমা স্বৰাজে ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত অংশ লোৱা নাছিল।[6][7] হৃদৰোগত আক্ৰান্ত হৈ নতুন দিল্লীৰ এইম্ছত ২০১৯ চনৰ ৬ আগষ্টত তেওঁ মৃত্যুবৰণ কৰে।[8]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে অবিভক্ত পঞ্জাবৰ আম্বালা কেণ্টনমেণটত সুষমা স্বৰাজৰ জন্ম হৈছিল। বিবাহৰ আগতে তেওঁৰ নাম সুষমা শৰ্মা আছিল আৰু ঘৰত চিংকু বুলি মাতিছিল।[9][10] তেওঁৰ পিতৃ হৰদেৱ শৰ্মা আৰু মাতৃ শ্ৰীমতি লক্ষ্মী দেৱী।[11][12] তেওঁৰ পিতৃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য আছিল।[13] তেওঁ আম্বালা কেণ্টনমেণটৰ সনাতন ধৰ্ম মহাবিদ্যালয়ৰ পৰা সংস্কৃত আৰু ৰাজনীতি বিজ্ঞানক মুখ্য বিষয়লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[14] তাৰ পিছত তেওঁ চণ্ডীগড়ৰ পঞ্জাব বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰে।[1][14][15] ইয়াত পঢ়ি থাকোঁতে ভাষা বিভাগে আয়োজন কৰা ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাত তেওঁ তিনিবাৰ ধাৰাবাহিক ভাবে শ্ৰেষ্ঠ হিন্দী বক্তাৰ সন্মান লাভ কৰিছিল।[11] ১৯৭৩ চনত তেওঁ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে যোগ দিয়ে।[1][14] ১৯৭০ৰ দশকত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগ দিয়ে। তেওঁৰ স্বামী স্বৰাজ কৌশল সমাজবাদী নেতা জৰ্জ ফাৰ্নাণ্ডেজৰ ঘনিষ্ঠ সহযোগী আছিল। তেওঁ ১৯৭৫ চনত জৰ্জ ফাৰ্নাণ্ডেজৰ আইন ৰক্ষা দলত যোগদান কৰে। তেওঁ জয়প্ৰকাশ নাৰায়ণৰ সম্পূৰ্ণ বিপ্লৱ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ভাৰতৰ অপাতকালৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেত্ৰী হৈ পৰে।[16]
পদাধিকাৰ
[সম্পাদনা কৰক]- ১৯৭৭-৮২: হাৰিয়ানা বিধানসভাৰ সদস্য[14]
- ১৯৭৭-৭৯: হাৰিয়ানা চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ কেবিনেট মন্ত্ৰী[14]
- ১৯৮৭-৯০: হাৰিয়ানা বিধানসভাৰ সদস্য[14]
- ১৯৮৭-৯০: হাৰিয়ানা চৰকাৰৰ শিক্ষা, খাদ্য আৰু যোগান বিভাগৰ কেবিনেট মন্ত্ৰী[14]
- ১৯৯০-৯৬: ৰাজ্যসভাৰ সাংসদ (প্ৰথম বাৰ)
- ১৯৯৬-৯৭: লোকসভাৰ সাংসদ (দ্বিতীয় বাৰ)
- ১৬ মে' ১৯৯৬ - ১ জুন ১৯৯৬: কেন্দ্ৰীয় চৰকাৰৰ সূচনা আৰু সম্প্ৰচাৰণ বিভাগৰ কেবিনেট মন্ত্ৰী[14]
- ১০ মাৰ্চ ১৯৯৮ - ২৬ এপ্ৰিল ১৯৯৯: লোকসভাৰ সাংসদ (তৃতীয় বাৰ)
- ১৯ মাৰ্চ ১৯৯৮ - ১২ অক্টোবৰ ১৯৯৮: কেন্দ্ৰীয় চৰকাৰৰ সূচনা আৰু সম্প্ৰচাৰণ বিভাগৰ কেবিনেট মন্ত্ৰী (অতিৰিক্ত দায়িত্ব)
- ১৩ অক্টোবৰ ১৯৯৮ - ৩ ডিচেম্বৰ ১৯৯৮: দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী
- নৱেম্বৰ ১৯৯৮: হৌজ খাচ বিধানসভা সমষ্টিৰ পৰা দিল্লী বিধানসভালৈ নিৰ্বাচন যদিও তাৰ পৰা পদত্যাগ কৰি লোকসভা আসন গ্ৰহণ
- ২০০০-০৬: ৰাজ্যসভাৰ সাংসদ (চতুৰ্থ বাৰ)[12]
- ৩০ ছেপ্টেম্বৰ ২০০০ - ২৯ জানুৱাৰী ২০০৩: সূচনা আৰু সম্প্ৰচাৰণ মন্ত্ৰী
- ২৯ জানুৱাৰী ২০০৩ - ২২ মে' ২০০৪: স্বাস্থ্য আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী
- ২০০৬ - ২০০৯: ৰাজ্যসভাৰ সাংসদ (পঞ্চম বাৰ)[17]
- ১৬ মে' ২০০৯ - ১৮ মে' ২০১৪: লোকসভাৰ সাংসদ (ষষ্ঠ বাৰ)[14]
- ৩ জুন ২০০৯ - ২১ ডিচেম্বৰ ২০০৯: লোকসভাৰ বিৰোধী দলৰ উপদলপতি[14]
- ২১ ডিচেম্বৰ ২০০৯ - ১৮ মে ২০১৪: লোকসভাৰ বিৰোধী দলৰ দলপতি
- ২৬ মে' ২০১৪ - ৬ আগষ্ট, ২০১৯: লোকসভাৰ সাংসদ (সপ্তম বাৰ)
- ২৬ মে' ২০১৪ - ৩০ মে' ২০১৯: ভাৰতৰ বিদেশ মন্ত্ৰী
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Sushma Swaraj Archived 3 June 2016 at the Wayback Machine. India Today. Retrieved 28 May 2016.
- ↑ "At a glance: Sushma Swaraj, from India's 'youngest minister' to 'aspiring PM'". India TV. 15 June 2013. http://www.indiatvnews.com/politics/national/at-a-glance-sushma-swaraj-from-india-s-youngest-minister-to-pm-10613.html?page=6। আহৰণ কৰা হৈছে: 6 August 2013.
- ↑ BJP's Sushma Swaraj to contest Lok Sabha polls from Vidisha constituency Archived 13 March 2014 at the Wayback Machine. NDTV.com (13 March 2014). Retrieved 21 May 2014.
- ↑ Varadarajan, Tunku (July 24, 2017). "India’s Best-Loved Politician". Wall Street Journal. https://www.wsj.com/articles/indias-best-loved-politician-1500937541.
- ↑ "Sushma Swaraj is 'India’s Best-Loved Politician', opines US magazine Wall Street Journal". Zee News. July 25, 2017. http://zeenews.india.com/india/sushma-swaraj-is-india-s-best-loved-politician-opines-us-magazine-wall-street-journal-2026688.html.
- ↑ "Why Sushma Swaraj won't contest 2019 general elections". The Times of India. 1 December 2018. https://timesofindia.indiatimes.com/india/why-sushma-swaraj-wont-contest-2019-general-elections/articleshow/66896243.cms। আহৰণ কৰা হৈছে: 31 May 2019.
- ↑ "Sushma Swaraj writes emotional tweet to PM Modi, says she is grateful". India Today. 30 May 2019. https://www.indiatoday.in/india/story/sushma-swaraj-emotional-tweet-pm-modi-says-grateful-1538979-2019-05-30। আহৰণ কৰা হৈছে: 30 May 2019.
- ↑ "Sushma Swaraj passes away at 67". India Today. 6 August 2019. https://www.indiatoday.in/india/story/senior-bjp-leader-sushma-swaraj-heart-attack-aiims-death-1578000-2019-08-06। আহৰণ কৰা হৈছে: 6 August 2019.
- ↑ "Sushma Swaraj". Encyclopædia Britannica. http://global.britannica.com/EBchecked/topic/1949332/Sushma-Swaraj.
- ↑ "The push for a Swaraj party". Tehelka. http://archive.tehelka.com/story_main49.asp?filename=Ne110611Push.asp। আহৰণ কৰা হৈছে: 19 December 2013.
- ↑ 11.0 11.1 "Sushma Swaraj Biography". http://www.elections.in/political-leaders/sushma-swaraj.html। আহৰণ কৰা হৈছে: 28 August 2014.
- ↑ 12.0 12.1 "Brief Bio-data. Member of Rajya Sabha. Sushma, Shrimati". Archived from the original on 28 May 2006. https://web.archive.org/web/20060528171046/http://rajyasabha.nic.in/kiosk/whoswho/beta_s19.htm। আহৰণ কৰা হৈছে: 2009-04-13.
- ↑ "Indian FM Sushma Swaraj's parents hailed from Lahore – Pakistan – Dunya News". dunyanews.tv (Dunya News). http://dunyanews.tv/en/Pakistan/312217-Indian-FM-Sushma-Swarajs-parents-hailed-from-Laho। আহৰণ কৰা হৈছে: 18 December 2015.
- ↑ 14.00 14.01 14.02 14.03 14.04 14.05 14.06 14.07 14.08 14.09 "Detailed Profile – Smt. Sushma Swaraj – Members of Parliament (Lok Sabha) – Who's Who – Government: National Portal of India". India.gov.in.. Archived from the original on 27 April 2014. https://web.archive.org/web/20140427180032/http://archive.india.gov.in/govt/loksabhampbiodata.php?mpcode=3812। আহৰণ কৰা হৈছে: 27 April 2014.
- ↑ "Cabinet reshuffle: Modi government's got talent but is it being fully utilised?", The Economic Times, 10 July 2016, http://m.economictimes.com/news/politics-and-nation/cabinet-reshuffle-modi-governments-got-talent-but-is-it-being-fully-utilised/articleshow/53132757.cms, আহৰণ কৰা হৈছে: 13 July 2016
- ↑ Archis Mohan (27 December 2015). "How Sushma Swaraj helped Modi get his Pak groove back". Business Standard. http://www.business-standard.com/article/politics/wheel-comes-full-circle-for-sushma-swaraj-115122700696_1.html। আহৰণ কৰা হৈছে: 7 January 2016.
- ↑ Detailed Profile – – Members of Parliament (Rajya Sabha) – Who's Who – Government: National Portal of India. India.gov.in. Retrieved 30 July 2011. Archived 17 February 2012 at the Wayback Machine
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত সুষমা স্বৰাজ সম্পৰ্কীয় মিডিয়া ফাইল।
- বিদেশ মন্ত্ৰীৰ সূচী
- লোকসভাৰ সাংসদ সুষমা স্বৰাজৰ জীৱনী