ভৰ
| ধ্ৰুপদী বলবিজ্ঞান |
|---|
|
| ধ্ৰুপদী বলবিজ্ঞানৰ ইতিহাস · আৰু সময়ৰেখা |
|
সুত্ৰ সমূহ
|
|
মৌলিক ধাৰণাসমূহ
স্থান · সময় · বেগ
দ্ৰুতি · ভৰ · ত্বৰণ মহাকৰ্ষণ · বল ঘাতবল · ভ্ৰামক /বলযুগ্ম ভৰবেগ · কৌণিক ভৰবেগ জড়তা · জড়তাৰ ভ্ৰামক প্ৰসংগ তন্ত্ৰ · শক্তি গতি শক্তি · স্থিতি শক্তি · কাৰ্য্য Virtual work · দি এ’লেমবাৰ্টৰ নিয়ম |
|
বিষয় সমূহ
Rigid body · Rigid body dynamics
অইলাৰৰ সুত্ৰ (Rigid Body) · গতি নিউটনৰ গতিৰ সুত্ৰ · নিউটনৰ মহাকৰ্ষনৰ সুত্ৰ অইলাৰৰ গতিৰ সুত্ৰ · জড় প্ৰসংগ প্ৰণালী অজড় প্ৰসংগ প্ৰণালী আৱৰ্তনীয় প্ৰসংগ প্ৰণালী চিউড’ বল · ৰৈখিক গতি সমতলীয় গতিৰ কণিকাৰ পদাৰ্থ বিজ্ঞান সৰণ(ভেক্টৰ) · আপেক্ষিক বেগ ঘৰ্ষণ · সৰল পৰ্য্যাবৃত গতি পৰ্য্যাবৃত দোলক · কম্পন Damping · Damping ratio আৱৰ্তন গতি · বৃত্তীয় গতি সম বৃত্তীয় গতি · অ-সম বৃত্তীয় গতি অভিকেন্দ্ৰীক বল · অপকেন্দ্ৰীক বল অপকেন্দ্ৰীক বল (আৱৰ্তনশীল প্ৰসংগ প্ৰণালী) প্ৰতিক্ৰিয়াত্মক অপকেন্দ্ৰীক বল ক’ৰিয়লিৰ শক্তি · পেণ্ডুলাম আৱৰ্তনীয় বেগ · কৌণিক ত্বৰণ কৌণিক বেগ · কৌণিক কম্পনাংক কৌণিক সৰণ |
পদাৰ্থ বিজ্ঞানত, ভৰ (গ্ৰীক μᾶζα "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ দ্ৰুতিৰ পৰিবৰ্তনৰ বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমানসূচক বাধা । আনহাতে, মাধ্যাকৰ্ষণিক ভৰ হৈছে, যেতিয়া এটা বস্তুৱে আন এটা বস্তুৰ সৈতে ক্ৰিয়া কৰে তেতিয়া
- বস্তুটোৱে প্ৰয়োগ কৰা (সক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ), নাইবা
- বস্তুটোৱে অনুভৱ কৰা (নিষ্ক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ)
মাধ্যাকৰ্ষণিক বলৰ জুখি লোৱা মান । ভৰৰ SIএকক হৈছে কিল’গ্ৰাম বা কেজি(kg)। দৈনন্দিন ব্যৱহাৰত, ভৰক প্ৰায়েই ওজন বুলি কোৱা হয়, যিটোৰ একক প্ৰায়েই কিল’গ্ৰাম বুলি ধৰি লোৱা হয় (যেনে, এজন মানুহে ক’ব পাৰে যে তেওঁৰ ওজন হৈছে ৭৫ কেজি) । কিন্তু বৈজ্ঞানিক ব্যবহাৰত, ওজনে পদাৰ্থৰ আন এটা বেলেগ ধৰ্মহে বুজায় । ওজন হৈছে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষনিক বল, আনহাতে ভৰ হৈছে কোনো এটা বস্তুৰ আভ্যন্ততৰীণ ধৰ্ম । পৃথিৱী পৃষ্ঠৰ ওপৰত, কোনো বস্তু এটাৰ ওজন W বস্তুটোৰ ভৰ mৰ ওপৰত W = mg ধৰণে নিৰ্ভৰশীল, য’ত g হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্ৰ প্ৰাবল্য,আৰু ইয়াৰ মান হৈছে ৯.৮১ মি.ছে-২। কোনো বস্তু এটাৰ ওজন ইয়াৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল, আনহাতে বস্তুটোৰ ভৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত অনিৰ্ভৰশীল: পৃথিৱীৰ পৃষ্ঠৰ ওপৰত কোনো এটা বস্তুৰ ভৰ যদি ৫০ কিল’গ্ৰাম আৰু ওজন ৪৯১ নিউটন; তেন্তে চন্দ্ৰ পৃষ্ঠত, সেই একেটা বস্তুৰ ভৰ ৫০ কিল’গ্ৰামেই থাকিব; কিন্তু ওজন হ’ব মাত্ৰ ৮১.৫ নিউটন ।
কোনো বল এটাৰ উপস্থিতিত বস্তু এটাৰ জড় ভৰে বস্তুটোৰ ত্বৰণক নিৰ্ণীত কৰে । নিউটনৰ দ্বিতীয় গতিসূত্ৰমতে, যদি নিৰ্দিষ্ট ভৰ Mৰ বস্তু এটাৰ ওপৰত F বলে ক্ৰিয়া কৰে, তেন্তে বস্তুটোৰ ত্বৰণ হৈছে a= F/M । বস্তু এটাৰ ভৰে বস্তুটোৱে মাধ্যাকৰ্ষণৰ দ্বাৰা কিমান মাত্ৰালৈ প্ৰভাবিত হ’ব তাকো নিৰ্ণয় কৰে । যদি MA ভৰৰ বস্তু এটা MBভৰৰ আন এটা বস্তুৰ পৰা r দূৰত্বত ৰখা হয়, তেন্তে প্ৰতিটো বস্তুৱে এটা আকৰ্ষণীয় বল FG অনূভৱ কৰিব; যাৰ মান হৈছে FG= G MAMB r-২, য’ত G হৈছে সাৰ্বজনীন মাধ্যাকৰ্ষণীয় ধ্ৰুৱক, মান হৈছে ৬.৬৭x১০-১১ নি.মি২কেজি-২। আনকি কেতিয়াবা ইয়াক মাধ্যাকৰ্ষণীয় ভৰ বুলিও প্ৰকাশ কৰা হয় । [1] ১৭শ শতিকাৰ পৰা পুনঃ পুনঃ কৰি অহা পৰীক্ষাবোৰে প্ৰমাণ কৰিছে যে জড় ভৰ আৰু মাধ্যাকৰ্ষণিক ভৰ সমতূল্য; ১৯১৫ চনৰ পিছত, এই পৰ্য্যবেক্ষণবোৰক সাধাৰণ আপেক্ষিকতাবাদৰ সমতূল্য নীতিত এ প্ৰায়ৰি বুলি নামাকৰণ কৰা হৈছে ।
সেই বিখ্যাত (E=mc2)সূত্ৰৰ দ্বাৰা সাধাৰণ আপেক্ষিকতাবাদৰ পৰা দেখা যায় যে স্থিৰ ভৰ (নাইবা অপৰিবৰ্তনীয় ভৰ) আৰু স্থিৰ শক্তি আচলতে সমতূল্য । আপেক্ষিক ভৰ আৰু আপেক্ষিক শক্তিক(তন্ত্ৰৰ সম্পূৰ্ণ শক্তি) এই একেটা সূত্ৰই সংযোগ কৰিছে ।
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ when a distinction is necessary, M is used to denote the active gravitational mass and m the passive gravitational mass).