ছিডনী শ্বেলডন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছিডনী শ্বেলডন
জন্ম ছিডনী স্কেচটেল
১১ফেব্রুৱাৰী,১৯১৭
চিকাগো, ইলিনয়, আমেৰিকা যুক্তৰাষ্ট্র
মৃত্যু ৩০জানু ৱাৰী,২০০৭
ৰেঞ্চো মিৰেজ,কেলিফর্ণিয়া,আমৰিকা যুক্তৰাষ্ট্র
পেচা ঔপন্যাসিক
ৰাষ্ট্ৰীয়তা আমেৰিকান
সময় ১৯৬৯-২০০৭
ধৰণ অপৰাধ কল্পকাহিনী,
থ্রিলাৰ
ৱেবছাইট www.hachettebookgroup.com

ছিডনী শ্বেলডন (ইংৰাজী: Sidney Sheldon; ১৯১৭ - ২০০৭) এগৰাকী একাডেমী বঁটা বিজয়ী আমেৰিকান সাহিত্যিক আছিল। বিশ বছৰজুৰি টিভিৰ লগত জড়িত হৈ থকা কালত তেওঁ দ্য পার্টী ডিউক শ্বো (১৯৬৩-৬৬), আই ড্রীম অৱ জিনি (১৯৬৫-৭০), হার্ট টু হার্ট (১৯৭৯-৮৪) আদি অনুষ্ঠান সৃষ্টি কৰে যদিও ৫০ বছৰীয়া হৈ মাষ্টাৰ অৱ দ্য গেম (১৯৮২), দ্য আদাৰ চাইড অৱ মিডনাইট[উদ্ধৃতিৰ প্ৰয়োজন](১৯৭৩), ৰেজ অৱ দ্য এঞ্জেলছ (১৯৮০) আদি বেষ্টচেলাৰ কিতাপ লিখি পৃথিৱী বিখ্যাত হৈ পৰে। তেওঁ সর্বকালৰ সপ্তম সর্বাধিক গ্রন্থ বিক্রী হোৱা সাহিত্যিক[উদ্ধৃতিৰ প্ৰয়োজন]

প্রাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ইলিনয় প্রদেশৰ চিকাগোত শ্বেলডন বা ছিডনী স্কেচটেলৰ জন্ম হয়। ৰাছিয়ান ইহুদীসকলৰ বংশধৰ তেওঁৰ দেউতাক এচাৰ "অট্টো" স্কেচটেল(১৮৯৪-১৯৬৭) আছিল এক অলংকাৰৰ দোকানৰ প্রৱন্ধক আৰু মাতৃ আছিল নেটেলি মার্কাছ। দহ বছৰ বয়সতে এটা কবিতাৰ জৰিয়তে ছিডনীয়ে জীৱনৰ প্রথম উপার্জন হিচাপে ৫ আমেৰিকান ডলাৰ আর্জে। দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ দশকত বিশ্বজুৰি হোৱা অর্থনৈতিক মহামন্দাৰ সময়ত তেওঁ বহু ঠাইত চাকৰি কৰে আৰু ডেনভাৰ ইষ্ট হাই স্কুলৰ পৰা স্নাতক হৈ নর্থৱেষ্টার্ন য়ুনিভার্চিটিত প্রৱেশ কৰি নাট্যদল সমূহৰ কাৰণে সৰু সৰু নাটক লিখিবলৈ লয়। পিছলৈ তেওঁ ৩০০মিলিয়নতকৈও অধিক বিক্রী হোৱা ১৮খন উপন্যাস লিখি উলিয়াইছিল[উদ্ধৃতিৰ প্ৰয়োজন]

পেচাদাৰী জীৱন[সম্পাদনা কৰক]

১৯৩৭ চনত শ্বেলডন হলীউদ,কেলিফোর্ণিয়ালৈ যায় য'ত তেওঁ চিত্রনাট্য পুণৰীক্ষণৰ কাম কৰে আৰু বহুকেইখন বি পর্যায়ৰ চলচ্চিত্রত কাম কৰে।[1] প্রথম বিশ্বযুদ্ধৰ সময়ত শ্বেলডনে 'আর্মী এয়াৰ কর্পছ'ৰ অধীনস্থ 'ৱাৰ ট্রেইনিং ছার্ভিছ'ত পাইলট হিচাপে যোগ দিয়ে।[1] কিন্তু যুদ্ধত ভাগ লোৱাৰ পূর্বেই তেওঁৰ দলটিক খাৰিজ কৰা হয়। অসামৰিক জীৱনলৈ ঘূৰি আহি তেওঁ নিউ য়র্ক চহৰত থাকিবলৈ লয় য'ত তেঁও ব্রডৱে মঞ্চৰ বাবে সংগীতালেক্ষ লিখাৰ উপৰিও এমজিএম ষ্টুডিঅ আৰু পেৰামাউন্ট পিক্সার্ছৰ বাবে চিত্রনাট্য লিখিবলৈ লয়। লাহে লাহে তেওঁ লেখক হিচাপে জনপ্রিয় হ'বলৈ লয়,উদাহৰণস্বৰূপে এটা সময়তে ব্রডৱেত তেওঁৰ তিনিখন সংগীতালেক্ষ চলিছিল।[2] এই সফলতাই তেওঁক পুনৰ হলীউদলৈ ঘূৰাই আনে আৰু দ্য বেচ্চেলৰ এণ্ড দ্য ববী ছক্সাৰত কাম কৰে যাৰ বাবে তেওঁ ১৯৪৭ চনত শ্রেষ্ঠ চিত্রনাট্যৰ একাডেমি এৱার্ড লাভ কৰে। ১৯৪৮ চনৰ সংগীতধর্মী ছবি "ইষ্টাৰ পেৰাড"ত তেওঁ সহ-চিত্রনাট্যকাৰ হিচাপে কাম কৰে আৰু ১৯৫০ চনৰ সংগীতধর্মী ছবি "এনি গেট য়ৰ গান"ত চিত্রনাট্যকাৰ হিচাপে কাম কৰে।

যেতিয়া টেলিভিছন জনপ্রিয় মাধ্যম হৈ পৰে তেওঁ এই ক্ষেত্রতো হাত দিবলৈ সিদ্ধান্ত কৰে। "মই ভাবো মোক পইচা লাগিছিল," তেওঁ কয়।"এদিন দুপৰীয়া আহাৰৰ সময়ত মই পেট্টী ডিউকক লগ পালোঁ। গতিকে মই দ্য পেট্টী ডিউক শ্বো প্রযোজনা কৰি টিভিত কোনেও কেতিয়াও নকৰা কাম এটা কৰিলো। সাত বছৰ ধৰি মই সেই শৃংখলাৰ প্রায় আটাইবোৰ খণ্ডৰ চিত্রনাট্য লিখিছো।"[2]

শ্বেলডনে স্ক্রীণ গেমছৰ সহঃপ্রযোজনাত "আই ড্রীম অৱ জিনি" ৰচনা আৰু প্রযোজনা কৰে। তেওঁ ৫ বছৰত অসংখ্য চিত্রনাট্য লিখে আৰু মাজে মাজে তিনিটা ছদ্মনাম ব্যৱহাৰ কৰে(মার্ক ৰোৱেন, এলান ডেভন, ক্রিষ্টোফাৰ গোলাটো)। সমসাময়িক ভাৱে তেওঁ দ্য পেট্টী ডিউক শ্বোৰ বাবেও চিত্রনাট্য লিখি থাকে। "নেন্সী" নামৰ টিভি শৃংখলাটিৰ চিত্রনাট্য লিখোতেও তেওঁ আগৰ ছদ্মনাম কেইটা ব্যৱহাৰ কৰে। তেওঁ কয় যে শৃংখলাৰ ৰচক,প্রযোজক,স্বত্তাধিকাৰ আৰু লেখক হিচাপে কেৱল তেওঁৰ নামেই আহি থকা বাবে তেওঁ ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁ "হার্ট টু হার্ট" শৃংখলাৰো চিত্রনাট্য ৰচনা কৰে।

১৯৭০ চনত "আই ড্রীম অৱ জিনি"ৰ প্রযোজনা শেষ হয়। " আই ড্রীম অৱ জিনিৰ শেষৰ বছৰটোতহে মই এখন উপন্যাস লিখি চাবলৈ সিদ্ধান্ত কৰিলোঁ,"১৯৮২ চনত তেওঁ কয়। "সদায় ৰাতিপুৱা নটাৰ পৰা দুপৰীয়ালৈ মই ষ্টুডিঅ'ত মোৰ সহযোগীক ফোনসমূহ ৰিছিভ কৰিবলৈ কওঁ। মানে প্রতিটো ফোনকল। প্রতিদিনে পুৱা মই লিখিছিলো বা শ্রুতলিপি দিছিলো— আৰু তাৰ পিছতহে টিভি ব্যৱসায়ৰ মুখামুখি হৈছিলো"[2]

১৯৬৯ চনত শ্বেলডনে তেওঁৰ প্রথম উপন্যাস "দ্য নেকেড ফেছ" ৰচনা কৰে যাৰ বাবে তেওঁ "মিষ্ট্রী ৰাইটার্ছ অৱ আমেৰিকা"ই দিয়া এড্গাৰ এলেন পো বঁটাৰ "শ্রেষ্ঠ প্রথম উপন্যাস" শাখাত মনোনয়ন লাভ কৰে। তেওঁৰ পৰৱর্তী উপন্যাস "দ্য আডাৰ চাইড অৱ দ্য মিডনাইট"ৰ লগতে আৰু বহুতো উপন্যাসে দ্য নিউ য়র্ক টাইমছ বেষ্ট চেলাৰ তালিকাত প্রথম স্থান দখল কৰে আৰু ইয়াৰে বহুকেইখনৰ পৰা চলচ্চিত্র আৰু টেলিভিছন শৃংখলা নির্মাণ কৰা হয়। তেওঁৰ উপন্যাসবোৰে প্রায়েই নিষ্ঠুৰ মানুহ কিছুমানে নিয়ন্ত্রণ কৰা এক জগতত কোনো দৃঢ়মনা মহিলাৰ কাহিনী চিত্রিত কৰে।[2] উপন্যাসসমূহৰ মাজত লুকাই থকা ৰহস্য আৰু কৌতূহলে পাঠকক পাত লুটিয়াই যাবলৈ বাধ্য কৰিছিল:[2]

মই মোৰ কিতাপসমূহ এনেদৰে লিখিব বিচাৰো যাতে পঢ়ুৱৈজনে তাক নপঢ়াকৈ থাকিব নোৱাৰে।," ১৯৮২ চনত এক সাক্ষাত্‍কাৰত শ্বেলডনে কয়। "মই উপন্যাসসমূহ এনেদৰে সজাও যাতে পাঠকে যেতিয়া ইয়াৰ শেষ গৈ পাই তেতিয়া তেওঁ আৰু মাত্র এটা অধ্যায়হে পঢ়িবহে বাকী থাকে। এয়া যেন পূৰণি শনিবৰীয়া ধাৰাবাহিক বোৰৰ কৌশল:ল'ৰাজনক পাহাৰৰ গৰাত ওলমি থাকোঁতে অধ্যায়টো শেষ কৰি দিয়া।

তেওঁৰ অধিকাংশ পাঠকেই মহিলা আছিল।[2] ইয়াৰ কাৰণ সোধাত তেওঁ কয়: "মই এনেকুৱা মহিলাসকলৰ বিষয়ে লিখিব বিচাৰো যি বুদ্ধিমতী,পাৰদর্শী আৰু আটাইতকৈ ডাঙৰ কথা যিয়ে নিজৰ নাৰীত্বক সন্মান কৰে,ইয়াক বিসর্জন দিব নোখোঁজে। মহিলাসকলৰ অপৰিসীম শক্তি আছে — আৰু সেয়া হ'ল তেওঁলোকৰ নাৰীত্ব, কাৰণ ইয়াৰ অবিহনে পুৰুষে একো কৰিব নোৱাৰে।"[2] কিতাপেই আছিল শ্বেলডনৰ প্রিয় মাধ্যম। "কিতাপ লিখিবলৈ মই ভাল পাওঁ," তেওঁ কয়। "চলচ্চিত্র এক উমৈহতীয়া মাধ্যম, সকলোৱে তোমাৰ কামত নজৰ দি থাকে। তুমি যেতিয়া এখন উপন্যাস লিখা তাত কেৱল তুমিয়েই থাকা। এই স্বাধীনতা অন্য মাধ্যমত পোৱা নাযায়।"[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

শ্বেলডনে প্রথমতে জেন কোফমেনক বিয়া কৰায় (১৯৪৫-১৯৪৮)। পিছত তেওঁ লিখে "দুঃখজনকভাৱে, এমাহতকৈও কম সময়ৰ ভিতৰত জেন আৰু মই অনুভৱ কৰিলো যে আমি এটা ভুল কৰিলোঁ...ইয়াৰ পিছৰ ন মাহ আমি বিয়া খন পুনৰাই গঢ়ি তোলাৰ বৃথা চেষ্টা কৰিলোঁ"[3]

তাৰ পিছত তেওঁ পিছলৈ ইন্টেৰিয়ৰ ডিজাইনাৰ হৈ পৰা মঞ্চ আৰু চলচ্চিত্র অভিনেত্রী জর্জা কার্টৰাইটৰ লগত ৩০ বছৰীয়া বৈবাহিক জীৱন কটায়। আই ড্রীম অৱ জিনিৰ এটা খণ্ডত তেওঁ অভিনয় কৰে।১৯৮৫ চনত হার্ট এটাক হৈ তেওঁৰ মৃত্যু হয়। তেওঁলোকৰ জিয়ৰী মেৰী শ্বেলডনো এগৰাকী ঔপন্যাসিকা।

১৯৮৯ চনত লাছ ভেগাছত তেওঁ প্রাক্তন শিশু শিল্পী[4] আৰু বুলগেৰিয়াৰ ওহ্রিডৰ বিজ্ঞাপন বিষয়া[5] আলেক্সেন্দ্রা কষ্টফক বিয়া কৰায়।

বহুবছৰ ধৰি তেওঁ বাইপোলাৰ ডিজর্ডাৰত ভোগে;তেওঁ সোতৰ বছৰ বয়সত আত্মহত্যাৰ চেষ্টাও চলাইছিল (দেউতাকে কোৱা মতে,যিয়ে তেওঁক আৱিস্কাৰ কৰিছিল) আৰু ২০০৫ চনত প্রকাশিত আত্মজিৱনী দ্য আডাৰ চাইড অৱ মীত ইয়াৰ বর্ণনা আছে।

মৃত্যু[সম্পাদনা কৰক]

পাম স্প্রিংছ,কেলিফর্ণিয়া নিবাসী[6] শ্বেলডনে নিউমোনিয়া জনিত জটিলতাত ভূগি ৩০জানুৱাৰী ২০০৭ত কেলিফর্ণিয়াৰ ৰেঞ্চো মিৰেজত থকা এইছেনহাৱাৰ মেডিকেল ছেন্টাৰত মৃত্যু বৰণ কৰে।[1][7] তেওঁৰ দেহ দাহন কৰি ভস্মখিনি ৱেষ্টৱুড ভিলেজ পার্ক চিমেটেৰীত সমাধিস্থ কৰা হয়।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

শ্বেলডনে দ্য বেচ্চেলৰ এণ্ড দ্য ববী-ছক্সাৰৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ একাডেমী বঁটা(১৯৪৭), ৰেডহেড সংগীতালেক্ষৰ বাবে এটা টনী এৱার্ড(১৯৫৯) লাভ কৰে আৰু আই ড্রীম অৱ জিনিৰ বাবে এম্মী এৱার্ডৰ মনোনয়ন লাভ কৰে। 'পাম স্প্রিংছ ৱাক অৱ দ্য ষ্টার্চ'ত শ্বেলডনৰ এক গোল্ডেন পাম ষ্টাৰ আছে যাক ১৯৯৪ চনত তেওঁলৈ উংসর্গা কৰা হৈছিল।[8]

গ্রন্থপঞ্জী[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  • দ্য নেকেড ফেছ (১৯৭০)
  • দ্য আডাৰ ছাইড অৱ দ্য মিডনাইট (১৯৭৩)
  • এ ষ্ট্রেইঞ্জাৰ ইন দ্য মিৰৰ (১৯৭৬)
  • ব্লাডলাইন (১৯৭৭)
  • ৰেজ অৱ এঞ্জেল্ছ (১৯৮০)
  • মাষ্টাৰ অৱ দ্য গেম (১৯৮২)
  • ইফ টুমৰ' কামছ (১৯৮৫)
  • ৱিণ্ডমিলছ অৱ দ্য গডছ (১৯৮৭)
  • দ্য ছেণ্ডছ অৱ টাইম (১৯৮৮)
  • মেম'ৰিজ অৱ মিডনাইট (১৯৯০)
  • দ্য ডুমছডে' কন্সপিৰেছি (১৯৯১)
  • দ্য ষ্টার্ছ শ্বাইন ডাউন (১৯৯২)
  • নাথিং লাষ্টছ ফৰেভাৰ (১৯৯৪)
  • মর্ণিং, নুন এণ্ড নাইট (১৯৯৫)
  • দ্য বেষ্ট লেইড প্লেনছ (১৯৯৭)
  • টেল মী য়'ৰ ড্রীমছ (১৯৯৮)
  • দ্য স্কাই ইজ ফলিং (২০০১)
  • আৰ ইউ এফ্রেইদ অৱ দ্য ডার্ক? (২০০৪)

উপন্যাস আলোচনা[সম্পাদনা কৰক]

  • টিলি বাগশ্বৱেৰ ছিডনী শ্বেলডনছ মিষ্ট্রেছ অৱ দ্য গেমছ (২০০৯)
  • টিলি বাগশ্বৱেৰ ছিডনী শ্বেলডনছ আফটাৰ দ্য ডার্কনেছ (২০১০)
  • টিলি বাগশ্বৱেৰ ছিডনী শ্বেলডনছ এঞ্জেল অৱ দ্য ডার্ক (২০১২)

আত্মজীৱনী[সম্পাদনা কৰক]

  • দ্য আডাৰ ছাইড অৱ মী(১৯৯৪)

ব্রডৱে নাট[9][সম্পাদনা কৰক]

  • দ্য মেৰী ৱিড' (১৯৪৩)
  • জেকপট (১৯৪৪)
  • ড্রীম ৱিথ মিউজিক (১৯৪৪)
  • এলিছ ইন আর্মছ (১৯৪৫)
  • ৰেডহেড (১৯৫৯)
  • ৰোমান কেণ্ডেল (১৯৬০)

লণ্ডন নাট[সম্পাদনা কৰক]

  • গোমেজ

চলচ্চিত্র[সম্পাদনা কৰক]

  • দ্য বেচ্চেলৰ এণ্ড দ্য ববী-ছক্সাৰ
  • থ্রী গাইজ নেমড মাইক
  • এনী গেট য়ৰ গান
  • ড্রীম ৱাইফ
  • য়ু আৰ নেভাৰ টু য়ং
  • এনিথিং গোছ
  • বিলি ৰোজেছ জাম্বো

টেলিভিছন[সম্পাদনা কৰক]

  • দ্য পেট্টী ডিউক শ্বো
  • আই ড্রীম অ

ৱ জিনি

  • নেন্সী
  • হার্ট টু হার্ট
  • ইফ টুম

ৰ কামছ (তেওঁৰ উপন্যাসখনৰ ওপৰত আধাৰিত এক শৃংখলা)

তথ্য সংগ্রহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Sidney Sheldon's biography
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 "Author Sidney Sheldon dies at 89", Associated Press, January 30, 2007. Archive copy.
  3. Sheldon, Sidney, The Other Side of Me, Warner Vision Books, 2005
  4. Alexandra Sheldon herself received a Golden Palm Star on the Palm Springs Walk of Stars Frenzel, Gerhard G. (1999). Portrait of the Stars. প্ৰকাশক Palm Springs, CA: Palm Springs Walk of Stars. পৃষ্ঠা. 99. OCLC 41260876. 
  5. Sidney Sheldon[সংযোগবিহীন উৎস]
  6. Johns, Howard (2004). Palm Springs Confidential: Playground of the Stars!. প্ৰকাশক Fort Lee, NJ: Barricade Books. পৃষ্ঠা. 55, 86. ISBN 9781569802694. OCLC 54392060. সাঁচ:LCC
  7. "Sidney Sheldon, Author of Steamy Novels, Dies at 89", The New York Times, January 31, 2007.
  8. Palm Springs Walk of Stars: By Date Dedicated
  9. Internet Broadway Database (IBDB)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]