সমললৈ যাওক

মাওলাইনং গাঁও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাওলাইনং
গাঁও
দেশ  ভাৰত
ৰাজ্য মেঘালয়
জিলা পূৱ খাচী হিলচ
ব্লক পাইনুৰ্চলা
জনসংখ্যা
 (২০১৫)
 • মুঠ ৫০০

মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাঁও।[1] ভাৰতবৰ্ষমেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিষ্কাৰ গাঁও[2] খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখনৰ সমাজ মাতৃপ্ৰধান।[3] এই গাঁওখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।[4]

ভৌগোলিক স্থিতি

[সম্পাদনা কৰক]

ভৌগোলিক স্থিতি ২৫°১১'৫৯"উ আৰু ৯১°৫৫'৫৪"পূ মাওলাইনং শ্বিলংৰ পৰা ভাৰত বাংলাদেশ সীমান্তৰ দিশত ৯০ কি.মি দূৰত্বত অৱস্থিত ।[5]

জনসংখ্যা

[সম্পাদনা কৰক]

২০১৫ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ মুঠ জনসংখ্যা ৫০০জন,[6] আৰু ইয়াত মুঠ ৯৫ টা পৰিয়াল আছে ।[7] স্বাক্ষৰতাৰ হাৰ ১০০% ।[8]

গাঁওখনিৰ উৰ্পাজনৰ প্ৰধান উৎস হৈছে কৃষি ৷ অসমৰ দৰেই ইয়াত তামোল গছৰ পৰিমাণ বেছি সেয়ে চুপাৰীৰ ব্যৱসায় দেখা যায়।[8] পৰ্যটনৰ দিশৰ পৰাও কম পৰিমাণে হ'লেও লাভাৱান্বিত হয়।

মাতৃপ্ৰধান সমাজ

[সম্পাদনা কৰক]

খাচী সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি এই সমাজৰ সন্তানে জন্মসূত্ৰে মাতৃৰ উপাধি লাভ কৰে। উত্তৰাধিকাৰী সূত্ৰেও পৰিয়ালৰ জেষ্ঠা কন্যাই হে সা-সম্পত্তি লাভ কৰে।[9]

পৰিষ্কাৰ পৰিচন্নতা

[সম্পাদনা কৰক]

পৰিষ্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত।[10] চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা  বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে। গাঁওখন ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ গাঁও হিচপে বিবেচিত হৈছে।[8]

পৰ্যটন কেন্দ্ৰ

[সম্পাদনা কৰক]

প্ৰকৃতিয়ে গাঁও খনক পৰ্যটনৰো সুবিধা কৰি দিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ (living root bridge) আছে, যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা বাংলাদেশৰ সমভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাঁওখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]