ইষ্ট বেংগল ফুটবল ক্লাব
| সম্পূৰ্ণ নাম | ইষ্ট বেংগল ফুটবল ক্লাব | ||
|---|---|---|---|
| গুপ্তনাম | The Red and Gold | ||
| প্ৰতিষ্ঠা | 1920 ইষ্ট বেংগল ক্লাব হিচাপে | ||
| খেলপথাৰ | চল্ট লে’ক ষ্টেডিয়াম, কলকাতা, পশ্চিম বংগ (আসন: ১২০.০০০) |
||
| গৰাকী | ইউনাইটেড ব্ৰেৱেৰীছ গ্ৰুপ (United Breweries Group) |
||
| সভাপতি | বিজয় মালিয়া | ||
| পৰিচালক | ট্ৰেভেৰ নৰগান | ||
| লীগ | [আইI-লীগ]] | ||
| ২০১১–১২ | I-League, 2nd | ||
| ৱেবছাইট | Club home page | ||
|
|||
ইষ্ট বেংগল ফুটবল ক্লাব (ইংৰাজী: East Bengal Football Club) হৈছে ভাৰতৰ সৰ্বাধিক সফল ফুটবল ক্লাববোৰৰ অন্যতম। পশ্চিম বংগৰ কলিকতা চহৰত অৱস্থিত এই ফুটবল ক্লাবটোৱে এতিয়ালৈকে তিনিবাৰকৈ নেশ্যনেল ফুটবল লীগ আৰু আই-লীগ আৰু সাতবাৰ ফেডাৰেশ্যন কাপ জিকিছে। বৰ্তমান ইষ্ট বেংগল ফুটবল ক্লাব ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগ, আই লীগত খেলা ক্লাব সমূহৰ অন্যতম ক্লাব।
১৯২০ চনত এই ক্লাবৰ প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২০ চনৰ ২৮ জুলাই তাৰিখে মোহন বাগানৰ এখন খেলত ক্লাবৰ পৰিচালকে ডিফেণ্ডাৰ শৈলেস বসুক নেখেলোৱাৰ কথাটোত মোহন বাগান ক্লাবৰ উপাধ্যক্ষ সুৰেশ চন্দ্ৰ চৌধুৰীৰ খং উঠে আৰু তেখেতে মোহন বাগান ক্লাব এৰি দি ১৯২০ চনৰ ১ আগষ্ট তাৰিখে ইষ্ট বেংগল ফুটবল ক্লাব প্ৰতিষ্ঠা কৰে[1]। ১৯৯৭ চনত ইষ্ট বেংগল ক্লাবে এচিয়ান কাপ ৱিনাৰ্ছ কাপত যোগদান কৰা প্ৰথম ভাৰতীয় ক্লাবৰ সন্মান লাভ কৰে[2]।
ইষ্ট বেংগল ফুটবল ক্লাবৰ চিৰবৈৰী ক্লাব হৈছে মোহন বাগান। মোহন বাগান আৰু ইষ্ট বেংগল ক্লাবৰ মুখামুখি খেল বিলাকক কলিকতা ডাৰ্বি বুলি জনা যায়।
সূচী |
বুৰঞ্জী [সম্পাদনা কৰক]
১৯২০ চনৰ ২৮ জুলাই তাৰিখে মোহন বাগান ফুটবল ক্লাবে জোৰাবাগান ক্লাবৰ বিৰুদ্ধে কোচবিহাৰ কাপৰ এখন খেলত অৱতীৰ্ণ হৈছিল[3]। সেই খেলখনত মোহন বাগান দলৰ প্ৰথম এঘাৰজন খেলুৱৈৰপৰা কোনো অজ্ঞাত কাৰনত ডিফেণ্ডাৰ শৈলেস বসুক বাদ দিয়া হৈছিল[3]। মোহন বাগানৰ উপাধ্যক্ষ সুৰেশ চন্দ্ৰ চৌধুৰীয়ে বসুক দলত অন্তৰ্ভুক্ত কৰাটো বিছাৰিছিল কিন্তু দলৰ প্ৰশিক্ষক সকলে সেই কথাটো আওকান কৰাত চৌধুৰীয়ে মোহন বাগান ক্লাব এৰি দিয়ে। পিছত ১৯২০ চনৰে ১ আগষ্ট তাৰিখে সুৰেশ চন্দ্ৰ চৌধুৰী, ৰাজা চৌধুৰী, ৰমেশ সেন আৰু অৰবিন্দ ঘোষ লগ হৈ ইষ্ট বেংগল ক্লাব গঠন কৰে[3]।
ইষ্ট বেংগল ক্লাবে সেই মাহতে হাৰকিউলিছ কাপত যোগ দি প্ৰথম ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহন কৰে[3]। ইষ্ট বেংগল সেই প্ৰতিযোগিতাত বিজয়ী হয় আৰু তাৰ পিছত ইষ্ট বেংগল ভাৰতীয় ফুটবল এ’ছচিয়েচনৰ অন্তৰ্ভুক্ত হয়। তাৰ পিছত আই. এফ. এ’. দ্বিতীয় ডিভিজনত ইষ্ট বেংগলে অংশ গ্ৰহন কৰি লীগ ফুটবলত নিজৰ অভিষেক ঘটায়[3]। নিজৰ প্ৰথম ক্ৰীড়াবৰ্ষত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড দ্বিতীয় ডিভিজনৰ তৃতীয় স্থানত থাকে[3]।
১৯২৪ চনত ইষ্ট বেংগল ক্লাবে আই. এফ. এ’. দ্বিতীয় ডিভিজনত দ্বিতীয় স্থানত থাকে। প্ৰথম স্থানত আছিল কেমেৰুন-বি দলটো[3]। কিন্তু যিহেতু কেমেৰুন-এ দলটো ইতিমধ্যেই আই. এফ. এ’. শ্বিল্ড প্ৰথম ডিভিজনত আছিল, সেয়ে কেমেৰুন-বি দলে প্ৰথম ডিভিজনলৈ উন্নীত হোৱাৰ যোগ্যতা নাপায় আৰু ইষ্ট বেংগল ফুটবল ক্লাবে প্ৰথম বাৰৰ বাবে আই. এফ. এ’. শ্বিল্ডৰ প্ৰথম ডিভিজনত অংশগ্ৰহন কৰাৰ সুযোগ পায়[3]। আই. এফ. এ’ (ইণ্ডিয়ান ফুটবল এ’ছচিয়েচন) তেতিয়া এক ব্ৰিটিছ সংস্থা আছিল আৰু ইয়াৰ নিয়মমতে তেতিয়া মাত্ৰ দুটা ভাৰতীয় ফুটবল দলেহে প্ৰথম ডিভিজনত অংশগ্ৰহন কৰিব পাৰিছিল। সেইবছৰ এই লীগত খেলিবলৈ যোগ্যতা অৰ্জন কৰা তৃতীয় দল হৈছে ইষ্ট বেংগল আৰু এই কথাটোৱে কিছু আপত্তিৰ সৃষ্টি কৰিছিল। আপত্তি মীমাংসা কৰিবলৈ লীগৰ প্ৰথম ডিভিজনৰ সমূহ ক্লাবৰ মাজত ভোট গ্ৰহন কৰা হৈছিল আৰু মোহন বাগান আৰু আৰ্য়ানচ ক্লাবৰ বাহিৰে বাকী নটা ব্ৰিটিছ ক্লাবে ইষ্ট বেংগল ফুটবল ক্লাবৰ সপক্ষে ভোট দিয়াত ইষ্ট বেংগল ফুটবল ক্লাবে আই. এফ. এ’. শ্বিল্ড প্ৰথম ডিভিজনত খেলাৰ যোগ্যতা অৰ্জন কৰে[3]। এই ঘটনাটোৰ পিছত আই. এফ. এ’.-ই ভাৰতীয় ক্লাবৰ ক্ষেত্ৰৰ সংখ্যাৰ সীমাবদ্ধতা আতৰাই দিয়ে[3]।
১৯৪২ চনত ইষ্ট বেংগলে প্ৰথমটো আই. এফ. এ’. খিতাপ দখল কৰে[4]। ১৯৪৩ চনত ইষ্ট বেংগলে প্ৰথম বাৰৰ বাবে আই. এফ. এ’. শ্বিল্ড দখল কৰে। ১৯৪৫ চনত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড আৰু কলিকতা ফুটবল লীগ - দুয়োটা খিতাপ দখল কৰে[4]। ইষ্ট বেংগল ফুটবল ক্লাবে ১৯৪৯ চনত ৰ’ভাৰ্ছ কাপ আৰু ১৯৫১ চনত ডুৰাণ্ড কাপৰ বিজয়ী হয়। ১৯৪৯, ১৯৫০ আৰু ১৯৫১ চনত, অবিৰত ভাৱে তিনিবছৰ ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ডত বিজয় সাব্যস্ত কৰে[4]। ১৯৫৩ চনত ইষ্ট বেংগল ক্লাবে তেতিয়াৰ চোভিয়েট যুক্তৰাজ্য আৰু ৰোমানিয়া ভ্ৰমণ কৰে[4]। ১৯৭৩ চনত দক্ষিণ কোৰিয়াৰ ক্লাব পিয়ং-য়ঙৰ বিৰুদ্ধে বিজয়ী হৈ ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড দখল কৰে[5]।
১৯৭০ চনৰ পৰা ১৯৭৫ চনলৈকে, অবিৰত ভাৱে ছবছৰ ইষ্ট বেংগল ক্লাব কলিকতা ফুটবল লীগৰ বিজয়ী হৈ থাকে[5]। সেই কেই বছৰত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড, ৰ’ভাৰ্ছ কাপ আৰু ডুৰান্ড কাপো জিকে[5]। ১৯৭২ চনত ইষ্ট বেংগল ফুটবল ক্লাবে একেলগে এই চাৰিওটা খিতাপ দখল কৰে[5]। ১৯৮৪ চনত ক্লাবলৈ দীপক দাসৰ আগমন ঘটে আৰু তেখেতে ক্লাবটোক এক পেছাদাৰী ফুটবল ক্লাব হিচাপে গঢ় দিয়া আৰম্ভ কৰে[5]। ১৯৭৮, ১৯৮০ আৰু ১৯৮৫ চনত ইষ্ট বেংগলে ফেডাৰেচন কাপ দখল কৰে। ১৯৮৫-৮৬ চনত ইষ্ট বেংগল ফুটবল ক্লাব এ’ছিয়ান ক্লাব চেম্পিয়নছিপত অংশগ্ৰহন কৰা প্ৰথম ভাৰতীয় দল হিচাপে পৰিগণিত হয়[5]। ১৯৯০ চনত ইষ্ট বেংগলে আকৌ একেটা বছৰতে আই. এফ. এ’. শ্বিল্ড, ৰ’ভাৰ্ছ কাপ আৰু ডুৰান্ড কাপ জয় কৰে। ১৯৯৩ চনত ইষ্ট বেংগলে নেপালৰ ৱাই-ৱাই কাপ জয় কৰে[5]।
১৯৯৮ চনত দীপক দাস আৰু ইউনাইটেড ব্ৰিৱাৰিজ গ্ৰুপৰ মালিক বিজয় মালিয়াৰ মজত হোৱা এক চুক্তিমতে ইউনাইটেড ইষ্ট বেংগল ফুটবল টীম প্ৰাইভেত লিমিটেড নামৰ এক নতুন কোম্পানী গঠন কৰা হয়[5]। তাৰ পিছৰে পৰা ক্লাবৰ নাম হয় কিংফিছাৰ ইষ্ট বেংগল[5]। তাৰ পিছত ২০০৩ চনত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হোৱা এ’ছীয়ান কাপ জিকি যিকোনো আন্তৰ্জাতিক প্ৰতিযোগিতা জিকা প্ৰথম ভাৰতীয় ক্লাব হিচাপে ইষ্ট বেংগল ফুটবল ক্লাবে অভিলেখ গঢ়ে[6]। ১৯৯৬ চনত আৰম্ভ হোৱা ভাৰতৰ নেশ্যনেল ফুটবল লীগৰ এক প্ৰতিস্থাপক সদস্য হৈছে ইষ্ট বেংগল ফুটবল ক্লাব[7]।
২০০০-২০০১ ক্ৰীড়াবৰ্ষৰ নেশ্যনেল ফুটবল লীগ ইষ্ট বেংগল ফুটবল ক্লাবে জিকে[6]। ২০০২-২০০৩ আৰু ২০০৩-২০০৪ ক্ৰীড়াবৰ্ষটো এই লীগ ইষ্ট বেংগলেই জিকে[6]। ২০০৭, ২০০৯ আৰু ২০১০ চনৰ ফেডাৰেশ্যন কাপ ইষ্ট বেংগল দলে জিকে[6]। ২০০৬ আৰু ২০১১ চনৰ ইণ্ডিয়ান চুপাৰ কাপ প্ৰতিযোগিতাতো ইষ্ট বেংগল ফুটবল ক্লাব বিজয়ী হয়[6]।
প্ৰতীক চিহ্ন [সম্পাদনা কৰক]
১৯৩০ চনৰ মহাত্মা গান্ধীৰ নেতৃত্বাধীন সত্যাগ্ৰহ আন্দোলনৰ প্ৰভাৱ ভাৰতীয় ফুটবলতো পৰিছিল। ভাৰতীয় ফুটবল ক্লাব সমূহে কলিকতা ফুটবল লীগৰপৰা ক্ৰীড়াবৰ্ষৰ মাজভাগতে বয়কট কৰিছিল। এইবিলাক খেলিমেলিৰ মাজতে ৰয়েল ৰেজিমেন্ট দলক এই লীগৰ প্ৰথম ডিভিজনৰ বিজয়ী ঘোষণা কৰ হয়। দ্বিতীয় ডিভিজনত বহুত আগবাঢ়ি থাকিলেও ইষ্ট বেংগল দলক কিন্তু প্ৰথম ডিভিজনলৈ উত্তীৰ্ণ কৰা হোৱা নাছিল। এই কথাটোত তেওঁলোকে মোহন বাগান দলৰ হাত থকা বুলি সন্দেহ কৰে আৰু সহস্ৰাধিক সমৰ্থক আৰু কৰ্মকৰ্তাই ইষ্ট বেংগল গ্ৰাউণ্ডত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাটোতে ক্লাবৰ বিষয়ববীয়া সকলে ক্লাবৰ প্ৰতীক চিহ্নটো জোঁৰ হিচাপে লোৱাৰ সিদ্ধান্ত লয় আৰু সেইটোৱেই এতিয়াও ক্লাবৰ প্ৰতীক[8]।
ক্লাবৰ ৰঙ [সম্পাদনা কৰক]
ইষ্ট বেংগল ফুটবল ক্লাবৰ ৰঙ হৈছে ৰঙা আৰু সোনালী। ঘৰুৱা খেলপথাৰত খেলা খেলসমূহত ক্লাবৰ খেলুৱৈ সকলে ৰঙা আৰু সোনালী ৰঙৰ চোলা, ক’লা ৰঙৰ হাফপেন্ট আৰু ৰঙা মোজা পিন্ধে। অন্য ক্লাবৰ খেলপথাৰত খেলা খেলসমূহত ক্লাবৰ খেলুৱৈ সকলে বগা চোলা, ক’লা হাফপেন্ট আৰু বগা মোজা পিন্ধে।
এই ৰঙ কেইটাৰ লগত জড়িত এটা কাহিনী আছে। ক্লাবৰ প্ৰতিষ্ঠাৰ পিছত কৰ্মকৰ্তা সকলে যেতিয়া পোছাকৰ ৰঙ সম্পৰ্কে বিতৰ্ক কৰি আছিল, তেতিয়া চৌৰিঙ্গীৰ হোৱাইটেৱে, লেইডল’ এণ্ড কো. ডিপাৰ্টমেন্টেল ষ্ট’ৰত ওলোমাই থোৱা এক ৰঙা আৰু সোনালী ৰঙৰ চোলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পিছৰে পৰা এই ৰঙ দুইটাক ক্লাবৰ ৰঙ হিচাপে গন্য কৰা হয়[1]।
ক্লাবৰ খেলপথাৰ [সম্পাদনা কৰক]
চল্ট লে’ক ষ্টেডিয়াম [সম্পাদনা কৰক]
পশ্চিম বংগৰ কলিকতা চহৰৰ এক বহুমুখী খেলপথাৰ হৈছে চল্ট লে’ক ষ্টেডিয়াম। এইখন ভাৰতৰ সৰ্ববৃহৎ খেলপথাৰ আৰু বৰ্তমান এইখন খেলপথাৰ বিশেষকৈ ফুটবল খেল সমূহ পাতিবলৈ ব্যৱহাৰ কৰা হয়। ১৯৮৪ চনত এই খেলপথাৰ খনৰ নিৰ্মান কৰা হয় আৰু ইয়াৰ সামগ্ৰীক দৰ্শক ক্ষমতা হৈছে ১,২০,০০০[9] ।
এই খন ষ্টেডিয়ামত দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় ট্ৰেক, ইলেকট্ৰনিক স্ক’ৰব’ৰ্ড, কৃত্ৰিম টাৰ্ফ, ফ্লাডলাইট, বাতানুকুল ভি. আই. পি. ৰেষ্ট ৰুম, কনফাৰেন্স হল, চিকিৎসা কোঠা আৰু ড’পিঙ ক’ন্ট্ৰ’ল ৰুম ইত্যাদি সা সুবিধা আছে[9]।
এই চল্ট লে’ক ষ্টেডিয়ামত ইষ্ট বেংগল ফুটবল ক্লাবৰ আই লীগ আৰু এ’. এফ. চি. কাপৰ ঘৰুৱা খেলসমূহ অনুষ্ঠিত হয়।
ইষ্ট বেংগল গ্ৰাউণ্ড [সম্পাদনা কৰক]
কলিকতাৰ অন্য এখন খেলপথাৰ হৈছে ইষ্ট বেংগল গ্ৰাউণ্ড। এই খেলপথাৰ খন বৰ্তমান মাত্ৰ ফুটবল খেলৰ বাবে ব্যৱহৃত হয় আৰু ইয়াতে ইষ্ট বেংগলে খেলা কলিকতা ফুটবল লীগৰ ঘৰুৱা খেলসমূহ অনুষ্ঠিত হয়। এই খেলপথাৰখনত দৰ্শক সামৰ্থ্য হৈছে ২৩,৫০০ জন[9]।
সমৰ্থক [সম্পাদনা কৰক]
ইষ্ট বেংগল ফুটবল ক্লাবৰ ভাৰতত এক বৃহৎ সংখ্যক সমৰ্থক আছে। ইষ্ট বেংগল ক্লাবৰ সমৰ্থক সকলৰ নিজা এটা ৱেব-ছাইটো আছে, যিটো জনা যায় ইষ্ট বেংগল - দা ৰিয়েল পাৱাৰ নামেৰে।
খেলুৱৈসকল [সম্পাদনা কৰক]
First-team squad [সম্পাদনা কৰক]
- 15 August 2012 অনুসৰি[10]
Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.
সন্মান [সম্পাদনা কৰক]
ঘৰুৱা [সম্পাদনা কৰক]
- ৰাণাৰ্ছ-আপ (2): 2010-11, 2011-12
- নেচনেল ফুটবল লীগ (ইং ৱিকি: National Football League) (২০০৬ পৰ্য্যন্ত)
- ফেডাৰেচন কাপ (ইং ৱিকি: Federation Cup)
- বিজয়ী (7): 1978, 1980, 1985, 1996, 2007, 2009, 2010
- ৰাণাৰ্ছ-আপ (6): 1984, 1986, 1992, 1995, 1998, 2011
- বিজয়ী (3): 1997, 2006, 2011
- ৰাণাৰ্ছ-আপ (3): 2003, 2008, 2010
- বিজয়ী (16): 1951, 1952, 1956, 1960, 1967, 1970, 1972, 1978, 1982, 1989, 1990, 1991, 1993, 1995, 2002, 2004
ক্লাবৰ সামগ্ৰী যোগান ধৰোঁতা আৰু স্প’নছৰ [সম্পাদনা কৰক]
২০০৭ চনৰ পৰা ২০১১ চনলৈকে ৰীব’ক কোম্পানীয়ে ইষ্ট বেংগল ফুটবল ক্লাবক খেলুৱৈৰ প্ৰয়োজনীয় সামগ্ৰী আৰু পোচাক যোগান ধৰিছিল। ২০১১ চনৰ পৰা এই দায়িত্ব লয় নিভিয়া কোম্পানীয়ে।
ইষ্ট বেংগল ক্লাবৰ পোচাক সমূহ স্প’নছৰ কৰে কিংফিছাৰে।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ 1.0 1.1 "THE RISE OF EAST BENGAL CLUB". East Bengal Football Club. http://eastbengalfootballclub.com/legacy.php। আহৰণ কৰা হৈছে: 29 May 2012.
- ↑ http://www.rsssf.com/tablesa/ascup98.html#cwc
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 "THE RISE OF EAST BENGAL CLUB". East Bengal Football Club. http://eastbengalfootballclub.com/legacy.php। আহৰণ কৰা হৈছে: 10 August 2012.
- ↑ 4.0 4.1 4.2 4.3 "1940S TO 1960S". East Bengal Football Club. http://eastbengalfootballclub.com/legacy.php?p=1940s-to-1960s। আহৰণ কৰা হৈছে: 10 August 2012.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 5.8 "1970S TO 1990S". East Bengal Football Club. http://eastbengalfootballclub.com/legacy.php?p=1970s-to-1990s। আহৰণ কৰা হৈছে: 10 August 2012.
- ↑ 6.0 6.1 6.2 6.3 6.4 "CONTINUING THE LEGACY". East Bengal Football Club. http://eastbengalfootballclub.com/legacy.php?p=continuing-the-legacy। আহৰণ কৰা হৈছে: 10 August 2012.
- ↑ http://www.rsssf.com/tablesi/india97.html#nfl1 1996-97 NFL India
- ↑ 1930s: The Dark Decade
- ↑ 9.0 9.1 9.2 "SALT LAKE STADIUM". East Bengal Football Club. http://eastbengalfootballclub.com/stadium.php। আহৰণ কৰা হৈছে: 29 May 2012.
- ↑ "Senior Team". East Bengal F.C.. http://eastbengalfootballclub.com/team.php। আহৰণ কৰা হৈছে: 10 August 2012.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- ক্লাবৰ ৱেবছাইট
- Official Website
- East Bengal at the AIFF website.
- বাতৰি ৱেবছাইট
- East Bengal on goal.com
|
|||||||||||