জৱাহৰ নবোদয় বিদ্যালয়, গোলাঘাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৱাহৰ নবোদয় বিদ্যালয়, গোলাঘাট
অৱস্থান
চীনাতলী, গোলাঘাট, অসম
ভাৰত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ চৰকাৰী
নীতি Come to learn, Go to serve
প্ৰতিষ্ঠাকাল ১৯৯৫
শ্ৰেণী ষষ্ঠ-দ্বাদশ
MOE Code 05112
অধ্যক্ষ শ্ৰীমাণ মনমোহন চৌধূৰী (উপ অধক্ষ্য)
বিদ্যালয়ৰ প্ৰধান উপায়ুক্ত, গোলাঘাট
ছাত্ৰৰ সংখ্যা ৪০০ (প্ৰায়)
কেম্পাছ গ্ৰম্য
অন্তৰ্ভূক্তি চি॰বি॰এচ॰চি॰
ৱেবছাইট

গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয় হৈছে অসম ৰাজ্যৰ, গোলাঘাট জিলাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ জৱাহৰ নৱোদয় বিদ্যালয়সমূহ ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা। গোলাঘাটৰ বিদ্যালয়খন ১৯৯৫ চনত স্থাপন কৰা হৈছিল৷ এই বিদ্যালয়ৰ পাঠ্যক্ৰম চি॰বি॰এচ॰চি॰-ৰ অধিনত কৰা হয়৷ নবোদয় বিদ্যালয় সমিতিৰ শ্বিলং অঞ্চলৰ অধিনত এই বিদ্যালয় কাৰ্যকৰত৷ ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ৫৫৭খন বিদ্যলয়ৰ ভিতৰত অন্যতম এখন বিদ্যালয়৷ এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ থকা-খোৱাৰ বাবে বিনামূলীয়া সেৱা প্ৰদান কৰে৷ গোলাঘাট নগৰৰ পৰা ১৩ কি॰মি॰ দূৰত্বত অৱস্থিত এই বিদ্যালয়ৰ বৰ্ত্তমানৰ[কেতিয়া ?] অধ্যক্ষ শ্ৰী মনমোহন চৌধূৰী৷ পাঠ্যক্ৰম চিঃবিঃএচঃচি-ৰ দ্বাৰা যোগান ধৰা হৈছে৷

বাহ্যিক সংযোগ[সম্পাদনা কৰক]