জাৰ্মানীৰ নাৰী
ইতিহাসৰ পৃষ্ঠাত জাৰ্মান মহিলাসকলৰ ভূমিকা সলনি হৈ অহা দেখা গৈছে৷ কিয়নো তেওঁলোকে বাস কৰা সংস্কৃতি আৰু সমাজখনৰ বিভিন্ন সময়ত বিভিন্ন পৰিৱৰ্তন ঘটিছে। ঐতিহাসিকভাৱে অথবা বৰ্তমান সময়তো জাৰ্মান অঞ্চলসমূহৰ মাজত মহিলাৰ পৰিস্থিতিৰ পাৰ্থক্য দৃষ্টিগোচৰ হৈছে৷ বিশেষকৈ ২০ শতিকাৰ সময়ছোৱাত যেতিয়া পূব জাৰ্মানী আৰু পশ্চিম জাৰ্মানীত দুটা বেলেগ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক সংগঠন আছিল, সেই সময়ত এই পাৰ্থক্য অধিক প্ৰতিফলিত হৈছিল।[2]ইয়াৰ উপৰি দক্ষিণ জাৰ্মানীৰ ইতিহাসত ৰোমান কেথলিক প্ৰভাৱ পৰিলক্ষিত।[3]
শেহতীয়াকৈ জাৰ্মানীতো অন্যান্য পশ্চিমীয়া দেশৰ দৰে অবিবাহিত সহবাস আৰু বৰ্হি-বৈবাহিক জন্মৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।[4] ২০১৪ চনলৈকে জাৰ্মানীত অবিবাহিত মহিলাৰ দ্বাৰা ৩৫% সন্তান জন্ম হৈছে।[5]পূৰ্বৰ পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানীৰ অঞ্চলসমূহৰ মাজত অৱশ্যে লক্ষণীয় পাৰ্থক্য আছে৷ পশ্চিম জাৰ্মানীতকৈ পূব জাৰ্মানীত বৰ্হি-বৈবাহিক জন্মৰ সংখ্যা বেছি৷ পৰিসংখ্যা মতে, ২০১২ চনত পূব জাৰ্মানীৰ ৬১.৬% আৰু পশ্চিম জাৰ্মানীত ২৮.৪% সন্তান অবিবাহিত মহিলাৰ দ্বাৰা জন্ম হৈছিল।
পূব জাৰ্মানীৰ মহিলাসকলক কৰ্মশক্তিত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছিল। কিন্তু পশ্চিম জাৰ্মানীত এগৰাকী মহিলাৰ প্ৰাথমিক ভূমিকা ঘৰতে প্ৰায় সীমাবদ্ধ কৰি থোৱা হৈছিল৷ তেওঁক পৰিয়ালৰ লালন-পালন কৰাৰ দায়িত্ব দিয়া হৈছিল। শেহতীয়া বৰ্ষসমূহত অধিকসংখ্যক মহিলাই উপাৰ্জন কৰিবলৈকে কাম কৰি আছে। বেছিভাগ মহিলা কৰ্মৰত যদিও অধিকাংশই অংশকালীন হিচাপেহে কাম কৰে। [6]সৰু ল'ৰা-ছোৱালী থকা যিসকল মহিলাই নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে প্ৰায়েই সামাজিক সমালোচনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে৷ এইটো মহিলাসকলৰ আন এটা সমস্যা৷[7] [8][9]২০১৪ চনত শাসকীয় মিত্ৰজোঁটে ২০১৬ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ তত্বাৱধায়ক পৰিষদৰ পদসমূহৰ ৩০% মহিলাৰ বাবে সংৰক্ষণ কৰিছে৷ [10]
২০১৩ চনত ৰাষ্ট্ৰসংঘই বিশ্বৰ ২০২ খন অধিকাৰক্ষেত্ৰৰ মাজত সম্পন্ন কৰা এক অধ্যয়ন[11] অনুসৰি জাৰ্মানীত হত্যাৰ বলি হোৱা ৪৭.৩%য়েই মহিলা বুলি পোহৰলৈ আহিছে৷ এই শতাংশটো সকলোবোৰ ন্যায়িক অধিকাৰক্ষেত্ৰৰ ভিতৰতে দশম সৰ্বাধিক আৰু বিশ্বৰ গড় ২১.৩%তকৈও বহু উচ্চত।
অন্যান্য পশ্চিমীয়া আৰু অ-পশ্চিমীয়া দেশৰ তুলনাত জাৰ্মানীত ব্যৱসায়িক নেতৃত্বৰ ভূমিকাত মহিলাৰ সংখ্যা কম৷ আনকি তুৰস্ক, মালয়েছিয়া, নাইজেৰিয়া, ইণ্ডোনেছিয়া, বটছৱানা, ভাৰততকৈও কম।[12]মূল পদত মহিলাৰ উপস্থিতি কম হোৱাৰ এটা কাৰণ হ’ল পূৰ্ণকালীন কামক মহিলাৰ বাবে অনুপযুক্ত বুলি গণ্য কৰা সামাজিক নিয়ম। বিশেষকৈ দক্ষিণ জাৰ্মানী লিংগ ভূমিকা সম্পৰ্কে তুলনামূলকভাৱে অধিক ৰক্ষণশীল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ European Commission. The situation in the EU. Retrieved on 12 July 2011.
- ↑ "Women in Germany's east earn close to what men do. Can we thank socialism for that?". The World from PRX. https://www.pri.org/stories/2017-12-07/women-germanys-east-earn-close-what-men-do-can-we-thank-socialism.
- ↑ "Startseite www.ekd.de". www.ekd.de. https://www.ekd.de/index.htm.
- ↑ Ostner, I. (1 April 2001). "Cohabitation in Germany - rules, reality and public discourses". International Journal of Law, Policy and the Family খণ্ড 15 (1): 88–101. doi:10.1093/lawfam/15.1.88.
- ↑ "Eurostat - Tables, Graphs and Maps Interface (TGM) table". ec.europa.eu. http://ec.europa.eu/eurostat/tgm/table.do?tab=table&plugin=1&language=en&pcode=tps00018। আহৰণ কৰা হৈছে: 17 April 2018.
- ↑ "Part-time work: A divided Europe". europa.eu. http://ec.europa.eu/social/main.jsp?langId=ro&catId=89&newsId=2535&furtherNews=yes। আহৰণ কৰা হৈছে: 17 April 2018.
- ↑ "Part-time work: A divided Europe". europa.eu. http://ec.europa.eu/social/main.jsp?langId=ro&catId=89&newsId=2535&furtherNews=yes। আহৰণ কৰা হৈছে: 17 April 2018.
- ↑ Landler, Mark (23 April 2006). "German fights stigma against working mothers". The New York Times. https://www.nytimes.com/2006/04/23/world/europe/23iht-germany.html.
- ↑ "Baby Blues: German Efforts to Improve Birthrate a Failure". Spiegel Online. 18 December 2012. http://www.spiegel.de/international/germany/study-german-efforts-to-increase-birthrate-a-failure-a-873635.html.
- ↑ "Germany backs female directors quota". BBC News. 26 November 2014. https://www.bbc.com/news/business-30208400.
- ↑ UNDOC Homicide Statistics 2013 used tables: Homicide counts and rates & Percentage of male and female homicide victims Retrieved May-31-2014
- ↑ "Women in business 2015 results". Grant Thornton International Ltd. Home. Archived from the original on 29 March 2017. https://web.archive.org/web/20170329025556/https://www.grantthornton.global/en/press/press-releases-2015/women-in-business-2015/। আহৰণ কৰা হৈছে: 17 April 2018.