বেগ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

কোনো এক নিৰ্দিষ্ট দিশত কোনো বস্তুৰ দ্ৰুতিকেই পদাৰ্থ বিজ্ঞানত বেগ বোলা হয়। দ্ৰুতিয়ে মাত্ৰ কিমান খৰকৈ বস্তু এটাই গতি কৰিছে তাকহে বুজাই আনহাতেদি বেগে দ্ৰুতিৰ লগতে দিশকো নিৰ্দেশ কৰে। কোনো এক বস্তুৱে স্থিৰ দ্ৰুতিৰে কোনো নিৰ্দিষ্ট এক দিশত গতি কৰিলে তাক আমি স্থিৰ বেগত গতি কৰা বুলি ক’ম। স্থিৰ দিশে কোনো এক বস্তুৱে সৰলৰোখিক পথত গতি কৰাকে সাধাৰণতে বুজায়। কোনো এক বৃত্তীয় পথত প্ৰতি ঘণ্টাত ২০ কি. মি. দ্ৰুতিৰে গতি কৰা গাড়ী এখনৰ বেগক আমি সমবেগ বুলি ক’ব নোৱাৰো। বেগৰ সময়সাপেক্ষে হোৱা পৰিৱৰ্তনক ত্বৰণ বুলি কোৱা হয়। বেগ এটা ভৌতিক ভেক্টৰ, ইয়াক বৰ্ণনা কৰিবলৈ দিশ আৰু মান ওভয়ৰে প্ৰয়োজন। বেগৰ স্কেলাৰ মানকেই দ্ৰুতি বোলা হয়, দ্ৰুতিক এছ. আই.(আন্তৰ্জাতিক একক প্ৰণালী) মতে মিটাৰ প্ৰতি ছেকেণ্ড (m/s বা ms−১) এককত জোখা হয়। কোনো বস্তুৱে পাব পৰা সৰ্বোচ্চ দ্ৰুতি হৈছে পোহৰবেগ

ঊদাহৰণস্বৰূপে, "৫ মি. প্ৰতি ছেকেণ্ড" হৈছে এটা স্কেলাৰ অন্যহাতেদি, "উত্তৰ দিশলৈ ৫ মি. প্ৰতি ছেকেণ্ড" বুলি ক’লে ইয়াক আমি এটা ভেক্টৰ বুলি বুজিম। কোনো সময় ( \Delta t)ত কোনো বস্তুৰ সৰণ ( \Delta \mathbf{d}) আৰু বেগ \mathbf{\bar{v}} ক তলৰ সমীকৰণেৰে বুজাব পাৰি,

\mathbf{\bar{v}} = \frac{\Delta \mathbf{d}}{\Delta t}.

সময় সাপেক্ষে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বোলা হয়, (একক ms−২), ই কোনো বস্তুৰ গতিৰ দিশ বা দ্ৰুতিৰ পৰিৱৰ্তন বৰ্ণনা কৰে।


[সম্পাদনা কৰক] গতিৰ সমীকৰণ

যদি কোনো বস্তুৰ অৱস্থান t সময়ত x(t) আৰু t + \Delta t সময়ত x(t + \Delta t) হয় তেনেহ’লে বেগ v ক অৱস্থানৰ অৱকলজ হিচাপে প্ৰকাশ কৰিব পৰা যায়,

\mathbf{v} = \lim_{\Delta t \to 0}{{\mathbf{x}(t+\Delta t)-\mathbf{x}(t)} \over \Delta t}={\mathrm{d}\mathbf{x} \over \mathrm{d}t}.

গড় বেগৰ মান সদায় গড় দ্ৰুতিৰ মানতকৈ সৰু বা সমান হয়, তাত্‍ক্ষণিক বেগ দিশ সদায় গতিপথৰ স্পৰ্শকৰ দিশত হয়, অৱস্থান বা সৰণৰ স্পৰ্শকৰ নতি আৰু সময়ৰ লেখ হৈছে তাত্‍ক্ষণিক বেগ আৰু ইয়াৰ জ্যাৰ নতি হৈছে গড় বেগ।

কোনো এক বস্তুৰ বেগৰ গাণিতিক সমীকৰণআমি কোনো প্ৰাৰম্ভিক সময় t_0ৰ পৰা আন কোনো সময় t_n লৈ ত্বৰণৰ সমীকৰণক অনুকলন কৰি পাব পাৰো,

কোনো বস্তুৰ অন্তিম বেগ v, প্ৰাৰম্ভিক বেগ u কোনো নিৰ্দিষ্ট সময় \Delta tৰ বাবে স্থিৰ ত্বৰণ a সম্পৰ্ক হ’ল:

\mathbf{v} = \mathbf{u} + \mathbf{a} \Delta t.

স্থিৰ ত্বৰণেৰে গতি কৰা কোনো বস্তুৰ গড় বেগ হৈছে \tfrac {(\mathbf{u} + \mathbf{v})}{2}, য’ত u হৈছে প্ৰাৰম্ভিক বেগ আৰু v অন্তিম বেগ । কোনো সময় ব্যৱধান \Delta tত এনে এক বস্তুৰ অৱস্থান x হ’লে,

 \Delta \mathbf{x} = \frac {( \mathbf{u} + \mathbf{v} )}{2}\Delta t.


[সম্পাদনা কৰক] তথ্যসুত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত