মাখিয়তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাখিয়তী
Flemingia strobilifera
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
উপপৰিয়াল: Faboideae
গোত্ৰ: Phaseoleae
Subtribe: Cajaninae
গণ: Flemingia
Roxb. ex W. T. Aiton

মাখিয়তী এবিধ জোপোহা বা গুল্মজাতীয় উদ্ভিদ। ই চিৰা বা ছেই ফলধাৰী গোত্ৰৰ অন্তৰ্গত।

বৰ্ণনা[সম্পাদনা কৰক]

মাখিয়তিৰ বৈজ্ঞানিক নাম Flemingia Strobilifera। ই Leguminosae (Fabaceae) গোত্ৰৰ অন্তৰ্গত। গছবিধ প্ৰধানকৈ জোপোহা বা গুল্মজাতীয় বন যদিও ই ১০-১২ ফুট ওখ আৰু বৃক্ষবৎ ৰূপেও দেখা যায়। পাতবোৰ সৰু আৰু ওপৰ পিঠি নিমজ কিন্তু তলপিঠিত অসংখ্য সৰু সৰু শুং থাকে বাবে কিছু খহটা। পাতসিৰা-উপসিৰাবোৰ স্পষ্ট। ফেব্ৰুৱাৰী-মাৰ্চ মাহত ইয়াত ফুল ফুলে। ফুল সৰু, গুলপীয়া-বেঙুনীয়া বৰণৰ আৰু পাতৰ কক্ষত দীঘল পুষ্পাক্ষত সজোৱা থাকে আৰু মুগা বৰণীয়া ঢকুৱা আকৃতিৰ বেটুপাতেৰে ঢকা। ইয়াৰ ফল ছেই জাতীয় আৰু মিহি শুঙেৰে আবৃত।[1]

ঔষধি গুণ[সম্পাদনা কৰক]

মাখিয়তীৰ শিপাৰ ৰস বা ইয়াৰ ক্কাথ মৃগীৰোগ, হিষ্টিৰিয়া আদিৰ বাবে উপকাৰী। খৰ সদৃশ চৰ্মৰোগতো ইয়াৰ শিপাৰ পৰা নিঃসৰিত ৰস লেপন হিচাপে ব্যবহাৰ কৰা হয় । তাৰোপৰি ইয়াৰ পাত বটি লেই তৈয়াৰ কৰি ছালত লগালে বিভিন্ন চৰ্মৰোগৰ পৰা উপশম পোৱা যায়। জ্বৰ-কাঁহৰ বাবে এই গছৰ শিপা ভোটএৰাৰ শিপা, জালুক আৰু পিপলিৰ লগত খাব লাগে। পেট বিষ বা পেট কামুৰণিৰ বাবে এই গছৰ শিপাৰ কাথন্দা, তিতাভেঁকুৰী আৰু গোলনেমুৰ সিজাই তাৰপৰা প্ৰস্তুত কৰা ৰস খাব লাগে। তাৰোপৰি মাখিয়তী গছৰ শিপা আৰু পাতেৰে সৈতে তাৰ ফল (বিশেষকৈ ফলৰ বাকলি) পানীত তিয়াই থৈ ৰস উলিয়াই সেই ৰস নাকত দিলে মৃগী ৰোগত মূৰ্চা যোৱা ৰোগী সুস্থ হয়।[1]

ৰঙালী বিহু আৰু মাখিয়তী[সম্পাদনা কৰক]

অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুগৰু বিহুৰ দিনাখন দীঘলতী আৰু মাখিয়তীৰে কোবাই গৰু ধোওৱাটো এটা পৰম্পৰা। তাৰোপৰি সন্ধিয়া গোহালিত মাখিয়তিৰ জাগ দিয়া হয়। ইয়াৰ ধোঁৱাই সহজে মহ-ডাঁহ, মাখি আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুৰ লগতে মানুহকো ৰক্ষা কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 প্ৰকৃতি বুকুৰ ঔষধি গছ মাখিয়তি: কবীন্দ্ৰ নাথ দাস, সঞ্জীৱনী, দৈনিক অসম, ১৫ মে’ ২০১২