ইউৰেছিয়া
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| মাটিকালি | ৫,২৯,৯০,০০০ বৰ্গ কিমি |
|---|---|
| জনসংখ্যা | ৪ বিলিয়ন |
ইউৰেছিয়া হৈছে এখন মহাদেশ বা অতিমহাদেশ, যি পৰম্পৰাগত মহাদেশ ইউৰোপ আৰু এছিয়াৰ সমষ্টি। ইউৰেছিয়া শব্দতো ইউৰোপ আৰু এছিয়া শব্দ দুটাৰ সন্ধিত সৃষ্টি হোৱা শব্দ।
ভৌতিক ভূগোলৰ অনুসৰি ই হৈছে এখনেই মহাদেশ,[1] ইউৰোপ আৰু এছিয়া বেলেগ বেলেগ মহাদেশৰ ধাৰণাতো পুৰণি যুগৰে পৰা প্ৰচলিত। ইউৰেছিয়া, অন্যহাতে, ইয়াতকৈও ডাঙৰ ভূ-খণ্ড এফ্ৰো-ইউৰেছিয়া অংশ। এফ্ৰো-ইউৰেছিয়াক চুইজ খালে দুভাগত বিভক্ত কৰিছে। তাৰে এখন হৈছে ইউৰেছিয়া আৰু আনখন আফ্ৰিকা।
ইউৰেছিয়াৰ মাটিকালি ৫,২৯,৯০,০০০ বৰ্গ কিলোমিটাৰ যি হৈছে পৃথিৱীৰ মুঠ স্থলভাগৰ ৩৬.২%। ইয়াৰ জনসংখ্যা প্ৰায় ৪ বিলিয়ন, যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭২.৫% -ত কৈ অধিক (৬০% এছিয়াত আৰু ১২.৫ % ইউৰোপত)।
[সম্পাদনা কৰক] ভৌগোলিক অঞ্চলসমূহ
ইউৰেছিয়া
|
|
[সম্পাদনা কৰক] লগতে চাওক
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "How many continents are there?". National Geographic Society. http://www.nationalgeographic.com/faq/geography.html#continents. Retrieved 2010-09-26. "প্ৰচলিত নিয়ম অনুসৰি সাতখন মহাদেশ হৈছে: এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, আৰু এণ্টাৰ্কটিকা। কিছুসংখ্যক ভূগোলবিদে কেবল ছখন মহাদেশৰ কথাহে উল্লেখ কৰে। তেওঁলোকে ইউৰোপ আৰু এছিয়াক একেলগে ইউৰেছিয়া নামাকৰণ কৰে। বিশ্বৰ কিছু অংশত কেবল পাঁচ মহাদেশৰ বিষয়েহে শিক্ষা দিয়া হয়: ইউৰেছিয়া, অষ্ট্ৰেলিয়া, আফ্ৰিকা, এণ্টাৰ্কটিকা আৰু আমেৰিকা।"
|
|
|||||