জগদীশ চন্দ্ৰ বসু
| জগদীশ চন্দ্ৰ বসু | |
|---|---|
| জন্ম | ১৮৫৮ চনৰ ৩০ নৱেম্বৰ বৰিশাল, ঢাকা, বাংলাদেশ |
| পেচা | বিজ্ঞানী, শিক্ষাবিদ |
| ভাষা | বঙালী |
| ৰাষ্ট্ৰীয়তা | |
| নাগৰিকত্ব | ভাৰতীয় |
| উল্লেখনীয় কৰ্মৰাজী | বসু বিজ্ঞান মন্দিৰ |
| উল্লেখযোগ্য বঁটা | ডক্টৰ অৱ ছায়েন্স (১৮৯৫) ৰয়েল ছ’চাইটীৰ সভ্য (১৯২০) |
ভাৰতত আধুনিক বিজ্ঞানৰ যুগ সূচনা কৰা প্ৰথম ব্যক্তি হিচাপে সদায়ে জগদীশ চন্দ্ৰ বসুৰ নাম ইতিহাসত স্মৰণীয় হৈ থাকিব ৷ তেওঁ আছিল আধুনিক ভাৰতৰ বিজ্ঞানৰ বাটকটীয়া ৷ তেওঁয়েই আছিল বিজ্ঞানৰ ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি লাভ কৰা প্ৰথম ভাৰতীয় ৷
সূচী |
জন্ম[সম্পাদনা কৰক]
১৮৫৮ চনৰ ৩০ নৱেম্বৰ ৷ ঢাকাৰ ওচৰৰ বৰিশালত তেওঁৰ জন্ম হৈছিল ৷ পিতৃ ভগৱান চন্দ্ৰ বসু ৷
শিক্ষা[সম্পাদনা কৰক]
প্ৰাথমিক শিক্ষা- ফৰিদপুৰ ৷ কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ স্কুলৰ পৰা ১৮৭৪ চনত মেট্ৰিকুলেচন ৷ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা ১৮৭৮ চনত স্নাতক ৷ ১৮৮০ চনত চিকিৎসা বিজ্ঞান পঢ়িবলৈ ইংলেণ্ডলৈ যায় যদিও সেই শিক্ষা আধৰুৱা কৰি ১৮৮১ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰত খ্ৰাইষ্ট কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে ৷ ১৮৮৪ চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে ৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰৰ পৰা স্নাতকোত্তৰ ৷
কৰ্মজীৱন[সম্পাদনা কৰক]
কলিকতাতৰ প্ৰেছিডেন্সি কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ৷
অৱদান আৰু স্বীকৃতি[সম্পাদনা কৰক]
- পদাৰ্থ বিজ্ঞানৰ গৱেষণা, ১৮৯৪ চনত বেতাঁৰ তৰংগৰ আৱিষ্কাৰ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰৰ পৰা ১৮৯৫ চনত ডক্টৰ অৱ ছায়েন্স উপাধি লাভ ৷ ১৯০০ চনত ফ্ৰান্সত বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ প্ৰদৰ্শনীত অংশগ্ৰহণ ৷ ক্ৰেস্ক’গ্ৰাফ নামৰ যন্ত্ৰৰ আৱিষ্কাৰ ৷ ১৯১৬ চনত বৃটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ ৷ কলিকতাত বিশ্ববিদ্যালয়ৰৰ আজীৱন অধ্যাপক ৷ ১৯২০ চনত ৰয়েল ছ’চাইটীৰ সভ্য নিৰ্বাচিত ৷ ১৯১৭ চনত বসু বিজ্ঞান মন্দিৰ স্থাপন ৷
মৃত্যু[সম্পাদনা কৰক]
১৯৩৭ চন ৷
তথ্যসংগ্ৰহ-[সম্পাদনা কৰক]
- মহান বিজ্ঞানীৰ চানেকি জীৱনৰ – ড০ শিৱনাথ বৰ্মণ (পৃষ্ঠা- ১৬)