নিউট্ৰিন'

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


নিউট্ৰিন'/এণ্টিনিউট্ৰিন'
(Neutrino/Antineutrino)
FirstNeutrinoEventAnnotated.jpg
The first use of a hydrogen bubble chamber to detect neutrinos, on November 13, 1970. A neutrino hit a proton in a hydrogen atom. The collision occurred at the point where three tracks emanate on the right of the photograph.
গঠন Elementary particle
পৰিসংখ্যা Fermionic
প্রজন্ম First, second and third
Interactions Weak interaction and gravitation
সংকেত ν
e
, ν
μ
, ν
τ
, ν
e
, ν
μ
, ν
τ
Antiparticle Antineutrinos are possibly identical to the neutrino (see Majorana fermion).
Theorized ν
e
(Electron neutrino): Wolfgang Pauli (1930)
ν
μ
(Muon neutrino): Late 1940s ν
τ
(Tau neutrino): Mid 1970s
আৱিস্কাৰক ν
e
: Clyde Cowan, Frederick Reines (1956)
ν
μ
: Leon Lederman, Melvin Schwartz and Jack Steinberger (1962)
ν
τ
: DONUT collaboration (2000)
প্ৰকাৰ 3 – electron neutrino, muon neutrino and tau neutrino
ভৰ Small, but non-zero. See the mass section.
বৈদ্যুতিক চাৰ্জ e
Spin 1/2
Weak hypercharge −1
BL −1
X −3

নিউট্ৰিন' হৈছে বৈদ্যুতিক ভাৱে প্ৰশম, দূৰ্বল প্ৰভাৱ (weak interaction) ৰ জৰিয়তে ক্ৰিয়া কৰা, অৰ্ধ-অখণ্ড সাংখ্যিক ঘূৰ্ণন (spin), সোঁ-বাওঁ অপ্ৰতিসমতা (chirality) আৰু অদ্য পৰিমিত অ-নিৰ্ধাৰিত সূক্ষ্ম কিন্তু অশূন্য ভৰ বিশিষ্ট এবিধ উপ-পাৰমানৱিক কণা। সাধাৰণ পদাৰ্থৰ মাজেৰে নিউট্ৰিন' প্ৰায় কোনোধৰণে প্ৰভাৱিত নোহোৱাকৈ পাৰ হৈ যাব পাৰে। নিউট্ৰিন' (ইটালিয়ান ভাষাত সূক্ষ্ম নিউট্ৰন) গ্ৰীক বৰ্ণ 'নিউ' ν (nu) ৰ জৰিয়তে সূচিত কৰা হয়।

নিউট্ৰিন'ই কোনো বৈদ্যুতিক আধান বহন নকৰে, অৰ্থাৎ ইলেক্ট্ৰন, প্ৰট'নৰ দৰে আধানবিশিষ্ট কণাৰ ওপৰত বিদ্যুৎ-চুম্বকীয় বলে ক্ৰিয়া কৰাৰ লেখিয়াকৈ নিউট্ৰিন'ৰ ওপৰত ক্ৰিয়া কৰিব নোৱাৰে। নিউট্ৰিন' বিদ্যুৎ-চুম্বকত্ব অথবা মধ্যাকৰ্ষণতকৈ বহু কম পৰিসৰযুক্ত উপ-পাৰমানৱিক দূৰ্বল প্ৰভাৱ (weak interaction) ৰ দ্বাৰাহে কেৱল প্ৰভাৱিত হয়। এই দূৰ্বল প্ৰভাৱ উপ-পাৰমানৱিক পৰিসৰত আপেক্ষিকভাৱে দূৰ্বল, আৰু সেয়েই ইহঁতে পদাৰ্থৰ মাজেৰে প্ৰভাৱিত নোহোৱাকৈ বহু দূৰ পৰিভ্ৰমণ কৰিব পাৰে।

নিউট্ৰিন' বিশেষ ধৰণৰ তেজস্ক্ৰিয় ক্ষয়ৰ ফলস্বৰূপে অথবা সূৰ্য্যত সংঘটিত, নিউক্লীয় বিক্ৰিয়কত সংঘটিত ধৰণৰ নিউক্লীয় বিক্ৰিয়াৰ ফলস্বৰূপে অথবা মহাজাগতিক ৰশ্মিয়ে পৰমাণুত কৰা আঘাতৰ ফলত উদ্ভৱ হয়। নিউট্ৰিন' তিনি ধৰণ বা তিনি 'flavor'ৰ: ইলেক্ট্ৰণ নিউট্ৰিন', মুয়ন (muon) নিউট্ৰিন' আৰু তাউ (tau) নিউট্ৰিন'। প্ৰতিবিধ কণাৰে আকৌ আনুষঙ্গিক বিপৰীত সোঁ-বাওঁ অপ্ৰতিসমতা বিশিষ্ট প্ৰতিকণা(anti-particle) আছে।

পৃথিৱীৰ মাজেৰে পাৰ হোৱা বেছিভাগ নিউট্ৰিন'ই সূৰ্য্যৰ পৰা বিকিৰিত হয়। সূৰ্য্যৰ উলম্ব দিশত থকা পৃথিৱীৰ প্ৰতি বৰ্গছেন্টিমিটাৰ অঞ্চলৰ মাজেৰে প্ৰতি ছেকেণ্ডত প্ৰায় ৬৫ বিলিয়ন (৬.৫×১০০০০০০০০০০) সৌৰ নিউট্ৰিন' পাৰ হৈ যায়।

২০১১ চনৰ ছেপ্টেম্বৰত পোহৰতকৈ আপাততঃ বেছি গতিবেগ সম্পন্ন নিউট্ৰিন' কণাৰ অৱস্থিতি ধৰা পৰিছে (OPERA neutrino anomaly)। তেতিয়াৰে পৰাই এই পৰীক্ষা ব্যাপক অলোচনা-সমালোচনাৰ সম্মুখীন হৈছে আৰু ওপৰোক্ত ফলাফল পুনঃ প্ৰমাণৰ বাবে প্ৰচেষ্টা চলি আছে, কাৰণ এই ফলাফল সত্য প্ৰতিপন্ন হ'লে বিজ্ঞানৰ আপেক্ষিকতাবাদ সূত্ৰৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন অৱশ্যাম্ভাৱী হৈ পৰিব। শেহতীয়াকৈ নৱেম্বৰ ২০১১ ত, CERN ৰ পৰীক্ষা পুনঃশোধিত কৰাৰ পিছতো পোহৰতকৈ বেছি গতিবেগ সম্পন্ন নিউট্ৰিন' কণাৰ উপস্থিতি সাব্যস্ত হৈছে।

সূচী

[সম্পাদনা কৰক] ইতিহাস

[সম্পাদনা কৰক] পাউলিৰ প্ৰস্তাৱ

[সম্পাদনা কৰক] প্ৰত্যক্ষ সন্ধান

[সম্পাদনা কৰক] নিউট্ৰিন'ৰ প্ৰকাৰ

[সম্পাদনা কৰক] সৌৰ নিউট্ৰিন'

[সম্পাদনা কৰক] কম্পন বা দোলন

[সম্পাদনা কৰক] ছুপাৰনোভা নিউট্ৰিন'

[সম্পাদনা কৰক] ধৰ্ম আৰু ক্ৰিয়া-বিক্ৰিয়া

[সম্পাদনা কৰক] MSW প্ৰভাৱ

[সম্পাদনা কৰক] নিউক্লীয় বিক্ৰিয়া

[সম্পাদনা কৰক] নিউক্লীয় ক্ষয় হাৰৰ পৰিৱৰ্ত্তন

[সম্পাদনা কৰক] আৱেশিত ভংগন

[সম্পাদনা কৰক] প্ৰতি-নিউট্ৰিন'

[সম্পাদনা কৰক] প্ৰকাৰ বা Flavor দোলন

[সম্পাদনা কৰক] গতিবেগ

[সম্পাদনা কৰক] ভৰ

[সম্পাদনা কৰক] দিশ

[সম্পাদনা কৰক] উৎসসমূহ

[সম্পাদনা কৰক] কৃত্ৰিম

[সম্পাদনা কৰক] ভৌগোলিক

[সম্পাদনা কৰক] বায়ুমণ্ডলীয়

[সম্পাদনা কৰক] ছুপাৰনোভা

[সম্পাদনা কৰক] ছুপাৰনোভা অৱশিষ্ট

[সম্পাদনা কৰক] মহানাদ বা বিগ বেং

[সম্পাদনা কৰক] সন্ধান

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত