সমললৈ যাওক

ৱিকিচ'ৰা:ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পৰ্কীত চ'ৰাসমূহ: এটলাছ · এছিয়া

মূখ্য পৃষ্ঠা   সন্ধান   ঐক আৰু প্ৰদৰ্শন
সম্পাদনা
ৱিকিচ'ৰা ভাৰত
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা
পৃথিৱাৰ মানচিত্ৰত ভাৰতৰ অৱস্থান
চমুপথবোৰ:
P:IN
WP:PIN

ভাৰত, দেশৰ চৰকাৰী নাম ভাৰতীয় প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of India)। এইখন দক্ষিণ এছিয়াত অৱস্থিত এখন ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱসাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মূঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭৫১৭ কিলোমিটাৰ (৪৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰ সমূহ হ'ল: পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰুভূটান, পূবেবাংলাদেশ আৰুম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰুইন্দোনেচিয়া ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈনধৰ্ম আৰুশিখধৰ্মৰ উৎপত্তি ভাৰতত। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দত খ্ৰীষ্টান ধৰ্ম, ইহুদি ধৰ্ম, যৰৃখ্ৰীষ্টীয় আৰু ইছলাম ধৰ্ম ভাৰতত প্ৰবেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰবেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত বৃটিছ যুক্তৰাষ্ট্ৰৰ উপনিবেশত পৰিণত হয়। অবশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

নিৰ্বাচিত প্ৰবন্ধ

চাণক্য (ইং: Chanakya, খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও অভিহিত কৰা হয়। তেওঁ প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞানৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰ্থশাস্ত্ৰৰ ৰচনা কৰিছিল। তেখেতক ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ জনক, আৰু তেওঁৰ কৰ্মৰাজিক ধ্ৰুপদী অৰ্থনীতিৰ পথপ্ৰৱৰ্তক বুলি বিবেচনা কৰা হয়। গুপ্ত ৰাজবংশৰ শাসনৰ শেষ ফালে তেওঁৰ গ্ৰন্থখন হেৰাই যায়। এইখন আকৌ আবিষ্কৃত হয় ১৯১৫ খ্ৰীষ্টাব্দত। তেওঁ প্ৰাচীন তক্ষশীলা বিশ্ববিদ্যালয়ত অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতিৰ অধ্যাপক আছিল। তেওঁ তৰুণ চন্দ্ৰগুপ্তক শিক্ষা প্ৰদান কৰিছিল আৰু মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্থানত তেৱেঁই প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। লিখিতৰূপত পোৱা তথ্য মতে মৌৰ্য সাম্ৰাজ্যই আছিল ভাৰতীয় উপমহাদেশৰ প্ৰথম সৰ্বভাৰতীয় সাম্ৰাজ্য। চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ পুত্ৰ বিন্দুসাৰৰ ৰাজ-উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কিছু সময়লৈ অশোকৰো মাৰ্গদৰ্শক আছিল। প্ৰাচীন ভাৰতৰ ইতিহাসত তেওঁৰ অৰ্থনীতি তত্ত্বই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।(বিতংকৈ পঢ়ক...)

নিৰ্বাচিত চিত্ৰ

বাতৰি

জুন ২০১৫

  • ৪ জুনত মণিপুৰৰ এটা সন্ত্ৰাসবাদী আক্ৰমণত ২০ জন সেনা জোৱান নিহত আৰু ১১ জন আহত হয়। এন.এছ.চি.এন.-খাপলাং গোটে এই আক্ৰমণ সংঘটিত কৰিছিল।

মে ২০১৫

আপুনি জানেনে...

ভাৰত হৈছে বিশ্বৰ সকলোতকৈ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ।


শূণ্য সংখ্যাটো ভাৰতৰ গণিতজ্ঞ তথা জ্যোতিৰ্বিদ আৰ্যভট্টই আবিস্কাৰ কৰিছিল।


বীজগণিত, ত্ৰিকোণমিতি আৰু কলনগণিত ভাৰতত উদ্ভৱ হৈছিল। 'স্থানীয় মান পদ্ধতি' আৰু 'দশমিক পদ্ধতি' প্ৰায় খ্ৰীষ্ট পূৰ্ৱ ১০০ত ভাৰতত বিকাশ হৈছিল।


গুপ্ত সাম্ৰাজ্যৰ সময়ত ভাৰতত দবা খেলৰ উদ্ভৱ হৈছিল।


ভাৰতীয় ৰেলৱেত প্ৰায় এক নিযুতকৈও অধিক কৰ্মচাৰী নিয়োজিত হৈ আছে, ই বিশ্বৰ এটা সৰ্ববৃহৎ নিয়োগ স্থলী।

ভাৰত বিশ্বৰ তৃতীয় বৃহৎ আৰু দ্ৰুত উন্নয়নশীল অৰ্থনীতিৰ দেশ।

শ্ৰেণীসমূহ

ভাৰত সম্পৰ্কীয় বিষয়সমূহ

সম্পৰ্কীত চ'ৰাসমূহ

ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াসমূহ

সম্পৰ্কীত ৱিকিমিডিয়া

এই বিষয়ত তলত দিয়া ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য আছে:

কমন্স
মেডিয়া

ৱিকিবাৰ্তা 
বাতৰি

ৱিকিউক্তি 
উক্তি

ৱিকিউৎস 
লেখা

ৱিকিভাৰ্চিটি
শিকন সমল

ৱিকিভয়েজ 
ভ্ৰমণ সহায়িকা

ৱিকিঅভিধান 
সংজ্ঞা

ৱিকিতথ্য 
তথ্য

ৱিকিপ্ৰজাতি 
প্ৰজাতি

কেশ্ব পৰিস্কাৰ কৰক