কাকলি হাঁহ
কাকলি হাঁহ (Ferruginous Duck বা White eyed Pochard) | |
---|---|
মতা কাকলি হাঁহ | |
মাইকী কাকলি হাঁহ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | চৰাই |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Aythyinae |
গণ: | Aythya |
প্ৰজাতি: | A. nyroca |
বৈজ্ঞানিক নাম | |
Aythya nyroca (Güldenstädt, ১৭৭০) |
কাকলি হাঁহ বা বৰকালী মুগী হাঁহ (ইংৰাজী: Ferruginous Duck or White eyed Pochard, বৈজ্ঞানিক নাম-Aythya nyroca) মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷
বিৱৰণ
[সম্পাদনা কৰক]পূৰ্ণবয়স্ক মতা কাকলি হাঁহৰ দেহৰ বৰণ গাঢ় বাদামী (chestnut) আৰু চকু হালধীয়া৷ ইয়াৰ নেজডাল শুদ্ধ বগা বাবে চিনাক্তকৰণত সহায় হয়৷ মাইকী কাকলি হাঁহো দেখিবলৈ প্ৰায় একে কিন্তু বৰণ কিছু শেঁতা হয়৷ ইহঁত জাকপাতি বাস কৰা হাঁহৰ প্ৰজাতি৷ বিশেষকৈ শীতকালত ই অন্য প্ৰজাতিৰ হাঁহৰ সৈতে বৃহৎ গোট গঠন কৰে৷
বিতৰণ
[সম্পাদনা কৰক]কাকলি হাঁহে প্ৰধানকৈ দক্ষিণ-পশ্চিম এছিয়া অৰ্থাৎ চীনৰ পৰা পাকিস্তান আৰু ভাৰত , ইউৰোপ আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷[2][3] শীতকালত এই বিতৰণ অধিক বিস্তৃত হৈ পৰে৷
বাসস্থান
[সম্পাদনা কৰক]কাকলি হাঁহে সাধাৰণতে স্থিৰ পানী পছন্দ কৰা দেখা যায়৷[4] কাচিৎহে ইয়াক চলন্ত পানীৰ জুৰি বা নৈত দেখা পোৱা যায়৷[5] চৰিবৰ বাবে ইয়াক প্ৰায় ৩০-১০০ ছে: মি: গভীৰতা থকা জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয়ৰ প্ৰয়োজন৷[6]
আচৰণ
[সম্পাদনা কৰক]কাকলি হাঁহ প্ৰধানকৈ পৰিভ্ৰমণকাৰী[7]৷ অৱশ্যে ইয়াৰ পৰিভ্ৰমণৰ স্থান তথা দিশৰ বিষয়ে বিশেষ তথ্য পোৱা হোৱা নাই আৰু কিছুমান গোট প্ৰজননৰ ঠাইতে সমগ্ৰ বছৰ জুৰি থকা বুলি জনা যায় [8]
খাদ্য
[সম্পাদনা কৰক]কাকলি হাঁহ সৰ্য়ভক্ষী আৰু সেয়ে ই সকলো ধৰণৰ খাদ্যই গ্ৰহণ কৰে৷ অৱশ্যে ই প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে -গুটি, শিপা, ডাল আদি খায়৷[9] তাৰোপৰি বিভিন্ন প্ৰাণী যেনে মলাস্কা, পোক, কেকোঁৰা, উভচৰ প্ৰাণী আৰু মাছ আদিও খায়৷
প্ৰজনন
[সম্পাদনা কৰক]ই এপ্ৰিল-মে মাহত প্ৰজনন কৰে৷[10] পানী কাষৰীয়া অঞ্চলত উদ্ভিদৰ ডাল-পাতেৰে ই মাটিত বাহ সাজে৷[11][12],[13]
আলোকচিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]-
মতা কাকলি হাঁহ
-
কাকলি হাঁহ
-
Museum specimen
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ BirdLife International (2006). Aythya nyroca. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 12 May 2006. Database entry includes a range map and justification for why this species is near threatened
- ↑ Callaghan, D. A. 1999. European Union Species Action Plan: Ferruginous Duck (Althea nervosa). Council of Europe Publishing, Strasbourg.
- ↑ Vinicombe, K. E. 2000. Identification of Ferruginous Duck and its status in Britain and Ireland. British Birds 93: 4-21.
- ↑ Snow, D. W.; Perrins, C. M. 1998. The Birds of the Western Palearctic vol. 1: Non-Passerines. Oxford University Press, Oxford.
- ↑ Petkov, N. 2006. he importance of extensive fishponds for Ferruginous Duck Aythya nyroca conservation. In: Boere, G.; Galbraith, C., Stroud, D. (ed.), Waterbirds around the world, pp. 733-734. The Stationary Office, Edinburgh, UK.
- ↑ del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain.
- ↑ Scott, D. A.; Rose, P. M. 1996. Atlas of Anatidae populations in Africa and western Eurasia. Wetlands International, Wageningen, Netherlands.
- ↑ Kear, J. 2005. Ducks, geese and swans volume 2: species accounts (Cairina to Mergus). Oxford University Press, Oxford, U.K.
- ↑ del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain.
- ↑ del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain.
- ↑ Johnsgard, P. A. 1978. Ducks, geese and swans of the World. University of Nebraska Press, Lincoln and London.
- ↑ BirdLife International 2012. Aythya nyroca. In:
- ↑ IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 03 April 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Showler, D.A. & Davidson, P. (1999): Observations of Jerdon's Babbler Chrysomma altirostre and Rufous-vented Prinia Prinia burnesii in Punjab and North-West Frontier Provinces, Pakistan. Forktail 15: 66–76. PDF fulltext
- Singh, A.P. (2002): New and significant records from Dehra Dun valley, lower Garhwal Himalayas, India. Forktail 18: 151–153. PDF fulltext
- Vinicombe, K. E. (2000) Identification of Ferruginous Duck and its status in Britain and Ireland British Birds 93(1):4–21
- Vinicombe, K. E. (2007) ID in depth – Ferruginous Duck Birdwatch 176:24–26