পৰমাণু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিলিয়াম পৰমাণু
Helium atom ground state.
An illustration of the helium atom, depicting the nucleus (pink) and the electron cloud distribution (black). The nucleus (upper right) in helium-4 is in reality spherically symmetric and closely resembles the electron cloud, although for more complicated nuclei this is not always the case. The black bar is one angstrom (10−10 m or 100 pm).
শ্ৰেণী বিভাজন
পদাৰ্থৰ মৌলিক গঠন
বৈশিষ্ট্যসমূহ
আণৱিক ভৰ: 1.67×10−27 পৰা 4.52×10−25 kg
ইলেকট্ৰিক চাৰ্জ: zero (neutral), or ion charge
ব্যাস: 62 pm (He)পৰা 520 pm (Cs)
উপাদান: ইলেকট্ৰন, প্ৰ’টন, নিউট্ৰ’ন আৰু নিউক্লিয়াছ

পৰমাণু ইংৰাজী: (Atom) এট’ম হৈছে পদাৰ্থৰ মৌলিক গাঠনি আৰু ই গধুৰ কেন্দ্ৰীয় নিউক্লিয়াছ আৰু ইয়াৰ চাৰিওফালে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ ডাৱৰেৰে গঠিত। আনহাতে নিউক্লিয়াছ হৈছে ধনাত্মক আধানযুক্ত প্ৰ’টন আৰু আধানহীন নিউট্ৰন কণিকাৰে (ব্যতিক্ৰম হৈছে হাইড্ৰ’জেন-১ পৰমাণু, যিটো নিউট্ৰন কণিকা অবিহনে একমাত্ৰ সুস্থিৰ নিউক্লিড) গঠিত। ইলেক্ট্ৰনবোৰ সাধাৰণতে বিদ্যুত-চুম্বকীয় বলৰ দ্বাৰা নিউক্লিয়াছৰ লগত বান্ধ খাই থাকে। একেদৰে পৰমাণুবোৰে আকৌ নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি একো একোটা অনু গঠন কৰে। এটা পৰমাণুত সাধাৰণতে সমসংখ্যক প্ৰ’টন আৰু ইলেক্ট্ৰন থাকে, যাৰবাবে পৰমাণুটো বৈদ্যুতিকভাৱে আধানহীন হয়। আনহাতে যদি পৰমাণু এটাত ইলেক্ট্ৰন কমকৈ থাকে (ইলেক্ট্ৰন ৰিক্ততা) তেন্তে পৰমাণু এটা ধনাত্মক আধানযুক্ত হ’ব আৰু যদিহে ইলেক্ট্ৰন বেছিকৈ থাকে (electron excess) তেন্তে পৰমাণু এটা ঋণাত্মক আধানযুক্ত হ’ব। ধন বা ঋণ আধানযুক্ত পৰমাণুবোৰক আয়ন বুলি কোৱা হয়। পৰমাণু এটাক ইয়াৰ নিউক্লিয়াছত থকা প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যাৰে শ্ৰেণীভুক্ত কৰা হয়: প্ৰ’টনৰ সংখ্যাই ৰাসায়নিক ধৰ্ম নিৰূপণ কৰে; আনহাতে নিউট্ৰন সংখ্যাই পৰমাণুৰ আইছ’ট’প নিৰ্ধাৰণ কৰে।[1]

এট’ম নামটো প্ৰকৃততে আহিছে গ্ৰীকἄτομος (এট’ম’চ, "অভংগনীয়") পৰা ἀ- (a-, "নোৱাৰা") আৰু τέμνω (temnō, "ভঙা"),[2] মানে ভাঙিব নোৱাৰা, এবিধ কণিকা যিটো পুনৰ ভাঙিব পৰা নাযায়। [3] পদাৰ্থৰ এটি অভংগনীয় অৱস্থা অৰ্থাৎ পৰমাণুৰ ধাৰণাটো পোন-প্ৰথমে আগবঢ়াইছিল ভাৰতীয় আৰু গ্ৰীক দাৰ্শনিকসকলে। ১৭শ আৰু ১৮শ শতিকাত, ৰসায়নবিদসকলে এটি ধাৰণা আগবঢ়াইছিল যে পদাৰ্থৰ প্ৰাথমিক ধাৰণাৰ পৰা দেখা গৈছিল যে ৰাসায়নিক পদ্ধতিৰে কিছুমান পদাৰ্থ কণিকা পুনৰ ভাঙিব পৰা নাযায়। ১৯শ শতিকাৰ শেষভাগ আৰু ২০শ শতিকাৰ আৰম্ভনিতে, পদাৰ্থবিদসকলে অতি-পাৰমানৱিক অংশ আৰু পৰমাণুৰ ভিতৰৰ গঠন আৱিষ্কাৰ কৰে, গতিকে ’পৰমাণু’ ভংগনশীল বুলি প্ৰমাণ কৰিলে। পৰমাণুৰ ধাৰণাটো কোৱাণ্টাম বলবিদ্যাৰ সূত্ৰসমূহৰ দ্বাৰাই সফলতাৰে আৰ্হি প্ৰস্তুত কৰা হৈছে। [4][5]

পৰমাণুবোৰ হৈছে সূক্ষ্ম ভৰযুক্ত অতি ক্ষুদ্ৰ পদাৰ্থ কণিকা। বিশেষ ধৰণৰ যন্ত্ৰ যেনে স্কেনিং টানেলিং অনুৱীক্ষণ যন্ত্ৰৰ সহায়ত পৰমাণুবোৰক এককভাৱে পৰ্য্যবেক্ষণ কৰিব পাৰি। পৰমাণু এটাৰ ভৰ ৯৯.৯৪% তকৈ বেছি নিউক্লিয়াছতে কেন্দ্ৰীভূত হৈ থাকে,[note 1] কাৰণ প্ৰ’টন আৰু নিউট্ৰ’নৰ ভৰ প্ৰায় সমান হয়। প্ৰত্যেক মৌলৰে অস্থিৰ নিউক্লিয়াছযুক্ত আইছ’টপ অন্তত এটা হ’লেও আছে, আৰু যিবোৰৰ তেজষ্ক্ৰিয় বিঘটন ঘটে। যাৰ ফলস্বৰূপে ট্ৰেন্সমিউটেচন ঘটি নিউক্লিয়াছত প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যা সলনি হয়।[6] পৰমাণুৰ লগত বান্ধ খাই থকা ইলেক্ট্ৰনবোৰে কিছুমান সুস্থিৰ শক্তিস্তৰ, নাইবা অৰবিটেল অধিগ্ৰহণ কৰে, আৰু এই ইলেক্ট্ৰনবোৰে শক্তিস্তৰবোৰৰ শক্তি পাৰ্থক্যৰ সমান শক্তিৰ ফ’টন কণিকা অৱশোষন নাইবা বিকিৰণ কৰি এই শক্তিস্তৰবোৰৰ মাজত অতিক্ৰমণ কৰে। এই ইলেক্ট্ৰনবোৰেই মৌল এটাৰ ৰাসায়নিক ধৰ্মবোৰ নিৰ্ধাৰণ কৰে, আৰু পৰমাণু এটাৰ চৌম্বিক ধৰ্ম ভালেখিনি প্ৰভাৱিত কৰে।

বুৰঞ্জী[সম্পাদনা কৰক]

পাৰমাণবিকত্ব[সম্পাদনা কৰক]

পদাৰ্থ যে কিছুমান পৰস্পৰ পৃথক ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত আৰু এই কণিকাবোৰ যে অভংগনীয় এই ধাৰণাবোৰ প্ৰায় এহাজাৰ বছৰ ধৰি স্থাপিত হৈ আছিল, কিন্তু এই ধাৰণাবোৰ পৰীক্ষালব্ধ আৰু বাস্তৱিক পৰ্য্যবেক্ষণৰ ফলাফলৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ পৰিবৰ্তে, কিছুমান বিমূৰ্ত্ত, দাৰ্শনিক যুক্তিতত্বৰে আগবঢ়োৱা ধাৰণাহে আছিল। দৰ্শন শাস্ত্ৰত পৰমাণুৰ গুণাগুণবোৰ সময়, সভ্যতা আৰু শিক্ষাব্যৱস্থাবোৰৰ লগত সলনি হৈ আছিল, প্ৰায়েই কিছুমান অলৌকিক তত্বৰ লগত সংযুক্ত হৈ আছিল। তথাপি, পৰমাণুৰ প্ৰাথমিক ধাৰণাটো বিজ্ঞানী সমাজে প্ৰায় এহেজাৰ বছৰ পিছতহে গ্ৰহন কৰিছিল কাৰণ ই খুব সুন্দৰভাৱে ৰসায়ন বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰবোৰৰ ব্যাখ্যা কৰিব পাৰিছিল।[7]

পুৰণি সভ্যতাবোৰ যেনে গ্ৰীক আৰু ভাৰতীয়বোৰে দিয়া পৰমাণুৰ ধাৰণাৰ আঁত ধৰিব পৰা যায়। খ্ৰী.পূ. ৬ষ্ঠ শতিকাৰ ভাৰতবৰ্ষত, Ājīvika, Jain আৰু Cārvāka এইবোৰ আছিল পৰমাণুত্বৰ শিক্ষাস্থান।[8] Nyaya আৰু Vaisheshika শিক্ষাপীঠত কেনেদৰে পৰমাণুবোৰ সংগঠিত হৈ জটিল পদাৰ্থ সৃষ্টি কৰে সেই তত্ববোৰ আগবঢ়াইছিল।[9] আনহাতে প্ৰাশ্চ্যাত্যত, পৰমাণুৰ ধাৰণাটো আহিছিল খ্ৰী.পূ. ৫ম শতিকাৰ লিউকিপাছৰ পৰা, আৰু তেওঁৰেই ছাত্ৰ, ডেম’ক্ৰিটাচে, ধাৰণাটো সু সংগঠিত কৰিছিল। প্ৰায় 450  খ্ৰী.পূ.ত, ডেম’ক্ৰিটাচে প্ৰথম ’এট’ম’চ’(Greek: ἄτομος) নামটো দিছিল, যাৰ অৰ্থ আছিল "অভংগনীয়" নাইবা "আটাইতকৈ ক্ষুদ্ৰ অভংগনীয় পদাৰ্থ কণিকা"। তথাপিও কিন্তু ভাৰতীয় আৰু গ্ৰীক পৰমাণুৰ ধাৰণাবোৰ সম্পূৰ্ণৰূপে দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত আছিল, আধুনিক বিজ্ঞানে কিন্তু ডেম’ক্ৰিটাচে দিয়া ’এট’ম’চ’ নামটো ৰাখিলে।[7]

টোকা[সম্পাদনা কৰক]

  1. হাইড্ৰ’জেন-১, পৰমাণুৰ ক্ষেত্ৰত, এটা ইলেক্ট্ৰন আৰু এটা নিউক্লিয়ন, প্ৰট’ন \begin{smallmatrix}\frac{1836}{1837} \approx 0.9995\end{smallmatrix}, নাইবা মুঠ পাৰমানৱিক ভৰৰ ৯৯.৯৫%। আন নিউক্লিডবোৰৰ (হাইড্ৰ’জেনৰ আইছ’ট’পবোৰৰ আৰু আন মৌলবোৰৰ) নিউক্লিয়ন ইলেক্ট্ৰ’নতকৈ বেছি পৰিমাণে থাকে, সেইকাৰণে আন পৰমাণুবোৰৰ নিউক্লিয়াছৰ ভৰ ভগ্নাংশ হাইড্ৰ’জেন-১ ৰ তুলনাত ১০০% ওচৰা চাপে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Leigh, G. J., ed (1990). International Union of Pure and Applied Chemistry, Commission on the Nomenclature of Inorganic Chemistry, Nomenclature of Organic Chemistry – Recommendations 1990. প্ৰকাশক Oxford: Blackwell Scientific Publications. পৃষ্ঠা. 35. ISBN 0-08-022369-9. "An atom is the smallest unit quantity of an element that is capable of existence whether alone or in chemical combination with other atoms of the same or other elements." 
  2. Liddell, Henry George; Scott, Robert. "A Greek-English Lexicon". Perseus Digital Library. http://www.perseus.tufts.edu/hopper/text?doc=Perseus%3Atext%3A1999.04.0057%3Aentry%3Dte%2Fmnw1. 
  3. Liddell, Henry George; Scott, Robert. "ἄτομος". A Greek-English Lexicon. Perseus Digital Library. http://www.perseus.tufts.edu/hopper/text?doc=Perseus%3Atext%3A1999.04.0057%3Aentry%3Da%29%2Ftomos। আহৰণ কৰা হৈছে: 2010-06-21. 
  4. Haubold, Hans; Mathai, A.M. (1998). "Microcosmos: From Leucippus to Yukawa". Structure of the Universe. http://web.archive.org/web/20090505115001/http://www.columbia.edu/~ah297/unesa/universe/universe-chapter3.html। আহৰণ কৰা হৈছে: 2008-01-17. 
  5. Harrison 2003, পৃষ্ঠা. 123–139.
  6. "Radioactive Decays". Stanford Linear Accelerator Center. 15 June 2009. Archived from the original on 7 June 2009. http://www2.slac.stanford.edu/vvc/theory/nuclearstability.html। আহৰণ কৰা হৈছে: 2009-07-04. 
  7. 7.0 7.1 Ponomarev 1993, পৃষ্ঠা. 14–15.
  8. McEvilley 2002, পৃষ্ঠা. 317.
  9. King 1999, পৃষ্ঠা. 105–107.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]