মুখতাৰ বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুখতাৰ বেগম
জন্ম মুখতাৰ খানম
১২ জুলাই, ১৯০১
অমৃতসৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৫ ফেব্ৰুৱাৰী, ১৯৮২ (৮০ বছৰ)
কৰাচী, পাকিস্তান
অন্য নাম দ্য কুইন অফ মিউজিক [1]
শিক্ষা পাতিয়ালা ঘৰানা মিউজিক স্কুল
পেচা কণ্ঠশিল্পী, অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য ৰচক
সক্ৰিয় হৈ থকা সময় ১৯২০-১৯৮২
দাম্পত্যসঙ্গী আগা হাছাৰ কাশ্মিৰী
পিতৃ-মাতৃ গুলাম মহম্মদ (পিতৃ)
সন্তান

মুখতাৰ বেগম (ইংৰাজী: Mukhtar Begum; ১২ জুলাই ১৯০১- ২৫ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী আছিল।[1][2] ছবি আৰু ৰেডিঅ'ত গীত গাই তেওঁ সংগীতৰ ৰাণী নামেৰে পৰিচিতি পাইছিল।[3] হিন্দী, পাঞ্জাবী আৰু উৰ্দু ছবিৰ সৈতে জড়িত মুখতাৰ বেগমে হাথিলি দুলহন, আলী বাবা চল্লিছ চোৰ, নল দময়ন্তী, দিল কি প্যাস, আঁখ কা নচা, মুফ্লিছ আছিক আৰু ছত্ৰ বকাৱলী আদি ছবিত অভিনয় কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মুখতাৰ বেগমৰ জন্ম হৈছিল ১৯০১ চনত ব্ৰিটিছ ভাৰতৰ অমৃতসৰত। মুখতাৰ ঘৰখনৰ ডাঙৰ ছোৱালী আছিল আৰু ভনীয়েক ফৰিদা খানমৰ উপৰিও আৰু তিনিজন ভায়েক আছিল।[5][6]

তেওঁ পাটিয়ালা ঘৰানা ক্লাছিক মিউজিক স্কুলত সংগীতৰ প্ৰশিক্ষণ লয়। তাত ওস্তাদ মিঞা মেহেৰবান খান নামৰ এজন শিক্ষকে তেওঁৰ গান ভাল পাইছিল আৰু তেওঁ ওস্তাদ আছিক আলী খানৰো শিক্ষক আছিল। গতিকে মেহেৰবান খানে তেওঁক সাত বছৰ বয়সৰ পৰাই হিন্দুস্তানী কণ্ঠ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ দিয়ে।[5]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৩০ চনত তেওঁ কলকাতালৈ যায় আৰু তেওঁ মঞ্চনাট আৰু থিয়েটাৰত কাম কৰে; যিবোৰ বিখ্যাত উৰ্দু নাট্যকাৰ আৰু কবি আঘা হাছাৰ কাশ্মীৰীয়ে লিখিছিল।[7][1] মুখতাৰ বেগম বম্বেলৈও গৈছিল আৰু তাতো তেওঁ থিয়েটাৰত কাম কৰিছিল। থিয়েটাৰৰ পিছত তেওঁ ১৯৩১ চনৰ পৰা নিৰ্বাক চলচ্চিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। নল দময়ন্তী, দিল কি প্যাস, আঁখ কা নচা আৰু মুফ্লিছ আছিককে ধৰি হিন্দী, পাঞ্জাবী আৰু উৰ্দু তিনিওটা ভাষাৰ ছবিতে তেওঁ অভিনয় কৰিছিল। তেওঁ প্ৰেম কি আগ আৰু ভেশম নামৰ দুখন ছবিৰ বাবে গীতো ৰচনা কৰিছিল।[8]

কলিকতাত তেওঁ নুৰ জাহান আৰু তেওঁৰ পৰিয়ালক লগ পাইছিল আৰু তেওঁ নুৰ জাহান আৰু তেওঁৰ ভনীয়েকহঁতক ছবি আৰু থিয়েটাৰত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ নুৰ জাহানহঁতক কিছুমান প্ৰযোজকৰ সৈতে আৰু স্বামী আঘা হাছাৰ কাশ্মীৰীৰ সৈতে চিনাকি কৰাই দিছিল।[9]

মুখতাৰ বেগমে পৰিয়ালৰ সৈতে দেশ বিভাজনৰ পিছত পাকিস্তানলৈ গুচি যায় আৰু তেওঁ লাহোৰত বসতি স্থাপন কৰে।[10][5] তাত তেওঁ ৰেডিঅ' আৰু টেলিভিছনৰ বাবে গজল গোৱা অব্যাহত থাকিল।[11][12][13]

তেওঁ সংগীত শিক্ষয়িত্ৰী হিচাপেও কাম কৰিছিল আৰু তেওঁ কণ্ঠশিল্পী নাছিম বেগম আৰু নিজৰ কনিষ্ঠ ভগ্নী ফৰিদা খানমক শাস্ত্ৰীয় সংগীত গায়ন আৰু গজলৰ প্ৰশিক্ষণ দিছিল।[14]

পৰৱৰ্তী জীৱন[সম্পাদনা কৰক]

তেওঁ উৰ্দু কবি, নাট্যকাৰ আৰু নাট্যকাৰ আঘা হাছাৰ কাশ্মীৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পক্ষাঘাতগ্ৰস্ততা আৰু দীৰ্ঘদিনীয়া ৰোগত ভূগি ১৯৮২ চনৰ ২৫ ফেব্ৰুৱাৰীত কৰাচীত ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। কৰাচীৰ ছ’চাইটিৰ কবৰস্থানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "فلمی و ادبی شخصیات کے سکینڈلز۔ ۔ ۔قسط نمبر356". Daily Pakistan. 28 April 2022. https://dailypakistan.com.pk/10-Feb-2018/729316. 
  2. Encyclopaedia of Indian Cinema. পৃষ্ঠা. 40. 
  3. Indian Horizons, Volume 53. পৃষ্ঠা. 55. 
  4. Who's Who: Music in Pakistan. পৃষ্ঠা. 179. 
  5. 5.0 5.1 5.2 "Mallikas of yesteryear". Himal Southasian. 26 March 2022. https://www.himalmag.com/mallikas-of-yesteryear-music-queens-pakistan-2021. 
  6. Who's Who: Music in Pakistan. পৃষ্ঠা. 179. 
  7. India's Shakespeare : translation, interpretation, and performance. পৃষ্ঠা. 289. 
  8. Indian Filmography: Silent & Hindi Films, 1897-1969. পৃষ্ঠা. 90. 
  9. DOUBLE X FACTOR. পৃষ্ঠা. 100. 
  10. "Lahore a part of me". The News International. 12 July 2021. https://www.thenews.com.pk/tns/detail/556648-lahore-a-part-of-me-pran-nevile. 
  11. "The history, art and performance of ghazal in Hindustani sangeet". Daily Times. 15 January 2022. https://dailytimes.com.pk/164447/history-art-performance-ghazal-hindustani-sangeet. 
  12. "Daagh and ghazal singing". The News International. 10 June 2021. https://www.thenews.com.pk/tns/detail/565086-daagh-ghazal-singing. 
  13. "Experimenting with ghazal". The News International. 24 December 2021. https://www.thenews.com.pk/tns/detail/567916-experimenting-ghazal. 
  14. Who's Who: Music in Pakistan. পৃষ্ঠা. 187.