সমললৈ যাওক

কাৰ্গিল যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্গিল যুদ্ধ
কাৰ্গিল সংঘাত আৰু ভাৰত-পাকিস্তান সংঘাতৰ অংশ

নিয়ন্ত্ৰণ ৰেখাৰ সৈতে কাৰ্গিলৰ অৱস্থান
তাৰিখ ৩ মে' – ২৬ জুলাই ১৯৯৯
অৱস্থান কাৰ্গিল জিলা, জম্মু আৰু কাশ্মীৰ (বৰ্তমান লাডাখ), ভাৰত
ফলাফল ভাৰতৰ বিজয়
  • ভাৰতে কাৰ্গিল পুনৰ নিজৰ দখললৈ আনে
যুজাৰু
 ভাৰত  পাকিস্তান
কমাণ্ডাৰ আৰু দলপতিসকল
ভাৰত কে আৰ নাৰায়ণন

(ভাৰতৰ ৰাষ্ট্ৰপতি)
ভাৰত অটল বিহাৰী বাজপায়ী
(ভাৰতৰ প্ৰধানমন্ত্ৰী)
জে. ৱেদ প্ৰকাশ মালিক
(সেনা প্ৰধান)
লে. জে. চন্দ্ৰ শেখৰ
(সেনা উপ প্ৰধান)
ACM অনিল যশৱন্ত তিপ্নিছ
(বায়ু সেনা প্ৰধান)

এম আৰ তাৰাক

(পাকিস্তানৰ ৰাষ্ট্ৰপতি)
নৱাজ ছৰিফ
(পাকিস্তানৰ প্ৰধাম মন্ত্ৰী)
জে. পাৰভেজ মুছাৰফ
(সেনা প্ৰধান)
Lt. Gen. মুহাম্মদ আজিজ খান
(Chief of the General Staff)

সৈন্য শক্তি
৩০,০০০ ৫,০০০
ক্ষয়ক্ষতিৰ পৰিমাণ
ভাৰতৰ চৰকাৰী তথ্য:
  • ৫২৭ জন মৃত্যু[1][2][3]
  • ১,৩৬৩ জন আঘাতপ্ৰাপ্ত[4]
  • ১ জন যুদ্ধবন্দী
  • ১ খন যুদ্ধ বিমান ধ্বংশ
  • ১ খন যুদ্ধ বিমান দূৰ্ঘটনাগ্ৰস্থ
  • ১ খন হেলিকপ্টাৰ ধ্বংশ

পাকিস্তানৰ দাবী:

  • ১,৬০০ (মুছাৰফৰ মতে)[5]
নিৰপেক্ষ তথ্য:

পাকিস্তানী তথ্য:

  • ২,৭০০–৪,০০০ জনৰ মৃত্যু (ছাৰিফৰ মতে)[8][9]
  • ৪৫৩ জনৰ মৃত্যু (পাকিস্তানী সেনাৰ মতে)[10][11]
  • ৩,০০০ জনৰ মৃত্যু (PML-N White Paper)[7]
  • ৩৫৭ জনৰ মৃত্যু আৰু ৬৬৫+ জন আঘাতপ্ৰাপ্ত (মুছাৰফৰ মতে)[12][13]
  • ৮ জন যুদ্ধবন্দী[14]

ভাৰতৰ দাবী:

  • ৭৩৭–১,২০০ জনৰ মৃত্যু (ভাৰতৰ মাটিত কমেও ২৪৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল)[15][16][17][7]
  • ১০০০+ জন আঘাতপ্ৰাপ্ত[18]

কাৰ্গিল যুদ্ধ (ইংৰাজী: Kargil War) হৈছে ১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাই মাহলৈকে ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰৰ কাৰ্গিল জিলা আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LoC)ৰ অন্যান্য ঠাইত সংঘটিত হোৱা এক সশস্ত্ৰ যুদ্ধ বা সংঘাত। ভাৰতত এই সংঘাতক ‘অপাৰেচন বিজয়’ বুলিও কোৱা হয়। সেয়া আছিল এই অঞ্চলত হোৱা ভাৰতীয় সামৰিক অভিযানৰ ক'ডনেম বা সাংকেতিক নাম।[19] ভাৰতীয় বায়ুসেনাই ভাৰতীয় স্থলসেনাৰ সৈতে যৌথভাৱে অভিযান কৰি পাকিস্তানী সেনা আৰু অৰ্ধসামৰিক সৈন্যক “নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ কাষৰ উকা ভাৰতীয় স্থানৰ পৰা বাহিৰ কৰি পঠিয়াই।[20] এই যৌথ অভিযানক “অপাৰেচন সফেদ সাগৰ” (Operation Safed Sagar; ऑपरेशन सफेद सागर;) হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।

কাশ্মীৰী উগ্ৰপন্থীৰ বেশত পাকিস্তানী সৈন্যই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ বিবাদমান কাশ্মীৰত থকা দুয়োখন দেশৰ মাজৰ সীমান্ত হিচাপে কাম কৰা কিছুমান গুৰুত্বপূৰ্ণ স্থানত অনুপ্ৰৱেশ কৰাৰ ফলত এই সংঘাতৰ সূচনা হৈছিল।[21] প্ৰাৰম্ভিক পৰ্যায়ত পাকিস্তানে এই যুদ্ধ সম্পূৰ্ণৰূপে স্বতন্ত্ৰ কাশ্মীৰী বিদ্ৰোহীৰ লগত সংঘটিত হৈছিল বুলি কৈছিল যদিও যুদ্ধস্থলিত এৰি থৈ যোৱা নথি-পত্ৰ আৰু পিছলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সেনাধ্যক্ষৰ বক্তব্যই জেনেৰেল আশ্ৰফ ৰছিদৰ নেতৃত্বত[22] পাকিস্তানী অৰ্ধসামৰিক বাহিনী জড়িত থকাৰ কথা প্ৰমাণিত হয়।[23][24][25] পাছলৈ ভাৰতীয় বায়ুসেনাৰ সহযোগত ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ অধিকাংশ ভাৰতীয় স্থান পুনৰ দখল কৰে; অৱশেষত আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক বিৰোধিতাৰ সন্মুখীন হৈ পাকিস্তানী বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ বাকী থকা সকলো ভাৰতীয় স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়।

অৱস্থান

[সম্পাদনা কৰক]

১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ আগতে কাৰ্গিল লাডাখৰ এটা মৌজা আছিল। বিশ্বৰ উচ্চতম পৰ্বতৰ এই উপত্যকা এই অঞ্চলত বিভিন্ন ভাষা তথী ধৰ্মৰ জনগোষ্ঠী বাস কৰিছিল। ১৯৪৭-১৯৪৮ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পৰিণাম স্বৰূপে লাডাখ জিলাক দুভাগ কৰি নিয়ন্ত্ৰণ ৰেখা সংস্থাপিত কৰা হয় আৰু স্কাৰডু মৌজা পাকিস্তানৰ (বৰ্তমান গিলগিট-বাল্টিস্তানৰ অংশ) অন্তৰ্গত হয়। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানৰ পৰাজয়ৰ পিছত দুয়োখন ৰাষ্ট্ৰই সেই সীমাৰ প্ৰতি সন্মান জনাই ভৱিষ্যতে কোনো সশস্ত্ৰ সংঘাতত লিপ্ত নহ’ব বুলি প্ৰতিশ্ৰুতি দি ছিমলা চুক্তিত স্বাক্ষৰ কৰে।

নিয়ন্ত্ৰণ ৰেখাৰ উত্তৰ দিশে শ্ৰীনগৰৰ পৰা ২০৫ কিলোমিটাৰ (১২৭ মাইল) দূৰত কাৰ্গিল চহৰখন অৱস্থিত। হিমালয়ৰ অন্যান্য অঞ্চলৰ দৰে কাৰ্গিলত মহাদেশীয় জলবায়ু বিদ্যমান। এই অঞ্চলত গ্ৰীষ্মকাল শীতল আৰু ৰাতি ঠাণ্ডা হয়, আনহাতে শীতকাল দীঘলীয়া আৰু ঠাণ্ডা আৰু উষ্ণতা প্ৰায়ে −৪৮ °C (−৫৪ °F) লৈ হ্ৰাস পায়।

কাৰ্গিলৰ মাজেৰে শ্ৰীনগৰৰ পৰা লেহ সংযোগী ভাৰতৰ ১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। শ্ৰীনগৰ আৰু লেহ সংযোগী এই একমাত্ৰ পথটোৰ পৰা অনুপ্ৰৱেশ আৰু যুদ্ধৰ সাক্ষী স্বৰূপ ১৬০ কিলোমিটাৰ (১০০ মাইল) দীঘল এই শিখৰ অঞ্চলটো দেখা পোৱা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] ঘাইপথৰ ওপৰৰ শিখৰবোৰত সাধাৰণতে প্ৰায় ৫,০০০ মিটাৰ (১৬,০০০ ফুট) উচ্চতাত, আৰু কিছুমান ৫,৪৮৫ মিটাৰ (১৭,৯৯৫ ফুট) উচ্চতাত ভাৰতৰ সামৰিক আউটপোষ্টসমূহ অৱস্থিত। জিলাৰ ৰাজধানী কাৰ্গিলৰ উপৰিও ফ্ৰণ্ট লাইনৰ ওচৰৰ কাৰ্গিলৰ দক্ষিণ-পশ্চিমে থকা মুছকোহ উপত্যকা আৰু দ্ৰাছ চহৰৰ জনবসতিপূৰ্ণ অঞ্চলসমূহৰ লগতে বাটালিক খণ্ড আৰু কাৰ্গিলৰ উত্তৰ-পূবৰ অন্যান্য অঞ্চলসমূহতো এই সংঘাত সংঘটিত হৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Chakraborty, A. K. (21 July 2000). "Kargil War Brings into Sharp Focus India's Commitment to Peace". Press Information Bureau, Government of India. https://archive.pib.gov.in/archive/ArchiveSecondPhase/FEATURE/2000-FEATURES%20SERVICE%20JAN%20DEC/PDF/FEA-2000-07-21_201.pdf। আহৰণ কৰা হৈছে: 26 July 2022. 
  2. "Breakdown of casualties into Officers, JCOs, and Other Ranks". Parliament of India Website. http://164.100.24.208/lsq/quest.asp?qref=51302। আহৰণ কৰা হৈছে: 20 May 2009. 
  3. "Complete Roll of Honour of Indian Army's Killed in Action during Op Vijay". Indian Army. http://www.indianarmy.nic.in/martyrs/home.jsp?operation=28&hidrecord=10&FormBugs_Page=1#Form। আহৰণ কৰা হৈছে: 20 May 2009. 
  4. "Official statement giving breakdown of wounded personnel". Parliament of India Website. http://164.100.24.219/rsq/quest.asp?qref=3798। আহৰণ কৰা হৈছে: 20 May 2009. 
  5. "Musharraf claims Kargil was a big success militarily for Pakistan". Greater Kashmir. 1 February 2013. http://www.greaterkashmir.com/news/2013/Feb/1/musharraf-claims-kargil-was-a-big-success-militarily-for-pak-46.asp. 
  6. Khan, M. Ilyas (26 July 2019). "Kargil: The forgotten victims of the world's highest war". BBC. https://www.bbc.com/news/world-asia-49101016। আহৰণ কৰা হৈছে: 22 March 2021. 
  7. 7.0 7.1 7.2 "Kargil probe body had sought Musharraf's court martial". AFP. The News. 13 January 2013. https://www.thenews.com.pk/archive/print/410307-kargil-probe-body-had-sought-musharraf%E2%80%99s-court-martial. 
  8. Tavares, Rodrigo (2006). Understanding Regional Peace and Security. Göteborg University. পৃষ্ঠা. 297. ISBN 978-9187380679. "the US State Department quoted the Pakistani military casualties at 700, but according to the then PM Nawaz Sharif (quoted in Gulf News, February 2002), the entire Northern Light Infantry of Pakistan was wiped out during the conflict claiming 2,700 lives." 
  9. "Over 4,000 soldiers killed in Kargil: Sharif". The Hindu. Archived from the original on 3 October 2003. https://web.archive.org/web/20031003114303/http://www.hindu.com/thehindu/2003/08/17/stories/2003081702900800.htm. 
  10. "Pak quietly names 453 men killed in Kargil war". 18 November 2010. http://www.rediff.com/news/slide-show/slide-show-1-pak-quietly-names-453-men-killed-in-kargil-war/20101118.htm. 
  11. "Pakistan Army admits to Kargil martyrs". NDTV. http://www.ndtv.com/article/world/pakistan-army-admits-to-kargil-martyrs-67190। আহৰণ কৰা হৈছে: 19 November 2010. 
  12. "Musharraf now has Pak's Kargil toll: 357". Indian Express. 7 October 2006. http://www.indianexpress.com/news/musharraf-now-has-paks-kargil-toll-357/14208/. 
  13. "Kargil probe body had sought Musharraf's court martial". thenews.com. http://www.thenews.com.pk/Todays-News-2-157244-Kargil-probe-body-had-sought-Musharraf%E2%80%99s-court-martial। আহৰণ কৰা হৈছে: 2 February 2013. 
  14. "Tribune Report on Pakistani POWs". The Tribune. http://www.tribuneindia.com/1999/99aug15/nation.htm#9. 
  15. Malik, V. P. (2006). Kargil from Surprise to Victory. HarperCollins. পৃষ্ঠা. 342. ISBN 9788172236359. "According to our intelligence estimates, their Army suffered over 737 casualties, primarily due to our artillery fire." 
  16. Pubby, Manu (19 November 2010). "Kargil: Pak suffered most casualties at Batalik". The Indian Express. https://indianexpress.com/article/news-archive/web/kargil-pak-suffered-most-casualties-at-batalik/lite/. "Indian records say a total of 249 bodies of Pakistani soldiers were recovered during the battle but estimates of total enemy casualties is put around 1000–1200." 
  17. Kanwal, Gurmeet (2009). "Pakistan's Strategic Blunder at Kargil". CLAWS Journal: 72. Archived from the original on 18 August 2019. https://web.archive.org/web/20190818124051/https://www.claws.in/images/journals_doc/1400824835Gurmeet%20Kanwal%20CJ%20SSummer%202009.pdf। আহৰণ কৰা হৈছে: 27 June 2018. "The army recovered 249 dead bodies of Pakistani regular soldiers from the area of operations in Kargil; 244 dead bodies were buried as per military norms with religious rites; five bodies were accepted by Pakistan and taken back". 
  18. "How artillery changed the tide of the Kargil war". The Economic Times. 25 July 2017. https://economictimes.indiatimes.com/news/defence/how-artillery-changed-the-tide-of-the-kargil-war/articleshow/48216559.cms. 
  19. It is also sometimes referred to as Operation Vijay Kargil so as to distinguish it from Operation Vijay, the 1961 operation by the military of India that led to the capture of Goa, Daman and Diu and Anjidiv Islands.
  20. http://>.nic.in/content/op-safed-sagar[সংযোগবিহীন উৎস]
  21. Musharraf, Pervez (2006) (en ভাষাত). In the Line of Fire: A Memoir. Free Press. পৃষ্ঠা. 90-91. ISBN 0-7432-8344-9. 
  22. Nawaz, Shuja, Crossed Swords: Pakistan, Its Army, and the Wars Within, p. 420 (2007)
  23. Tom Clancy; Tony Zinni; Tony Koltz (2004). Battle Ready. Grosset & Dunlap. ISBN 0-399-15176-1. 
  24. "Pak commander blows the lid on Islamabad's Kargil plot". 12 June 2009. http://www.indianexpress.com/news/as-spell-binding-as-the-guns-of-navarone/475330/. 
  25. "Sharif admits he let down Vajpayee on Kargil conflict". The Hindu (Chennai, India). 10 September 2007. http://www.thehindu.com/todays-paper/tp-national/Sharif-admits-he-lsquolet-downrsquo-Vajpayee-on-Kargil-conflict/article14832565.ece.