প'ঙ দেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kingdom of Pong
প্ৰাচীন শান ৰাজ্যসমূহৰ ৰাজ্য
খ্ৰীষ্টাব্দ প্ৰথম শতিকা–১৪৭৯
Location of প'ঙ দেশ
Location of প'ঙ দেশ
১৯১৭ চনৰ শান ৰাজ্যৰ মু'ঙ কাওংৰ মানচিত্ৰ
ৰাজধানী মু'ঙ কাওং
ইতিহাস
 •  প'ঙ দেশ প্ৰতিষ্ঠা খ্ৰীষ্টাব্দ প্ৰথম শতিকা
 •  চীনৰ দখল ১৪৭৯

প'ঙ দেশ (ইংৰাজী: Kingdom of Pong) ম্যানমাৰ আৰু অসম অন্তৰ্গত হোৱা এখন টাই ৰাষ্ট্ৰ আছিল যি বহুতো সৰু সৰু টাই ৰাজ্য মিলি গঠিত হৈছিল।[1] এই দেশৰ উত্তৰৰ পৰ্বতমালাই বৰ্তমানৰ অসম-ম্যানমাৰৰ সীমা, দক্ষিণে খাম্বাত আছিল যি য়ুনানৰ সীমা চুইছিল আৰু পশ্চিমে চীন পাহাৰ আছিল।[2]এই দেশৰ ৰাজধানী মু'ঙ কাওং আছিল।[3] প'ঙ দেশ আৰু মেইটেই (বৰ্তমানৰ মণিপুৰ)ৰ কেংলেইপাক ৰাজ্যৰ মিত্ৰতা আছিল । [4]

বুৰঞ্জী[সম্পাদনা কৰক]

টাই বুৰঞ্জী সমূহত প'ঙ দেশৰ ভিন্ন নাম আৰু ভিন্ন শাসনকাল উল্লেখ আছে।[5] কিছু বুৰঞ্জীৰ মতে প'ঙ দেশ ৫৮ খ্ৰীষ্টপূৰ্বত উদিৰি পেল সাম্ৰাজ্যৰ পৰা গঠিত হৈছিল। মেইটেই (বৰ্তমানৰ মণিপুৰ)ৰ বুৰঞ্জী চেইথাৰল কুম্বাবাত মেইটেইৰ কেংলেইপাক ৰাজ্য আৰু প'ঙ দেশৰ মাজত মিত্ৰতাৰ কথা উল্লেখ আছে। প'ঙ দেশৰ চাওফাই ৬৯৮ খ্ৰীষ্টাব্দত ইম্ফলত ফুৰিব আহি তাত কিছুদিন থকাৰ উল্লেখ আছে।[6] প'ঙ দেশৰ কথা পাগান ৰাজ্যৰ শাসক আন'ৰাঠাৰ কাহিনীটো উল্লেখ আছে। কিছু গৱেষকে প'ঙ দেশক চীনা বুৰঞ্জী মিং চিলুত লিখা লু-চুৱান বা বা পিং -মিয়ান ৰাজ্য বুলিও কয়। [7][8] চাওলুং চ্যু-কা-ফাই প'ঙ দেশৰ চাওফাৰ পদ লাভ নকৰাৰ বাবে তেওঁক পশ্চিমৰ দ'য় কাও ৰেং (বৰ্তমানৰ পাটকাই পৰ্বত)ৰ পিনে ৰাজ্য দিয়া হৈছিল। সেই অনুসৰি তেঁও ব্ৰহ্মপুত্ৰ উপত্যকাআহোম ৰাজ্য স্থাপন কৰিছিল।[9]১৫৬৭ খ্ৰীষ্টাব্দত প'ঙ দেশৰ চাওফা খেক খমবা আৰু মেইটেইৰ শাসক চেনবি কিয়াম্বা মিলি কাবাও উপত্যকাৰ ক্যাং কাম্বাত জয় কৰিছিল।[10]


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Phanjoubam Tarapot, Bleeding Manipur, Har Anand Publications (July 30, 2007) ISBN 978-8124109021
  2. Phanjoubam Tarapot, Bleeding Manipur, Har Anand Publications (July 30, 2007) ISBN 978-8124109021
  3. Naorem Sanajaoba ed. Manipur, Past and Present: The Heritage and Ordeals of a Civilization, Volume 4 p. 32
  4. Phanjoubam Tarapot, Bleeding Manipur, Har Anand Publications (July 30, 2007) ISBN 978-8124109021
  5. Yos Santasombat, Lak Chang: A Reconstruction of Tai Identity in Daikong, p. 3-4
  6. Phanjoubam Tarapot, Bleeding Manipur, Har Anand Publications (July 30, 2007) ISBN 978-8124109021
  7. Wade, Geoffrey (1994), The Ming Shi-lu (Veritable Records of the Ming Dynasty) as a Source for Southeast Asian History -- 14th to 17th Centuries, Hong Kong
  8. Yos Santasombat, Lak Chang: A Reconstruction of Tai Identity in Daikong, p. 3-4
  9. Assam - source Imperial Gazetteer of India 1885
  10. Jhalajit Singh, R. K. (24 September 2010). "History of Medieval Manipur, part 2". e-pao.net. Retrieved 2023-07-09

উৎস প্ৰসংগ[সম্পাদনা কৰক]

  • Wade, Geoffrey (1994), The Ming Shi-lu (Veritable Records of the Ming Dynasty) as a Source for Southeast Asian History -- 14th to 17th Centuries, Hong Kong