বাণ ৰঙ্গমঞ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বাণ ৰঙ্গমঞ্চ
Baan Theatre

পুৰণি বাণ ৰঙ্গ মঞ্চ
প্ৰতিষ্ঠা ১৯০৬
অৱস্থিতি তেজপুৰ, অসম
প্ৰকাৰ সাংস্কৃতিক ক্ষেত্ৰ
তেজপুৰৰ বাণ ৰঙ্গ মঞ্চৰ প্ৰৱেশদ্বাৰ।

অসমশোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ অন্যতম ঐতিহ্যমণ্ডিত কেন্দ্ৰ বাণ ৰঙ্গমঞ্চ। এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়। অসমৰ ভালেকেইগৰাকী বৰণ্যে শিল্পী, কলা-কুশলী তথা নাট্যকাৰৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ বাণ ৰঙ্গমঞ্চতেই হৈছিল। কেইজনমান উল্লেখযোগ্য ব্যক্তি হ’ল সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, ড° ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, নকুল চন্দ্ৰ ভূঞা প্ৰমুখ্যে অনেক মহান শিল্পীয়ে এই মঞ্চতেই সাংস্কৃতিক সাধনা কৰিছিল।

ইতিহাস[সম্পাদনা কৰক]

বাণ ৰঙ্গমঞ্চৰ পিছফাল



কলিকতাৰ কলেজত পঢ়িবলৈ যোৱা জনচেৰেক অসমীয়া ছাত্ৰৰ উদ্যোগত অসমীয়া ভাষাৰ আলোচনী সভা বা অ-ভা-উ-সাৰ জন্ম হয় আৰু ১৮৮৯ চনত কলিকতাৰ পৰাই 'জোনাকী' কাকত প্ৰকাশ হয়। লম্বোদৰ বৰা ডাঙৰীয়া কলিকতাত আছিল। তাৰ পৰা তেখেত তেজপুৰলৈ আহি স্থায়াভাৰে থিতাপি লয়। ১৮৯০ চনৰ ১৩ নৱেম্বৰ দেওবাৰে ঘৰতে এখন সভা পতা হৈছিল। তেতিয়া এই সভাৰ নামো ৰখা হৈছিল 'অসমীয়া ভাষাৰ আলোচনা সভা। ' কলিকতাত জন্ম হোৱা অ-ভা-উ-সাৰ লগত ইয়াৰ কিছু পাৰ্থক্য আছিল আৰু এই নামেৰেই ১৮৯৭ চনৰ ৩১ জানুৱাৰীলৈকে চলি আছিল। পিছত কলিকতাত স্থাপিত 'অসমীয়া ভাষাৰ উন্নতি সাধনী সভা' সেই নামেৰেই আন আন ঠাইতো বিয়পি পৰাত তেজপুৰৰ সভাখনৰো একেই নাম নতুনকৈ ৰখা হয়। তেজপুৰৰ এই সভাৰ গুৰিয়াল আছিল লম্বোদৰ বৰা, পণ্ডিত জয়দেৰ শৰ্মা, কালিনাথ হাজৰিকা, বংশীধৰ বৰুৱা, ঘনকান্ত চলিহা প্ৰভৃতি। এই সভাই জন্মৰ পিছতেই কেইবাটাও ডাঙৰ কাম কৰিবলৈ চেষ্টা কৰিছিল। তাৰ ভিতৰত এটা পুথিভঁৰাল আৰু টাউন হল স্থাপন, হেমকোষ অভিধানৰ কাৰণে আগতীয়াকৈ ধন-সংগ্ৰহ, গ্ৰন্থপ্ৰকাশত সহায়, ছপা আৰু হাতেলিখা পুথিৰ তালিকা প্ৰনয়ণ, পুৰণি পুথিৰ সংৰক্ষণ আদি কামেই প্ৰধান। প্ৰথম আৰু দ্বিতীয় বছৰত এই সভাৰ বিশেষ উৎসৰে। হৈছিল্ল বুলি জনা যায়। দ্বিতীয় বছৰৰ প্ৰথম অধিবেশনৰ পিছতে লম্বোদৰ বৰা ডাঙৰীয়া স্বৰ্গী হয়। তেখেতৰ মৃত্যুত সভাখনৰ অপূৰণীয় ক্ষতি হল যদিও সভাৰ কাম চলিয়েই থাকিল। এই সভাই এটা নামঘৰ সজাৰো কাম হাতত লৈছিল আৰু পুৰণি গীত-মাত আদি নতুন সাজেৰে উলিয়াবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ উপৰিও বিশেষ অধিবেশন পাতি সেই সময়ৰ তেজপুৰীয়া ৰাইজে সাহিত্য, সঙ্গীত আদিৰ বিষয়ে বহল আলোচনা কৰিছিল। [1] তেজপুৰত থলুৱা অসমীয়া লোকৰ সংখ্যা তাকৰ হোৱা বাবে সেই সময়ত অসমীয়া আৰু বঙালীসকলে লগ লাগি বৰ্তমানে বঙালী ৰঙ্গমঞ্চ থকা ঠাইতে ৰাজহুৱা দুৰ্গাপূজা পাতিছিল। সেই পূজা উপলক্ষে কলিকতাৰ পৰা বঙলা যাত্ৰা অভিনয়ৰ দল, বাই নাচ, খেমটা নাচ আদি অনা হৈছিল। সেই সময়ত বঙালী মুখিয়াল লোকসকল আছিল নাৰায়ণ বাবু, অমূল্য বাবু, অনুকূল বাবু, সনৎকুমাৰ ঘোষ, মনোমোহন লাহিড়ী, শ্যামাচৰণ বাবু প্ৰভৃতি। এওঁলোকৰ যত্নতে তেজপুৰত প্ৰথম অবৈতনিক নাট্য- সমাজ গঠিত হয়। ৰাইজৰ পৰা দান-বৰঙণি তুলি অভিনয়ৰ বাবে ৰঙ্গমঞ্চ সাজিবলৈ সিদ্ধান্ত লোৱা হয়। অসমীয়া আৰু বঙালী উভয় দলেই উঠিপৰি লাগি এই মঞ্চ গঢ়াত সহায় কৰে আৰু এটি খেৰৰ পূজাঘৰৰ সৈতে নাটশাল নিৰ্ম্মাণ কৰি ইয়াৰ নাম 'অবৈতনিক নাট্যসমাজ' ৰখা হয়। ১৯০১ চনত এই ৰঙ্গমঞ্চ সম্পূৰ্ণ হয় আৰু প্ৰথমে ইয়াত বঙলা নাট 'সীতাৰ বনবাস' মঞ্চস্থ কৰা হৈছিল। অসমীয়া- সকলৰ পক্ষৰ পৰাও এদিনৰ কাৰণে 'ভ্ৰমৰঙ্গ' নাটৰ অভিনয় কৰা হৈছিল। [2] তাৰ পিছৰ বছৰ 'ৰজা হৰিশ্চন্দ্ৰ' নাট অভিনীত হৈছিল। দুবছৰমানলৈ এইদৰে পূজাৰ সময়ত অসমীয়া আৰু বঙালীসকলে সমিল মিলভাবে অভিনয় কৰিছিল। বঙালীসকলৰ অভিনেতা আছিল-নাৰায়ণ বাবু, অমূল্য বাবু, শৈলেন গোস্বামী, অনুকূল বাবু আদি। অসমীয়া অভিনেতাসকলৰ ভিতৰত নামজ্বলা আছিল- ৰাধাকান্ত দাস, তাৰিণী ভট্টাচাৰ্য্য, ভূৰাম ভূঞা, যোগেশ্বৰ ফুকন, দেৱেশ্বৰ চলিহা (যোৰহাট), চম্পকধৰ বৰুৱা, ৰামেশ্বৰ বৰুৱা (যোৰহাট), বোধনাথ পটঙ্গীয়া,সোণাৰাম পটঙ্গীয়া, পদ্মনাথ গোহাঞিবকৰা প্ৰভৃতি। এই সময়ত কলিবাৰী অঞ্চলত লক্ষ্মীকান্ত দাসদেৱৰ ঘৰত দুৰ্গাপূজা পতা হয়। কলেজৰ বন্ধত তেতিয়াৰ কলেজীয়া ছাত্ৰসকলে তেজপুৰৰ ঘৰলৈ উভতি আহি লক্ষ্মীকান্ত দাসদেৱৰ চ'ৰাঘৰত 'হৰিশ্চন্দ্ৰ' নাটৰ অভিনয় কৰে। তেওঁলোকে বঙলাৰ পৰা অনুবাদ কৰা নাটকৰো অভিনয় কৰিছিল। তাৰ আগেয়ে পূজা উপলক্ষে তেজপুৰলৈ দেৰগঞা নাচনী নাইবা মণিপুৰীয়া নাচনী দল আহি নাচিছিল। মাজেসময়ে ভাওনাও হৈছিল। তেতিয়া তেজপুৰত যি চাৰিখন দুৰ্গাপূজা হৈছিল তাৰ ভিতৰত ভৱানীচৰণ ভট্টাচাৰ্য্যৰ ঘৰৰ দুৰ্গাপূজা উল্লেখযোগ্য। ভট্টাচাৰ্য্য নিজেও এজন ভাল অভিনেতা আছিল। সেই সময়ত তেজপুৰত প্ৰৱসুৱা চাকৰিয়ালসকলৰ ভিতৰত আছিল গুৱাহাটীৰ, কৃষ্ণচন্দ্ৰ চৌধাৰী আৰু যোৰহাটৰ ৰাধানাথ ফুকন ডাঙৰীয়া। এওঁলোক দুজন তেতিয়া তেজপুৰৰ হাকিম। কৃষ্ণচন্দ্ৰ চৌধাৰীৰ চ'ৰাঘৰত 'প্ৰায়ে সন্ধিয়া স্থানীয় ভদ্ৰলোক আৰু চাকৰিয়াল দুই এজন গোট খাইছিল। এখেতসকলে ঘাইকৈ অসমীয়া সাহিত্য, নাটক আদিৰ বিষয়ে আলোচনা কৰিছিল। [3] ১৯০৬ চনৰ দুৰ্গাপূজাত অবৈতনিক নাট্যসমাজৰ পৰা জনচেৰেক অসমীয়া ভদ্ৰলোকক মাথোঁন 'পাছ' দি অভিনয় চাবলৈ নিমন্ত্ৰণ কৰা হৈছিল। এই নিমন্ত্ৰিত লোকসকলেও গৈ বহিবলৈ যথাযোগ্যভাৰে আসন নোপোৱাত অসমীয়া আৰু বঙালীসকলৰ মাজত মনোমালিন্যৰ সূত্ৰপাত হয়। পিছদিনাই অসমীয়া ভদ্ৰলোক- সকলে লগ লাগি আলোচনা কৰি এটা সুকীয়া নামঘৰ সাজিবলৈ প্ৰস্তাৰ গ্ৰহণ কৰিলে আৰু তাৰ শুভ ফল স্বৰূপেই প্ৰায় চাৰে তিনি হেজাৰ টকা খৰচ কৰি এটা নামঘৰ সজা হল আৰু সেই নামঘৰেই ৰঙ্গমঞ্চৰ গঢ় ললে। এই ঘৰ কেনেকৈ সজা হৈছিল তাৰ বিতং বিষৰণ এজন প্ৰধান উদ্যোক্তা ড° ৰাধানাথ ফুকন ডাঙৰীয়াৰ পৰা পোৱা মতে এই পুথিৰ দ্বিতীয় খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। [4]

১৯০৭ চনত তাতেই অসমীয়। ৰাজহুৱা দুৰ্গাপূজাও আৰম্ভ হয়। সেই বহুৰ ভাওনা আৰু মঙলদৈ বেগামুখৰ যাত্ৰাভিনয় অনুষ্ঠিত হৈছিল। বেণুধৰ ৰাজখোৱা ডাঙৰীয়া তেতিয়া মঙলদৈত আছিল। তেৰেই বেগামুখৰ যাত্ৰাদলটো পঠাইছিল। শ্ৰীশ্ৰীশঙ্কৰদেৱৰ তিথিৰ দিনা পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱৰ ঘৰত অসমীয়া গণ্যমান্য লোকসকল সম্মিলিত হৈছিল। আমাৰ গানবোৰ বৰগীতৰ সুৰীয়াই হব লাগে নে বঙলা বা হিন্দী গীতৰ আৰ্হিৰে হব লাগে সেই বিষয়ে আলোচনা কৰা হৈছিল। সেইমতে প্ৰকৃত ৰাগ-বাগিণীৰে বৰগীত বুলি বৰপেটা আৰু কমলাবাৰী সত্ৰৰ পৰা কিন্তু কোনো আগবাঢ়ি নহাত পুনৰ জাননী গালে কেনে হয় পৰীক্ষা কৰি চাবলৈ গায়ন আনিবলৈ যত্ন কৰা হৈছিল। দিও বৰপেটা আৰু কমলাবাৰীৰ পৰা কাকো পোৱা নগল। পিছত কলিয়াবৰ অঞ্চলৰ পৰা কেইজনমান মহন্তই গীত গাই শুনালেহি। পিছে তেওঁলোকৰ গীতৰো তাল-মান ঠিক পোৱা নগল। পুৰণি অসমীয়া গীত সঙ্কলনৰ কাৰণে স্থানীয় ৰাইজে চাৰিশ টকালৈকে তুলি দিহলৈ গাত ললে। পিছে সেই বিষয়ত 448/648 নানা অসুবিধা হোৱাৰ কাৰণে সঙ্গীত ওজা লক্ষ্মীৰাম বৰুৱা দায়িত্ব অৰ্পণ কৰা হয়। তাৰ ফলতেই বৰুৱা ডাঙৰীয়াৰ বহু সাধনাৰ ফল 'সঙ্গীত-কোষ' আৰু 'সঙ্গীত-সাধনা' নামৰ অমূল্য গ্ৰন্থ দুখনি প্ৰকাশ হয় (১৯০৭)। [5]

অ-ভা-উ-সাৰ নামঘৰ সম্পূৰ্ণ হোৱালৈকে তাৰ কোনো নামকৰণ হোৰা নাছিল। অৱশ্যে এই নামঘৰে ৰঙ্গমঞ্চৰ গঢ় লোৱাত সাধাৰণতে তাক অসমীয়া ৰাইজৰ থিয়েটাৰ ঘৰ বুলি কোৱা হৈছিল। ১৯০৮ চনৰ ৭ অক্টোবৰ তাৰিখে অসমীয়া থিয়েটাৰৰ প্ৰথম অধিবেশন বহে। সেই সভাৰ সভাপতি আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামী আৰু প্ৰধান আলোচ্য বিষয় আছিল থিয়েটাৰ ঘৰৰ নামকৰণ। সেই সভাত এই. ৰঙ্গমঞ্চৰ নাম 'ভৈৰবী থিয়েটাৰ' ৰাখিবলৈ স্থিৰ কৰা হয় আৰু পদ্মনাথ গোহাঞি- বৰুৱাক সম্পাদক পতা হয়। বেণুধৰ ৰাজখোৱা ডাঙৰীয়াৰ 'নাটঘৰৰ অভিজ্ঞতা' নামৰ প্ৰবন্ধৰ পৰা জনা যায় যে তেজপুৰত অভিনয় হোৱা প্ৰথম নাটখনি আছিল 'সান্নিত্ৰী-সত্যৰান'। এই নাট ৰজনীকান্ত বৰদলৈ, গোপালকৃষ্ণ দে আৰু কনকলাল বৰুৱাই লগ লাগি লিখি উলিয়াইছিল গুৱাহাটীৰ নাটশালৰ বাবে। তাত অভিনয়ো হৈছিল। দুখৰ বিষয় নাটখনি বিলুপ্ত হল।[6]

সেই বছৰে ১৭ অক্টোবৰ তাৰিখে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সভা- পতিত্বত দ্বিতীয়খন সভা বহিছিল। সেই সভাত আগৰ সিদ্ধান্ত সলনি কৰি এটা প্ৰস্তাৱত কোৱা হয় যে এই ঘৰৰ নাম ভৈৰবী থিয়েটাৰ হওক বুলি আগৰ সভাই প্ৰস্তাৱ লৈছিল কিন্তু কোনো কোনোৰে এই নামত সাম্প্ৰদায়িক ধৰ্ম্মৰ ছাট পৰিছে বুলি আপত্তি কৰাত সৰহ ভাগ সমজুৱাৰ মত লৈ এই নাট্যমঞ্চৰ নাম ৰখা হয় 'বাণ থিয়েটাৰ'। বাণ থিয়েটাৰৰ আৰম্ভণিতে ১৯০৬ চনত 'কৰ্ণ বধ' অভিনয় হয়। ১৯০৭ চনত পদ্মনাথ গোহাঞি বৰুৱা এই থিয়েটাৰৰ সম্পাদক নিযুক্ত হয়। তেতিয়া তেজপুৰৰ অ-ভা-উ-সাৰ সম্পাদক আছিল তাত থকা নৰ্ম্মাল স্কুলৰ অধ্যক্ষ দুৰ্গাধৰ বৰকটকী। বৰকটকীদেৱ তেজপুৰৰ পৰা বদলি হোৱাত সেই সভাৰ সম্পাদ- কৰ বাবো গোহাঞিবৰুৱায়েই লবলগীয়া হয়। ইয়াৰ পিছত 'ৰজা হৰিশ্চন্দ্ৰ' নাট অভিনীত হৈছিল। সেই অভিনয়ত ৰাধাকান্ত দাসে হৰিশ্চন্দ্ৰৰ আৰু গোহাঞি বৰুৱাই বিশ্বামিত্ৰৰ ভাও লৈছিল। ১৯০৭ চনত বাণ মঞ্চৰ পক্ষ পৰা অনুৰোধ জনোৱাত গোহাঞিবৰুৱাই নাট্যমঞ্চৰ নামৰ লগত সম্বন্ধ থকা 'বাণ ৰজা' নাট ৰচনা কৰে। প্ৰথমে এই নাটখন বৰ দীঘল আছিল, পিছত কিছু ছুটী কৰি ছপা কৰা হয়। [7]

সেই সময়ত বিজুলীচাকে নথকাত পূৰ্বৰ ভাওনাৰ নিয়ম অনুযায়ী আঁৰিয়া কাপোৰ ব্যৱহাৰ কৰাৰ লগতে পেট্ৰোমাস্ক লেম ব্যৱহাৰ কৰা হৈছিল। পেট্ৰোমাস্ক ওলোৱাৰ আগতে প্ৰথম কেইবছৰমান আগত ডাঙৰ মাটিৰ চাকি বা কোমোৰা খুলি তাত তেল-শলিতা দি বস্তিৰ ব্যৱস্থা কৰা হৈছিল। তাৰ পিছত ডলালেমেৰে পোহৰৰ ব্যৱস্থা কৰা হৈছিল। প্ৰথম নাটঘৰত আন দৃশ্যপট নথকাত কাগজত নানা দৃশ্যপট আঁকি দৃশ্যপটৰ কাম চলোৱা হৈছিল। শ্ৰীবিষ্ণু ৰাভাৰ দেউতাক ছৰ্দাৰ গোপালচন্দ্ৰ ৰাভা তেতিয়া ঢাকাত আছিল। তেওঁ নাটঘৰত সমস্ত দৃশ্যপট আদি ঢাকাৰ শিল্পীৰ হতুৱাই আঁকাই বাণ মঞ্চলৈ পঠাই দিছিল। গোপাল ৰাভাদেৰেও বাণমঞ্চ নিৰ্মাণত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছিল। [8]

বিভিন্ন অভিনয়[সম্পাদনা কৰক]

১৯০৮ চনত বিখ্যাত 'হেমপ্ৰভা' নাটক অভিনয় কৰা হয়। সেই সময়ত বলীন্দ্ৰ বকৰা, গুণীন্দ্ৰ শৰ্মা আদি আগশাৰীৰ অভিনেতা আছিল। 'ভ্ৰমৰঙ্গ' আৰু 'মহৰী' বাণ ৰঙ্গমঞ্চত অভিনীত হোৱা প্ৰথম ধেমেলীয়া অভিনয়। মহৰী নাটৰ অভিনয়ত ভাও লৈছিল ডাক্তৰ কামিনীকান্ত দাস (ভেকোলা), পদ্মনাথ গোহাঞিবকয়ৰা (ফক্স চাহাব) আৰু মাকৰী মেমৰ ভূমিকাত ওলাইছিল উমা সিংহ। ইয়াৰ পিছৰ বছৰ অভিনয় কৰিবলৈ চন্দ্ৰনাথ শৰ্ম্মাই 'কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণ' নাট বঙলাৰ পৰা তৰ্জমা কৰে। সেই নাটৰ অভিনয়ত বিভিন্ন অভিনয় ভাও লৈছিল অসমৰ অন্যতম শ্ৰেষ্ঠ ভাৱৰীয়া বোধনাথ পটঙ্গীয়া, ডাক্তৰ কামিনীকান্ত দাস, তেতিয়াৰ কলেজীয়া ছাতৰ শ্ৰীঅন্নদাকুমাৰ পদ্মপতি আদিয়ে। সেই বছৰতে চন্দ্ৰনাথ শৰ্ম্মা আৰু শ্ৰীবসন্তকুমাৰ বৰুৱাই বঙলাৰ পৰা অনূদিত 'ছাজাহান' নাটৰ অভিনয় হয়। সেই অভিনয়ত চন্দ্ৰনাথ শৰ্ম্মা (ছাজাহান), বোধনাথ পটঙ্গীয়া (ঔৰংজাৰ), ডাঃ কামিনীকান্ত দাস (দাৰা), সুবেন দাস (চুজা), গুণাৰাম শৰ্ম্মা (মোৰাদ), ভৱানন্দ শৰ্ম্মা (জাহানাবা) আদি অৱতীৰ্ণ হৈছিল। পিছৰ অভিনয়ত চন্দ্ৰনাথ শৰ্ম্মা আৰু ডাঃ শ্ৰীললিতচন্দ্ৰ চৌধুৰীয়েও জাহানাৰাৰ ভূমিকাত নামিছিল। ইয়াৰ উপৰিও 'মেৱাৰ পতন', 'ৰাণা প্ৰতাপ' আদি অনূদিত নাটকৰো সেই সময়তে অভিনয় লৈছিল। বোধনাথ পটঙ্গীয়াই 'চন্দ্ৰগুপ্ত' নাটৰ চাণক্যৰ ভূমিকাত চাঞ্চল্যকৰ অভিনয় কৰি বিশেষ যশস্যা আৰ্জিছিল। ডাক্তৰ কামিনীকান্ত দাস কালিচৰণ ভট্টাচাৰ্য্য, দিলীপচন্দ্ৰ দাস (ছিলং), চন্দ্ৰনাথ শৰ্ম্মা আদি তেতিয়াৰ প্ৰখ্যাত ভাৱৰীয়া আছিল। সেই সময়ত অগ্নিঋষি কমলাকান্ত ভট্টাচাৰ্য্য ডাঙৰীয়াও বাণমঞ্চৰ সক্ৰিয় সভ্য আছিল। কুমুদেশ্বৰ বৰঠাকুৰদেৱ তেতিয়া অ-ভা-উ-সাৰ সম্পাদক। গোহাঞি বৰুৱাৰ সম্পাদিত 'অসমবস্তি'ত নিয়মিতভাৱে বাণমঞ্চৰ অভিনয় আৰু তেজপুৰ অ-ভা-উ-সাৰ বাতৰি প্ৰকাশ হৈছিল। [9]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 431
  2. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 432
  3. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 433
  4. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 433
  5. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 434
  6. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 434
  7. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 435
  8. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 435
  9. Manchalekha, Ed. 1st. by: Hazarika, Atul Chandra. page: 435-436