ফেচবুক

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ফেচবুক, ইনকৰ্পৰেটেড
প্ৰকাৰ ব্যক্তিগত (planning IPO)
প্ৰতিষ্ঠা কেম্ব্ৰিডজ, ম্যাচাচুসেট্চ, আমেৰিকা[1] (2004 (2004))
প্ৰতিষ্ঠাপক
মূখ্য কাৰ্যালয় পাউলো আল্টো, কেলিফোৰ্ণিয়া, আমেৰিকা,
বৰ্তমান মেনলো পাৰ্ক, কেলিফোৰ্ণিয়া, আমেৰিকালৈ স্থানান্তৰিত কৰা হৈছে
কৰ্মৰ এলেকা বিশ্বজুৰি
উল্লেখযোগ্য ব্যক্তি
ৰাজহ increase US$4.27 billion (2011 est.)[2]
মুঠ আয় N/A
কৰ্মচাৰী 3000+ (2011)[3]
ৱেবছাইট www.facebook.com
IPv6 সেৱা www.v6.facebook.com
এলেক্সা তালিকাত স্থান steady 2 (November 2011)[4]
ৱেবছাইটৰ প্ৰকাৰ চচিয়েল নেটৱৰ্কিং সেৱা
বিজ্ঞাপন Banner ads, referral marketing, casual games
পঞ্জীকৰণ প্ৰয়োজনীয়
ব্যৱহাৰকাৰী ৮০০ মিলিয়ন[5] (চেপ্টেম্বৰ ২০১১ত সক্ৰিয়)
উপলব্ধ ভাষা Multilingual
প্ৰচলন হয় ৪ ফেব্ৰুৱাৰী, ২০০৪
বৰ্তমানৰ স্থিতি সক্ৰিয়

ফেচবুক (ইংৰাজী: Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেচবুক ইনকৰ্পৰেটেড[1] নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত ইন্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১১ৰ তথ্য অনুসৰি ৮০০ মিলিয়নৰো (৮০ কোটি) অধিক ব্যবহাৰকাৰীয়ে সক্ৰিয়ভাবে ফেচবুক ব্যবহাৰ কৰে[6]। ইয়াক ব্যবহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউন্ট খুলি ল'ব লাগে। সদস্য সকলে ইয়াত নিজৰ "প্ৰফাইল"ত নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি (ঐচ্ছিকভাবে) প্ৰকাশ কৰাৰ উপৰিও 'ন'টচ' (ফেচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত 'ব্লগ'), তড়িৎ যোগাযোগ বা "মেচেজিং", যুটীয়াভাবে ব্যবহাৰ কৰিব পৰা আলোচনা সমাজ বা ফেচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট'ৰ কৰিব পৰা আদি বিভিন্ন (বিনামূলীয়া) সেৱা লাভ কৰে। শেহতিয়াকৈ ইয়াত 'ফেচবুক পেজ' বুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, 'টিকাৰ', 'ৱাল' আদি সুবিধাক ব্যবহাৰ কৰিব পৰাকৈ ইয়াৰ 'গ্ৰাফ' 'এ পি আই' (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে। আমেৰিকাৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ'বলৈ 'ফেচবুক' বুলি এটা নিজা ইন্টাৰনেট "ডাইৰেক্টৰী চাৰ্ভিচ" (ৱেবচাইট) ব্যবহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যবস্থা কৰে। ইয়াৰ পৰাই ফেচবুক নামটো লোৱা হৈছে[7]

ফেচবুকৰ স্থাপন কৰ্তা হৈছে মাৰ্ক যুকাৰবাৰ্গ আৰু তেওঁৰ সহপাঠী এডুৱাৰ্ড' চাভেৰিন, ডাষ্টিন মস্কভাইট আৰু ক্ৰিছ হিউজেছ[8]


[সম্পাদনা কৰক] ইতিহাস

ফেচবুকৰ আৰম্ভণিৰ সময়ত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ তেঁওৰ কোঠাত সহ-প্ৰতিষ্ঠাপক মাৰ্ক যুকাৰবাৰ্গ

[সম্পাদনা কৰক] তথ্যসূত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত