কাকৈশিৰা
| Hoopoe | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Coraciiformes |
| পৰিয়াল: | Upupidae Leach, 1820 |
| গণ: | Upupa Linnaeus, 1758 |
| প্ৰজাতি: | U. epops |
| বৈজ্ঞানিক নাম | |
| Upupa epops Linnaeus, 1758 |
|
| Approximate range. nesting resident (all year) wintering |
|
কাকৈশিৰা , ইংৰাজী নাম:Hoopoe (pron.: /ˈhuːpuː/), বৈজ্ঞানিক নাম: Upupa epops এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই ৷ মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষনীয় বৈশিষ্ট্য ৷ ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি ৷ ৰ'দত ইহঁতে পাখিমেলি ৰ'দ লোৱা(sunbathe) দেখা যায় ৷ [2] তাৰোপৰি ধূলি-বালিৰেও ইহঁতে শৰীৰৰ পাখি চাফা কৰে ।[3] কাকৈশিৰা ইজৰাইলৰ ৰাষ্ট্ৰীয় চৰাই ৷
সূচী |
বিৱৰণ [সম্পাদনা কৰক]
দীঘলে প্ৰায় ২৭ চেণ্টিমিটাৰ, পাখিৰে সৈতে ৪৪চেণ্টিমিটাৰ, ওজন প্ৰায় ৬৮ গ্ৰাম ৷ দেহ বগা, কলা, মুগা পাখিৰে আবৃত ৷ ঠোঁট অত্যন্ত দীঘল। ঠোঁটৰ আগমূৰ জোঙা ৷ মূৰত একোছা বিশেষ ধৰণৰ জঁবা পাখি থাকে৷ উৰিবৰ সময়ত মূৰৰ পাখিখিনি বিচনীৰ আকৃতিত ফুলাই উৰা মাৰে। ডেউকা বহল আৰু গোলাকৃতিৰ ৷ ই পখিলাৰ নিচিনাকৈ বতাহত ভাহি থাকিব পাৰে ৷ [4]
অৱস্থিতি আৰু বাসস্থান [সম্পাদনা কৰক]
ইউৰোপ, এছিয়া, উত্তৰ আফ্ৰিকা, চাইবেৰিয়াত ইহঁতৰ অৱস্থিতি দেখা যায় ৷ বেচি ডাঠ অৰণ্যত ইহঁতক দেখা নাযায় ৷ গাওঁ বা নগৰৰ আশে পাশে থকা কাঠনি জাতীয় অৰণ্যত ইহঁত বাস কৰে ৷ নিৰ্জন ঠাইত থকা গছৰ খোৰোং, শিলৰ ফাক, আদিত ঘাঁহ, বন, আঁহ আদিৰে বাঁহ সাজে। কণীপৰাৰ সময় অক্টোবৰৰপৰা ডিচেম্বৰলৈ ৷ এবাৰত ৬-৭ টাকৈ কণী পাৰে। কণীবোৰ বগা ৷ মাইকী চৰাইজনীয়ে উমনিত বহে আৰু মতাটোয়ে খাদ্যৰ যোগান ধৰে। ১৫-১৮ দিনৰ ভিতৰত কণীৰপৰা পোৱালি উলায় ৷ প্ৰথম কেইদিন মতাটোৱে আৰু পাছত মাইকীজনীয়েও পোৱালিক খাদ্য যোগায় ৷ প্ৰায় ২৬-২৯ দিনত পোৱালিবোৰ উৰিব পৰা হয় ৷[5]
খাদ্য [সম্পাদনা কৰক]
ই এবিধ পতংগভোজী চৰাই। ইয়াৰ জোঙা ঠোঁটটোৰে মাটি খুচৰি খাদ্যৰ সন্ধান কৰি ফুৰে ৷ ফৰিং, উঁইচিৰিঙা আদি খোৱাৰ ওপৰিও পোক-পৰুৱা, গছৰ গুটি আদিও খায় ৷ ই পাতত লাগি থকা পোক পৰুৱা, গা-গছত থকা পোক, শিলৰ ফাকত থকা পোক পৰুৱা আদি বিচাৰি খায় ৷ অলপ ডাঙৰ আকাৰৰ পোকবোৰ খোৱাৰ আগেয়ে ইহঁতে ঠোঁটেৰে ধৰি শিল বা মাটিত আচাৰি মাৰি লয় ৷ তাৰোপৰি খোৱাৰ আগতে পোকটোৰ শৰীৰৰ খোৱাৰ অলাগতীয়াল অংশ যেনে- পাখি, ভৰি আদি এৰোৱাই লয় ৷ [6]
আলোকচিত্ৰৰ ভঁৰাল [সম্পাদনা কৰক]
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ Birdlife International (2008). "Upupa epops". Retrieved 10 Feb 2009.
- ↑ Fry, Hilary C. (2003). Christopher Perrins. ed. Firefly Encyclopedia of Birds. Firefly Books. pp. 382. ISBN 1-55297-777-3.
- ↑ Harrison, C.J.O.; Christopher Perrins (1979). Birds: Their Ways, Their World. The Reader’s Digest Association. pp. 303–304. ISBN 0-89577-065-2.
- ↑ Kristin, A (2001). "Family Upupidae (Hoopoes)". In Josep, del Hoyo; Andrew, Elliott; Sargatal, Jordi. Handbook of the Birds of the World. Volume 6, Mousebirds to Hornbills. Barcelona: Lynx Edicions. pp. 396–411. ISBN 84-87334-30-X.
- ↑ Pforr, Manfred; Alfred Limbrunner (1982). The Breeding Birds of Europe 2: A Photographic Handbook. London: Croom and Helm. p. 82. ISBN 0-7099-2020-2.
- ↑ Kristin, A (2001). "Family Upupidae (Hoopoes)". In Josep, del Hoyo; Andrew, Elliott; Sargatal, Jordi. Handbook of the Birds of the World. Volume 6, Mousebirds to Hornbills. Barcelona: Lynx Edicions. pp. 396–411. ISBN 84-87334-30-X.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘Upupa epops’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Hoopoe- Species text in The Atlas of Southern African Birds.
- Ageing and sexing (PDF) by Javier Blasco-Zumeta
- Hoopoe videos, photos & sounds on the Internet Bird Collection