দুৰ্গেশ্বৰ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুৰ্গেশ্বৰ শৰ্মা
জন্ম ফেব্ৰুৱাৰী, ১৮৮৪ চন
পটীয়া গাঁও, যোৰহাট
মৃত্যু ৪ ছেপ্টেম্বৰ, ১৯৬১
পেচা কবি, নাট্যকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়

দুৰ্গেশ্বৰ শৰ্মা এজন অসমীয়া কবি আৰু নাট্যকাৰ।[1] তেওঁৰ কবিতা পুথি দুখন হৈছে অঞ্জলি আৰু নিবেদন। তেওঁৰ কবিতাসমূহত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কবিতাৰ দৰে নাট্য ৰচনাতো খ্যাতি অৰ্জন কৰা শৰ্মাই অমিত্ৰাক্ষৰ ছন্দত পাৰ্থ পৰাজয় আৰু বালী বধ নমাৰ দুখন পৌৰাণিক নাটক ৰচনা কৰে। চন্দ্ৰাৱলী আৰু পদ্মাৱতী নাটক দুখন ক্ৰমে উইলিয়াম শ্বেইকছপীয়েৰAs you Like It আৰু Cymbeline নাটৰ মুকলি অনুবাদ।[1]

জন্ম[সম্পাদনা কৰক]

১৮৮৫ চনত যোৰহাটৰ পটীয়া গাঁৱত দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয়। পিতৃৰ নাম কমলচন্দ্ৰ শৰ্মা।[1][2]

শিক্ষা[সম্পাদনা কৰক]

পটীয়া গাঁও প্ৰাইমাৰী স্কুলত শিক্ষাজীৱনৰ পাতনি মেলা শৰ্মাই যোৰহাট হাইস্কুলৰ পৰা ১৮৯৯ চনত এট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে কোচবিহাৰ কলেজৰ পৰা ১৯০১ চনত এছ এ, ১৯০৩ চনত বি এ আৰু ১৯০৬ চনত বি এল উত্তীৰ্ণ হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯০৬ চনত দুৰ্গেশ্বৰ শৰ্মাই ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰে।[1] ১৯১১ চনত তেখেতে এক্সট্ৰা এছিছটেণ্ট কমিছনাৰৰ পদ লাভ কৰে। তাৰপিছত ১৯১৭ চনত মেনেজাৰ ক’ৰ্ট অৱ ৱাৰ্ডছ আৰু ১৯২৬ চনত বৰপেটাৰ মহকুমাধিপতি নিৰ্বাচিত হয়। দুবছৰ এই পদত কটোৱাৰ পিছত তেখেতে ১৯২৮ চনত চাব জৰ্জ আৰু এডিছনেল ডিষ্ট্ৰিক্ট জৰ্জৰ পদ পূৰণ কৰে। ১৯৩১ চনত তেখেত মঙলদৈ মহকুমাৰ মহকুমাধিপতিৰূপে নিৰ্বাচিত হয়।[1] ইয়াৰ পিছত চিলেটৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, কামৰূপ জিলাৰ ডেপুটি কমিচনাৰ, ডাইৰেক্টৰ অব লেণ্ড ৰেকৰ্ড, কেন্দ্ৰীয় লেজিছলেটিভ এছেম্বলীৰ সদস্য আদি পদত চাকৰি কৰি ১৯৪০ চনত কানি নিবাৰণ এক্সাইজ কমিছনাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। ১৯৪৩ চনত তেখেতক গৌৰীপুৰ, বিজনীৰ দেৱানৰ পদ যচা হয়।

গ্ৰন্থৰাজী[সম্পাদনা কৰক]

কবিতাপুথি[সম্পাদনা কৰক]

  • অঞ্জলি (১৯১০)
  • নিবেদন (১৯১৫)

নাটক[সম্পাদনা কৰক]

  • পাৰ্থ পৰাজয় (১৯০৯)
  • চন্দ্ৰাৱলী (১৯১০)
  • বালী বধ (১৯২২)
  • পদ্মাৱতী

মৃত্যু[সম্পাদনা কৰক]

৪ ছেপ্টেম্বৰ, ১৯৬১ চনত দুৰ্গেশ্বৰ শৰ্মাৰ মৃত্যু হয়।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 শিৱনাথ বৰ্মন (১৯৯২). "অসমীয়া জীৱনী অভিধান". চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড. পৃষ্ঠাসমূহ: ১২৭-২৮. https://archive.org/details/in.ernet.dli.2015.451337/page/n127/mode/2up। আহৰণ কৰা হৈছে: 9 January 2023. 
  2. শৰ্মা, সত্যেন্দ্ৰনাথ (২০১১). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক ৰিহাবাৰী গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ৩০৪. 
  3. সঞ্চয়ন (ড॰ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৩৪)
  4. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা, পৃষ্ঠা ৩০৬)

বহিঃ সংযোগ[সম্পাদনা কৰক]

দুৰ্গেশ্বৰ শৰ্মাৰ কেইটামান কবিতা