উদ্ভিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদ্ভিদ
জীৱাশ্ম কাল:
প্ৰাৰম্ভিক কেম্ব্ৰিয়ানৰ পৰা অতিয়ালৈকে , কিন্তু আখৰ চাওক, 520–0 Ma
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
(অশ্ৰেণীকৃত): Archaeplastida
জগৎ/ৰাজ্য: Plantae
হেকেল (Haeckel), 1866[1]

উদ্ভিদবোৰ (Viridiplantae in Latin) হ'ল, জগৎ উদ্ভিদৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ । সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত । ভেঁকুৰ, আৰ্কিয়া আৰু বেক্টেৰিয়াক উদ্ভিদ বুলি ধৰা নহয় । সেউজীয়া উদ্ভিদবোৰৰ ছেলুলজেৰে গঠিত কোষবেৰ থাকে আৰু ক্ল'ৰফিলৰ সহায়ত সালোক সংশ্লেষণৰ জৰিয়তে শক্তি আহৰণ কৰে । উদ্ভিদৰ পাতে সেউজীয়া ৰঙটো, সিহঁতৰ ক্লৰপ্লাষ্টত থকা ক্ল'ৰফিল এ আৰু ক্ল'ৰফিল বিৰ পৰা পায় । কিছুমান উদ্ভিদে প্ৰয়োজনীয় ক্ল'ৰফিল উৎপাদন কৰিব নোৱাৰা বা সালোক সংশ্লেষণ কৰিবলৈ অপৰাগ হোৱাৰ বাবে পৰপোষী হৈ জীৱন নিৰ্বাহ কৰে । পৰিবৰ্তিত প্ৰজন্মসমুহত যদিও অযৌন প্ৰজনন দেখা যায়, যৌন প্ৰজনন উদ্ভিদৰ এটা সাধাৰণ বৈশিষ্ট ।

উদ্ভিদৰ প্ৰায় ৩০০–৩১৫ হাজাৰ প্ৰজাতিৰ ভিতৰত, অধিক সংখ্যকেই, প্ৰায় ২৬০–২৯০ হাজাৰেই বীজ উৎপন্ন কৰা উদ্ভিদ । পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ মুঠ আনৱিক অক্সিজেনৰ সৰহ ভাগেই সেউজীয়া উদ্ভিদে উপলব্ধ কৰায় । মানুহৰ প্ৰধান খাদ্য শস্য, ফলমূল আৰু শাক-পাচলি উদ্ভিদৰ পৰাই উৎপন্ন হয় । উদ্ভিদক অলংকাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল আৰু বহু সমাজত ঔষধ আৰু চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰে । উদ্ভিদ সম্পৰ্কে প্ৰণালীবদ্ধ অধ্যয়নক জীৱ বিজ্ঞানৰ এটা শাখা, উদ্ভিদ বিজ্ঞান বুলি কোৱা হয় ।

উদ্ভিদ জগতৰ বিভাগসমুহ[সম্পাদনা কৰক]

উদ্ভিদজগতক ১২টা বিভাগত ভাগ কৰা হৈছে ।

বিভাগ অৰ্থ সাধাৰণ নাম চাৰিত্ৰিক বৈশিষ্ট
Chlorophyta - শেলাই -
Charophyta - শেলাই -
Anthocerotophyta Anthoceros-সদৃশ উদ্ভিদ শিঙৰ দৰে শিপা শিঙাল sporophyte, সংবহন তন্ত্ৰ নাই
Bryophyta Bryum-সদৃশ উদ্ভিদ, মছ উদ্ভিদ মছ স্থায়ী শাখাহীন sporophyte, সংবহন তন্ত্ৰ নাই
Marchantiophyta

Hepatophyta

Marchantia-সদৃশ উদ্ভিদ,যকৃৎ উদ্ভিদ যকৃৎ শিপা অস্থায়ী শাখাহীন sporophyte, সংবহন তন্ত্ৰ নাই
Lycopodiophyta,Lycophyta Lycopodium-সদৃশ উদ্ভিদ

লাইকেন

লাইকেন Microphyll পাত, সংবহন তন্ত্ৰ
Pteridophyta Pteris-সদৃশ উদ্ভিদ, ঢেকীয়া ঢেকীয়া Prothallus gametophyte, সংবহন তন্ত্ৰ
Pinophyta,Coniferophyta Pinus-সদৃশ উদ্ভিদ

Cone-bearing plants

সৰল গছ Cones containing seeds and wood composed of tracheids
Cycadophyta চাইকাছ-সদৃশ উদ্ভিদ, palm-সদৃশ উদ্ভিদ Cycads বীজ, যৌগিক পত্ৰৰ মুকুট
Ginkgophyta Ginkgo-সদৃশ উদ্ভিদ Ginkgo, Maidenhair ফলহীন বীজ (single living species)
Gnetophyta Gnetum-সদৃশ উদ্ভিদ Gnetophytes বীজ আৰু নলীকাযুক্ত কাষ্ঠিক সংবহন তন্ত্ৰ
Magnoliophyta /

Anthophyta

সপুষ্পক উদ্ভিদ সপুষ্পক উদ্ভিদ, angiosperms ফুল আৰু ফল, নলীকাযুক্ত সংবহন তন্ত্ৰ
মুঠ: ১২

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Haeckel G (1866). Generale Morphologie der Organismen. প্ৰকাশক Berlin: Verlag von Georg Reimer. পৃষ্ঠা. vol.1: i–xxxii, 1–574, pls I–II; vol. 2: i–clx, 1–462, pls I–VIII.