কামিলা শামসী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামিলা নাহিদ শামসী

২০১৭ চনত শামসী
জন্ম ১৩ আগষ্ট, ১৯৭৩ (৫০ বছৰ)
কৰাছী, পাকিস্তান
পেচা লেখক
ৰাষ্ট্ৰীয়তা পাকিস্তানী
ব্ৰিটিছ[1]
মাতৃশিক্ষায়তন হেমিল্টন কলেজ, নিউয়ৰ্ক
মাচাচুসেট্‌চ এমহৰ্ষ্ট বিশ্ববিদ্যালয়
ধৰণ কল্প-সাহিত্য
আত্মীয়-স্বজন মুনিজা শামসী

কামিলা শামসী (ইংৰাজী: Kamila Shamsie; জন্ম: ১৩ আগষ্ট, ১৯৭৩) ‘দ্য ৰয়েল চ’ছাইটি অৱ লিটাৰেচাৰ’ৰ এগৰাকী সহযোগী।[2]তেওঁ জন্মসূত্ৰে পাকিস্তানী এগৰাকী ব্ৰিটিছ লেখক তথা ঔপন্যাসিক যাক তেওঁৰ বঁটা প্ৰাপ্ত উপন্যাস হ’ম ফায়াৰৰ বাবে জনা যায়। [1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

পাকিস্তানৰ এটি সম্ভ্ৰান্ত বুদ্ধিজীৱীৰ পৰিয়ালত শামসীৰ জন্ম হয়। তেওঁৰ মাক মুনিজা শামসী এগৰাকী সাংবাদিক তথা সম্পাদক, খুড়ী আইতাক আত্তিয়া হোছেইন এগৰাকী লেখক আৰু তেওঁ আত্মজীৱনীকাৰ (স্মৃতিকথা লেখক) জাহানাৰা হবিবুল্লাহৰ নাতিনী। [3] কৰাছী গ্ৰামাৰ স্কুলত পঢ়া-শুনা কৰি শামসী কৰাছীতে ডাঙৰ-দীঘল হয়।[2]নিউয়ৰ্কৰ হেমিল্টন বিশ্ববিদ্যালয়ৰপৰা তেওঁ সৃজনীশীল সাহিত্যত স্নাতক ডিগ্ৰী, [2]আৰু মাচাচুসেট্‌চ এমহৰ্ষ্ট বিশ্ববিদ্যালয়ৰপৰা এম এফ এ (এম এফ এ প্ৰ'গ্ৰাম ফ'ৰ পয়েটচ্‌ এণ্ড ৰাইটাৰ্ছ) ডিগ্ৰী লাভ কৰিছিল,[2]য'ত তেওঁ কাশ্মিৰী কবি আঘা শাহিদ আলিৰ দ্বাৰা প্ৰভাৱাম্বিত হৈছিল।[4]

কৰ্ম্মজীৱন[সম্পাদনা কৰক]

শামসীয়ে তেওঁৰ প্ৰথমখন কিতাপ ইন দ্য চিটি অৱ দ্য চি মহাবিদ্যালয়ত অধ্যয়নৰত কালত লিখি উলিয়াইছিল; যিখনে ১৯৯৮ চনত, শামসীৰ ২৫ বছৰ বয়সত প্ৰকাশৰ মুখ দেখে।[5]এই উপন্যাসখনৰ বাবে তেওঁ ১৯৯৯ চনত পাকিস্তানী সাহিত্য কীৰ্তিৰ প্ৰধান মন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰিছিল।[4]২০০০ চনত প্ৰকাশিত, তেওঁৰ দ্বিতীয়খন উপন্যাস চল্ট এণ্ড চেফ্‌ৰনৰ বাবে তেওঁ একৈশ শতিকাৰ ‘অৰেঞ্জ’ৰ ২১ গৰাকী লেখকৰ তালিকাত স্থান পায়।[4]তৃতীয়খন উপন্যাস কাৰ্ট’গ্ৰাফী(২০০২)য়ে সমালোচকৰ বিপুল প্ৰশংসা লাভ কৰে আৰু কিতাপখন যুক্তৰাষ্ট্ৰৰ ‘জ’ন লেৱেলিন ৰাইচ পুৰস্কাৰ’ৰ বাবে তালিকাভুক্ত হয়।[6] তেওঁৰ দুয়োখন উপন্যাস কাৰ্ট’গ্ৰাফী(২০০২) আৰু ব্ৰ’কেন ভাৰ্চেচে (২০০৫) পাকিস্তানী একাডেমী অৱ লেটাৰচ্‌ৰপৰা পাত্ৰাস বোখাৰি বঁটা লাভ কৰিছিল[4]শামসীৰ পঞ্চমখন উপন্যাস বাৰ্ণ্ট চেদ’জ (২০০৯) কল্প-সাহিত্যৰ অৰেঞ্জ পুৰস্কাৰৰ বাবে তালিকাভুক্ত হৈছিল [6] আৰু ‘আনিছফিল্ড ওল্ফ বুক এৱাৰ্ড ফ'ৰ ফিকচন’ বঁটা লাভ কৰিছিল।[7]আ গ’ড ইন এভ্ৰি ষ্ট’ন(২০১৪) ২০১৫ চনত ‘ৱাল্টাৰ স্কট’ [8] আৰু ‘বেইলিজ ৱুমেনচ্‌ প্ৰাইজ ফ’ৰ ফিকচন’ বাবে তালিকাভুক্ত হৈছিল। [9]২০১৭ চনৰ বুকাৰ বঁটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা শামসীৰ কিতাপখন আছিল তেওঁৰ সপ্তমখন উপন্যাস হ’ম ফায়াৰ[10]কিতাপখনে ২০১৮ চনত কল্প-সাহিত্যৰ বাবে মহিলা লেখকৰ বঁটা লাভ কৰে।[11]

২০০৯ চনত, কামিলা শামসীয়ে ‘অক্সফাম’ৰ ‘অক্স-টেলচ্‌’ প্ৰকল্পলৈ তেওঁৰ দ্য ডেজাৰ্ট টৰ’চ' গল্পটি দান কৰিছিল- এয়া আছিল ৩৮ জন লেখকৰ দ্বাৰা লিখিত চাৰিটা ইউৰোপীয় কাহিনীৰ সংকলন। এয়াৰ শীৰ্ষক সংকলনটোত শামসীৰ গল্পটো সংকলিত হৈছিল।[12]২০১১ চনৰ জয়পুৰ সাহিত্য সন্মিলনত শামসীয়ে ভাগ লৈছিল ; য’ত তেওঁ নিজস্ব লেখন শৈলী বিষয়ক বক্তৃতা প্ৰদান কৰিছিল। বুচ থিয়েটাৰৰ ‘চিকষ্টি চিক্স বুকচ্‌’ প্ৰকল্পত তেওঁ ভাগ লৈছিল[13]২০১৩ চনত ২০ গৰাকী সৰ্বশ্ৰেষ্ঠ যুৱ ব্ৰিটিছ লেখকৰ ‘গ্ৰন্ত’ তালিকাত কামিলা শামসীৰ নাম অন্তৰ্ভুক্ত হয়। [14] S

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

শামসীয়ে কৈছে যে, তেওঁ নিজকে মুছলিম বুলি গণ্য কৰে।[15]২০০৭ চনত তেওঁ লণ্ডনলৈ যায় আৰু ইতিমধ্যে তেওঁ পাকিস্তান আৰু ইংলেণ্ড, এই দুয়োখন দেশৰে দ্বৈত নাগৰিকত্ব লাভ কৰিছে। [1]

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

  • ১৯৯৯: পাকিস্তানী সাহিত্য কীৰ্তিৰ বাবে প্ৰধান মন্ত্ৰীৰ পুৰস্কাৰ ( ইন দ্য চিটি অৱ দ্য চি গ্ৰন্থৰ বাবে)
  • ২০০২: পাকিস্তানী একাডেমী অৱ লেটাৰচ্‌ৰপৰা পাত্ৰাস বোখাৰি বঁটা
  • ২০০৫: পাত্ৰাস বোখাৰি পুৰস্কাৰ, (ব্ৰ’কেন ভাৰ্চেচ গ্ৰন্থৰ বাবে)
  • ২০১০: আনিছফিল্ড ওল্ফ বুক এৱাৰ্ড ফ’ৰ ফিকচন (বাৰ্ণ্ট চেড’জ গ্ৰন্থৰ বাবে)[7]
  • ২০১৮: ৱ’মেনচ্‌ প্ৰাইজ ফ’ৰ ফিকচন (হ’ম ফায়াৰ গ্ৰন্থৰ বাবে)[16]
  • ২০১৯: নেলি চেক্স প্ৰাইজ [17]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • ইন দ্য চিটি অৱ দ্য চি (১৯৯৮)
  • চল্ট এণ্ড চেফ্‌ৰন (২০০০)
  • কাৰ্ট’গ্ৰাফী (২০০২)
  • ব্ৰ’কেন ভাৰ্চেচ (২০০৫)
  • অ’ফেন্স: দ্য মুছলিম কেচ (২০০৯)
  • বাৰ্ণ্ট চেদ’জ (২০০৯)
  • আ গ’ড ইন এভ্ৰি ষ্ট’ন (২০১৪)
  • হ’ম ফায়াৰ (২০১৭)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Kamila Shamsie on applying for British Citizenship: 'I never felt safe'", The Guardian, 4 March 2014. Retrieved 5 March 2014
  2. 2.0 2.1 2.2 2.3 "Kamila Shamsie: Following in her father's footsteps". South Asian Diaspora. 8 March 2013. Archived from the original on 3 March 2015. https://web.archive.org/web/20150303120101/http://southasiandiaspora.org/index.php/archives/3947। আহৰণ কৰা হৈছে: 26 June 2014. 
  3. Major, Nick (2018-08-18). "THE SRB INTERVIEW: Kamila Shamsie". Scottish Review of Books. https://www.scottishreviewofbooks.org/2018/08/the-srb-interview-kamila-shamsie/। আহৰণ কৰা হৈছে: 2019-03-28. 
  4. 4.0 4.1 4.2 4.3 Agha, Saira (26 August 2016). "Pride of Pakistan:Kamila Shamsie". Daily Times. https://dailytimes.com.pk/61108/pride-of-pakistankamila-shamsie/. 
  5. Hanman, Natalie (2014-04-11). "Kamila Shamsie: 'Where is the American writer writing about America in Pakistan? There is a deep lack of reckoning'" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/culture/2014/apr/11/kamila-shamsie-america-pakistan-interview. 
  6. 6.0 6.1 "Kamila Shamsie". Bloomsbury. http://www.bloomsbury.com/author/kamila-shamsie। আহৰণ কৰা হৈছে: 21 December 2014. 
  7. 7.0 7.1 "Kamila Shamsie | Burnt Shadows", Anisfiels-Wolf Book Awards.
  8. "2015 Shortlist announced". Walter Scott Prize. 24 March 2015. http://www.walterscottprize.co.uk/2015-shortlist-announced/। আহৰণ কৰা হৈছে: 24 March 2015. 
  9. Driscoll, Brogan (2015-04-13). "Baileys Women's Prize for Fiction Shortlist Announced". HuffPost UK. http://www.huffingtonpost.co.uk/2015/04/13/baileys-womens-prize-fiction-winner-announced_n_7055234.html। আহৰণ কৰা হৈছে: 2017-08-16. 
  10. Beer, Tom (14 August 2017). "What to read this week". Newsday. http://www.newsday.com/entertainment/books/what-s-new-kamila-shamsie-s-booker-prize-contender-ann-powers-on-sex-and-music-bill-goldstein-s-literary-history-of-1922-1.14031778. 
  11. Flood, Alison (6 June 2018), "Kamila Shamsie wins Women's prize for fiction for 'story of our times'", The Guardian.
  12. "The Desert Torso" – A short story from the OX-Tales series/
  13. Kamila Shamsie - "The Letter in response to Philemon" Archived 13 May 2014 at the Wayback Machine, Sixty-Six Books, Bush Theatre.
  14. Best of Young British Novelists 4, Granta 123.
  15. Nicol, Patricia (2017-09-20). "Author of the moment Kamila Shamsie on what it is to be a Muslim today". Evening Standard. https://www.standard.co.uk/lifestyle/esmagazine/author-of-the-moment-kamila-shamsie-on-what-it-is-to-be-a-muslim-today-a3639416.html. 
  16. "Announcing the 2018 Women’s Prize winner!" Archived 2019-04-01 at the Wayback Machine, Women's Prize for Fiction
  17. Flood, Allison (19 September 2019). "Kamila Shamsie’s book award withdrawn over her part in Israel boycott". The Guardian. https://www.theguardian.com/books/2019/sep/19/kamila-shamsies-book-award-withdrawn-over-her-part-in-israel-boycott.