ষ্টিফেন হকিং

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ষ্টিফেন হকিং
জন্ম ৮ জানুৱাৰী ১৯৪২
ছদ্মনাম ষ্টিফেন হকিং
পেচা বিজ্ঞানী
উল্লেখনীয় কৰ্মৰাজী A Brief History of Time


তেওঁৰ সম্পূৰ্ণ নাম ষ্টিফেন উইলিয়াম হকিং৷ তেওঁ সিদ্ধান্তগত পদাৰ্থবিদ লগতে অন্তৰীক্ষ বিজ্ঞানী৷ তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱন্ত কালতেই এক অনন্য কিম্বদন্তীত পৰিণত কৰিছে৷ তেওঁ 'ৰয়েল ছ’ছাইটি অব আৰ্টছ'ৰ সন্মানীয় ফেল’, 'পন্টিফিকেল একাডেমী'ৰ আজীৱন সদস্য, আৰু ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰীডম' সন্মানেৰে ভূষিত কৰা হৈছিল৷ 'মটৰ নিউৰনৰ ৰোগ'ৰ (Motor Neuron Disease) দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্বা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছে৷

সূচী

[সম্পাদনা কৰক] জন্ম

৮ জানুৱাৰী ১৯৪২ চনত হকিঙৰ জন্ম হৈছিল৷ পিতৃ ড° ফ্ৰেংক হকিং আৰু মাতৃ ইছাবেল হকিং

[সম্পাদনা কৰক] শিক্ষা

ছেন্ট এলবান হাইস্কুলত শিক্ষা গ্ৰহণ৷ ১৯৬২ চনত অক্সফ’ৰ্ডৰ পৰা বি এ ডিগ্ৰী পোৱাৰ পিছত তাতে তেওঁ মহাকাশ বিজ্ঞান অধ্যয়ন কৰে৷ তেওঁ ক্ৰমে ট্ৰিনিটি হল আৰু কেম্ব্ৰিজত সিদ্ধান্তগত মহাকাশ বিজ্ঞান আৰু অন্তৰীক্ষ বিজ্ঞান অধ্যয়ন কৰে৷

[সম্পাদনা কৰক] কৰ্মজীৱন

ষ্টিফেন হকিঙে প্ৰধানকৈ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ ৰ’জাৰ পেনৰ’জৰ () সৈতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে আইনষ্টাইনআপেক্ষিকতাবাদৰ সূত্ৰই দৰ্শায় যে মহাকাশ আৰু সময়ৰ আৰম্ভণি বিগ বেঙৰ জৰিয়তে আৰু সমাপ্তি হয় কৃষ্ণ গহ্বৰত৷ তেওঁ বৰ্তমানে চেন্টাৰ ফৰ থিয়ৰিটিকেল কচম’ল’জি, কেম্ব্ৰিজত গৱেষণা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

[সম্পাদনা কৰক] গ্ৰন্থৰাজী

  • The Large Scale Structure of Spacetime with G F R Ellis.
  • General Relativity: An Einsrein Centenary Survey with W Israel and 300 Years of Gravity with W Israel
  • A Brief History of Time
  • Black Holes and Baby Universes and Other Essays,
  • The Universe in a Nutshell
  • The grand design.


[সম্পাদনা কৰক] তথ্যসংগ্ৰহ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত