ইউনিক’ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৯ চনৰ অক্টোবৰৰ পৰা ব্যৱহৃত ইউনিক’ডৰ অফিছিয়েল ল’গো

ইউনিক’ড (English:  Unicode) হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান । ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে । শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা লিপিৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে । কম্পিউটাৰত প্ৰধানত: সংখ্যাৰ ব্যৱহাৰ হয় । ই আখৰ বা অন্য চিনক এটা এটা সংখ্যাৰে বুজাই সাঁচি থয় । ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল । কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- ইউৰোপৰ সকলো ভাষাক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় । কেৱল ইংৰাজীৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ,ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল । ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে । গতিকে এটা কম্পিউটাৰত বা চাৰ্ভাৰত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে । ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে । ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে । Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে । এতিয়া প্ৰায় সকলোবোৰ অপাৰেটিং চিষ্টেম আৰু ব্ৰাউজাৰত ইউনিক’ড উপলব্ধ । ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. http://www.unicode.org/
  2. http://www.xahitya.org/%E0%A6%87-%E0%A6%9C%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A6%95%E0%A7%80-%E0%A6%AF%E0%A7%81%E0%A6%97/
  3. http://kuhipat.org/index.php?option=com_content&view=article&id=46%3A2011-07-12-15-59-07&catid=45%3A2011-07-09-08-55-17&Itemid=54&lang=as