মোনালী ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোনালী ঠাকুৰ

লায়নচ গোল্ড এৱাৰ্ড ২০১৫ ত মোনালী ঠাকুৰ
স্থানীয় নাম মোনালী ঠাকুৰ
জন্ম ৩ নৱেম্বৰ, ১৯৮৫ (৩৮ বছৰ)[1]
পেচা গায়িকা, অভিনেত্ৰী[1]
সক্ৰিয় হৈ থকা সময় ২০০৬-বৰ্তমানলৈ

মোনালী ঠাকুৰ (জন্ম: ৩ নৱেম্বৰ, ১৯৮৫) এগৰাকী ভাৰতীয় সংগীত শিল্পী আৰু অভিনেত্ৰী। তেওঁ বৰ্তমানলৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ২০১৫ চনৰ "দম লগা কে হাইচ্ছা" বোলছবি খনৰ "মোহ মোহ কে ধাগে" শীৰ্ষক গীতৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা ২০১৫ আৰু ২০১৩ চনৰ "লুটেৰা" বোলছবিৰ "সৱাৰ লু" গীতৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কলকাতাৰ এটি সংগীতময় বাঙালী পৰিয়ালত মোনালী জন্ম হৈছিল। তেওঁৰ পিতৃ শক্তি ঠাকুৰ এজন বাঙালী গায়ক।[2] তেওঁৰ ভনীয়েক গৰাকীয়ো এগৰাকী নেপথ্য সংগীত শিল্পী।[3] তেওঁ পণ্ডিত জগদীশ প্ৰসাদ আৰু পণ্ডিত অজয় চক্ৰৱৰ্তীৰ ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল।[4] লগতে তেওঁ হিপ-হপ, চালচা আৰু ভাৰতনাট্যমৰ নৃত্য শিকে।[5]

মোনালীয়ে স্কুল, কলেজৰ বিভিন্ন প্ৰতিযোগিতা আৰু স্থানীয় অনুষ্ঠানত নিজৰ কলা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে।[6] তেওঁ ১৪ বছৰ বয়সতে"শ্ৰী ৰামকৃষ্ণ" ধাৰাবাহিকৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ"আনন্দলোক বঁটা" লাভ কৰিছিল।[4] টিভি ৰিয়েলিটি শ্ব"ইণ্ডিয়ান আইডল-২" প্ৰতিযোগিতাত নৱম স্থান লাভ কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল।[7]

কৰ্মজীৱন[সম্পাদনা কৰক]

স্ত্ৰী শক্তি বঁটা ২০১৪ অনুষ্ঠানত মোনালী ঠাকুৰ

ইণ্ডিয়ান আইডলত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো সংগীতৰ জগতত খোপনি পুতিবলৈ তেওঁক অশেষ কষ্ট কৰিব লগীয়া হৈছিল। পিছলৈ তেওঁ সংগীত নিদেৰ্শক প্ৰীতম চক্ৰৱৰ্তীৰ পৰা বলিউডৰ বোলছবি"ৰেচ"ৰ বাবে দুটা গীত গোৱাৰ সুযোগ পায়।[7][2] তেওঁ গোৱা"জাৰা জাৰা তাচ মি" গীতটি ২০০৮ চনত সংঘাতিকভাৱে জনপ্ৰিয় হৈছিল আৰু ৰেডিঅত বজোৱা শ্ৰেষ্ঠ গীতৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছিল।[8] এই গীতটিৰ বাবে তেওঁ আই.আই. এফ.এ. শ্ৰেষ্ঠ নেপথ্য গায়িকা বঁটা আৰু অপ্সৰা শ্ৰেষ্ঠ নেপথ্য গায়িকা বঁটালৈ মনোনীত হৈছিল।

দুবছৰৰ বাবে তেওঁ জী বঙালীৰ ৰিয়েলিটি শ্ব"বাঙালী সা ৰে গা মা পে লিটিল চেম্প"ৰ বিচাৰকৰ এখন শুৱনি কৰিছিল।[5][9] তেওঁ বঙালী শ্ব"কে হবে বিগগেষ্ট ফেন"[9] আৰু এম টিভি কক ষ্টুডিওৰো অংশ আছিল।[10][11][12] তেওঁ ২০১৫ চনৰ"দম লগা কে হাইচ্ছা" বোলছবি খনৰ"মোহ মোহ কে ধাগে" শীৰ্ষক গীত ৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা ২০১৫ আৰু ২০১৩ চনৰ"লুটেৰা" বোলছবিৰ"সৱাৰ লু" গীতৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা লাভ কৰিছিল।

অভিনয়[সম্পাদনা কৰক]

শিশুশিল্পী হিচাপে তেওঁ বঙালী টিভি ধাৰাবাহিক আলোকিত এক ইন্দুত অভিনয় কৰিছিল। ইয়াত তেওঁ প্ৰধান চৰিত্ৰ 'ইন্দুবালা'ৰ ভূমিকাত অভিনয় কৰিছিল।[13] তাৰ পিছত তেওঁ তন্মধ্যে সুদেষ্ণা ৰায়ৰ ফাগুনে আগুন অভিনয় কৰিছিল।[14]কৃষ্ণকান্তেৰ উইল বোলছবিৰ জৰিয়তে তেওঁ বঙালী ছবি জগতত প্ৰৱেশ কৰে।[15][16] ২০১৪ চনত তেওঁ নাগেশ কুঙ্কুনোৰ বলিউড চলচ্চিত্ৰ লক্ষ্মীত অভিনয় কৰে।[17] এই চলচ্চিত্ৰ মানৱ দেহ সৰবৰাহকাৰী আৰু শিশু বেশ্যা বিষয়ক কাহিনীৰ ভিত্তিত তৈয়াৰী। ইয়াত তেওঁ এগৰাকী ১৫ বছৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে যি মানৱ দেহ সৰবৰাহ কৰি চক্ৰৰ কৱলত পৰে।[18]

অভিনীত বোলছবি[সম্পাদনা কৰক]

চন বোলছবি চৰিত্ৰ উল্লেখ
২০০৭ কৃষ্ণকান্তেৰ উইল ভ্ৰমৰ প্ৰথম বঙালী বোলছবি
২০১৪ লক্ষ্মী লক্ষ্মী
২০১৪ মেঙ্গ কাম চলি আছে
২০১৪ পিকে কাশ্মীৰী ছোৱালী অতিথি শিল্পী

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

বৰ্ষ শিতান গীত আৰু বোলছবি ফলাফল
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
২০১৫ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা "মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) বিজয়ী
ফিল্মফেয়াৰ বঁটা
২০১৪ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ফিল্মফেয়াৰ বঁটা "সৱাৰ লু" (লুটেৰা) বিজয়ী
২০১৬ শ্ৰেষ্ঠ নেপথ্য গায়িকা "মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) মনোনীত
স্ক্ৰীন এৱাৰ্ড
২০১৪ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ স্ক্ৰীন এৱাৰ্ড "সৱাৰ লু" (লুটেৰা) মনোনীত
২০১৬ শ্ৰেষ্ঠ নেপথ্য গায়িকা "মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) বিজয়ী
আন্তৰাষ্ট্ৰীয় ভাৰতীয় বোলছবি একাডেমী বঁটা
২০০৯ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ আই আই এফ এ বঁটা "জাৰা জাৰা তাচ মি" (ৰেচ) মনোনীত
২০১৪ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ আই আই এফ এ বঁটা "সৱাৰ লু" (লুটেৰা) মনোনীত
২০১৬ শ্ৰেষ্ঠ নেপথ্য গায়িকা ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) বিজয়ী
জী চিনে এৱাৰ্ড
২০১৪ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ জী চিনে এৱাৰ্ড "সৱাৰ লু" (লুটেৰা) মনোনীত
২০১৬ শ্ৰেষ্ঠ নেপথ্য গায়িকা ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) মনোনীত
টাইমচ অব ইণ্ডিয়া ফিল্ম এৱাৰ্ড
২০১৬ শ্ৰেষ্ঠ নেপথ্য গায়িকা ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) মনোনীত
গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড
২০১৪ শ্ৰেষ্ঠ নেপথ্য গায়িকা "সৱাৰ লু" (লুটেৰা) মনোনীত
২০১৬ শ্ৰেষ্ঠ নেপথ্য গায়িকা ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) মনোনীত
মিৰচী মিউজিক এৱাৰ্ড
২০১৪ শ্ৰেষ্ঠ নেপথ্য গায়িকা ""সৱাৰ লু" (লুটেৰা) Loon" (Lootera) মনোনীত
২০১৬ শ্ৰেষ্ঠ নেপথ্য গায়িকা ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) মনোনীত
ষ্টাৰ গিল্ড এৱাৰ্ড
২০০৯ শ্ৰেষ্ঠ নেপথ্য গায়িকা "জাৰা জাৰা তাচ মি" (ৰেচ) মনোনীত
২০১৪ শ্ৰেষ্ঠ নেপথ্য গায়িকা "সৱাৰ লু" (লুটেৰা) মনোনীত
২০১৬ শ্ৰেষ্ঠ নেপথ্য গায়িকা ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) বিজয়ী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Monali Thakur". Sify.com. http://www.sify.com/indianidol2/contestants/monali/। আহৰণ কৰা হৈছে: 11 June 2016. 
  2. 2.0 2.1 Pavithran, Eva."Oomph In Her Voice", Verve magazine, Volume 16, Issue 5, May, 2008.
  3. "Monali Thakur out of Idol race! Archived 2008-06-20 at the Wayback Machine", Telly Chakkar, 7 February 2006.
  4. 4.0 4.1 Mohua Das (4 January 2007). "The Telegraph – Calcutta : Metro". Telegraphindia.com. http://www.telegraphindia.com/1070104/asp/calcutta/story_7186574.asp। আহৰণ কৰা হৈছে: 29 November 2013. 
  5. 5.0 5.1 "Singing is like acting: Monali Thakur – Times Of India". Articles.timesofindia.indiatimes.com. 12 July 2013. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203051824/http://articles.timesofindia.indiatimes.com/2013-07-12/news-and-interviews/40535357_1_monali-thakur-amit-trivedi-lootera। আহৰণ কৰা হৈছে: 29 November 2013. 
  6. Shruti, I.L."Katrina liked my voice", The Deccan Herald, 26 August 2008.
  7. 7.0 7.1 "Language no bar – DNA – English News & Features – Lifestyle & Leisure". dnasyndication.com<. 15 September 2009. http://dnasyndication.com/dna/article/DNPUN18807। আহৰণ কৰা হৈছে: 29 November 2013. 
  8. "And the most popular songs playing on radio are...; AirCheck India takes stock Archived 2011-07-20 at the Wayback Machine", exchange4media News Service, 5 July 2008
  9. 9.0 9.1 "Pep & Fizz". Indian Express. 3 September 2010. http://www.indianexpress.com/news/pep---fizz/675895/0। আহৰণ কৰা হৈছে: 29 November 2013. 
  10. "Monali Thakur". Coke Studio India. Archived from the original on 23 September 2015. https://web.archive.org/web/20150923205343/http://www.cokestudioindia.com/season2/monali.html?WT.cl=1&WT.mn=Monali%20Thakur। আহৰণ কৰা হৈছে: 29 November 2013. 
  11. We are very happy together, says Meiyang Chang
  12. Monali Thakur has been my anchor & support: Chang
  13. AMRITA ROYCHOUDHURY, TNN (December 14, 2007). "'I was sidelined in Krishnakanter Will' – Times of India". Articles.timesofindia.indiatimes.com. Archived from the original on December 3, 2013. https://web.archive.org/web/20131203052002/http://articles.timesofindia.indiatimes.com/2007-12-14/news-interviews/27965900_1_playback-pritam-role। আহৰণ কৰা হৈছে: November 29, 2013. 
  14. Mohua Das (January 4, 2007). "The Telegraph – Calcutta : Metro". Telegraphindia.com. http://www.telegraphindia.com/1070104/asp/calcutta/story_7186574.asp। আহৰণ কৰা হৈছে: November 29, 2013. 
  15. "Singer Monali Thakur in Nagesh Kukunoor's next". Indian Express. April 4, 2013. http://www.indianexpress.com/news/singer-monali-thakur-in-nagesh-kukunoor-s-next/1097663/। আহৰণ কৰা হৈছে: November 29, 2013. 
  16. Reshmi Sengupta (December 2, 2007). "The Telegraph – Calcutta : Entertainment". Telegraphindia.com. http://www.telegraphindia.com/1071202/asp/entertainment/story_8616097.asp। আহৰণ কৰা হৈছে: November 29, 2013. 
  17. "Working with Nagesh Sir was like going back to school: Monali Thakur – Times Of India". Articles.timesofindia.indiatimes.com. April 26, 2013. Archived from the original on April 30, 2013. https://web.archive.org/web/20130430045339/http://articles.timesofindia.indiatimes.com/2013-04-26/news-interviews/38841856_1_nagesh-kukunoor-puneeth-rajkumar-anna-bond। আহৰণ কৰা হৈছে: November 29, 2013. 
  18. "Actress needs to live a disciplined life: Monali Thakur – Times Of India". Articles.timesofindia.indiatimes.com. June 11, 2013. Archived from the original on July 29, 2013. https://web.archive.org/web/20130729122455/http://articles.timesofindia.indiatimes.com/2013-06-11/news-interviews/39898312_1_nagesh-kukunoor-lakshmi-child-prostitution। আহৰণ কৰা হৈছে: November 29, 2013. 

বহিঃসংযোগ[সম্পাদনা কৰক]