আহলে হাদিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আহলে হাদিছ, বা আহল-ই-হাদিছ হ'ল ফাৰ্চী শব্দ, বা আছহাবুল হাদিছ (আৰবী: Ahl al-ḥadīth; أهل الحديث) অথবা (Aşḥāb al-ḥadīth; أصحاب الحديث) যাৰ শব্দিক অৰ্থ হ'ল, হাদিছৰ বিশেষজ্ঞ। পাৰিভাষিক অৰ্থ হ'লঃ ছহীহ,জঈফ,জাল সকলো হাদিছৰ নিৰপেক্ষ সংৰক্ষণকাৰী। কোৰআনক আল্লাহে নিজেই বহুত ঠাইত হাদিছ বুলিছে[1] আৰু হাদিছৰ শব্দিক অৰ্থ বাণী, যিহেতু ৰাছুল মুহাম্মাদ(ছাঃ)ৰ বাণী হৈছে হাদিছ, সেয়েহেই সকলো মিলাই আহলে হাদিছ বা আছহাবুল হাদিছৰ অৰ্থঃ হাদীছ বিশেজ্ঞ্য যি সকলে হাদীছ সমূহ সংৰক্ষণ কৰি থৈ গৈছে।

পূৰ্ববৰ্তী আলিমসকলৰ অভিমত, এইসকল হ'ল মুছলিম উম্মাহৰ মাজৰ এনেকুৱা এটা দল যিসকলে কোৰআন আৰু হাদিছৰ অনুসৰণ কৰিছে। কিছুমানে নিজকে আহলে হাদিছ (আহল আল-হাদিছ) বা ছালাফি মতবাদ বুলি মাতিলেও, বহুতে ইয়াক ওৱাহাবি মতবাদৰ এটা প্ৰকৰণ বুলি দাবি কৰে[2][3] ইয়াৰ অনুসাৰীসকলৰ ওয়াহাবি[4] নামেৰে চিহ্নিত কৰে।[5][6][7]

সিহঁতে প্ৰসিদ্ধ চাৰি মাজহাবৰ ইমাম, ইমাম আবু হানিফা (ৰহঃ), ইমাম মালিক (ৰহঃ), ইমাম শ্বাফী(ৰহঃ), ইমাম হাম্বল (ৰহঃ) সহ সকলো মুজতাহিদসকলৰ ফতোয়াক গুৰুত্বৰ সৈতে বিবেচনা কৰে, কিন্তু নিজৰ পছন্দৰ ওপৰত চলে।

সিহঁতৰ আৰু বৈশিষ্ট্য দেখা যায়, সিহঁতে কোৰআন আৰু ছহীহ হাদিছক সৰ্ব প্ৰথমে অনুসৰণ কৰাৰ দাবি কৰে[8], তাৰপাছত অস্পষ্ট বিষয়সমূহত ইমামসকল অৰ্থাৎ মুজতাহিদসকলৰ ফতোয়া পৰ্যালোচনা কৰি গ্ৰহণ কৰে। প্ৰকৃতত আহলে হাদিছ মুহাদ্দিছ সকলে হাদিছ শাস্ত্ৰৰ বিভিন্ন পদ্ধতিক কামত লগাই হাদিছৰ চনদ পৰীক্ষা-নিৰীক্ষাৰ পাছত ছহিহ, দুৰ্বল, জাল এইভাবে হাদিছৰ শ্ৰেণী বিভাগ কৰে।

ইতিহাস[সম্পাদনা কৰক]

আনুমানিক ইছলাম আগমনৰ তৃতীয়তম শতাব্দীৰ দিশে সমসাময়িক আইনশাস্ত্ৰৰ আলিমসকলৰ মতামতৰ পৰা মুহাম্মাদ(ছাঃ)ৰ মতাদৰ্শ বা হাদিছৰ ওপৰত অধিক জোৰ দিয়াৰ মাধ্যমেৰে এই মতবাদৰ সূচনা হয়।[8] ৯ম শতাব্দীত মুতাজিলা মতবাদৰ বিৰোধিতাৰ মাধ্যমেৰে এই মতবাদৰ উদ্ভৱ ঘটে।[9] কেভিন জাকুয়েচৰ মতে, আহলে হাদিছসকল খলিফা ইয়াজিদ কৰ্তক সংগঠিত হত্যাকাণ্ডৰ প্ৰতিক্ৰিযা হিচাপে এটা ধৰ্মীয় ইতিবাচক ব্যাখ্যাৰ উন্মেষ ঘটাইছে।[10] অধ্যাপক "চেৰিল গ্লাচ" এ ইবনে হাজমক আহলে হাদিছ মতবাদৰ আটাইতকৈ ডাঙৰ দাৰ্শনিক আৰু ধৰ্মতাত্ত্বিক বুলি ভাবে।[7] ইবনে তাইমিয়া[11], আল জাহাবি[12], আহমাদ ইবনে হাম্বল, ইবনে কাইম আল জাওয়াজিয়া[13], মুহাম্মাদ আল বুখাৰি, ইবনে হাজাৰ আস্কালানি[14], কাজই আইয়াদসহ আৰু বহুতেই এই মতবাদক প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সমৰ্থন আৰু সহযোগিতা কৰিছে। এই মতবাদৰ অনুসাৰীসকলে নিজক খলিফায়ে ৰাশ্বিদুনৰ মতবাদৰ অনুসাৰী বুলি ভাবে।

দক্ষিণ এছিয়া[সম্পাদনা কৰক]

বিভিন্ন ইতিহাসবিদ সকলৰ তথ্য অনুযায়ী জনা যায় যে, ভাৰতত ব্ৰিটিছ বিৰোধী আন্দোলনত আহলে হাদিছ সকলে অগ্ৰণী ভূমিকা পালন কৰিছিল।

"জমিয়তে আহলে হাদিছ" ১৯৪৮ চনত ভাৰতবৰ্ষত প্ৰতিষ্ঠা হয়। বাংলাদেশত আহলে হাদিছৰ দুটা সংগঠনক দেখা পোৱা যায়, যিসকলে ধৰ্ম প্ৰচাৰৰ কাম কৰি থাকে।[15] এটা,[16] ১৯৬০ চনত বঙালী একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম সাহিত্যিক আল্লামা আব্দুল্লাহেল কাফী আল কোৰায়েশ্বীৰ মাধ্যমেৰে আৰু অন্য সংগঠনটো হ'ল "আহলে হাদিছ আন্দোলন বাংলাদেশ", যিটো ১৯৯৪ চনত ৰাজশাহী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক মুহাম্মাদ আছাদুল্লাহ আল গালিবএ প্ৰতিষ্ঠা কৰে।

বৈশিষ্ট্য[সম্পাদনা কৰক]

মুছলিমসকলে বিশ্বাস কৰে যে,আহলেহাদীছ্ কোনো ধৰ্মৰ, জাতিৰ বা কোনো সম্প্ৰদায়ৰ নাম নহয়, এইটো মুছলিমসকলৰ এটি গুণগত বা বৈশিষ্ট্যগত নাম মাত্ৰ।

ফাৰছী সম্বন্ধ পদত 'আহলে হাদীছ্' আৰু আৰবী সম্বন্ধ পদত 'আহলুল হাদীছ্'ৰ আভিধানিক অৰ্থঃ হাদীছৰ অনুসাৰী; আৰু পাৰিভাষিক অৰ্থত, "কুৰআন আৰু ছহীহ্ হাদীছৰ নিৰপেক্ষ অনুসাৰী। " যিয়ে জীৱনৰ সৰ্বক্ষেত্ৰত পবিত্ৰ কুৰআন আৰু ছহীহ্ হাদীছৰ সিদ্ধান্তক নিঃচৰ্তভাৱে মানি লব আৰু মুহাম্মাদ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবায়ে কিৰামৰ তৰীক্কা অনুযায়ী নিজৰ সাৰ্বিক জীৱন গঢ়ি তুলিবলৈ সচেষ্ট হ’ব, কেৱল-মাত্ৰ তেৱেঁই এই নামেৰে অভিহিত হ’ব বুলি ভবা হয়।

দাবী কৰা হয় চাহাবায়ে কিৰাম হ’ল আহলে হাদীছ্সকলৰ প্ৰথম শাৰীৰ সন্মানিত দল। কিয়নো চাহাবায়ে কিৰামৰ যুগতেই এই আহলে হাদীছ্ শব্দটিয়ে ব্যাপকভাৱে প্ৰসাৰ লাভ কৰে। কাৰণ সেই সময়ত বিভিন্ন ফিৰ্কাই জন্ম লৈছিল, যেনে- চিয়া, খাৰেজী, মুতাযিলা, মুৰজিয়া, ৰাফেজিয়া প্ৰভৃতি নামেৰে প্ৰসিদ্ধ। তেওঁলোক সকলোৱেই নিজকে আহলুচ ছুন্নাহ ও মুছলিম বুলি দাবী কৰিছিল। এই কাৰণেই প্ৰকৃত মুছলিম হিচাবে চিহ্নিত কৰাৰ লক্ষ্যে আহলুল হাদীছ্ শব্দটি ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা চাহাবায়ে কিৰামৰ যুগৰ পৰাই দেখা যায়।

পৰিচিত[সম্পাদনা কৰক]

ইছলামৰ নবী মুহাম্মাদ (ছাঃ)য়ে কৈছে, 'মোৰ উম্মতৰ মাজত এটা দল আল্লাহৰ পক্ষৰ পৰা সৰ্বদা সাহায্য পাই থাকিব, পৰিত্যাগকাৰি সকলে সিহঁতৰ কোনো ক্ষতি কৰিব নোৱাৰিব।[17]

  1. ইমাম আহমাদ বিন হাম্বল য়ে কৈছে, 'সাহায্যপ্ৰাপ্ত এই দলটো যদি আছহাবুল হাদিছ (আহলে হাদিছ) নহয় তেতিয়াহ'লে এই দল কোন সেয়া মই নাজানো।[18]
  2. ইমাম বুখাৰীৰ উস্তাদ ইমাম আলী ইবনুল মাদানীয়ে কৈছে, 'সিহঁত হৈছে আছহাবুল হাদিছ (আহলে হাদিছ)। '[19]
  3. ইমাম আহমাদ বিন ছিনান আল-ওয়াছিতিয়ে কৈছে, 'দুনিয়াত এনেকুৱা কোনো বিদআতী নাই, যিয়ে আহলে হাদিছসকলৰ প্ৰতি বিদ্বেষ পোষণ নকৰে। '[20]
  4. আবু ছাঈদ খুদৰী (ৰাঃ)ৰ পৰা বৰ্ণিত, তেওঁ যেতিয়া কোনো মুছলিম যুৱকক দেখিছিল তেতিয়া খুছী হৈ কৈছিল, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অছীয়ত অনুযায়ী মই তোমাক মাৰহাবা জনাইছোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তোমালোকৰ কাৰণে মজলিছ প্ৰশস্ত কৰাৰ ও তোমালোকক হাদীছ্ বুজোৱাৰ নিৰ্দেশ দি গৈছে। কিয়নো তোমালোকেই আমাৰ পৰৱৰ্তী বংশধৰ ও পৰৱৰ্তী আহলে হাদীছ্।[21]
  5. খ্যাতনামা তাবেঈ ইমাম শ্বা'বী (ৰহঃ)য়ে (২২-১০৪ হিঃ) চাহাবায়ে কিৰামৰ জামা‘আতক আহলুল হাদীছ্ বুলি কৈছিল। যেনে- এদিন তেওঁ ক’লে, "এতিয়া যিবোৰ ঘটিছে, তাক আগতে জনা হ’লে কোনো হাদীছ্ বৰ্ণনা নকৰিলোহেঁতেন কেৱল সেই হাদীছ্ ব্যতীত, যাৰ ওপৰত আহলুল হাদীছ্ অৰ্থাৎ চাহাবায়ে কিৰামে একমত হৈছিল।[22]

ইয়াৰ উপৰিও প্ৰসিদ্ধ চাৰি ইমামৰ সকলোৱেই আহলে হাদীছ্ আছিল। যেনে-

  1. ইমামে আযম আবু হানিফা (ৰহ:)য়ে কৈছে, "যেতিয়া ছহীহ্ হাদীছ্ পাবা, জানি লোৱা সেইটোৱেই মোৰ মাযহাব। "[23] আকৌ এবাৰ তেওঁ তেওঁৰ শিষ্যক তেওঁৰ বক্তব্য লিখা দেখি ধমক দি ক’লে,"সাৱধান হে ইয়াকুব! মোৰ ওচৰৰ পৰা যি শুনা তাকেই লিখি নলবা। কিয়নো মই আজি যি ৰায় দিম (হাদীছ পোৱাৰ কাৰণে) কাইলৈ তাক পৰিত্যাগ কৰোঁ। আকৌ কালি যি ৰায় দিম, পৰহিলৈ তাক প্ৰত্যাহাৰ কৰোঁ।[24]
  2. ইমাম শ্বাফেঈ (ৰহঃ)য়ে কৈছে, "যেতিয়া মই কোনো আহলে হাদীছ্ক দেখা পাওঁ, তেতিয়া মই যেন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবীসকলক জীৱন্ত দেখিলোঁ।”[25]
  3. ইমাম আহমদ বিন হাম্বল (ৰহঃ)য়ে কৈছে, "তেওঁলোক যদি আহলে হাদীছ্ নহয়, তেন্তে মই নাজানো তেওঁলোক কোন।[26] তদুপৰি তেওঁ আকৌ কৈছে, "আহলে হাদীছতকৈ উত্তম কোনো দল মোৰ ওচৰত নাই। তেওঁলোকে হাদীছৰ বাহিৰে অন্য একো চিনি নাপায়। "[27]
  4. ইমাম আবুদাউদ (ৰহঃ)য়ে কৈছে, "আহলে হাদীছ্ জামা‘আত যদি দুনিয়াত নাথাকিলহেঁতেন, তেনেহ’লে ইছলাম দুনিয়াৰ পৰা বিলীন হৈ গ’লহেঁতেন।[28]
  5. খলিফা হাৰুণৰ ৰছীদে (মৃঃ ১৯৩ হিঃ) কৈছিল, "মই মুছলিমসকলৰ চাৰিটা দলৰ মাজত চাৰিটা বস্তু পাইছোঁ, কুফৰি সন্ধান কৰি পাইছোঁ 'জাহমিয়া'সকলৰ মাজত, কুট তৰ্ক ও বিবাদ পাইছোঁ মু'তাযিলাসকলৰ মাজত, মিছা বিচাৰিছোঁ আৰু সেইটো পাইছোঁ ৰাফেজিয়াসকলৰ মাজত, ইয়াৰ পিছত মই হক্ক বিচাৰিছোঁ আৰু সেইটো পাইছোঁ 'আহলে হাদীছ্'সকলৰ মাজত।[29]
  6. বড় পীৰ নামেৰে খ্যাত শায়খ আব্দুল ক্কাদিৰ জিলানী (ৰহঃ)য়ে কৈছে, "আহলে ছুন্নাত অল জামা‘আতৰ অন্য কোনো নাম নাই এটি নাম ব্যতীত, আৰু সেইটোৱেই হ’ল 'আহলুল হাদীছ্'। "[30] ইয়াৰোপৰি অজস্ৰ প্ৰমাণ সংৰক্ষিত আছে। কিন্তু বিশেষ কথাটি হ’ল এই যে, চাৰি ইমামৰ সকলোৱেই তেওঁলোকৰ তাক্কলিদ তথা দ্বীনি বিষয়ে অন্ধ অনুসৰণ বৰ্জন কৰি ছহীহ্ হাদীছ্ অনুযায়ী আমল কৰাৰ কাৰণে সকলোকে নিৰ্দেশ দি গৈছে।

এতেকে স্পষ্টতঃ প্ৰতীয়মান যে, চাহাবীসকলৰ যুগৰ পৰাই এই আহলুল হাদীছ্ শব্দটি চলি আহিছে। এক কথাত কব পাৰি, "চাহাবায়ে কিৰামৰ যুগৰ পৰা চলি অহা নিৰ্ভেজাল মুছলিমসকলৰ এটি স্বতন্ত্ৰ বৈশিষ্ট্যগত নাম। " আহলুল হাদীছ্ মানে কুৰআন আৰু ছহীহ্ ছুন্নাহৰ অনুসাৰীৰ নাম।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. ছুৰা যুমাৰ,ছুৰা আল কাহফ
  2. Alex Strick Van Linschoten and Felix Kuehn, An Enemy We Created: The Myth of the Taliban-Al Qaeda Merger in Afghanistan, pg. 427. New York: Oxford University Press, 2012. ISBN 9780199927319
  3. Anatol Lieven, Pakistan: A Hard Country, pg. 128. New York: PublicAffairs, 2011. ISBN 9781610390231
  4. Rabasa, Angel M. The Muslim World After 9/11 By Angel M. Rabasa, p. 275
  5. Olivier Roy, ed (2007-09-26). The Columbia World Dictionary of Islamism. Books.google.com.my. http://books.google.com.my/books?id=rNrMilgHKKEC&pg=PA92&lpg=PA92&dq=barelvi+sufi+deobandi&source=bl&ots=Sq0MTt2YJe&sig=8dBH1DYIqBlvlnv5H9Ug7W_LR1A&hl=en&sa=X&ei=H3MqUICrHIPZrQe_woCgBw&ved=0CC8Q6AEwAA#v=onepage&q=barelvi%20sufi%20deobandi&f=false। আহৰণ কৰা হৈছে: 2012-09-24. 
  6. Hewer, C. T. R.. Understanding Islam: The First Ten Steps. Books.google.com.my. http://books.google.com.my/books?id=Cu9eo1MFiYgC&pg=PA204&lpg=PA204&dq=barelvi+death+celebration&source=bl&ots=WzZ3iksFfB&sig=6KI2E4Y7t8OyhM9QmDzypJBWSwo&hl=en&sa=X&ei=W0EqUJykHe2XiAeQ2oHoCw&ved=0CDwQ6AEwAg#v=onepage&q=barelvi%20death%20celebration&f=false। আহৰণ কৰা হৈছে: 2012-09-24. 
  7. 7.0 7.1 Glasse, Cyril (2001). The New Encyclopedia of Islam (revised সম্পাদনা). AltaMira Press. পৃষ্ঠা. 31. 
  8. 8.0 8.1 "Ahl al-Hadith". Oxford Islamic Studies. http://www.oxfordislamicstudies.com/article/opr/t125/e72। আহৰণ কৰা হৈছে: 10 February 2015. 
  9. A Brief History of Islam by Karen Armstrong, Phoenix, London
  10. Jaque, R. Keven (2004). Martin, Richard C.. ed. Encylopedia of Islam and the Muslim World. Thomson Gale. পৃষ্ঠা. 27. 
  11. The Right Way- By Imam Ibn Taymiyyah, Darrussalam publishers KSA
  12. al-Dhahabi, Muhammad ibn Ahmad. al-Mu`allimi. ed (Arabic ভাষাত). Tadhkirah al-Huffadh. 1. প্ৰকাশক India. পৃষ্ঠা. 4. 
  13. Jonathan A.C. Brown. "Salafism - Islamic Studies - Oxford Bibliographies". Oxford Bibliographies. http://www.oxfordbibliographies.com/view/document/obo-9780195390155/obo-9780195390155-0070.xml। আহৰণ কৰা হৈছে: 10 February 2015. 
  14. Al-`Asqalani, Ahmad ibn `Ali (2005). Abu Qutaybah al-Firyabi. ed (Arabic ভাষাত). Fath al-Bari. 1 (first সম্পাদনা). প্ৰকাশক Riyadh: Dar al-Taibah. পৃষ্ঠা. 290. ISBN 1-902350-04-9. 
  15. Olivier, Roy; Sfeir, Antoine, eds (2007). The Columbia World Dictionary of Islamism. Columbia University Press. পৃষ্ঠা. 27. 
  16. Roy, Olivier, The Failure of Political Islam, by Olivier Roy, translated by Carol Volk, Harvard University Press, 1994, p.118-9
  17. ইবনে মাজাহ হা/৬; জামে আত তিৰমিযি হা/২১৯২
  18. ইমাম হাকেম, মাৰিফাতু উলমিল হাদিছ, পৃ: ২।
  19. তিৰমিজি হা/২১৯২।
  20. তিৰমিজি হা/২১৯২; মাৰিফাতু উলুমিল হাদীছ হা/৬।
  21. আল -মুস্তাদৰাক ১/৮৮ পৃঃ, চিলচিলা ছহীহা হা/২৮০)।
  22. চামছুদ্দিন যাহাবী, তাযকিৰাতুল হুফফায ১/৮৩ পৃঃ)।
  23. শামী হাশিয়া ৰদ্দুল মুহতাৰ ১/৬৭ পৃঃ, মীযানুল কুবৰা ১/৩০ পৃঃ।
  24. মীযানুল কুবৰা ১/৩০ পৃঃ।
  25. (শ্বাৰফ -২৬)
  26. তিৰমিযী, মিশকাত হা/৬২৮৩ -ৰ ব্যাখ্যাত, শ্বাৰফ -১৫।
  27. আবুবকৰ আল -খত্বীব বাগদাদী, শ্বাৰফু আছহাবুল হাদীছ্ পৃঃ ২৭।
  28. শ্বাৰফ -২৯ পৃঃ।
  29. শ্বাৰফ -৩১ পৃঃ
  30. গুনিয়াতুত ত্বালেবীন ১/৯০ পৃঃ।

বহিঃসংযোগ[সম্পাদনা কৰক]