মহাকৰ্ষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Hammer and Feather Drop - এপ'ল ১৫মহাকাশচাৰী ডেভিদ স্কট চন্দ্ৰৰ পৃষ্ঠত গেলিলিঅ' গেলিলিৰ বিখ্যাত মধ্যাকৰ্ষণৰ পৰীক্ষা প্ৰত্যাপন কৰা অৱস্থাত। (১.৩৮ এম বি, অ' জি জি/থেওৰা বিন্যাসত)

মহাকৰ্ষণ (ইংৰাজী: gravitation) হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিক এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতিকে পৰিচিত পৰিঘটনা, ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এটা বস্তু ওপৰৰ পৰা এৰি দিয়া হয় তেতিয়া বস্তুটো ঘূৰি আহি মাটিত পৰাৰ কাৰণো এই মহাকৰ্ষণেই । মহাকৰ্ষণৰ ফলতেই বিশৃংখলিত (ইংৰাজী: dispersed) পদাৰ্থ সংগঠিত (ইংৰাজী: coalesce) হ'ব পাৰে আৰু সংগঠিত পদাৰ্থ অক্ষত (ইংৰাজী: intact) অৱস্থাত থাকিব পাৰে । এই প্ৰক্ৰিয়াৰ দ্বাৰাই পৃথিৱী আৰু সূৰ্যকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ পদাৰ্থ আৰু বস্তু বৰ্তি আছে । মহাকৰ্ষণৰ প্ৰভাৱতেই সূৰ্যৰ চৰিওফালে পৃথিৱীকে ধৰি অন্যান্য গ্ৰহসমুহে নিৰ্দিষ্ট কক্ষপথত প্ৰদক্ষিণ কৰি আছে, সেই একেই প্ৰক্ৰিয়াৰে চন্দ্ৰই পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰে। সাগৰত জোৱাৰৰ সৃষ্টি, প্ৰাকৃতিক তাপ পৰিচলন ( যাৰ জৰিয়তে ঘনত্ব নতি (বা নতিমাত্ৰা) (ইংৰাজী: density gradient) আৰু মধ্যাকৰ্ষণৰ প্ৰভাৱত তৰল প্ৰবাহিত হয়), উত্তাপনৰ জৰিয়তে সংগঠিত তৰা আৰু গ্ৰহৰ অৰ্ন্তভাগৰ উচ্চ উষ্ণতা, আৰু পৃথিৱীত সংঘটিত আন বহুতো পৰিঘটনাৰ মূলতে হৈছে মহাকৰ্ষণ ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]