বিষ্ণু ৰাভা স্মৃতি উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিষ্ণু ৰাভা স্মৃতি উদ্যান
Native name
সমন্বয় ক্ষেত্ৰ

বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল
অৱস্থান তেজপুৰ, অসম, ভাৰত
নিৰ্মাণ ২০০৫ চন

বিষ্ণু ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। ২০০৫ চনত এই সমন্বয় ক্ষেত্ৰখন স্থাপিত হয়। বৰ্তমান এই ক্ষেত্ৰখন উদ্যানৰ দৰে সঁজাই তোলা হৈছে। তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ দ্বাৰা এই উদ্যানখন পৰিচালিত। ভৈৰৱী মন্দিৰৰ পৰা পূবলৈ আগুৱাই গ'লে চানমাৰি পাহাৰৰ কাষত থকা বেলটিকা শ্মশানত ১৯৬৯ চনৰ ২০ জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অন্তিম সৎকাৰ কৰা হয়। বৰ্তমান এই শ্মশানখন কিছুদূৰ আঁতৰলৈ তুলি নিয়া হয়। ইয়াৰ সমীপতে আছে একালৰ নৰবলি পাহাৰ। এই অংশতে মৰাভৰলী সূঁতি আৰু ব্ৰহ্মপুত্ৰ নৈৰ সংযোগ ঘটিছে।[1]

বিষ্ণু ৰাভা স্মৃতি উদ্যানত "অ' অসমীয়া ডেকাদল"ৰ ভাষ্কৰ্য

তথ্য উৎস[সম্পাদনা কৰক]

  1. শান্তনু বৰুৱা (২০১৫). তেজপুৰ, এখন চহৰ অনেক কাহিনী. ত্ৰিবাহু প্ৰকাশন গোষ্ঠী, তেজপুৰ. পৃষ্ঠা. ০৯.