বৰহমথুৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বৰ্হমথুৰিৰ পৰা পুনঃনিৰ্দেশিত)


বৰহমথুৰি
বৰহমথুৰি- Magnolia Sphenocarpa
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Magnoliids
বৰ্গ: Magnoliales
পৰিয়াল: Magnoliaceae
গণ: Magnolia
প্ৰজাতি: Magnolia Sphenocarpa
বৈজ্ঞানিক নাম
Garcinia Sphenocarpa

বৰহমথুৰি (সংস্কৃত-ৱৰ্হণ, পাত+ অসমীয়া- থুৰি, পাতৰ চুপহি) বা বৰ্হমথুৰি, দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ আওকাঠী গছ৷ ইয়াৰ পাত চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়। বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াৰ বৰ আদৰ।[1] এইবিধ গছৰ থুৰি পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে।

বৰহমথুৰিৰ কলি -অসমীয়া জেতুকাৰ এক উপকৰণ।

বৰহমথুৰি হৈছে Magnoliaceae পৰিয়ালৰ অন্তৰ্গত Magnolia গণৰ এবিধ উদ্ভিদ প্ৰজাতি। ইংৰাজীত ইয়াক Lipstick Champa (বৈজ্ঞানিক নাম: Magnolia hodgsoni) বুলি জনা যায়।[2]

ভৌগোলিক বিস্তৃতি[সম্পাদনা কৰক]

ভাৰতৰ হিমালয় সংলগ্ন অঞ্চল, নেপাল[3], অসম, বাংলাদেশ[4]ৰ পাহাৰীয়া অঞ্চলত এই উদ্ভিদ প্ৰচুৰ পৰিমাণে জন্মে।

বিৱৰণ[সম্পাদনা কৰক]

এই উদ্ভিত ১০ ৰ পৰা ১৫ মিটাৰ পৰ্যন্ত ওখ হয়। এই গছেৰ ডালৰ বিপৰীত দিশত অযুগ্ম পাত থাকে। ই এবিধ চিৰসেউজ, পৰ্ণপাতী উদ্ভিদ। পাতৰ আকাৰ ২০ ৰ পৰা ৪০ চেমি দীঘল, গাঢ় সেউজ ৰঙৰ, আগবোৰ জোঙা। কাণ্ডৰ শীৰ্ষত এককভাবে এপাহ ফুল ফুলে।

ফুলৰ ৰঙ বগা আৰু গন্ধযুক্ত। ফুলৰ আকাৰ কিছু ডাঙৰ। ৫-৮ চেমি পৰ্যন্ত হয়। ইয়াৰ পাহিবোৰ বাহিৰৰ পৰা পাতল এটি আৱৰণে ঢাকি ৰাখে। ফুল বৃদ্ধি হোৱাৰ লগে লগে এই আৱৰণ লাহে লাহে খহি পৰে। প্ৰস্ফুটিত ফুলৰ ৯ পাহ পাহি থাকে। এই ফুলৰ বহুত পুংকেশৰ থাকে। পুংকেশৰেৰ অগ্ৰভাগ নীল বৰ্ণৰ। বসন্ত আৰু গ্ৰীষ্মৰ আৰম্ভণিতে (এপ্ৰিল-নৱেম্বৰ)[3] এই উদ্ভিদৰ ফুল ফুলে।

ইয়াৰ ফলবোৰ ডাঙৰ আকাৰৰ প্ৰায় ১৬ ইঞ্চি দীঘল আৰু পৰিধি প্ৰায় ৭-৮ ইঞ্চিৰ হয়। ফল পকিলে কমলা বৰণৰ হয়। ফলত ১-২ টা বীজ থাকে। বীজৰ ৰঙ কমলা আৰু আকৃতি ত্ৰিভুজৰ দৰে। কেতিয়াবা বীজৰ আকৃতি গোলাকৃতিও হোৱা দেখা যায়। বীজবোৰত তেল থাকে। ফল ধৰাৰ সময় জুন মাহ।

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বৰ্হমথুৰি এজুপি

ভেষজ গুণ[সম্পাদনা কৰক]

এই উদ্ভিদৰ বাকলি বাত ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়।

বিহুগীতত উল্লেখ[সম্পাদনা কৰক]

বিহুগীতসমূহতো বৰ্হমথুৰিৰ উল্লেখ পোৱা যায় :

লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোঁতা নাই।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "বৰ্হমথুৰি". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305021928/http://www.xobdo.org/asm/%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B9%E0%A6%AE%E0%A6%A5%E0%A7%81%E0%A7%B0%E0%A6%BF। আহৰণ কৰা হৈছে: 2015-08-20. 
  2. ৰুণুমণি দত্ত ভূঞা (এপ্ৰিল ২০২৩). "লুপ্তপ্ৰায় উদ্ভিদ বৰ্হমথুৰি". প্ৰান্তিক খণ্ড ১-১৫ এপ্ৰিল: ৪০. 
  3. 3.0 3.1 Khela, S. (2020). Magnolia pterocarpa. doi:10.2305/IUCN.UK.2020-2.RLTS.T193995A175309051.en. 
  4. "Species Description – Flora of Bangladesh". Archived from the original on 2020-12-01. https://web.archive.org/web/20201201214832/http://bnh-flora.gov.bd/species-description/?id=221। আহৰণ কৰা হৈছে: 2023-04-12.