চৰাই

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


পক্ষী (Birds)
জীৱাশ্ম কাল: Late Jurassic–Recent, 150–0 Ma
White-throated Rock Thrush
(Monticola gularis)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পর্ব: Chordata
শ্ৰেণী: Aves
Subclasses & orders
  • প্ৰায় দুই ডজনৰো অধিক


চৰাইৰ বৈজ্ঞানিক সংজ্ঞা হ’ল “কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰানী”। সকলো মিলাই বৰ্তমান প্ৰায় ১০,০০০ টা প্ৰজাতি , পৃথিৱীৰ সকলো জলবায়ুতে, মেৰু অঞ্চলৰ পৰা এন্টাৰ্কটিকালৈক, বসবাস কৰা দেখা যায়। চৰাই জাতিৰ আকাৰ ২ ইঞ্চিৰ “হামিং বাৰ্ড” ৰ পৰা প্ৰায় ৯ ফুটৰ “ঊট পক্ষী"লৈকে হ'ব পাৰে। আধুনিক চৰাই সমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল, ডেউকা, ঠোঁট, টান-খোলাৰ কণী পৰা, চাৰি-কোঠালিৰ হৃদযন্ত্ৰ তথা উচ্চ পাচন-হাৰ (metabolic rate) ৷ চৰাইৰ সকলো প্ৰজাতিৰে ডেউকা আছে ৷ চৰাইৰ ডেউকা প্ৰকৃততে ইয়াৰ আগঠেঙৰ ৰূপান্তৰিত ৰূপ ৷ উৰিব নোৱাৰা চৰাইৰ উদাহৰণ হ’ল, ৰেটিটছ (ratites),পেংগুইন (penguins) আৰু নানা দ্বীপবাসী চৰাই সমূহ ৷ চৰাইৰ পাচন-যন্ত্ৰ তথা শ্বাসযন্ত্ৰও উৰিবৰ বাবে বিশষভাৱে ৰূপান্তৰিত হৈছে ৷ চৰাইৰ বহুতো প্ৰাজাতিয়ে বহু দীঘলীয়া দুৰত্ব অতিক্ৰম কৰি পৰিভ্ৰমণ কৰে ৷ চৰাই সামাজিক জীৱ ৷ নানা ধৰণৰ সংকেত তথা মাতেৰে পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ স্হাপন কৰিব পাৰে ৷

সূচী

[সম্পাদনা কৰক] ক্ৰমবিৱৰ্তন

জীৱাশ্ম আৰু জৈৱ প্ৰমাণ সমূহৰ আধাৰত বিজ্ঞানীসকলে প্ৰাচীন জুৰাচিক যুগৰ থেৰ’পড (Theropod) ডাইন’ছৰৰ পৰাই ক্ৰমান্বয়ে ৱিৱৰ্তন ঘটি চৰাইৰ উৎপত্তি হৈছে বুলি গণ্য কৰে ৷ চৰাইৰ উৎপত্তি আজিৰ পৰা ১৫০-২০০ মিলিয়ন বছৰ আগতে হৈছে বুলি ঠাৱৰ কৰা হৈছে।

ফ্ৰান্সিছ উইলোগবী (Francis Willughby) আৰু জন ৰে (John Ray) নামৰ বিজ্ঞানী দুগৰাকীয়ে পোনপ্ৰথমে ১৬৭৬ চনত “অৰ্নিথ’লজী’’(Ornithologiae) ত চৰাইৰ বৈজ্ঞানিক শ্ৰেণীবিভাজন আগবঢ়াইছিল [1] কেৰ’লাছ লিনিয়াছ (Carolus Linnaeus) এ ১৭৫৮ চনত এই শ্ৰেণীবিভাজন সংশোধিত ৰূপত প্ৰকাশ কৰে ৷

আধনিক চৰাইসমূহ মূলত নিঅৰনিথিছ (Neornithes) বিভাগটোৰ আন্তৰ্ভুক্ত, ইয়াৰে দুটা বিভাজন আছে ৷ পেলিঅগনেথি (Palaeognathae), য’ত উৰিব নোৱাৰা চৰাইৰ প্ৰজাতি সমূহ অন্তৰ্ভুক্ত কৰা হৈছে , যেনে- ৰেটিটছ (ratites) আৰু নিঅ'গনেথি (Neognathae), য’ত অন্য সকলো চৰাইক সামৰা হৈছে ৷

[সম্পাদনা কৰক] শ্ৰেণীবিভাজন

চৰাইৰ শেহতীয়া বিভাজনৰ ক্লেড’গ্ৰাম [2]

উপশ্ৰেণী (Subclass) নিঅৰনিথিছৰ বিভিন্ন ভাগ সমূহ তলত দিয়াৰ দৰে--.

উপশ্ৰেণী নিঅৰনিথিৰ দুটা মূল উচ্চবৰ্গ (Superorder)–

উচ্চবৰ্গ পেলিঅগনেথি : এই উচ্চবৰ্গৰ অধীনত দুটা বৰ্গ আছে য’ত মুঠতে ৪৯ বিধ প্ৰজাতি অন্তৰ্ভুক্ত ৷ বৰ্গ দুটা হ'ল-

উচ্চবৰ্গ নিঅগনেথি: এই উচ্চবৰ্গত ২৭ টা বৰ্গ আৰু সৰ্বমুঠ দহহাজাৰ প্ৰজাতি অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই বৰ্গসমূহ হ’ল-

  • এনছেৰিফৰমিছ (Anseriformes)—waterfowl
  • গেলিফৰমিছ (Galliformes)—fowl
  • কেৰেদ্ৰিফৰমিছ (Charadriiformes)—gulls, button-quails, plover
  • গেভিফৰমিছ (Gaviiformes)—loons
  • প'ডিচিপেডিফৰমিছ (Podicipediformes)—grebes
  • প্ৰচেলেৰিফৰমিছ (Procellariiformes)—albatross,petrels
  • স্ফেনিশ্চিফৰমিছ (Sphenisciformes)—পেংগুইন
  • পেলিকানিফৰমিছ (Pelecaniformes)—পেলিকান
  • ফেইটন্তিফৰমিছ (Phaethontiformes)—tropicbirds
  • চিক'নিফৰমিছ (Ciconiiformes)—stork
  • কেথেৰ্টিফৰমিছ (Cathartiformes)—নতুন বিশ্বৰ শগুণ
  • ফনিক'প্টেৰিফৰমিছ(Phoenicopteriformes)—ফ্লেমিংগ'
  • ফেলকনিফৰমিছ (Falconiformes)—ঈগল, ফেলকন
  • গ্ৰুচিফৰমিছ (Gruiformes)—Crane
  • টেৰ'ক্লিদিফৰমিছ (Pteroclidiformes)—sandgrouse
  • কলোম্বিফৰমিছ (Columbiformes)—কপৌ, পাৰ
  • শ্চিটাচিফ}মিছ (Psittaciformes)—ভাটৌ
  • কুকুলিফৰমিছ (Cuculiformes)—কুলি চৰাই
  • অপিস্থকমিফৰমিছ (Opisthocomiformes)—hoatzin
  • স্ত্ৰিগিফৰমিছ (Strigiformes)—ফেঁচা
  • কেপ্ৰিমুলগিফৰমিছ (Caprimulgiformes)—nightjar
  • এপ'ডিফৰমিছ (Apodiformes)—ছুইফ্ট আৰু হামিংবাৰ্ড
  • ক"ৰাচিফৰমিছ (Coraciiformes)—মাছোৰোকা
  • পিচিফৰমিছ (Piciformes)-কাঠোৰোকা
  • ত্ৰগ'নিফৰমিছ (Trogoniformes)—trogons
  • ক'লিফৰমিছ (Coliiformes)—mousebirds
  • পেচ্চেৰিফৰমিছ (Passeriformes)—passerines

[সম্পাদনা কৰক] বিতৰণ

চৰাই বিশ্বৰ আটাইকেইখন মহাদেশতে পোৱা যায় যদিও আটাইতকৈ বেছি বৈচিত্ৰতা দেখা যায় বিষুৱীয় (tropical ) অঞ্চল সমূহত ৷

মানুহৰ কাৰ্য-কলাপৰ ফলস্বৰূপে ঘৰচিৰিকাৰ বিতৰণ শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পাইছে [3]

[সম্পাদনা কৰক] দৈহিক গঠন

ডেউকা চৰাইৰ দৈহিক গঠনৰ প্ৰধান বৈশিষ্ট্য ৷

চৰাইৰ বাহ্যিক গঠন(উদাহৰণ: Yellow-wattled Lapwing): 1 ঠোঁট, 2 মূৰ, 3 চেলাউৰি (Iris), 4 চকুৰ মণি (Pupil), 5 মেন্টল (Mantle), 6 সৰু আৱৰণ (Lesser coverts), 7 Scapulars, 8 মধ্যমীয়া আৱৰণ (Median coverts), 9 Tertials, 10 Rump, 11 Primaries, 12 Vent, 13 উৰু 14 Tibio-tarsal articulation, 15 Tarsus, 16 ঠেং 17 Tibia, 18 পেট 19 Flanks, 20 বুকু 21 ডিঙি, 22 Wattle
 Owl with eyes closed in front of similarly coloured tree trunk partly obscured by green leaves
আফ্ৰিকান স্ক’পছ ফেঁচা (African Scops Owl) ৰ গাৰ বৰণে ইয়াক নিজকে পাৰিপাৰ্শ্বিক পৰিৱেশৰ লগত মিলাই থাকিবলৈ সুবিধা দিয়ে
 Black bird with white chest  in flight with wings facing down and tail fanned and down pointing
Restless Flycatcher উৰন্ত অৱস্হাত

[সম্পাদনা কৰক] বিচৰণ

[সম্পাদনা কৰক] মানৱ সমাজত গুৰুত্ব

পাৰিপাৰ্শ্বিকতাৰ কথা বাদ দিলেও, মানৱ সমাজত চৰাইৰ গুৰুত্ত অপৰিসীম। পৃথিৱীৰ প্ৰায় সকলোবোৰ লোককৃষ্টিত চৰাইৰ উপস্থিত লক্ষ্য কৰিবলগীয়া। সৌন্দৰ্যৰ প্ৰতীক হিছাপে মানৱ সভ্যতাত চৰাইৰ এক বিশেষ স্থান আছে। তদুপৰি চৰাইৰ অৰ্থনৈতিক দিশতো অনেক অৱদান আছে, বিভিন্ন চৰাইৰ মাংস, বিভিন্ন খাদ্য প্ৰণালীৰ অবিচ্ছেদ্য অংগ।

[সম্পাদনা কৰক] সংৰক্ষণ

দুখৰ বিষয়, ১৭শ শতিকাৰ পৰা বৰ্তমানলৈকে, মানুহৰ অবিবেচক কাৰ্য্যৰ পৰিণতিত প্ৰায় ১২০-১৩০ বিধ মান চৰাই পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হৈ গ’ল। বৰ্তমানো প্ৰায় ১২০০ টা মান প্ৰজাতিৰ চৰাইৰ অবস্থা সংকটজনক বুলি গম পোৱা গৈছে।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. del Hoyo, Josep; Andy Elliott and Jordi Sargatal (1992). Handbook of Birds of the World, Volume 1: Ostrich to Ducks. Barcelona: Lynx Edicions. ISBN 84-87334-10-5. 
  2. Tolweb.org, "Neoaves". Tree of Life Project
  3. Newton, Ian (2003). The Speciation and Biogeography of Birds. Amsterdam: Academic Press. পৃষ্ঠা. 463. ISBN 0-12-517375-X. 
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত