পূৰ্ণ সংখ্যা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


যিবোৰ সংখ্যাৰ কোনো ভগ্নাংশ নাথাকে সেইবোৰক "পূৰ্ণ সংখ্যা" বোলা হয়। যেনে:- ১, -৭, ১৪ ইত্যাদি। পূৰ্ণসংখ্যাৰ সংখ্যা অসীম

শূন্যক বাদ দি বাকী স্বাভাবিক সংখ্যাবোৰক ধনাত্মক পূৰ্ণসংখ্যা (ইংৰাজী: Positive Integers) বুলি কোৱা হয়। প্ৰত্যেক ধনাত্মক পূৰ্ণসংখ্যাৰ এটি আৰু একমাত্ৰ "ঋণাত্মক বিপৰীত" (ইংৰাজী: Negative Integers) সংখ্যা পোৱা যায়| এই দুই সংখ্যাৰ (ধনাত্মক আৰু ঋণাত্মক) যোগফল শূন্য হয়। ধনাত্মক পূৰ্ণসংখ্যাবোৰৰ ঋণাত্মক বিপৰীত সংখ্যাবোৰক কোৱা হয় ঋণাত্মক পূৰ্ণসংখ্যা|

ধনাত্মক পূৰ্ণসংখ্যা, ঋণাত্মক পূৰ্ণসংখ্যা আৰু শূন্য, এই তিনিপ্ৰকাৰৰ সংখ্যাবোৰক একেলগে "পূৰ্ণসংখ্যা বুলি কোৱা হয়|

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত