দুৰ্গেশ্বৰ বৰঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুৰ্গেশ্বৰ বৰঠাকুৰ
জন্ম দুৰ্গেশ্বৰ শৰ্মা
১৫ ডিচেম্বৰ, ১৯২৯
বামুণ গাঁও, জাঁজী, শিৱসাগৰ জিলা
মৃত্যু ২২ জানুৱাৰী, ১৯৯৬ (৬৬ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়
পেচা অভিনেতা, নাট্যকাৰ
ধৰ্ম হিন্দু ধৰ্ম
পিতৃ-মাতৃ চন্দ্ৰ শৰ্মা (পিতৃ)
সন্তান শান্তনু বৰঠাকুৰ,অ'তনু বৰঠাকুৰ


দুৰ্গেশ্বৰ বৰঠাকুৰ (ইংৰাজী: Durgeswar Borthakur) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ আছিল। নাটকৰ প্ৰতি থকা আগ্ৰহৰ বাবেই তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাকৰি এৰি অনাতাঁৰ কেন্দ্ৰত যোগদান কৰিছিল। অনাতাঁৰ কেন্দ্ৰৰ বাবে নাট আৰু আলেখ্য ৰচনা কৰাৰ উপৰিও তেওঁ কেইখনমান অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে। তেওঁ বিশেষকৈ হাস্যৰসাত্মক অভিনয়ৰ বাবে জনাজাত।[1]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

তেওঁৰ জন্ম হয় ১৫ ডিচেম্বৰ, ১৯২৯ চনত শিৱসাগৰ জিলাৰ জা‌‌জী বামুণ গাঁৱত। তেওঁ জাঁ‌জী হাইস্কুল আৰু কটন মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। ১৯৬০ চনত তেওঁ আকাশবাণীৰ চাকৰিত যোগদান কৰিছিল। তেওঁৰ জনপ্ৰিয় নাম প্ৰসাদ। ১৯৯৬ চনৰ ২২ জানুৱাৰীত বৰঠাকুৰৰ পৰলোকপ্ৰাপ্তি ঘটে।

ৰিজাৰ্ভ বেংকৰ চাকৰিৰে কৰ্মজীৱনৰ আৰম্ভণি। পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠান প্ৰযোজক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। শিলচৰ কেন্দ্ৰৰ পৰা ষ্টেচন ডাইৰেক্টৰ হৈ অৱসৰ গ্ৰহণ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Silpi Sahakarmi- Durgeswar Barthakur, Episode-9. Guwahati: Akashavani, Guwahati.