বৰবালি বগুৱা
(বৰবালি বগুৱা) Wood Sandpiper | |
---|---|
মহাৰাষ্ট্ৰত বৰবালি বগুৱা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
উপশ্ৰেণী: | Neornithes |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Scolopacidae |
গণ: | Tringa |
প্ৰজাতি: | T. glareola |
বৈজ্ঞানিক নাম | |
Tringa glareola Linnaeus, 1758 | |
সমাৰ্থক | |
Rhyacophilus glareola (Linnaeus, 1758) |
বৰবালি বগুৱা (ইংৰাজী: Wood Sandpiper, বৈজ্ঞানিক নাম-Tringa glareola) এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। ই 'wader' গোটৰ অন্তৰ্ভুক্ত।
বিৱৰণ
[সম্পাদনা কৰক]বৰবালি বগুৱাৰ ঠৌঁট চুটি, ঠেং দীঘল আৰু হালধীয়া আৰু পিঠি অংশ মটিয়া হোৱা দেখা যায়। [2][3]
বিতৰণ
[সম্পাদনা কৰক]বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে। ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰে বুলিও জনা যায়। তদুপৰি অক্টোবৰ আৰু মে মাহত ইয়াক বিভিন্ন প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূ্হতো দেখা পোৱা যায়। [4]
বাসস্থান
[সম্পাদনা কৰক]বৰবালি বগুৱা এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে প্ৰব্ৰজনকাৰী আৰু স্থানীয় চৰাই হিচাপে বিভিন্ন জলাশয় সমূহত চৰা দেখা পোৱা যায়।
আচৰণ
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়। পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য।
প্ৰজনন
[সম্পাদনা কৰক]ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়। [2] মাৰ্চৰ পৰা মে মাহৰ ভিতৰত ই কণী পাৰে। এবাৰত সাধৰণতে চাৰিটা কণী পাৰে। কণীবোৰ শেঁতা সেউজীয়া বৰণৰ হয়।
স্থিতি তথা সংৰক্ষণ
[সম্পাদনা কৰক]বৰবালি বগুৱাৰ বহুল বিস্তৃতিৰ প্ৰতি লক্ষ্য ৰাখি আই. ইউ. চি. এন. এ ইয়াক সংকটৰ পৰা মুক্ত (Least Concern) বুলি স্বীকৃতি দিছে। [5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Tringa glareola". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003025। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ 2.0 2.1 Hayman et al. (1986)
- ↑ Hayman et al. (1986), Pereira & Baker (2005)
- ↑ Hayman et al. (1986), Wiles et al. (2000), VanderWerf (2006), VanderWerf et al. (2006)
- ↑ BLI (2008)
ৱিকিমিডিয়া কমন্সত বৰবালি বগুৱা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
লগতে চাওক
[সম্পাদনা কৰক]- Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
- Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor 107(3): 514–526. DOI:10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO; 2 PDF fulltext
- VanderWerf, Eric A. (2006): Observations on the birds of Kwajalein Atoll, including six new species records for the Marshall Islands. Micronesica 38(2): 221–237. PDF fulltext
- VanderWerf, Eric A.; Wiles, Gary J.; Marshall, Ann P. & Knecht, Melia (2006): Observations of migrants and other birds in Palau, April–May 2005, including the first Micronesian record of a Richard's Pipit. Micronesica 39(1): 11–29. PDF fulltext
- Wiles, Gary J.; Worthington, David J.; Beck, Robert E. Jr.; Pratt, H. Douglas; Aguon, Celestino F. & Pyle, Robert L. (2000): Noteworthy Bird Records for Micronesia, with a Summary of Raptor Sightings in the Mariana Islands, 1988–1999. Micronesica 32(2): 257–284. PDF fulltext
- Pizzey, Graham and Knight, Frank: The Field Guide to the Birds of Australia. HarperCollins, Sydney. 2012.