দেৱী দৌল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দেৱী দৌল

দেৱী দৌল,শিৱসাগৰ
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল গৌৰীসাগৰ, অসম
জিলা শিৱসাগৰ

দেৱী দৌল গৌৰীসাগৰ পুখুৰীৰ উত্তৰ তীৰৰ পূৱ সীমান্তত অৱস্থিত এটা দৌল বা মন্দিৰ। গৌৰীসাগৰৰ তিনিওটা মন্দিৰৰ ভিতৰত ই সকলোতকৈ ডাঙৰ।

মন্দিৰটো ৰজা শিৱ সিংহৰ(১৭১৪-৪৪) ৰাণী ফুলেশ্বৰীৰ নিৰ্দেশ অনুসৰি ইটা আৰু পাথৰেৰে (শিল) নিৰ্মাণ কৰা হৈছিল। মন্দিৰটোৰ মূল গৰ্ভগৃহৰ ওপৰত এটা নগৰাশিখৰ আছে আৰু চাৰিটা মূল দিশত চাৰিটা অঙ্গাশিখৰৰ দ্বাৰা গুচ্ছযুক্ত। গৰ্ভগৃহৰ পৰিকল্পনা পঞ্চাৰ্থ ক্ৰমৰ দৰে আৰু ইয়াৰ মণ্ডপ চতুৰ্ভূজাকৃতিৰ দুখন চাঁদৰ দ্বাৰা আবৃত | দৌলৰ মণ্ডপটো গৰ্ভগৃহৰ লগত এক অন্তৰালৰ মাধ্যমেৰে সংযুক্ত আছে, দৌলৰ বাহ্যিক প্ৰাচীৰ ব্ৰাহ্মণ্যবাদী বিশ্বাসৰ বিভিন্ন দৈৱিক ব্যক্তিত্বৰ দ্বাৰা সজ্জিত। দৌলৰ পৰিসৰৰ চাৰিওফালে বিশাল প্ৰাচীৰ আছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Devidol,Gaurisagar". Archaeological Survey of India(ASI), Guwahati Circle, Assam. http://asiguwahaticircle.gov.in/Devidol%20Gaurisagar.html.