আগ্নেয়গিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Volcanoৰ পৰা পুনঃনিৰ্দেশিত)
The Ojos del Salado volcano in Argentina (6891 m).

আগ্নেয়গিৰি বা জ্বালামুখী (ইংৰাজী: Volcano ) দেখাত পিৰামিডৰ দৰে শাংকব৷ আগ্নেয়গিৰিৰ মুখখনক জ্বালামুখ বোলা হয়৷ ইয়াৰ মুখৰপৰা ভূগৰ্ভৰ অন্তৰ্ভাগলৈ এডাল নলী থাকে৷ নলীডাল একেবাৰে মেগমা গহ্বৰ পায়গৈ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত ধোঁৱা,ছাই,লাভা আদি এই নলীয়েদি ওলাই আহি ধৰাপৃষ্ঠ পায়হি৷ যিবোৰ পৰ্ব্বত বা পাহাৰৰ অন্তৰ্ভাগৰ পৰা উত্তপ্ত,ধোঁৱা,ছাই আৰু গলিত পদাৰ্থ ওলায় সেইবোৰ পৰ্ব্বতক আগ্নেয়গিৰি বোলে৷ ভূ-বিজ্ঞানীসকলৰ মতে ভূত্বকৰ কোনো ছিদ্ৰইদি ধোঁৱা,ছাই,গলিত পদাৰ্থ সজোৰে বাহিৰলৈ ওলাই আহে এইবোৰক আচলতে লাভা বোলে৷ ছিদ্ৰটোৰ চাৰিওফালে এই লাভাবোৰ জমা হৈ একোটা পাহৰৰ নিচিনা হয়৷ ছিদ্ৰটোৰে সৈতে এই পাহাৰটোক আগ্নেয়গিৰি বোলে৷ [1]

Ash plumes reached a height of 19 km during the climactic explosive eruption at Mount Pinatubo, Philippines in 1991.

আগ্নেয়গিৰিৰ প্ৰকাৰ[সম্পাদনা কৰক]

উদগীৰণৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি আগ্নেয়গিৰিক প্ৰধানকৈ তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি-

  1. জাগ্ৰত (Active)- যিবিলাক আগ্নেয়গিৰিৰ মুখেদি সদায় নিয়মিত ভাবে ধোঁৱা,ছাই,গলিত লাভা আদি ওলাই থাকে,সেইবোৰ আগ্নেয়গিৰিক জাগ্ৰত আগ্নেয়গিৰি বোলে৷ যেনে-ছিছিলৰ মাউণ্ট এটনা৷ জাগ্ৰত আগ্নেয়গিৰিক আকৌ দুভাগত ভাগ কৰিব পাৰি-সবিৰাম আৰু অবিৰাম আগ্নেয়গিৰি৷ যিবিলাক জাগ্ৰত আগ্নেয়গিৰিত অবিৰামভাৱে লাভা নিৰ্গত হৈ থাকে তাক অবিৰাম আগ্নেয়গিৰি আৰু যিবিলাকত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালতহে ধোঁৱা,ছাই আদি ওলায় সেইবোৰক সবিৰাম আগ্নেয়গিৰি বোলা হয়৷ ইটালীৰ ষ্ট্ৰম্বলী আগ্নেয়গিৰি এনে ধৰণৰ৷
  2. সুপ্ত (Dorment) - যিবিলাক আগ্নেয়গিৰিত আগতে উদগীৰণ হৈছিল,কিন্তু বৰ্তমানে সক্ৰিয় অৱস্থাত নাই ,কিন্তু আগলৈ উদগীৰণ হোৱাৰ সম্ভাৱনা আছে,সেইবোৰ আগ্নেয়গিৰিক সুপ্ত আগ্নেয়গিৰি বোলে৷ যেনে - জাপানৰ ফুজিয়ামা
  3. লুপ্ত (Extinct)- যিবোৰ আগ্নেয়গিৰি আগতে জাগ্ৰত আছিল কিন্তু এতিয়া বা ভৱিষ্যতে তাত অগ্ন্যুৎপাত হোৱাৰ কোনো সম্ভাৱনা নাই,তেনেবোৰক লুপ্ত আগ্নেয়গিৰি বোলা হয়৷ যেনে - আফ্ৰিকাৰ কিলিমাঞ্জাৰো৷ কেতিয়াবা কেতিয়াবা লুপ্ত আৰু সুপ্ত আগ্নেয়গিৰিৰ মুখত পানী জমা হৈ একোটা হ্ৰদৰ সৃষ্টি হয়৷ এনে ধৰণৰ হ্ৰদক আগ্নেয়গিৰি হ্ৰদ বোলে৷[1]

আগ্নেয়গিৰিৰ সংৰচনা[সম্পাদনা কৰক]

Map showing the divergent plate boundaries (OSR – Oceanic Spreading Ridges) and recent sub aerial volcanoes.

আগ্নেয়গিৰি সাধাৰণতে শংকু আকৃতিৰ এটা পাহাৰৰ নিচিনা৷ ইয়াৰ মুখখন চুপি বা শঙ্কু এটাৰ দৰে৷ শঙ্কুটোৰ ওপৰভাগত এটা গোলাকাৰ গাঁত দেখিবলৈ পোৱা যায়৷ ইয়াকেই জ্বালামুখ (Crater) বোলে৷ যি নলীয়েদি লাভা নিৰ্গত হয় তাক নলী (Vent) বোলা হয়৷ কেতিয়াবা আগ্নেয়গিৰি উদগীৰণ হওঁতে গলিত লাভা,পদাৰ্থ,শিল,ভষ্ম আদি মুখ্য নলীয়েদি ওলাই নাহি কাষৰ অন্য কোনো বিদৰেদি ওলাই আহিবলৈ যত্ন কৰে৷ কাৰণ মুখ্য আগ্নেয়গিৰি নলীত আগেয়ে বিক্ষিপ্ত হোৱা পদাৰ্থবোৰ গোট মাৰি নলী বন্ধ কৰি থয়৷ এইদৰে কাষৰ বিদৰেদি যিবোৰ লাভা ওলাই আহে,সেইবোৰে জ্বালামুখৰ সৃষ্টি কৰে৷ এনেধৰণে হোৱা জ্বালামুখক গৌণ জ্বালামুখ (Secondary Crater) বোলে৷ কিছুমান আগ্নেয়গিৰিৰ উপৰিভাগত বৃহৎ আকাৰৰ গোলাকৃতিৰ অৱনমিত অঞ্চল দেখিবলৈ পোৱা যায়৷ এনেধৰণৰ জ্বালামুখক আগ্নেয়গিৰি কুণ্ড (Caldera) বোলে৷[1]

আগ্নেয়গিৰি উৎপত্তিৰ কাৰণ[সম্পাদনা কৰক]

আগ্নেয়গিৰিৰ উৎপত্তিৰ কাৰণ এতিয়াও অনিশ্চিত অৱস্থাত আছে যদিও ভূমিকম্পৰ দৰে আগ্নেয়গিৰি সৃষ্টি হোৱাৰো মূল কাৰণ হ'ল -

  • ভূ-পৃষ্ঠৰ পৰা যিমানেই অভ্যন্তৰ ভাগলৈ গৈ থকা হয় সিমানেই উত্তাপৰ মাত্ৰা বাঢ়ি যায়৷ ফলত ভূগৰ্ভৰ উপাদানসমূহ গলিত অৱস্থাত আছে৷ কিন্তু পৃথিৱীৰ উপৰিভাগৰ শিলাস্তৰসমূহৰ প্ৰচণ্ডচাপত এই উপাদানবোৰ গলিত হ'লেও স্থিতিশীল অৱস্থাত আছে৷ কিবা কাৰণত এই চাপৰ পৰিমাণ কমি গ'লে পৃথিৱীৰ অভ্যন্তৰৰ পদাৰ্থবোৰৰ স্থিতিস্থাপক অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে৷ ইয়াৰ ফলত এই পদাৰ্থবোৰ তৰল ঐ পৰে আৰু কোনো বিভংগ,বিদৰ বা কোনো দুৰ্বল স্তৰৰ মাজেৰে বাহিৰলৈ ওলাই আহি আগ্নেয়গিৰিৰ সৃষ্টি কৰে৷
  • আগ্নেয়গিৰিৰ উৎপত্তিৰ আন এটা কাৰণ হৈছে ভূগৰ্ভত থকা জলীয় ভাপ আৰু আন আন বাষ্পৰ প্ৰচণ্ড চাপ৷ পৃথিৱীৰ কোনো বিদৰৰ মাজেদি ভূগৰ্ভলৈ পানী সোমাই গ'লে ভূগৰ্ভৰ উত্তাপত সেই পানী ভাপলৈ পৰিণত হয় আৰু আয়তনত বাঢ়ে৷ এইদৰে আয়তন বঢ়াৰ ফলত অভ্যন্তৰ ভাগত প্ৰচণ্ড চাপৰ সৃষ্টি হয়৷ ফলত গলিত পদাৰ্থসমূহ জুলীয়া ভাপ আৰু আন বাষ্পৰ হেঁচাৰ ফলত ভূ-পৃষ্ঠলৈ ওলাই আহে৷
  • তেজষ্ক্ৰিয় উপাদান যেনে - ৰেডিয়াম,ইউৰেনিয়াম আদিৰ অবিৰাম তাপ বিকিৰণৰ ফলত ভূগৰ্ভৰ উত্তাপ বাঢ়ে আৰু ইয়াৰ বিভিন্ন উপাদানবোৰ তৰল হৈ আয়তনত বাঢ়ে৷ তাৰ ফলত কোনো সুৰুঙা বা বিদৰেদি এই উত্তপ্ত পদাৰ্থবোৰ ওলাই আহি আগ্নেয়গিৰিৰ সৃষ্টি কৰিব পাৰে৷
  • ভূগৰ্ভত কেতিয়াবা কিবা ৰাসায়নিক কাৰণত বাষ্পৰ সৃষ্টিহৈ সেই বাষ্প পৃথিৱীৰ উপৰি ভাগৰ দুৰ্বল অংশৰে ওলাই আহি আগ্নেয়গিৰিৰ সৃষ্টি কৰিব পাৰে৷[1]

আগ্নেয়গিৰিৰ বিতৰণ[সম্পাদনা কৰক]

পৃথিৱীৰ উপৰিভাগত আগ্নেয়গিৰিৰ বিতৰণ সমান নহয়৷ কিছুমান ঠাইত আগ্নেয়গিৰি একেবাৰে নাই৷ উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়াপৃথিৱীৰ ভিতৰত এচিয়া মহাদেশতেই আটাইতকৈ বেছি আগ্নেয়গিৰি আছে৷ প্ৰশান্ত মহাসাগৰৰ চাৰিওকাষে আগ্নেয়গিৰিৰ এটা বলয় আছে৷ এই বলয়ক আগ্নেয় বলয় বোলা হয়৷ আগ্নেয়গিৰিৰ অন্য এটা অঞ্চল হ'ল বেলুচিস্তানৰ পৰা পাৰ্ছিয়া,এচিয়া মাইনৰ,ভূমধ্য সাগৰৰ মাজেদি গৈ কেনেৰি আৰু এজোৰ্ছ দ্বীপপুঞ্জ অতিক্ৰম কৰি পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ ফালে গৈছে৷ ওপৰোক্ত অঞ্চলসমূহৰ বাহিৰেও আগ্নেয়গিৰি উদগীৰণৰ আৰু দুটা অঞ্চল আছে৷ এটা অঞ্চলে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ পৰা দক্ষিণ আমেৰিকাৰ উত্তৰাংশ,মধ্য আমেৰিকা হৈ মেক্সিকোৰ দক্ষিণাংশ পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ আনটো অঞ্চলে ছুমাত্ৰা,জাভা,নিউগিনি অতিক্ৰম কৰি ফিলিপাইনচ দ্বীপপুঞ্জ পৰ্যন্ত আগুৰি আছে৷ ইয়াৰ বাহিৰেও প্ৰশান্ত মহাসাগৰৰ মাজত দুই এটা আগ্নেয়গিৰি দেখিবলৈ পোৱা যায়৷ [1]

The Stromboli stratovolcano off the coast of Sicily has erupted continuously for thousands of years, giving rise to the term strombolian eruption.
Fourpeaked volcano, Alaska, in September 2007, after being thought extinct for over 10,000 years.




তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷


লগতে পঢ়ক[সম্পাদনা কৰক]

  • Cas, R.A.F. and J.V. Wright, 1987. Volcanic Successions. Unwin Hyman Inc. 528p. ISBN 0-04-552022-4
  • Macdonald, Gordon and Agatin T. Abbott. (1970). Volcanoes in the Sea. University of Hawaii Press, Honolulu. 441 p.
  • Marti, Joan and Ernst, Gerald. (2005). Volcanoes and the Environment. Cambridge University Press. ISBN 0-521-59254-2. 
  • Ollier, Cliff. (1988). Volcanoes. Basil Blackwell, Oxford, UK, ISBN 0-631-15664-X (hardback), ISBN 0-631-15977-0 (paperback).
  • Sigurðsson, Haraldur, ed. (1999). Encyclopedia of Volcanoes. Academic Press. ISBN 0-12-643140-X. This is a reference aimed at geologists, but many articles are accessible to non-professionals.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]