ভাস্কৰাচাৰ্য
ভাস্কৰাচাৰ্য (১১১৪-১১৮৫ খ্ৰীষ্টাব্দ) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ কৰ্ণাটকৰ বিজাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ "সিদ্ধান্ত শিৰোমণি" (১১৫০ খ্ৰী:) আৰু "কৰণ কৌতুহল" (১১৭০ খ্ৰী:) নামৰ দুখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল। সিদ্ধান্ত শিৰোমণি চাৰিটা ভাগত বিভক্ত আছিল- লীলাৱতী, বীজগণিত, গ্ৰহগণিত আৰু গোলাধ্যায়।[1]পাটীগণিত, বীজগণিত আদিৰ কিছুমান বুনিয়াদী সূত্ৰ, অসীম সংখ্যাৰ ধাৰণা আৰু তাৎপৰ্য, সৰল আৰু দ্বিঘাত সমীকৰণৰ চৰ্চা, গোলক সম্পৰ্কীয় অধ্যয়ন আদি এওঁৰ উল্লেখযোগ্য অৱদান।[2] তেওঁক মধ্যযুগীয় ভাৰতৰ সৰ্বশ্ৰেষ্ঠ গণিতজ্ঞ বুলি অভিহিত কৰা হয়।[3]
ভাস্কৰাচাৰ্যই আইজাক নিউটন আৰু লেইব্নিজতকৈ প্ৰায় পাঁচশ বছৰ আগতেই কলন গণিতৰ ব্যাখ্যা আগবঢ়াইছিল। কলন গণিতৰ সূত্ৰৰ ব্যৱহাৰেৰে তেওঁ জ্যোতিৰ্বিজ্ঞান গাণিতিক সমস্যা সমাধানৰ চেষ্টা কৰিছিল।[4]
ভাস্কৰাচাৰ্য আৰু প্ৰাচীন ভাৰতৰ আন এজন গণিতজ্ঞ ভাস্কৰৰ সন্মানাৰ্থে ১৯৮১ চনৰ ২০ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ভাস্কৰ ২ নামৰ কৃত্ৰিম উপগ্ৰহ নিক্ষেপ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Poulose, K. G. (সম্পাদনা) (১৯৯১). Scientific heritage of India, mathematics, Volume 22 of Ravivarma Samskr̥ta granthāvali. Govt. Sanskrit College (Tripunithura, India). পৃষ্ঠা. ৭৯.
- ↑ দাস, ভুবনমোহন (সম্পাদনা) (১৯৮৭). প্ৰাথমিক বিজ্ঞান কোষ- চতুৰ্থ খণ্ড. প্ৰকাশক গুৱাহাটী: অসম বিজ্ঞান সমিতি. পৃষ্ঠা. ৫৮.
- ↑ Chopra, Pran Nath (১৯৮২). Religions and communities of India. Vision Books. পৃষ্ঠা. ৫২. ISBN 978-0-85692-081-3.
- ↑ Seal, Sir Brajendranath (১৯১৫). The positive sciences of the ancient Hindus. Longmans, Green and co.. পৃষ্ঠা. ৮০.