পাপড়ি চাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাপড়ি চাট

পাপড়ি চাট
প্ৰকাৰ নিমখীয়া মুখৰোচক
প্ৰকাৰ হৰ্ছ ডিঅ'ভাৰ
অঞ্চল ভাৰতীয় উপমহাদেশ

পাপড়ি চাট বা পাপৰি চাট বা পেপৰি চাট ( উচ্চাৰণ : pāpṛī cāṭ ) হৈছে ভাৰত উপমহাদেশ অৰ্থাৎ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানৰ[1][2][3] কিছু অঞ্চলত জনপ্ৰিয় পৰম্পৰাগত ফাষ্ট ফুড আৰু পদপথৰ দাঁ‌তিৰ খাদ্য বা ষ্ট্ৰিট ফুড।আমেৰিকাৰ কিছুসংখ্যক ৰেষ্টোৰাত চাটৰ পৰম্পৰাগত সংস্কৰণযতো অটুট ৰাখি পৰিবেশন কৰা হয়।[4][5] ই সকলো বয়স আৰু লিংগৰ লোকৰ বাবে সমানেই জনপ্ৰিয় বুলি ধাৰণা কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষত বহুতো বিভিন্ন অতিৰিক্ত খাদ্যক পেপৰি চাট বুলিও কোৱা হয়।[1]

প্ৰস্তুতি[সম্পাদনা কৰক]

পাপড়ি চাটসিজোৱা আলু, ধনীয়াৰ চাটমিহি ভূজিয়া

পাপড়ি চাট পৰম্পৰাগতভাৱে পাপড়ি চাট পেপৰি নামেৰে জনাজাত আৰু ইয়াক চাউলৰ গুড়িৰ ৱেফাৰ বা ওপৰত দিয়া লেপন ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। লগতে সিজোৱা বুটমাহ, সিজোৱা আলু, দৈ আৰু তেতেলীৰ চাটনি[6] দি তাওৱাত চাট মছলা আৰু চেভ (মিহি ভূজিয়া)[1][7] দি মিহলাই দিয়া হয়। পেপৰি সাধাৰণতে ময়দা আৰু ঘিউ বা তেলৰ সৈতে প্ৰস্তুত কৰা হয়। পদিনা[8], ধনিয়া'[9] আৰু মছলা[10] আদিও ব্যৱহাৰ কৰা হয়। খাদ্যবিধ।ৰ মিঠা, টেঙা, টেঙা--মিঠা, আৰু নিমখীয়া সোৱাদ আৰু ক্ৰীমৰ দৰে এক মসৃণতা আছে।

প্ৰণালী[সম্পাদনা কৰক]

ময়দাখিনি ভালদৰে চেকি ল'ব লাগে। তাত বেকিং চোডা, নিমখ, গুড় আৰু ক’লা জিৰা মিহলাই ল'ব লাগে। এতিয়া যথেষ্ট ঘিউ দিব লাগিব। আটাময়দাখিনি পানীৰ লগত ভালদৰে মিহলাই ল'ব লাগিব। ইয়াৰ পৰা সৰু সৰু পাপড সাজি ভাজিলেই পাপড়ি প্ৰস্তুত হ'ব।[11]


সেউজীয়া চাটনি বনোৱাৰ পদ্ধতি:[11] ধনীয়া পাত, পদিনা পাত আৰু জলকীয়া একেলগে পিহি লৈ। তাত নেমুৰ ৰস আৰু অলপ নিমখ দিব। ভালদৰে মিহলাই সেউজীয়া চাটনি প্ৰস্তুত কৰা হয়।

তেতেলীৰ চাটনি বনোৱাৰ পদ্ধতি::ref name=abp/>কেৰাহীত পানী গৰম কৰি তেতেলী আৰু খেজুৰ একেলগে উতলাব লাগিব। তেতেলী-খেজুৰ উতলাই কোমল হ’লে গুড়ৰ সৈতে উতলিব। এতিয়া ভেন্দি,, জিৰা গুড়ি, ধনিয়াৰ গুড়ি আৰুজলকীয়াৰ গুড়ি আৰু নিমখ এটা এটাকৈ দিব লাগিব। চাটনি উতলি ঘন হ’লে নিমখ আৰু মিঠাৰ সোৱাদ লৈ। জুইৰ পৰা পাত্ৰখন নমাই দিব লাগে। মিঠা আৰু টেঙা তেতেলীৰ চাটনি প্ৰস্তুত।

পাপদি চাট বনোৱাৰ পদ্ধতি:[11]আলু সিজাই ৰাখিব লাগে। পিঁয়াজ, বিলাহী, কেঁ‌চা জলকীয়া, ধনীয়াৰ পাত পৃথকে পৃথকে থেতেলিয়াই ল’ব লাগে। টেঙা দৈ ফ্ৰীজত ৰাখি ঠাণ্ডা কৰি ৰাখিব লাগে। অলপ নিমখীয়া পানীত বুটমাহ

সিজাই পানীখিনি উলিয়াই দিব লাগে। ফ্ৰীজৰ পৰা ঠাণ্ডা টেঙা দৈ উলিয়াই চিলি পাউদাৰ, চেনি আৰু নিমখৰ লগত মিহলাই ভালদৰে মিহলি কৰি ল'অব লাগে। এইবাৰ পৰিবেশন কৰিবলগীয়া পাত্ৰটোত প্ৰথমে সজাই ল’ব লাগে। তাৰ ওপৰত সিজোৱা আলু, কটা পিঁয়াজ, কটা টমেটো আৰু সিজোৱা বুটমাহ দিব লাগে। তাৰ ওপৰত ফেটি লোৱা টেঙা দৈ, আৰু কিছু সিজোৱা বুটমাহ, চাট মছলা, নেমুৰ ৰস, ক'লা নিমখ, সেউজীয়া চাটনি আৰু তেতেলীৰ চাটনি দিব লাগে। ওপৰত বহুত চেভ (মিহি ভূজিয়া) দি পাপদি চাট পৰিবেশন কৰিব পাৰিব।

ব্যুৎপত্তি[সম্পাদনা কৰক]

পাপড়ি শব্দটোৱে মূলত পাপড় বা ৱেফাৰক বুজায়। চাট শব্দটো আকৌ সংস্কৃত ক্ৰিয়া চটৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ হৈছে আঙুলিৰ মূৰত সোৱাদ লোৱা। ই সাধাৰণতে খাদ্যবিধে আঙুলি চুহিলে কৰা শব্দক সূচায়। ইয়াৰ দ্বাৰা কেইবাবিধো ফাষ্ট ফুড খাদ্য আৰু ৰাতিপুৱাৰ বুজোৱা হয় পাপড়ি চাটৰ দ্বাৰা কেইবাবিধো ফাষ্ট ফুড আৰু পুৱাৰ আহাৰক বুজোৱা হয়। হিন্দীত চাট হৈছে এবিধ ডাঠ ক্ৰীম ৷ এই শব্দটোৱে অঞ্চলব্জেদে ভাৰতৰ বিভিন্ন ধৰণৰ ব্যঞ্জনক বুজাব পাৰে। শব্দটোৰ দ্বাৰা ভাৰতৰ ভিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ খাদ্যকো বুজায় [1]

এতিয়াৰ কৰ্ণাটকৰ পৰা শাসন কৰা তৃতীয় সোমেশ্বৰৰ দ্বাৰা সংকলিত দ্বাদশ শতিকাৰ সংস্কৃত বিশ্বকোষ মানসোল্লাসত পেপৰিৰ এক ব্যঞ্জন-প্ৰকৰণ উল্লেখ কৰিছে।[12]

ষ্ট্ৰীট ফুড[সম্পাদনা কৰক]

ভাৰতৰ ভ্ৰাম্যমাণ খাদ্যৰ দোকানত প্ৰায়ে পাপড়ি চাট দিয়া আৰু খোৱা হয়।.[8] ভাৰতত অন্যান্য অঞ্চলৰ তুলনাত দেশৰ উত্তৰ অঞ্চলত ইয়াৰ জনপ্ৰিয়তা অধিক।[10] কিন্ত বৰ্তমান সমগ্ৰ ভাৰতৰ চহৰসমূহত পাপড়ি চাট ষ্ট্ৰীট ফুড হিচাপে পোৱা যায়।

তথ্য[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Pathak, A. (2015). Secrets From My Indian Family Kitchen. Octopus Books. পৃষ্ঠা. Pt-46. ISBN 978-1-78472-027-8. https://books.google.com/books?id=CgDsBQAAQBAJ&pg=PT46.  / Pathak, Anjali (March 22, 2015). "The foodie traveller … in Mumbai, India". the Guardian. https://www.theguardian.com/travel/2015/mar/22/papri-chaat-street-food-mumbai-india-foodie-traveller। আহৰণ কৰা হৈছে: November 11, 2015. 
  2. Fodor's Travel Publications, I. (2008). India. Fodor's India. Fodor's Travel Publications. পৃষ্ঠা. 76. ISBN 978-1-4000-1912-0. https://books.google.com/books?id=h7XZh_tLX7wC&pg=PA76. 
  3. "Ramazan Radar Chaat up a storm". The Express Tribune. June 25, 2015. http://tribune.com.pk/story/909723/ramazan-radar-chaat-up-a-storm/। আহৰণ কৰা হৈছে: November 11, 2015. 
  4. Allen., Jessica (July 1, 1987). "5 Best Restaurants For Chaat In New York City". CBS New York. http://newyork.cbslocal.com/top-lists/5-best-restaurants-for-chaat/। আহৰণ কৰা হৈছে: November 11, 2015. 
  5. Galarneau, Andrew Z. (May 6, 2015). "Dosas steal the show at Chennai Express". Gusto. http://gusto.wp.buffalonews.com/2015/05/06/news/food-drink/dining-out/dosas-steal-the-show-at-chennai-express/। আহৰণ কৰা হৈছে: November 11, 2015. [সংযোগবিহীন উৎস]
  6. Gopal, G. (2007). Delicious Dishes (Vegetarian). Sura Books. পৃষ্ঠা. Pt-59. ISBN 978-81-7478-460-5. https://books.google.com/books?id=qjSuZiDp0SsC&pg=PT59. 
  7. World, E.Y.; Siciliano-Rosen, L.; Rosen, S. (2014). Delhi Food and Travel Guide: The inside scoop on the best North Indian foods in Delhi. 107. Eat Your World. পৃষ্ঠা. Pt-25. https://books.google.com/books?id=NYfeAgAAQBAJ&pg=PT25. 
  8. 8.0 8.1 Robertson, R. (2014). Robin Robertson's Vegan Without Borders. Andrews McMeel Publishing, LLC. পৃষ্ঠা. 195. ISBN 978-1-4494-6133-1. https://books.google.com/books?id=ZBQRAwAAQBAJ&pg=PA195. 
  9. Gordon, James (October 1, 2012). "38: Papri Chaat at Jay Bharat". L.A. Weekly. http://www.laweekly.com/restaurants/38-papri-chaat-at-jay-bharat-2379761। আহৰণ কৰা হৈছে: November 11, 2015. 
  10. 10.0 10.1 Batra, N. (2011). 1,000 Indian Recipes. 1,000 Recipes. Houghton Mifflin Harcourt. পৃষ্ঠা. 48–49. ISBN 978-0-544-18910-2. https://books.google.com/books?id=UmQ9hLYcULMC&pg=PA48. 
  11. 11.0 11.1 11.2 সাঁচ:Website
  12. K.T. Achaya (2003). The Story of Our Food. Universities Press. পৃষ্ঠা. 85. ISBN 978-81-7371-293-7. https://books.google.com/books?id=bk9RHRCqZOkC&pg=PA85.