কৃশাঙ্গী বান্দৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
কৃশাঙ্গী বান্দৰ (Gray slender loris)[1]
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পর্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Lorisidae
গণ: Loris
প্ৰজাতি: L. lydekkerianus
বৈজ্ঞানিক নাম
Loris lydekkerianus
Cabrera, 1908
Subspecies

L. l. lydekkerianus (Cabrera, 1908)
L. l. malabaricus (Wroughton, 1917)
L. l. nordicus (Osman Hill, 1933)
L. l. grandis (Osman Hill and Phillips, 1932)
L. l. nycticeboides (Osman Hill, 1942)

কৃশাঙ্গী বান্দৰৰ বিতৰণ

কৃশাঙ্গী বান্দৰ (ইংৰাজী: Gray Slender Loris)ভৌগোলিক ভাৱে পৃথক লাজুকী বান্দৰৰ সমগোত্ৰীয় এবিধ বান্দৰ প্ৰজাতি৷

সূচী

[সম্পাদনা কৰক] বিতৰণ

ই দক্ষিণ ভাৰত তথা শ্ৰীলংকাৰ মুকলি কাঁইটীয়া হাবি, পৰ্ণপাতী তথা চিৰসেউজীয়া অৰণ্যত বাস কৰে৷ ই্য়াক Loris tardigradus lydekkerianus হিচাপে পূৰ্বতে গণ্য কৰা হৈছিল যদিও Loris tardigradus বৰ্তমান শ্ৰীলংকাত পোৱা এটা সম্পূৰ্ণ পৃথক প্ৰজাতি৷ এই প্ৰজাতিটো শেহতীয়াকৈ ভৌগোলিকভাৱে পৃথক কেইবাটাও উপ-প্ৰজাতিত ভাগ কৰা হৈছে৷ [3] ভাৰতবৰ্ষত পোৱা উপ-প্ৰজাতি দুটা হৈছে-

  • মালাবাৰ কৃশাংঙ্গী বান্দৰ (Malabar gray slender loris, Loris lydekkerianus malabaricus)- দাক্ষিণাত্যত পোৱা যায়৷
  • মাইছোৰ কৃশাংঙ্গী বান্দৰ (Mysore gray slender loris, Loris lydekkerianus lydekkerianus) – মাইছোৰ তথা তামিলনাডুত পোৱা যায় [4]

[সম্পাদনা কৰক] দৈহিক গঠন

লাজুকী বান্দৰতকৈ এই প্ৰজাতিৰ দেহৰ নোম কম আৰু মূৰৰ আগৰ পৰা পিঠিৰ ফাললৈ থকা আঁচডাল পাতলীয়া৷ মতা-মাইকীৰ মাজত আকৃতিগত পাৰ্থক্য নাই যদিও আকাৰত মতাবোৰ কিছু ডাঙৰ হয় ৷ কৃশাঙ্গী বান্দৰ্ৰ দেহৰ দৈৰ্ঘ্য ২০-২৫ ছে: মি: , দেহৰ ওজন ১২৫-৩৪০ গ্ৰাম৷

[সম্পাদনা কৰক] আচৰণ

কৃশাঙ্গী বান্দৰ এবিধ নিশাচৰ বান্দৰৰ প্ৰজাতি

এই জন্তু বিধে দিনৰ ভাগত গছৰ খোৰোঙত বা পাতৰ আঁৰত লুকাই শুই থাকে আৰু ৰাতিৰ ভাগত খাদ্যৰ সন্ধানত ওলাই আহে৷ মূলত: পোক-পৰুৱা খাই জীয়াই থাকে৷ সাধাৰণতে আকলশৰে বা কেতিয়াবা যোৰ পাতি থকা দেখা যায়৷ সচৰাচৰ দল বান্ধি থকা দেখা নাযায়৷ [5][6]

[সম্পাদনা কৰক] তথ্যসুত্ৰ

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd ed.). Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 122. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3. 
  2. Nekaris, A., Singh, M. & Kumar Chhangani, A. (2008). Loris lydekkerianus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 1 January 2009.
  3. Perera, M. Sandun J. (2008). "A Review of the Distribution of Grey Slender Loris (Loris lydekkerianus) in Sri Lanka" (PDF). Primate Conservation 23: 89–96. doi:10.1896/052.023.0110. http://www.primate-sg.org/PDF/PC23.lydekkerianus.distribution.V2.pdf. 
  4. Singh, M., Lindburg, D.G., Udhayan, A., Kumar, M.A., and Kumara, H.N. 1999. Status survey of slender loris Loris tardigradus lydekkerianus in Dindigul, Tamil Nadu, India. Oryx 33(1):31-37.
  5. Ramakrishna, Sindhu ; Singh Mewa ; (2002) Home range and ranging pattern in the slender loris (Loris tardigradus lydekkerianus). Primates 43(3):237-248
  6. Sindhu Radhakrishna, Mewa Singha (2002) Social Behaviour of the Slender Loris (Loris tardigradus lydekkerianus). Folia Primatologica 73(4):181-196 DOI: 10.1159/000065426 PDF

[সম্পাদনা কৰক] বহি:সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত