বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় | |
---|---|
Bineswar Brahma Engineering College | |
স্থাপিত | ২০০৮ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | কমল কুমাৰ ব্ৰহ্ম |
স্নাতক শিক্ষাৰ্থী | ১২০ |
স্থান | কোকৰাঝাৰ, অসম, ভাৰত |
চৌহদ | উপ-চহৰাঞ্চল |
উপনাম | বিবিইচি ( BBEC ) |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয়, অসম |
ৱেবছাইট | www.bbec.ac.in |
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়(Bineswar Brahma Engineering College) অসম চৰকাৰৰ দ্বাৰা ২০০৮ চনত কোকৰাঝাৰ জিলাত প্ৰতিষ্ঠা কৰা হয় । ২০০৬ চনত অসম চৰকাৰে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰিছিল । সেইমৰ্মে ২০০৮ চনৰ ১৬ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াই কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগত চন্দ্ৰপাৰা গাঁৱত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । মহাবিদ্যালয়খনৰ নামাকৰণ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ নামত কৰা হয় । এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন AICTE (All India Council for Technical Education)-ৰ মান্যতাপ্ৰাপ্ত[1]। এই প্ৰতিষ্ঠানটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ।
অৱস্থান আৰু পৰিবহণ
[সম্পাদনা কৰক]বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগৰ চন্দ্ৰপাৰা গাঁৱত অৱস্থিত ।
শিক্ষা
[সম্পাদনা কৰক]মহাবিদ্যালয়ত নিম্নোক্ত শাখাসমূহত শিক্ষা আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়
অভিযান্ত্ৰিক পাঠ্যক্ৰম
[সম্পাদনা কৰক]বিষয় | সময় | আসন |
---|---|---|
ৰসায়নিক অভিযান্ত্ৰিক ( Chemical Engineering) | ৪ বছৰ | ৬০ |
বৈদ্যুতিক অভিযান্ত্ৰিক ( Electrical engineering) | ৪ বছৰ | ৬০ |
| align="left" valign="top" |
উৎসৱ
[সম্পাদনা কৰক]ইয়াত " Technisia " নামৰ বাৰ্ষিক উৎসৱৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াত মূলতঃ প্ৰযুক্তি আৰু কলা-সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও ইয়াত নিয়মিতভাৱে "আলোচনাচক্ৰ", "ৰ'বটিক কৰ্মশালা" আৰু বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হয় ।
ট্ৰেইনিং আৰু প্লেচমেন্ট
[সম্পাদনা কৰক]মহাবিদ্যালয়ৰ প্ৰশিক্ষণ আৰু সংস্থাপন কোষে ছাত্ৰ-ছাত্ৰীৰ ইন্টাৰ্ণশ্বিপ ট্ৰেইনিং আৰু কেম্পাচ ইন্টাৰভিউসমূহ চোৱাচিতা কৰে। মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংস্থাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য দেখুৱাইছে।[স্পষ্টীকৰণৰ প্ৰয়োজন]
তথ্য সংযোগ
[সম্পাদনা কৰক]- ↑ "AICTE মান্যতা". http://bbec.ac.in/webworld/। আহৰণ কৰা হৈছে: August 12, 2012.[সংযোগবিহীন উৎস]